দুজন ফটোগ্ৰাফাৰৰ কাহিনী – মানৱজ্যোতি বৰা
নগাঁও চহৰৰ মাজ মজিয়া অভিজাত পৰিয়াল এখনৰ ঘৰৰ দেউতাকৰ মৃত্যু হ’ল। দেউতাকৰ আদ্যশ্ৰাদ্ধৰ দিনা মালা দিবলৈ এখন ফটো প্ৰয়োজন হ’ব। পুৰণি ফটো এখন আছে যদিও ফটোখন ইমান ভাল নহয়। ফটোখনৰ বিষয়ে চিন্তা-চৰ্চা কৰি থকাৰ সময়তে সেই সময়ত খবৰ লবলৈ উপস্থিত হ’ল মোৰ কাহিনীৰ এই ফটোগ্ৰাফাৰ দুজন।
তাৰ আগতেই কিছু আভাষ দি দিব লাগিব তেওঁলোক দুজনৰ। দুয়োজন ককায়েক ভায়েক। ফটোগ্ৰাফীৰ ক্ষেত্ৰত অৰ্হতা আছে। কিন্তু মাজে মাজে বহুত ওপৰত কথা কোৱাত পদক পাই থৈছে, ভদ্ৰ ভাষাত ক’ব গ’লে ওস্তাদি মাৰি ভাল পায়। বুদ্ধিত কিন্তু দুয়োজন বৃহস্পতি। সাধুকথাৰ ভড়াঁল। লগতে দুয়োজন বৰ ৰসিক। যি অনুষ্ঠানতে যায়, সকলোকে হঁহুৱাই মাৰিব হয় হাঁহি উঠা কথা কৈ নহ’লে হাঁহি উঠা কাম কৰি সিহঁত দুটাই।
এতিয়া আহোঁ আচল কাহিনীলৈ। পুৰণি ফটোখন চাই সিহঁত দুটাই কিবা এটা কৰিব পাৰিম বুলি ফটোখন চিনাকি ফটো-ষ্টুডিও এটালৈ লৈ গ’ল। ষ্টুডিওৰ মালিকে কম্পিউটাৰত ফটোখন স্কেন কৰি এডিটিং কৰাত লাগি গ’ল। কাষতে দুই মহাপুৰুষ বহি ল’লে আৰু ডাইৰেকচন দিয়াত লাগি গ’ল। মালিকে দুই এবাৰ এনেকৈ নালাগে তেনেকৈ নালাগে বুলি কৈছিল যদিও সিহঁতৰ ওস্তাদিৰ কাৰণে মুখেদি একো নমতা হ’ল। অৱশেষত ফটোখন নতুন ৰুপত ছপা কৰি ফ্ৰেম বনাই লেমিনেচন কৰোৱা হল। দুদিন পাছত ফটোখন লৈ গ’ল মানুহ ঘৰলৈ। মানুহ ঘৰত ফটোখন দেখি অবাক, কাৰণ ফটোখন ইমানেই এডিত কৰোৱালে যে মৃতকৰ লগত একো সাদৃশ্যই নাই। পৰিয়ালৰ কোনোৱে ফটোখন লবলৈ মান্তি নহ’ল। বৰঞ্চ সেইখন বেলেগৰ ফটো বুলিহে জনালে। নিৰাশ মন এটালৈ দুয়ো পুনৰ সেই ষ্টুডিওলৈ আনিলে ফটোখন। এইবাৰ মালিকজনে নিজৰ মতে ফটোখন এডিটিং কৰিলে সিহঁত দুয়োটা মনে মনে বহি থাকিল। ফটো হ’ল, পুনৰ ফটোখন লৈ গ’ল মানুহঘৰলৈ। এইবাৰ ফটোখন দেখি মান্তি হ’ল আৰু ঘৰখনত স্বস্তিৰ উশাহ এটা এৰিলে দুয়ো। ফটোখন দি এখন ফটোৰ দাম লৈ ঘৰমুৱা হ’ল সিহঁত। এতিয়া নতুন চিন্তা এটাই সিহঁতক আমনি দিব ধৰিলে। আগৰ ফটোখনটো সিহঁতৰ লোকচান হ’ল, ষ্টুডিওৰ মানুহজনক প্ৰিন্ট, ফ্ৰেমৰ পইচা দিবই লাগিব। এতিয়া কি কৰা যায়? দুদিনমান সিহঁত ষ্টুডিও পিনৰ ৰাস্তাৰে কোনো পিনে যোৱা নাছিল। কিন্তু “য’তে ৰাতি হয় ত’তেই মালিকৰ ভয়” বুলি ইংৰাজীত কথা এষাৰ আছে নহয়। এদিন ষ্টুডিওৰ মালিকে বিয়া এখন খাব গৈছিল আৰু সেই বিয়াৰ ফটোগ্ৰাফাৰ আমাৰ ওষ্টাদি বোপা দুজন। বিয়াতে মানুহৰ আগত সিহঁতক আগৰ ফটোখন পইচা দি লৈ আনিবলৈ তাগিদা দিলে। অলপ লাজ সিহঁতে সেইদিনা পালে।
