ফটাঢোল

ৰমা মেধিৰ বিলৈ – বৰ্ণালী ফুকন

ইংৰাজী গানৰ লহৰত কঁপি কঁপি বাজি থকা ফোনটোলৈ ৰমা মেধিয়ে অৱজ্ঞাৰে চালে৷ দুই-এদিনতে ৰমা মেধিৰ বয়সে ষাঠি চুব৷

ৰমা মেধিৰ আজিকালি ফোনটোৱে সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে৷ ভিতৰলৈ চাই চিঞৰি জীয়েকে শুনাকৈ ঘৈণীয়েকক কʼলে –

:হৌৰা! অথনিৰ পৰা ফোনটোৱে বেবাই বেবাই নাচি আছে জীয়েৰাক ধৰিবলৈ নোকোৱা কিয়?

মেধিয়ে ক্লাছ এইটত পঢ়া জীয়েকক ফোন এটা দিব পাৰিলেও দিয়া নাই৷ তেওঁৰ ধাৰণা, নিজাববীয়াকৈ ফোনটো পালে তাইৰ দৰে বয়সত পঢ়াতকৈ ম’বাইলটোতহে আগ্ৰহ বেছি হʼব৷ ফোনটো বাজি বাজি বন্ধ হ’ল, কিন্তু ভিতৰৰ পৰা কোনো ওলাই নাহিল৷ তেওঁ ফোনটো ঘৰত থকাৰ সময়ত ধৰিবলৈ অসুবিধাই পায়৷ এবাৰ দেওবাৰ এটাত গোটেইকেইটাই মিলি ডাইনিং টেবুলত চাহ খাই থাকোঁতে কাষত থকা ফোনটো বাজি থকা দেখি ৰিচিভ কৰি কাণলৈ নি হেল্লʼ কʼবলৈ নৌপাওঁতেই সিফালৰ পৰা কোনোবাই চিঞৰি উঠিল,

: হেই বেব!ফোন কৰিম বুলি এতিয়াও নকৰিলি যে ?হেৰৌ তহঁতৰ ঘৰৰ চি আই ডি বুঢ়াই কি ফোনটো সাৱটি বহি আছে নেকি?বুঢ়াক চকু দি থাকিবা বুজিছা৷ আজিকালি বুঢ়াবিলাকহে পৰকীয়া……..

সিফালৰ পৰা অনৰ্গল কথা কৈ থকাটোক কথা সম্পূৰ্ণ কৰিব নিদি তেওঁ গলহেকাৰি মাৰি ফোন কৰোঁতাক বুজাই দিছিল তেওঁৰ উপস্থিতি৷ লাহেকৈ ফোনটো জীয়েকলৈ আগবঢ়াই দিলে- ল ! তোৰ ফোন বুলি৷

: কোনে কৰিছে?

জীয়েকে সুধিলে ।

: কৰিছে কোনোবা গজ মূৰ্খ এটাই৷

: হেল্ল!

তাৰ পিছত তলমূৰকৈ খোৱাত লাগিছিল মেধি৷ সেইদিন ধৰি বন্ধত বা অফিচ ছুটীৰ পিছত তেওঁ ফোনটো পৰাপক্ষত নুঠোৱা হ’ল৷ অন্ততঃ যিদিনাৰ পৰা গʼম পালে, বন্ধত মাক-জীয়েকৰ বন্ধুবোৰে খাপ পিটি ৰৈ থাকে কথা পাতিবলৈ, সেইদিনাৰ পৰা বন্ধত ফোনটো নোচোৱেই৷ অভ্যাসবশতঃ কেতিয়াবা লʼলেওঁ যি ৰকমত ফোন আহিবলৈ ধৰে জীয়েকহঁতলৈ, তেওঁ যʼৰে ফোন তʼতেই এৰি আঁতৰি আহে৷ তেওঁ পুৰণা ফোনটো বেয়া হওঁতে নতুনকৈ এটা কিনিবলৈ যাওঁতে মাকে জোৰকৈয়ে জীয়েকক তেওঁৰ সৈতে পঠিয়াইছিল৷ তেৱোঁ বিশেষ প্ৰতিবাদ নকৰিলে, কাৰণ আগদিনাই মাকক জীয়েকে কোৱা শুনিছিল,

: পাপাই আকৌ সেই পিটিকি থকা ফোনটোকে কিনিব মা৷ না ফটো তুলিব পাৰি না নেট কৰিব পাৰিম৷ কোৱা না টাচ্ স্ক্ৰীণ ফোন এটা কিনিবলৈ৷

কথামতেই কাম ৷ জীয়েকৰ সৈতে গৈ যিটো ফোন কিনিলে, তেওঁৰ প্ৰথমে চুবলৈকে ভয় লাগিছিল৷ চুলেই দেখোন ফোনটো কʼৰবাত লাগেগৈ৷ জীয়েকৰ পৰা শিকি মাথোঁ ফোন কেনেকৈ কৰিব পাৰি, কেনেকৈ ফোন আহিলে ধৰিব লাগে- তাকে শিকি লʼলে৷ তাতকৈ আগলৈ তেওঁৰ দৰকাৰো নপৰিব৷ এদিন অফিচৰ বচ্-ৰ সন্মুখত গুৰুত্বপূৰ্ণ ফাইল এটাৰ বিষয়ে আলোচনা কৰিবলৈ বহি  থাকোঁতে হঠাৎ কʼৰবাত বাজি উঠিল – ফল ইন লাভ, ফল ইন লাভ৷ আৰু দুজনমান ক্লায়েণ্ট বহি আছিল৷ গানৰ উৎস বিচাৰি নাপাই ইজনে সিজনৰ মুখলৈ চালে৷ মেধিও কম আচৰিত নহʼল৷ হঠাৎ গান ক’ত বাজিল! কিবা ভাবি বচে নিজৰ ফোনটো চেক কৰিলে৷ সকলোৱে তেওঁলৈকে চাই থকা দেখি ৰুমৰ পৰা মেধিয়ে ওলায়ে বিম্বাশ্‌বদে নিজৰ টেবুললৈ দৌৰ মাৰিলে৷ যাওঁতে সৌজন্যসূচকভাৱে কৈ গ’ল – মই আহি আছোঁ চাৰ৷

ফোনটো উলিয়াই দেখে তেওঁৰে ফোনটোত “ফল ইন লাভ ,ফল ইন লাভ”কৈ কোনোবা এটাই ভালপোৱা জাহিৰ কৰিছে৷

: উফ্, ঐ যাদৱ, আহ্‌চোন আহ্‌ ৷এইটোৰ মুখখন বন্ধ কৰহি৷

যাদৱ কৰবাৰ পৰা দৌৰি আহি যেনিবা ফোনটো চাইলেণ্ট কৰি দিলতহে টেবুলত ফোনটো থৈ বচ্-ৰ ৰুম পালেগৈ৷ তাত থকা গোটেই সময়চোৱা ৰুমৰ গোটেইকেইজনে যেন তেওঁলৈকে লক্ষ্য কৰি থাকিল, তেওঁৰ তেনেকুৱা লাগিল৷ সেইদিন ধৰি অফিচলৈ গৈ পায়েই যাদৱক ফোনটো দি চাইলেণ্ট কৰি থʼবলৈ দিয়া হ’ল৷ চাইলেণ্টত থাকোঁতে যাতে ফোন আহিলে গʼম পায় তাৰ বাবে তেওঁক ভাইব্ৰেছনো কৰি দিলে যাদৱে৷

লাহে লাহে তেওঁ যাদৱৰ পৰাই মেছেজ চাবলৈ শিকিলে৷ প্ৰথম অৱস্থাত মেছেজ বক্স খুলি দেখে “আপুনি অকলশৰে আছে নেকি?মনৰ কথা পাতিবলৈ সংগী বিচাৰে নেকি?তেনেহলে ৬০০৯১ত ফোন কৰক”,
“কৰ’ দৌস্তৌ চে খুলকে প্যাৰী প্যাৰী বাতে ৱ ভি অপনে পহচান বতায়ে বীনা ডায়েল কৰে ৫৬৩৮৮০”, “হেল্ল জি মেৰা য়াহা কয়ী ফ্ৰেণ্ড নেহী হে ক্যা আপ মুঝে ফ্ৰেণ্ড বনাৱগে মুঝে কল কৰে ৫৬৩০০৯ “, “হেল্ল প্লিজ কল মি, আপকি ফোন কা হে ইন্তেজাৰ কল কৰে ৫৬৩৯৮৩১”!

মেছেজ পঢ়ি লাজে-অপমানে মেধি একাকাৰ ৷ ভৰি-হাত কঁপিবলৈ ধৰিলে৷

কোন বদমাছে মেছেজ দিছে বুলি লুকুৱাই থʼলে ফোনটো দুদিনমান অফিচতে৷ জীয়েকে এই বয়সত দেউতাকৰ পৰকিতি লৰিছে বুলি ভাবে যদি? আৰু মানুহজনীয়ে দেখিলে কাজিয়া ডাঙৰ এখনেই হʼব৷ কথা গৈ যে মহিলা সমিতি পাবগৈ সেইটো নিশ্চিত৷ কি ঠিক নাৰী সবলীকৰণৰ গোট আহি নাৰী নিপীড়নৰ কিবাকিবি ধাৰা উলিয়াই বুঢ়া বয়সত কৰ্ট-কাছাৰীৰ পাল্লাত পেলাই দিয়ে যদি! ৰাতি ৰাতি মেধিৰ টোপনি নোহোৱা হ’ল৷ মনত পেলাবলৈ চেষ্টা কৰে, গধূলিতে বিচনাত পৰি পৰি স্কুলৰ দিনত কোন ছোৱালীক ভাল পাইছিল, কোন ছোৱালীক মৰ্টন খুৱাই পটাবলৈ গৈছিল- মনত পেলালে৷ নাই মনত নপৰিল৷ প্ৰতিবাৰেই তেওঁ প্ৰেমত মাৰ-ধৰ কিল-ঘোচা খোৱাহে মনত আছে৷ তাকো কেতিয়াবা ছোৱালীৰ ককায়েকৰ পৰা নহʼলে তাহাঁতবোৰৰ প্ৰেমিকবোৰৰ পৰা৷

দুদিনৰ পিছত ছোৱালী-মাক দুইজনীয়ে মোবাইলটোৰ কথা লৈ তেওঁৰ কাণৰ মাকৰি সৰুৱাত উপায়বিহীন হৈ যাদৱক ভয়ে-লাজে একাকাৰ হৈ সুধিল,

: ঐ যাদৱ, ফোনটোত এই মখা কোন ছোৱালীয়ে মেছেজ দি থাকে অʼ চাচোন৷

: এহ! বুঢ়া মৰিবলৈ হ’ল এতিয়া ছোৱালীয়ে মেছেজ দিব?

মুখৰ ভিতৰতে যাদৱে ভোৰ্‌ভোৰালে৷

: ঐ, তই মোক গালি পাৰিছ?

: নাই অʼ, আপোনাক আমাৰ নতুনকৈ সোমোৱা ইঞ্জিনিয়াৰজনীয়ে ইমান মৰম লগাকৈ চায়, তাইয়ে নহয়তো- ভাবিছোঁ!

: এহ্! চাব পাৰে ৷সেইবুলি মোৰ ফোন নাম্বাৰটো তাইক দিয়া নাই দে৷

পিছত যেনিবা যাদৱে সঁচা কথাটো বুজাই দিলে মেধিক৷ দীঘলীয়া উশাহ এটা মাৰি তেওঁ ফোনটো ঘৰলৈ ঘুৰাই আনিল৷

আগত পূজা ৷ আনবাৰৰ দৰে এইবাৰো ৰমা মেধিয়ে বনাচ বুলি মোটা অংকৰ টকা পাইছে৷ একমাত্ৰ জীয়েকক পূজা বুলি কিবা এটা দিম বুলি গুণাগঁথা কৰি থাকোঁতে হঠাৎ  ফোনটোত টটং-টটংকৈ লেথাৰি নিছিগাকৈ মেছেজ অহা দেখি কাষত বহি থকা ঘৈণীয়েকে টেলেকা চকুৰে তেওঁলৈ চালে৷

: ইমানকৈ মেছেজগাল সোমাইছে নাচায় কিয়?

মেধিয়ে কি কৰোঁ-কি নকৰোঁকৈ ফোনটো লওঁতেই আকৌ দুটামান মেছেজ সোমাল৷ খুলি চাই দেখে প্ৰতিটো মেছেজত এখন এখন মলে আৱাহন কৰিছে৷ আমি ৫০% দিম, আমি ৬০%দিম৷ আমি দুটা কিনিলে এটা ৰেহাই দিম৷ আমি ৫০০০ টকাৰ বস্তু কিনিলে এটা কাপ-প্লেটৰ চেট দিম৷ মনতে ভাবিলে, এখনলৈ গৈ সিখনলৈ নগʼলে বেয়াই পাই বা!মনতে ভাবিব ধৰিলে ছেহ! কি কৰা যায়?ঘৰত মানুহজনী আৰু জীয়েকে অফাৰবোৰ দেখিলে হৈ গ’ল৷ মাক-জীয়েকে সস্তা সস্তা বুলি গোটেই কিখন মললৈ ভূমুকি মাৰিব, আৰু তেওঁ তাহাঁতৰ বস্তু ভৰোৱা বেগটো হজুৱাটোৰ দৰে পিছে পিছে লৈ ঘূৰিব লাগিব৷
মেধিৰ খেলিমেলি লাগিল কোনখনলৈ যাব, কোনখন এৰিব৷ নে গোটেইকেইখনতে কিনিবলৈ যাব! মূৰটো ঘূৰোৱা যেন লাগিল তেওঁৰ৷ ফোনটো তাতে থৈ মেধি উঠি গ’ল৷ নোৱাৰি, নোৱাৰি আৰু৷

ইফালে ফ্লিপকাৰ্ট, এমাজন, ক্লাব ফেক্টৰী আৰু কোনোবা কেইটামান অনলাইন চপিঙৰ চাইটৰ পৰা কিবাকিবি খন অৰ্ডাৰৰ মেছেজ আহিছে৷ কি হৈছে চাৰিওফালে ৰমা মেধিয়ে একো বুজি নাপাই ধূঁৱলি-কুঁৱলী দেখিবলৈ ধৰিলে৷ তেওঁকেই কিয় গোটেই অনলাইন চপিং চাইটবোৰে হেঁচা মাৰি ধৰিছেহি!

: কি পয়মালহে এই ফোনবোৰ ৷

মুখেৰে ভোৰ্‌ভোৰাই ৰমা মেধিয়ে বজাৰৰ মোনাখন লৈ খৰ-ধৰকৈ গণেশগুৰিলৈ বুলি খোজ লʼলে৷ বাটে বাটে ভাবি গ’ল, “কিবা লাগিলে গণেশগুৰিৰ ফুটপাথৰ কাষৰ দোকানৰ পৰা লোৱাই ভাল ৷ কিন্তু মাজনীয়ে জানো মোৰ পছন্দৰ বস্তু পিন্ধিব? কি বা ফেচন চলি আছে?” দীঘল হুমুনিয়াহ কাঢ়ি ৰমা মেধি ঘৰলৈ ঘূৰিল ৷

আহি থাকোঁতে মনত পৰিল অতীতৰ কথা ৷ তেওঁলোকৰ দিন নাই আৰু এতিয়া৷ পূজাত তেওঁলোকৰ দেউতাকে তেওঁলোকৰ গোটেইকেইটা ভাই-ভনীলৈ এক থান কাপোৰ লৈ আহে, আৰু সকলোলৈ একে ৰঙৰ চোলা চিলাই দিয়ে দেউতাকে নিজে৷ আনকি ৰমা মেধিৰ বায়েকৰ ফ্ৰকটোও তেওঁৰ ছাৰ্টটোৰ দৰে একেই হয়৷ কেতিয়াবা বেছি কাপোৰ থাকি গ’লে মাকৰ মেখেলা এখনো হৈ গৈছিল৷

ঘূৰাৰ বাটতে ৰমা মেধি থমকি ৰ’ল ৷ মনতে ভাবিলে থান কাপোৰ অলপকে লৈ যাওঁ নহʼলে৷ মাকে-জীয়েকে নিজৰ মতে যি চিলাই চিলাব৷ বাচি গ’লে মই পাইজামা এটাকে বনাই লʼম৷

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *