ফুটনিৰ ফটাঢোল – অসীমা শইকীয়া দত্ত
মাৰ স্মাৰ্টনেচ দেখি এল পিত থাকোঁতে ভাবি লৈছিলোঁ মা গণিত কিতাপৰ সদা মৰলৰ সৈতে একে লগৰ। অঙ্ক ইমানেই বেয়া পাওঁ কোনে লেখিলে বুলি নাম চাইছিলোঁ। সদা মৰল। নিজে নমৰিল মোক মাৰি গ’ল অ’ সদাদা বুলি গণিতখনতে পৰি পৰি কান্দোঁ। কম পিটন খাওঁ ভাজক ভাজ্যৰ লগত! মায়ে পঢ়ুৱাই মোক। নিজৰ ভাজি দেই যায়। এইফালে মই ভাজি দেৱাই পেলাওঁ মাৰ মেথা তথাপি নোৱাৰালৈকে নেৰে।
মায়ে যিটো ফিটত থাকে ডক্টৰেট ডিগ্ৰীতো সৰু সুৰা মাৰ বাবে। ভাল লাগিছিল অনুকৰণ কৰিছিলোঁ মাৰ সেইটো গুণ। যেতিয়া গম পাইছিলোঁ দে’তাৰ পৰা মা ছেভেনতে সৰস্বতীৰ লগত বিচ্ছেদ হোৱা……চেল্যুত দিছিলোঁ মাৰ এটিটিউডটোক। এবাৰ মায়ে মোক লগৰজনীৰ লগত তুলনা কৰোঁতে ‘নিজেনো কিমান পঢ়া’ বুলি হাঁহি গোহালিৰ গৰুকিটাই হঁহাকৈ মাৰ খাইছিলোঁ। মুখৰ জহতে গৰু পিটন খাওঁ মই সৱেই জানে।
মাৰ মাকজনীয়ে এই ক্ষেত্ৰত আগভাগ লয় মোক পিটন দিয়াত। তেখেত আকৌ দে’তাৰ ওচৰত যিটো তাৱত থাকে যেন কেম্ব্ৰিজৰ পৰা জাষ্ট আহি জোঁৱায়েকৰ চোতালত এণ্ট্ৰি মাৰিছেহি। ইফালে প্ৰাপ্তবয়স্কৰ যে বুঢ়ামানুহক পঢ়োৱা চিষ্টেম এটা ওলাইছিল তেতিয়া কিতাপখন ওলোটাকৈ লৈ মোৰ কিতাপৰ ‘ক’টো হেৰাল বুলি চিঞৰ বাখৰ লগাইছিল। বুঢ়া স্কুলৰ মাষ্টৰণীও সোনকালে বুঢ়া হৈ মৰিল আইতাৰ ভেজা ফ্ৰাইত।
…মাক…. জীয়েকৰ……সেই স্মাৰ্টনেচ এতিয়া মোৰ গাত। দুয়োৰে সেই লেভেল মোৰ আছে। চিনেমা ছিৰিয়েল, কিতাপে দিয়া শিক্ষা মই লওঁ…কিন্তু… বেছি জনা দেখুওৱাটোৰ পৰা একো নিশিকোঁ। তাৰ অধিক লেকচাৰত গুৰুত্বও নিদিওঁ। তেনে অভাৰ স্মাৰ্ট পালে নিজকে মবাইলত হ’লেও বিজি দেখুৱাই দিওঁ। যেন তোৰ ফকটীয়া লেকচাৰ শুনাত মই নাই বাকলি। চা এলিয়েনৰ লগত সংযোগ মোৰ, ঋত্বিকৰ ‘কয়ি মিল গয়া’টোৰ দৰে অভাৰ স্মাৰ্টক দেখুৱাও। হুদুৱে মুতা তই পৃথিৱীত হে তাওঁ মাৰিছ, কি ঘটিতো হ’ব তা পা। মোৰ যোগাযোগ অন্য গ্ৰহৰ লগত। ইয়াত মোৰ লগত তক্কৰ মৰা এটাও নাই। এনেকুৱা এক্সপ্ৰেশ্যন এটা মুখত ফুটাই লওঁ আউ। লাগিলে মবাইলত চাউণ্ডলেছ কৰি কেণ্ডিক্ৰাছকে খেলোঁ।
এবাৰ চুলি কটাবলে গ’লোঁ। ভাগিনজনীয়ে কোৱা পাৰ্লাৰ এখনত। বলিউডিজনী যোৱাৰ দৰে গৈ সোমালোগৈ। কি কৰিম সুধিলে ক’লো, ……বহিলোঁগৈ ওখ চকীখনত। মোৰ মেথালে কেঁচি লৈ আগবঢ়া ল’ৰাটোৰ চুলিৰ ডিজাইন চাই ভক্তি ভাৱ উপজিল মোৰ। যেন আছুৰ শ্বহীদ বেদীটো। ফ্লেগখন লগাই দি চুলিৰ থোপাটোত তাক য’তে ত’তে বহুৱাই ‘জন গন মন অধি’ গাব পাৰি। মোৰ চুলি চাই তাৰ প্ৰথম প্ৰশ্ন, “মেম …… আপুনি হেনা কেতিয়া কৰিছিল?”
:বিয়াত কৰিছিলোঁ।
তাৰ পিছত পুষ্পহেনা, ৰাজস্থানী হেনাৰ ওপৰত লেকচাৰ এটা দিলোঁ। কোনটোত বালি মিক্স। সি বেত মেলি চাই থাকি মোক জাভেদ হাবিবৰ লগৰে বুলি ভাবি কথাৰ মাজত সুৰুঙা পাই সুধিলে,
:অকে কিমান দিন হ’ল মেম হেনা কৰা?
:হ’ল তেৰ বছৰ, মোৰ বিয়াতে কৰা নহয়।
:তেৰ বছৰ? মেম কণ্ডিছনাৰ লগাই আপুনি?”
:এবাৰ আনিছিলোঁ। চেম্পু বুলি এবাৰতে গোটেই বটল লগাইও নেফেনোৱাত পিছত দোকানীক দম দিছিলোঁ, কি চেম্পু দিছে বুলি। তাৰ পিছত নাই সনা আৰু কণ্ডিচনাৰ। হৌৰা কেঁচি লৈ কথাকে চোবাই থাকিবানে কাটিবাও মোৰ চুলি।
:মেম আপোনাৰ চুলি কাটিবলৈ বিচাৰিয়ে পোৱা নাই। আপুনি এটা কাম কৰক, থকা কিডাল কাটিব নালাগে চুলি ফিক্সড কৰিব পাৰিব আপুনি। নোহোৱা জেগাবোৰত নতুন চুলি লগাই ল’ব পাৰে।”
:কি? মই টাৰ্চেল লগাম ভাওনাৰ মাইকী ভাওঁ লোৱা মতামানুহৰ দৰে। লাগিলে বেছি তপা হ’লে হেলমেট পিন্ধি ঘূৰিম খোজ কাঢ়োঁতেও। সেইবোৰ কৰিবলে নাই।
এবাৰ গেঙটকত দিনটো ফুৰি ভাগৰে-জোগৰে শুলোঁ। হঠাৎ এওঁ ক’লে খাই ল’বা ব’লা। ডিনাৰ ৰেডি। জীয়েকে দেউতাককে পঠিয়াই মই মুখ ধুই ছেণ্ডেল চোঁচোৰাই গ’লোঁ। সিহঁতে খাবলে বহিলেই। মই ৰাক্ষস দুটাই সৱ খালে বুলি মনতে খৰখেদাকে গৈ দিলোঁ ধেৰামকে খুন্দা মাৰি সন্মুখৰ আইনাখনত। অঅঅ’ ডাইনিং হলটোলে সোমাই কেনি! ইফালে যাওঁ নাকটোৰে সৈতে গৈ মাৰোঁ ধাৰাম, সিফালে সোমাবলৈ গৈ নাকেৰে সৈতে মাৰোঁ ধাৰাম। খা বাপেকে সোমোৱা বাটতো কেনি? এইখন ফুটা ফাটলি নাই অথচ সিহঁত দুটাক দেখিও আছোঁ, সোমাওঁ কেনি–? কালিদাসৰ দৰে আঁঠুৱাৰ ওপৰেদি জপিয়াই দিবলৈও বাট নাইচোন। নাকটো তেনেই জকাৰৰ দৰে ৰঙা হ’ল। সিফালে শহুৰৰ পুতেকে যি লেগপিচ টানিছে অ’। ঘৈণীয়েক মৰিছে বাট নেপাই খুন্দাত তেওঁৰ কোব চৰিছে মুৰ্গীটিকা চোবোৱাত। ৰহ! আজি সোমাবলে দে কেনেবাকে হোটেলৰ মেনেজাৰৰ টিকাও খুৱাম। উঠি আহিবতো পাৰে তেওঁ……দেখিছেই নাকে ধেৰেম ধেৰম লেপ তুলি বনোৱা ধুনাৱলাটোৰ সৈডালৰ দৰে মিউজিক দি আছে বাহিৰত। হঠাতে দেখোঁ শহুৰৰ পুতেকৰ খানাত সেৱা আগবঢ়োৱা ল’ৰাটো ওলাই আহিছে। সি মোৰ পোনতে আহি দুৱাৰ খুলি আকৌ এখুন্দা দিলে। কথমপি ৰ’লোঁ নপৰি। কৃষ্ণ, বাটটোৰ মুখৰ আগতে ৰৈ আছোঁ অথচ গম নাপাওঁ। গোটেই হলটো আইনাৰ। কি ঘটিতো বনাইছে অ’ এইখন। সৱ তৰ্জাবেৰ লগালোঁ হয় গেঙটকৰ মন্ত্ৰী এটা হোৱা হ’লেও। সোমাই গৈ বহিলোঁ শহুৰৰ পুতেকে সুধিছে……তুমি অত দেৰি কপাল লগাই কাক সেৱা কৰি আছিলা বাহিৰত খাবলে আহি।
হৰি, এওঁৰাই মানে মোৰ আচল কেচটো গম নাপায়। আহি গ’লোঁ লেবেলত ….
:হেৰি ওপৰত বুদ্ধৰ মূৰ্তি এটা আছিল লগতে গেঙটকৰ স্থানীয় ভগৱান এজনৰো। খোৱাৰ আগত তেনেকে সেৱা কৰাটো নিয়ম বোলে। কালি সুধি থৈছিলোঁ মেনেজাৰটোক কথাটো।
সেয়া গ’ল, খাবলে লওঁতে চাৰ্ভ কৰা ল’ৰাটোৱে আগবঢ়াই দিলে সৰু টেবলেট এটাই কুহুমীয়া পানী এবাতিয়ে। অ অ এইটো হজমি পিল চাগে খোৱাৰ আগত খাব লাগে। তোমাক কৈছোঁ গাল মাৰিবলে লৈছোঁ পিলটো— শহুৰৰ পুতেকে হেই কি কৰা বুলি থাপ মাৰি ধৰিছে। অ অ’ কি হ’ল আকৌ। সেইটো পানী বাটিত দি হাত ধোৱাহে, দি চোৱাছোন। তেওঁৰ কথামতে পিলতো দিলোঁ গৰমপানীৰ বাতিত ভৰ ভৰকে ফুলি এবাটি হ’ল কোমল ফটাকানি এখনে হেৰৌ। পালতৰা নাওঁখনৰ দৰে।
হে হৰি, আপোনাৰ ভৰি দুইখন আছেনে লগত বুলি টেবুলৰ তলত মানুহটোৰ ভৰি চুই সেৱা কৰিবলে বিচাৰিছোঁ। আজি তেওঁ নধৰা হ’লে সেইটো খাই মোৰ হয় ডিঙিত নহ’লে পেটত পালতৰা নাঁৱৰ দৰে সৈখন ফুলি ‘অ মাজিৰে’ গাই কি গতি হ’লগে হয়!
ফুটনিৰ জহত কাহানিবা মোৰ নাক চকু চেপেটা হৈ গাড়ীৰে চেপা গোবৰৰ ডিজাইন বনি ঘৰ পাবহি।
কেচতো হ’ল সিদিনা গৈছিলোঁ এফালে। ভাবিলোঁ, ভাগিনজনীৰ পাৰ্লাৰতে সোমাই যাওঁ… বহুদিন তাইক লগ পোৱা নাই। সোমালোঁ……… নাই তাই। ওচৰৰ ক’ৰবাত মুতিবলে গৈছে। সিহঁতৰ পাৰ্লাৰত মুতাঘৰ নাই। তাই অহালে বহাকন সময় কাক চোবাও বুলি জিভা লক লকালেই নহয়! চালোঁ সহায়িকাজনীয়ে এজনীক চেলিয়াই লৈ ফেচিয়েল কৰি আছে। অলপ আদহীয়া এগৰাকী বহি আছে। ভাবিলোঁ এখেততে বহনিতো কৰোঁ জিভাখনৰ। মোৰ চেলবেলনি আৰম্ভ। আৰম্ভ তেতিয়া মাৰ্কেটত পানীত পৰি ঢুকোৱা হৰেণ বৰা কেচতো চলি আছিল। মোৰ বৰ্ণনাত ফেচিয়েলত ডুবি থকাজনীয়ে চকুৰ তিঁয়হ গুচাই ওভতি চাইছে মালতো কোননো বুলি। এন দি এফ বিৰ লগত যেন সমানে মই জুবুৰিয়াই লাষ্টত মোৰ চুম্বকত সেই পৰিয়ালতো উলিয়ালোঁ। কথা গৈ সন্তানত পৰিল গৈ। এইবোৰ মানসিক বেমাৰ। সেয়ে সন্তান গাত থাকিলে কি খাব লাগে নেলাগে বুলি গহীন গপচ আদহীয়া গৰাকীয়ে কথা আৰম্ভ কৰোঁতেই মই আগবঢ়াই আনিলোঁ……। মনতে তুমি কিটো জানাহে! কোন কাহানিতে চাগে
ল’ছালি পালাঁ। সেদে বুলি ফালি আছোঁ গৰ্ভৱতীৰ ওপৰত। তেনেতে স্মাৰ্ট, ভাল লগা মানুহগৰাকীক সুধিবৰ মন গ’ল সুধিলোঁও…… আপোনাৰ ঘৰ ক’তনো?
তেখেতে যি আষাৰ ক’লে …… দুবাৰ বেহাৰবাৰীৰ মোহনৰ দৰে কাণ জোকাৰিলোঁ আই! “আ আ কি কৈছে কোন হয়!”
তেনেতে মোৰ মবাইলতো বজাত লাহেকে উঠি আহিলোঁ ………অ গৈছোঁ। ক’ত আছে আপুনি। ফোনত বাজি আছিল …তেতিয়া …… ইচ গানা কে লিয়ে এক ডবায়ে …… ঔৰ ইচ গানা কে লিয়ে দৌ ডবায়ে।
মনতে…… ধৈ ৰহ নিজৰে বাৰ ডবাই য়ে কিয়া হুৱা……কিয়ো হুৱা বাজি আছোঁ। ঘটিখন ডবাম গে।
ভাগিনৰ লগৰজনীয়ে বোলে …মামী মামাৰ ফোন চাগে। অঁ তাইক কৈ দিবি আজি আমাৰ ঘৰলে মাতিছোঁ। মই যাওঁ…… । মানুহগৰাকীকো মাত লগাই ভাগিন মুতি অহালে নৰলোঁ আই!
(মানুহগৰাকী অসম মুলুকৰ প্ৰসুতি বিভাগৰ নাম জ্বলা ডাক্তৰ যাৰ ওচৰত গৰ্ভৱতী লেকচাৰতো দিলোঁ)
☆ ★ ☆ ★ ☆
10:42 am
হাঁ হাঁ
11:13 am
হে হৰি! এইগৰাকীয়ে কি খাই লিখে অ’!
হাঁহিত মৰিছো।আমাৰ ষ্টাফৰূম হিলি আছে
11:20 am
????? হাঁহি মৰিলো ঔ
11:30 am
তোমাৰ লিখাবোৰ পঢ়ি হাঁহিত বাগৰি পৰোঁ
11:51 am
তামাম ফালিলা
12:16 pm
ইমান হাঁহিলো অ’???
2:42 pm
মজা।। হাঁ হাঁ
3:21 pm
আপোনাৰ লিখনী মোৰ সদায়েই প্ৰিয় ।
10:13 pm
মজা লাগিল
12:16 pm
কৃষ্ণ ! কি যে জমনি নহয়???
8:41 am
ধৈ, চকুপানী ওলাই গ’ল ঔ বাকলি….????