ফটাঢোল

খৰাই – ছৈয়দা চেমিন ইচলাম

উৎকট গৰম।
ৰোগীৰ ভিৰ।
কাৰোবাৰ যদি কাহ-চৰ্দি-জ্বৰ, কাৰোবাৰ আকৌ “পাতলা পাইখানা”। ছালৰ ৰোগীৰো ভিৰ। অন্যান্য কেতবোৰ বেমাৰ মজলীয়া। অ’ “গেছ”ৰ ৰোগটো সকলোৰে কাৰণে “কমন”।

এতিয়া আহো আচল কথালৈ।

এগৰাকী প্ৰায় সাতাইশ-আঠাইশ বছৰ বয়সৰ মহিলা সোমাই আহিল মোৰ কোঠালৈ।

আহিল মানে?
একেবাৰে মোৰ গাৰ নিচেই কাষত!!

মানে?
মই বহি থকা ৰিভল্ভিং চেয়াৰ খনৰ একেবাৰে কাষত থিয় দিলেহি।

অলপ হতচকিতো হৈ পৰিলোঁ।
সাধাৰণতে ৰোগীবোৰে কোঠাটোত সোমাই অলপ হ’লেও কিবা যেন এক ভয়-সংকোচ অথবা লাজ কৰে। হয়তো “কি বা হৈ আছে মোৰ?” বুলি ৰোগৰ ভয়, ভালদৰে কথাখিনি বুজাই ক’বলৈ বা আন ৰোগীৰ সমুখত নিজৰ ৰোগটোৰ বিষয়ে প্ৰকাশ কৰিবলৈ “লাজ-সংকোচ” কৰা দেখা যায়।

মোৰ সমুখত থকা ৰোগীবোৰৰ চাই থকা গৰাকীক সোধ্-পোচ্ বাদ দি এখেতলৈকেই “কিবা আৰ্জেণ্ট” থাকিব পাৰে বুলি মূৰটো ঘূৰাই চালোঁ।

সাজ-পোছাক বেচ্ পৰিপাটি।
ডাঙৰ পাৰি থকা ৰঙা ৰঙৰ শাৰী এখন ধুনীয়াকৈ পিন মাৰি পিন্ধিছে।
হাতে-কাণেও অলংকাৰেৰে বিভূষিতা।
মুখতো কোনোধৰণৰ লাজ-ভয়-শংকাৰ চিহ্ন নাই।

“একে কোবে সোমাই আহি একেবাৰে গাৰ কাষতে থিয় হোৱাৰ বাবে” ভিতৰি অলপ শংকিত অথবা আগৰ পৰাই ৰৈ থকা অন্য ৰোগীসকলক পাছ পেলাই তেওঁৰ “মাত্ৰাধিক স্মাৰ্টনেচ”ৰ বাবেই নহওঁক কিয়, পেটে পেটে খঙো উঠিল অলপ।

তথাপি “একমাত্ৰ প্ৰাণ”টোৰ ভয়তেই মাতটো যিমান পাৰি কোমল কৰি সুধিলোঁ –

: আপোনাৰ কি অসুবিধা হৈছে কওঁকচোন।

: খৰাই!

খৰাই?
মোক কি “খৰা হো যাও” বুলি “থিয় হ’বলৈ” ক’লে নেকি?
“থিয় হ’বলৈ” ক’লে যদি কিয় ক’লে মোক তেনেকৈ?
কিনো কৰিলোঁ মই?
ইপিনে বাগিচাৰ অঘটনটো ঘটি যোৱাৰো বেছি দিন হোৱা নাই!
তেনে ক্ষেত্ৰত?
আজি কি মোৰ অৱস্থাও…তেন্তে?

ময়ো কি টিভি আৰু মোবাইলৰ ভিডিঅ’ হ’বলৈ গৈ আছোঁ নেকি?

হঠাতে মনত পৰিল – টিভিত বা মোবাইলত ওলালে মোক বা কেনে দেখিব?
নিজৰ পিন্ধি থকা কাপোৰযোৰ এবাৰ চাই ল’লোঁ।
হ’ব।
চলি যাব।
ডাঠ সেউজীয়া ৰঙৰ কুৰ্তা আৰু হালধীয়া পাইজামা।
নিশ্চিত হ’লো – টিভি অথবা মোবাইলৰ পৰ্দাত কাপোৰযোৰেৰে বেয়া নেদেখিব মোক!

অহ্!
চুলি খিনি?
ছেঃ!
ইমান টকা খৰচ কৰি চিধা কৰা, হেয়াৰ স্পা কৰি থোৱা চুলিখিনিনো গৰম বুলিয়েই ক’লা সস্তীয়া ৰাবাৰ বেণ্ড ডালেৰে এনেই মোটোকা মাৰি আহিবলৈ আজি কিহে পাইছিল মোক?

মূৰটো এনেই অলপ একা-বেঁকা কৰাৰ ভংগীমা কৰি সুযোগ বুজি সস্তীয়া ৰাবাৰ বেণ্ড ডাল খুলি চুলিখিনি ঠিক-ঠাক কৰি ল’লোঁ।

কিন্তু?
নিজকে নিজে হাঁহি উঠিল মোৰ।
মৰাৰ পিছত জানো নিজৰ ভিডিঅ’টো দেখিবলৈ পাম মই?

ধেৎ!
বৰ বুৰ্বক দেই ময়ো!
এনেকুৱা মুহূৰ্তত আনেও বাৰু মোৰ কাপোৰযোৰ আৰু চুলি চাই থাকিবনে?

উৎকণ্ঠিত আৰু উত্তেজিত হৈ পৰিলোঁ ভিতৰি। দুখো লাগিল – আজিয়েই শেষ দিন মোৰ!

সেপ ঢুকি কোনোমতে যিমান পাৰি স্বাভাৱিক হৈ ক’লোঁ –

: আপ বৈঠিয়ে না! ক‍্যা হুৱা আপকো?

: খৰাই, খৰাই!

: ক‍্যা?

: খৰা….ই!
খ…ৰা…ই!

এইবাৰ কিন্তু নিজকে অলপ বুৰ্বক যেন লাগিল মোৰ। মুখৰ মাত হৰিল।

কি “খৰাই” আহিল এয়া?
কি কৈছে মোক?
তেওঁৰ নিজৰেই কিবা কথা কৈছে?
নে মোকেই কিবা নিৰ্দেশ দিছে?

ইপিনে বুজিহে পোৱা নাই মই!
সিপিনে নুবুজিলেও মহাবিপদ!
কি কৰো এতিয়া?
ভয়তে ঘামি-জামি গোটেই মানুহজনীয়েই একেবাৰে তেলেতীয়া হৈ পৰিলোঁ।

সমুখত ৰৈ থকা মহিলা ৰোগী কেইগৰাকীয়েই যেন মোক আজি ৰক্ষা কৰে তেনেকুৱা এটা ভাৱত তেওঁলোকৰ মুখলৈ চাই সেমেনা-সেমেনি কৰি লাহেকৈ থিয় দিলোঁ।

মোৰ অৱস্থাটো দেখি সমুখত ৰৈ থকা এজনীয়ে যেন কিবা এটা অনুমান কৰিব পাৰিলে –

: বাইদেউ, কিয় থিয় হৈছে আপুনি?
বহক!
বহি লওঁকচোন আপুনি।

: ঐ, “খৰাই, খৰাই” কৰি আছ যে “খৰাই বেৰাম” হোৱা বুলি ক’ব নোৱাৰ?

: “খৰাই বেৰাম”….??

: তাইৰ “প্ৰস্ৰাৱৰ জ্বলা-পোৰা”ৰ সমস্যা হৈছে, বাইদেউ! আমাৰ ফালে এইটো এটা কথিত শব্দ, বাইদেউ। আপুনি নাজানে চাগৈ!

হয়তো! আগতে এই শব্দটো কেতিয়াবা শুনিছোঁ বুলি মনত নপৰিল মোৰ।

মই বোলো – কৃষ্ণ, প্ৰভু!
এই “খৰাই”ৰ পৰা তুমি আজি ভাল ৰক্ষা কৰিলা মোক!

ধহ্‌মহ্‌কৈ বহি লʼলোঁ।

আগৰ জনমত নিশ্চয় কিবা পুণ্য কাম কৰিছিলোঁ। হয়তো এই জনমতো কিবা ভাল কাম কৰিছোঁ! নহ’লে এনেকৈ আসন্ন মৃত্যুৰ পৰা ৰক্ষা পৰোনে?

হয়তো!
প্ৰত‍্যেকবাৰ সৰস্বতী পূজাতে দেৱী সৰস্বতীৰ লগতে হাঁহকো পূজা কৰি আহিছো নহয়!

☆ ★ ☆ ★ ☆

4 Comments

  • Rintumoni Dutta

    ভাল লাগিল পঢ়ি, নতুন শব্দ এটাও শিকিলো

    Reply
  • Prodip Bora

    সুন্দৰ

    Reply
  • সমুজ্জ্বল কাশ্যপ

    ভাল লাগিল।

    Reply
  • HEMANTA KAKATI

    হাঃ হাঃ মজা লাগিল চেমিন! ডাক্টৰৰো বৰ ভয় নহয় আজিকালি!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *