ফটাঢোল

ডেয়াৰিং – লুনা বৰা

সি থিয় গঢ়াটোৰ পৰা তললৈ জুমি চালে। ইমান দ। মূৰটো ঘূৰোৱা যেন লাগিল। তাৰ উদ্দেশ্যটো পূৰণ হ’ব চাগে। পানীৰ সোঁত আছে। ওপৰৰ পৰা পৰি গ’লে, উটি যাব নে খামুচিবলৈ ঠাই পাব…!! সি ভাবিলে।
অলপ ইফাল সিফাল কৰি সি নিজৰ বাবে সঠিক ঠাই কণ বিচাৰিলে।

ওহো, ইয়াৰ পৰা নহ’ব, পানীখিনি দেখাই নাপায়, নিমিলিব, অলপ তললৈ নামি গ’লে সহজ হ’ব৷ সি মনতে ঠিক কৰিলে৷ নমাৰ আগতে ডিঙি মেলি দূৰলৈ চাই পঠিয়ালে৷ কিছু আঁতৰত তাৰ লগৰ দুটাই মোবাইলত কিবা চোৱাত ব্যস্ত। সি কি কৰি আছে তাৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নাই। কি যে এটা ওলাল। দেখাত ই আমাৰ হাতৰ মুঠিত, কিন্তু প্ৰকৃতাৰ্থত আমি মানুহবোৰহে তাৰ মুঠিত। সেইকেইটাই এতিয়া ওচৰেদি ডাইন’ছৰ এটা পাৰ হৈ গ’লেও গম নাপাব।

“ভালেই হ’ল, সিহঁত নিজৰ কামত ব্যস্ত। খবৰে নাই। দেৰি নকৰোঁ আৰু সিহঁতে বিচাৰি অহাৰ আগতেই……”

কথাটো মনতে ভাবি সি গঢ়াটোৰ পৰা অলপ নামি গ’ল। সি ভাবিলে, মোৰ লগৰকেইটাই বাৰু মই ইয়াতে পৰিলোঁ বুলি বিচাৰি পাবনে? ঘৰত খবৰ কি বুলি দিব?মা জনীলৈহে বেয়া লাগিব। দেউতাৰ বাবেতো মই কুলাঙ্গাৰে। কি নো ফৰ্ক পৰিব তেওঁলোকৰ৷
ধেই কি যে ভাবি আছোঁ। এইবোৰ ভাবি থাকিলে কেনেকৈ হ’ব।

তথাপিও তাৰ মনত পৰিল আগৰ সপ্তাহত হৈ যোৱা ঘটনাটো। দুখটো মনত ৰৈ গ’ল। কিয় বাৰু সকলোৱে তাক তাচ্ছিল্য কৰে। সি নহয় ডেয়াৰিং, ভয় কৰে সি উচ্চতাত, তাতেই কি! ইমান বেয়াকৈ কিয় কয় আটায়ে? সব মানুহতো একেই নহয়। সি কৰিব পৰা বহুত কাম দেখোন বেলেগে কৰিব নোৱাৰে৷ আৰু নিহাৰীকা! তাই কিয় সেইদিনা বেলেগৰ লগত সুৰ মিলালে। ফেচ লাগি যে নিখিলৰ বাইকৰ পিছত উঠি গ’ল। তেতিয়াই নিখিলক ঘোচা এটা মাৰি দিবলৈ মন গৈছিল। হাও ডেয়াৰ হি? পিচে দোষ জানো তাৰ? নিহাৰীকা, সেইকণেই বুজে নেকি তাই তাক? এতিয়াহে যদি তাই..!!

আচলতে ইচ্ছা মৃত্যু বা স্ব-হত্যাটোও এটা ডেয়াৰিং কামেই। কিমান সাহস থাকিলে মানুহ এজনে নিজেই নিজক শেষ কৰিব পাৰিব? হয়তো ভয়াতুৰ এজনৰহে সেই সাহস কণ থাকে আৰু মই, মইতো নহয় তেনে সাহসী, গতিকে!

আজিৰ দিনটোৰ কাৰণে যে সি কিমান মাথা মাৰিব লগীয়া হ’ল৷ ওপৰত থকা সেই লগৰ দুটাক উভতি গৈ ট্ৰিত দিয়াৰ কথা। নহ’লে যে তাৰ প্লেন ফেইল হয়। চব কমিনা৷ আজিৰ পৰা আৰু…..ধেই আকৌ মানে৷ ময়ো যে এটা মক্কেল, নিজকেই বিশ্বাস নকৰোঁ। যি কৰিবলৈ আহিছোঁঁ কৰাই ভাল।

সি আকৌ তললৈ চালে৷ শৰীৰত শিহৰণ এটা অনুভৱ কৰিলে। অজানিতে সি সেপ ঢুকিলে৷ আৰু অলপ গ’লেই পানীখিনি ভালকৈ দেখা পাব৷ কোনোমতে খুপি, খুপি, সৰু, সৰু গছ বনবোৰ খামুচি অকমান নামিয়ে ওলাই থকা পাথৰ এটাৰ ওপৰতে সি বহিল। ওপৰলৈ চালে, কোনো নাই, তললৈ চালে পানীৰ সোঁত৷ বাওঁহাতেৰে আৰু অলপ জোৰকৈ খামুচি ধৰিলে বনখিনিত। সোঁহাতখনেৰে পকেটৰ পৰা মোবাইলটো উলিয়াই ল’লে। লাহেকৈ পেটাৰ্ণটো আঁকি লক স্ক্ৰীণখন খুলি, কেমেৰাটো অন কৰি ল’লে। ভয়ে, ভয়ে সোঁহাতখন মেলি দিলে সি৷ ওঁঠত মিহিকৈ হাঁহি এটা খেলাই গ’ল…

: অই নৱ, কি কৰিছ তাত, পৰিবি৷

: হেই, হেই

টুপুং

হঠাৎ বন্ধু প্ৰিতমে মাত মাতি দিয়াত, উচ্চতালৈ ভয় কৰাৰ স্বত্বেও মৰসাহ কৰি ডেয়াৰিং চেলফি তুলিবলৈ যোৱা নৱৰ হাতৰ পৰা আগদিনা মাকক আৱদাৰ কৰি, বাপেকৰ টকাৰে কিনা, এণ্ড্ৰইড মোবাইল গৈ তলৰ পানীৰ সোঁতত।

☆ ★ ☆ ★ ☆

One comment

  • HEMANTA KAKATI

    হাঃ হাঃ তামাম লাগিল লোনা৷ জান তো নিকল হি গয়াা থা৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *