প্ৰেম’ ইজ গ্ৰেটাৰ ডেন এভৰিথিং – বিকাশ দত্ত
ৰাতিপুৱাই এলাৰ্মটো বাজোঁতেই সিদ্ধাৰ্থই সদায় এটা গণিতেই মিলাই, টোপনি ইজ গ্ৰেটাৰ ডেন এলাৰ্ম। সেইবাবে টোপনিৰ জ্বালা যোগ কৰি আৰু চিন্তাবোৰ বিয়োগ কৰি সি বাগৰ সলাই পুনৰ শুই থাকিল। এইবাৰ দৰ্জাত মাকে টুকুৰিয়ালে,
: ঐ বাবা। উঠি আকৌ। ৯ বাজিল!
এইবাৰহে যেন জান মে জান আয়ী। আজি তাৰ ছোৱালী চাব লগা আছে বন্ধু অমৰৰ সৈতে। একেজাঁপে উধাতু খাই উঠিল সি।
দহটা বাজিছে ঘড়ীত। গা পা ধুই সিদ্ধাৰ্থ ৰেডি।
: ঐ, তোৰ হৈছে নে নায়? ইমান সময় লাগে তোৰ?
অমৰে বাইকত বহি বহিয়ে চিঞৰি আছিল।
এনেতে সিদ্ধাৰ্থৰ মাক ওলাই আহিল,
: ৰ ৰ! হৈছে ৰ! বপুৰাই কইনা চাব যাব। অলপ ইষ্টাইল কৰি আছে।
দুয়ো হাঁহিলে জোৰে জোৰে।
: তোৰো যে মানে ধৈৰ্যটো খুব কম। অলপ টাইম লাগেতো। বুজি নাপাৱ নেকি তই। কইনা চাবলৈ ওলাইছোঁ। এলাপেচা কাম নহয়। আৰু মনত ৰাখিবি, গণিত টিচাৰ মই। জুখি-মাখি জ্যামিতিক সাদৃশ্য থকা কথাবোৰহে ক’ম তাত। তোৰ এই চেলবেলীয়া কথা কৈ আমনি নকৰিবি। ব’ল এতিয়া।
সিদ্ধাৰ্থ বাইকত বহিল।
: অমৰ আজি মোৰ সোণামোৱাটোক বচাব কইনা ঘৰত। বেচেৰাৰ বৰ ভয়।
মাকে অমৰক কোৱা ছলেৰে সিদ্ধাৰ্থক জোকালে।
তিনিওজনে সজোৰে হাঁহি দিলে।
প্ৰায় ১১মান বজাত দুয়ো গন্তব্যস্থান পালে। চোতালত সোমায়ে তাৰ পৰিৱেশ দেখি দুয়ো আপ্লুত হ’ল। তগৰ, গোলাপ, জৱা আদিৰে বিভিন্ন ফুলৰ গছ চোতালত। দীঘল বাৰাণ্ডাৰে সৈতে আসাম টাইপৰ ঘৰ, আজিকালি দেখিবলৈ তেনেই তাকৰ। সি দুৱাৰখনৰ ফালে খোজ ল’লে। কাণে কাণে অমৰক ক’লে,
: ঐ পৰিৱেশটো বৰ ধুনীয়া বে!
এনেতে কলিং বেলটো বজাম বুলি ভাবোঁতেই দৰ্জাখন খোল খালে আৰু এজন বয়সস্থ মানুহ ওলাই আহিল। তাৰ বুজিবলৈ বাকী নাথাকিল যে এয়া কইনাৰ দেউতাকেই হয়।
: আহা আহা। ভিতৰলৈ সোমাই আহা।
দুয়ো ভিতৰলৈ সোমাই গ’ল। ইটো-সিটো কথা পাতি সি গম পালে যে ঘৰখন খুবেই ভাল। কিন্তু সি যেন এতিয়া অধৈৰ্য হৈ গৈছে। কাৰণ কইনাক এতিয়ালৈ সি এবাৰো দেখা নায়। ইফালে সিফালে চকু ফুৰাই আছে যদিও দৃষ্টিগোচৰ হোৱা নায়। এনেতে হাতত ট্ৰেখন লৈ মৌমিতা সোমাই আহিল। সি অলপ অপ্ৰস্তুত হ’ল, যদিও মনে মনে বৰ ৰঙ পালে। অৱশেষত যেন ধৈৰ্যৰ ফল সি ভোগ কৰিবলৈ ওলাইছে। মনতে লাজে ভয়ে সি একাকাৰ। ট্ৰেখনত দুখন প্লেট। প্ৰতিখনত লুচি ভাজি, এটা মিঠাই, এটা সৰু বাতিত পায়স, পনীৰৰ চবজি এখন লগতে এগিলাছ পানী আৰু এটা বইল কণী। খালী পেটতে ঘৰৰ পৰা ওলোৱা বাবে তাৰ ভোকে মূৰৰ আগ পাইছিল যদিও সি সেইটো দেখুওৱা নাছিল। এতিয়া চাওক, কথাটো এনেকুৱা। মোৰ বিয়া, তেলৰ খৰচ মোৰ গ’ল, ৰ’দত ক’লা মই পৰিছোঁ, গতিকে সমস্ত গণিত মিলাই চালে ছোৱালীৰ লগত চা চিনাকি পিছত আৰু পেট পূজা আগত। এটা মিচিকিয়া হাঁহিৰে তাই ট্ৰেখন টেবুলত থ’লে আৰু ক’লে,
: খাওক!
তাই দেখিবলৈ বেছ ধুনীয়া আছিল। সেউজীয়া ৰঙৰ চাদৰ, দীঘল চুলি, কপালত সৰুকৈ এটি ক’লা ফোট, আৰু গোল মুখেৰে মৰমিয়াল মুখাৱয়ৱেৰে তাই খুবেই ধুনীয়া। তাইৰ ফালে চাই আছিল সি আৰু তাই এটি মিচিকিয়া হাঁহিৰে তাৰ ফালে লুকাই চুৰকৈ চাই আছিল। চকুত চকু পৰোঁতে তাৰ লাজ লাগিছিল আৰু সি বেলেগ ফালে চাইছিল। এনেতে অমৰে তাৰ প্লেটখন হাতত ল’লে আৰু ক’লে,
: খুৰা আমি অলপ বাহিৰলৈ যাওঁ ব’লক। নহ’লে দুয়ো লাজ কৰিব।
সিদ্ধাৰ্থই খঙেৰে তাৰ ফালে চালে। সি তাৰ প্লেটখন লৈ দেউতাকৰ লগত ওলাই গ’ল বাহিৰলৈ। মৌমিতা তাৰ সমুখত বহিল। সিদ্ধাৰ্থৰ এনেকুৱা লাগিছিল যেন উঠিয়ে যাওঁ নেকি এইমাত্ৰ। সি ভাবিলে ক’ৰ পৰা আৰম্ভ কৰোঁ, কি কৰোঁ! এনেদৰে প্ৰায় ৫ মিনিট মান সময় মৌনতাৰে যোৱাৰ পিছত সি সিদ্ধান্ত ল’লে যে কৰুণভাৱে চাই থকা ফুলা লুচিকেইটা, ওচৰৰ আমৰ আচাৰৰ চকলকেইটা, ধোঁৱা ওলাই থকা হালধি আৰু অকণমান ভঁজা পিয়াজৰ সেই সুগন্ধটোৱে তাক মাতিছে, ইন চৰ্ট হিপন’টাইজড সি এতিয়া। কি কৰোঁ, সেইবাবেই সি আকৌ গণিত মিলালে আৰু পালে যে পেট ইজ গ্ৰেটাৰ ডেন কথা-বতৰা। দাঁত নিকটাই হাঁহি মাৰি সি ক’লে,
: আগতে খাই লওঁ ৰ’বা।
এটা দুটাকৈ কথা আৰম্ভ কৰিলে দুয়ো। সি আৱিষ্কাৰ কৰিলে যে মৌমিতা এগৰাকী খুবেই মেধাসম্পন্ন ছোৱালী। প্ৰাণীবিজ্ঞানত স্নাতকোত্তৰৰ লগতে সংগীতৰ বিশাৰদ। এখন জুনিয়ৰ কলেজত সহ অধ্যাপিকা হিচাপে কৰ্মৰত তাই। ঘৰৰ জ্যেষ্ঠ সন্তান তায়েই। যিদৰে তাই নিজকে এগৰাকী সৰলমনা ছোৱালী হিচাপে তাৰ আগত দাঙি ধৰিলে, তাৰ বুজিবলৈ বাকী নাথাকিল যে সি বিচাৰি থকা ছোৱালীজনী এইজনীয়েই। এনেদৰে দুয়োৰে বাৰ্তালাপ চলি থাকিল। এনেতে তাইক মাকে মাতিলে, তাই এটি মিচিকিয়া হাঁহি মাৰি ওলাই আহিল কোঠাটোৰ পৰা। সি এক ছেকেণ্ডো নৰখি জঁপিয়াই পৰিল প্লেটখনত। বেছ পৰিপাটীকৈ গোটেইখিনি ভক্ষণ কৰিলে আৰু শেষত অতিকে প্ৰিয় বইল কণীটো চামুচখনেৰে কাটিবলৈ ল’লে। ঘৰত সি হাতেৰেই ভৰাই দিয়ে মুখত। ইয়াত আৰু সেয়া কৰিব নোৱাৰি যে। এইবুলি সি কণীটো কাটিম বুলি লওঁতেই কণীটোৱে প্লেটখনৰ চাৰিওফালে ঘূৰিবলৈ ধৰিলে। প্লেটখনক কেন্দ্ৰ কৰি কণীটো ঘূৰি আছে আৰু বাহ্যিক বলৰ অভাৱত সিদ্ধাৰ্থৰ চামুচ তেনেই নিশকতীয়া। এই কাটিম বুলি লয়, এই পিছলি যায়। এনেতে অতিৰিক্ত বলৰ প্ৰভাৱত আৰু ঘৰ্ষণ বলৰ অভাৱত, কণীটো ঘপকৈ প্লেটৰ পৰা ওফৰি পৰিল আৰু বলৰ নিচিনা লৰ মাৰি দৰ্জাখনেৰে বাৰাণ্ডা পালেগৈ। সিও পিছে পিছে লৰ মাৰিলে।
: ধেৎ তেৰি, খাবলৈও নাপালোঁ।
কণীটো চোতাল পালেগৈ। ভাগ্য ভাল কোনো নাছিল। এনেতে পিছফালৰ পৰা এটি মিঠা মাতৰ খলকনি,
: বাহিৰ পালে যে!
ইছ ইছ ইছ। মৌমিতাই গম পালে। সি ঘূৰিলে আৰু কি ক’ম কি ন’কম বুলি ভাবি ভাবি এটি হাঁহি মাৰি ক’লে,
: নাই মানে এবাৰ ওলাই আহিলোঁ।
তাই তাৰ হাতত ক’লড্ৰিংকৰ গিলাছটো দিলে আৰু ক’লে,
: ভিতৰতে বহক। নহ’লে ৰ’ব মই চকীখন আনি দিওঁ!
তাই ভিতৰলৈ যাব খোজোঁতেই সি পিছৰ পৰা মাত লগালে,
: মৌমিতা!
তাই ঘূৰিলে আৰু তাৰ ফালে চালে,
: উম! কওকচোন!
সি তাইৰ চকুৰ ফালে একেথৰে চাই আছিল। এক বুজাব নোৱৰা মাদকতা আছিল তাই চকুজুৰিত। তায়ো তাৰ ফালে একেথৰে চাই আছিল। বহুত সাহস গোটাই সি তাইক সুধিলে,
: মৌমিতা, তোমাৰ নিচিনা এগৰাকী ইমান ধুনীয়া ছোৱালীয়ে মোৰ নিচিনা এজন ল’ৰাৰ লগত কেনেদৰে কথা পাতিব পাৰে?
অলপ সময় মৌনতা! সি ইতিমধ্যে ক’লড্ৰিংকছখিনি শেষ কৰিছিল আৰু খালী গিলাচটো হাততে লৈ থকাত তাই অলপ ওচৰ চাপি আহিল আৰু গিলাচটো ল’বলৈ হাতখন আগবঢ়াই দিলে। সি তাইৰ হাতত গিলাচটো দিলে, তেতিয়াও সি তাইৰ চকুৰ ফালেই চাই আছিল। তায়ো চাই আছিল। এনেতে তাই তলফালে চালে আৰু তাৰ ফালে পুনৰ চাই এটা মিচিকিয়া হাঁহিৰে ক’লে,
: কিয় নোৱাৰে?
এনেতে মেঘৰ গিৰগিৰণি শুনা পালে সি। তাই লগে লগে দৌৰি ভিতৰলৈ সোমাই গ’ল। কিনকিনীয়া বৰষুণ আৰম্ভ হৈছিল হঠাতে। সি বাৰাণ্ডাখনৰ ফালে অলপ আগুৱাই আহিল আৰু হাতখন বাহিৰলৈ উলিয়াই দিলে। তাৰ হাতত বৰষুণৰ টোপালবোৰ পৰোঁতেতেই এনেতে খিৰিকীৰ পৰ্দাৰ আঁৰৰ পৰা এক অজান অথচ চিনাকি প্ৰেমৰ উশাহৰ মৃদু শব্দকেইটা তাৰ কানত বাজি উঠিছিল। সি এতিয়া বুজি উঠিছিল বাৰুকৈয়ে, এই যে প্ৰেমৰ সমীকৰণবোৰ, সঁচাকৈ বৰ মনোমোহা।
“ইন চৰ্ট, প্ৰেম ইজ গ্ৰেটাৰ ডেন এভৰিথিঙ।”
☆ ★ ☆ ★ ☆
2:22 pm
মজা
2:43 pm
কণী ইজ গ্ৰেটাৰ ডেন প্ৰেম
6:04 pm
কণী ইজ মেইন