এনেকৈ এমাহ মান গ’ল। এনেতে ভাৰতৰত্ন ভূপেন হাজৰিকাৰ মৃত্যু হ’ল। সকলো ফালে শিল্পীজনৰ মৃত্যুৰ শোক। সেই সময়তে সিহঁত দুয়ো ষ্টুডিও ওলালেগৈ। ষ্টুডিওলৈ গৈ মালিকৰ পৰা সেই আগৰ বনোৱা ফটোখন লৈ আনি মালিকক অলপ পাছত পইচা দিম বুলি কৈ ওলাই আহিল। দুঘণ্টা মানৰ পাছত দুয়োটাই হাঁহি-হাঁহি ষ্টুডিও পালে আৰু মালিকৰ টকাকেইটা দিলে। মালিক জন আচৰিত। “তহঁতে এই বেলেগৰ ফটোখন কৰিলি কি?”, “ক’ত বেচিলি?”, আদি বহু প্ৰশ্ন উপৰ্যুপৰি। তাৰ পিছতহে আৰম্ভ কৰিলে সিহঁত দুটাই আচল কাহিনী।
সকলোফালে মন বেয়া, আমাৰ মাজৰ পৰা ভূপেন হাজৰিকা হেৰাই গ’ল। দুয়োটাই বজাৰৰ মাজতে এজন মানুহ পালে। মানুহজনে সিহঁত দুটাৰ লগত বহু সময় কথা পাতিলে। কথা পাতি পাতি সিহঁত দুটাক তেওঁৰ ঘৰলৈ লৈ গ’ল আৰু তেওঁৰ ঘৰত থকা তেওঁ সংগ্ৰহ কৰা ভূপেন হাজৰিকাৰ বহু পুৰণি ফটো দেখুৱাবলৈ আৰম্ভ কৰিলে। ফটোবিলাক দেখাই থকাৰ অৱস্থাতে সিহঁত দুটাৰ ডাঙৰটোৰ মূৰত বেয়া বুদ্ধিটো আহিল। ডাঙৰ ফটোগ্ৰাফাৰজনে মানুহটোক সুধিলে,
: দাদা, আপোনাৰ তাত ভূপেন হাজৰিকাৰ পৰিয়ালৰ কাৰ কাৰ ফটো আছে?
তেওঁ ক’লে,
:মোৰ তাত শিল্পী গৰাকীৰ পৰিয়ালৰ সকলোৰে আছে।
পুনৰ ডাঙৰজনে সুধিলে
: আপোনাৰ তাত ভূপেন হাজৰিকাৰ ককাকৰ ফটো আছেনে?
মানুহজনে ক’লে,
:মোৰ লগত নাই।
এইবাৰ সি সুধিলে,
:আপুনি কেতিয়াবা দেখিছেনে ককাকক?
মানুহজনে ক’লে,
:মই নাই দেখা।
এইবাৰ ডাঙৰজন ফটোগ্ৰাফাৰে তপককৈ মাত দিলে,
:আপুনি যে ইমান মৰমেৰে সকলো সংৰক্ষণ কৰিছে সঁচাকৈ বৰ ভাল কাম কৰিছে। আমি আপোনাৰ কৰ্মক সন্মান জনাইছোঁ। আৰু আমি আপোনাক তাৰ বিনিময়ত আপোনাৰ ওচৰত নথকা ককাকৰ ফটোখন দান দিব খুজিছো, যিখন ফটো বৰ্তমান সময়ত অসমৰ কোনো মানুহৰ ওচৰত নাই। বহুত টকা-পইচাৰ লোভ দেখুৱাই আমাৰ পৰা এই মূল্যৱান সম্পদবিধ নিব নোৱাৰিলে বহুতে।
মানুহজনে কথাখিনি শুনি বৰ ভাল পালে, লগে লগে “দিয়া দিয়া” বুলি আৱেগিক হৈ চিঞৰি পৰিল। সিহঁতে ক’লে,
:এহেজাৰ টকা এটা আপুনি উলিয়াই ৰাখক আমি সাউতকে ফটোখন ফ্ৰেমিং কৰি লৈ আহো।
কাহিনীটো কৈ শেষ নকৰোতেই ষ্টুডিঅ মালিকে ক’লে,
:মানে তহঁতে এই ফটোখন ভূপেন হাজৰিকাৰ ককাকৰ ফটো বুলি বেচি দিলি? তাকো ৩০০ টকাৰ ঠাইত ১০০০ টকাত?
ফটোগ্ৰাফাৰ দুটাৰ এটাই ক’লে,
:ফটোখনটো বেছিবই লাগিব নহ’লে আপোনাক পইচা কেইটা কেনেকৈ দিম? আৰু কি ঠিক ফটোখনৰ মানুহজন কোনোবা দূৰ-দূৰণিৰ সম্পৰ্কীয় কোনোবা হ’ব যে খাটাং। যিহেতু আমি অসমীয়া।
তাৰ পিছত আৰু ষ্টুডিও ৰ মালিকে কিবা এটা কোৱাৰ সাহস নকৰিলে। ৩০০ টকাৰ পৰাও এক্টিং ভাল কৰা বাবদ ১০০ টকা এটা উভতাই দিলে দুয়োকে।
☆ ★ ☆ ★ ☆
8:34 am
হাঃ হাঃ ! কোন সেইকেইজন জানিব মন গৈছে।
8:48 am
হে প্ৰভূ৷মজ্জা৷
12:20 pm
হা হা …..সুন্দৰকৈ লিখিলা মানৱ…… সৰু-ডাঙৰ দুয়োটা কিন্তু সাংঘাটিক জীৱ
1:09 pm
মানি গলো হে! কেতিয়াবা পালে চিনাকী কৰাই দিবা৷ চৰণযুগল চুই চাম
1:50 pm
সুন্দৰ লিখনি দেই
5:49 pm
মানব, চিনাকীতেই ওলাব যেন লাগিছে। সুন্দৰ বৰ্ণনা।
6:38 pm
সৰু-ডাঙৰ৷ এটা কথা তেওঁলোকে ফটোগ্ৰাফী শিকোৱা বহুত অসমৰ সেই জগত খনত দপদপাই আছে৷