ফটাঢোল

‘পাৰ চৰাই উৰি গৈ পালে নদীৰ পাৰ’ – অভিজিত দত্ত

সপোনৰ আৱিৰ্ভাৱ—-

কাউণ্টাৰৰ খিৰিকীখনেৰে মই হাতখন বাহিৰলৈ মেলি দিলো৷ কাগজখন আৰু খমখমীয়া নোটকেইখন মোৰ হাতত গুজি দিয়া হ’ল৷ মই নোটকেইখন গণি চালো৷ ঠিকেই আছে৷ ডিপজিত ফৰ্মত লিখি থোৱা অঙ্কটোৱেই নোটকেইখনে দেখুৱাইছে৷ ফৰ্মখনৰ নিৰ্দিষ্ট স্থানত চিল-মোহৰ মাৰি মই ফৰ্মৰ অৱশিষ্ট অংশ ঘূৰাই দিবলৈ উদ্যত হওঁতেই মোৰ চকু চাত মাৰি ধৰিলে৷

এগৰাকী অতীৱ সুন্দৰী নাৰী কাউণ্টাৰৰ মুখত থিয় হৈ আছে৷ নাৰীৰ মুখত এটি জান-নেজান হাঁহিয়ে ঢৌ খেলি আছে৷

হয়, এই অপৰূপ দৃশ্যত মই বাকৰুদ্ধ হৈ পৰিছো৷ নাৰীগৰাকীৰ নান্দনিক সৌন্দৰ্যত মই মোৰ সতে সংলগ্ন হৈ থকা পৃথিৱীখনৰ কথা পাহৰি পেলাইছো৷ অলপ সময় হা কৰি মোৰ মুখখন মেলি মই তেওঁৰ মুখলৈ তধা লাগি চাইছো৷ হঠাৎ এক কণ্ঠস্বৰত মই সম্বিত ঘূৰাই পাইছো৷

:অ দাদা, সোনকালে কৰক৷ আমাৰো অফিচ/ কাচাৰী আছে নহ’য়৷ এজনৰ কাম কৰোঁতেই ইমান সময় লাগে নেকি?

মই নাৰীগৰাকীৰ হাতখনত ফৰ্মৰ অৱশিষ্ট অংশ গুজি দি পুনৰ কামত মনোনিবেশ কৰিছো৷

আজি ভাত ৰান্ধিবলৈ মন নগল৷ চাৰিআলিৰ চকটোত থকা হোটেলখনত ৰাতিৰ ভাতসাজ খালো৷ লাহে লাহে মই খোজ কাঢ়ি নাতিদূৰত থকা মোৰ কোঠালৈ আগবাঢ়িলো৷

দিনটোৰ কাম অলপ বাকী আছিল৷ পিছে আজি কাম কৰিবলৈ মোৰ একেবাৰেই মন যোৱা নাই৷ দিনত কাউণ্টাৰৰ মুখত ৰৈ থকা সেই নাৰীৰ মোহনীয় কমনীয়তাৰ স্মৃতিয়ে এজাক জোনাকী হৈ মোৰ যেন গালে মুখে ৰঙ সানি দিলে৷

ফৰকাল আকাশৰ চলন্ত জোনবাইটোৰ দৰে তাই সেই নিশাটো মোৰ মন আকাশত ওপঙি থাকিল৷

আৱেশ, সপোনৰ— ভ্ৰমৰংগ

ইতিমধ্যে সেই অতীৱ সুন্দৰী নাৰীৰ দৰ্শন লাভ কৰা দুদিন পাৰ হৈ গৈছে৷ এই দুদিন – দুনিশা মোৰ সময়বোৰে বাৰে বাৰে সাৱটি ধৰিছে তাইৰ মোহময়ী অস্তিত্বক৷

:বৰা, এই ফাইলত যোৱামাহৰ লোণৰ হিচাপখিনি আছে৷ আপুনি এবাৰ ক্ৰছ ভেৰিফিকেচন কৰি লব৷ শৰ্মাই চাইছে এবাৰ৷

বেঙ্ক মেনেজাৰৰ কথাত মই যেন টোপনিৰ পৰা সাৰ পাই উঠিলো৷ আগপিছ নুগুনি মই মাত লগালো,

:হব, ছাৰ৷

মেনেজাৰ বৰুৱা ছাৰে মোক এবাৰ ভালকৈ নিৰীক্ষণ কৰি নিজৰ চেম্বাৰলৈ বুলি আগবাঢ়িল৷

বৰুৱা ছাৰ ডেকা মানুহ৷ তেওঁ আজি আহি আমাৰ শাখাটোত যোগদান কৰিছে৷ মানুহজন বৰ সৰবৰহী বুলি এক সুনাম আছে৷

ফাইলটো মই খুলি চালো৷ কাম কৰিবলৈ মোৰ মন যোৱা নাই৷ কমণীয় মুখৰ গৰাকী তাইৰ লৱণু কোমল হাতখন মোৰ যেন সন্মুখত আহি উপস্থিত হ’ল৷ লোণৰ ফাইলটোত চহীটো মাৰি মই আকৌ তাইৰ কথা ভাবিবলৈ আৰম্ভ কৰিলো৷

একাকী অস্তিত্ব—-

সেই অতীৱ সুন্দৰী নাৰীক মই মোৰ পত্নীৰ স্থানত স্থাপন কৰিলো৷ মোৰ বিধৱা দুখুনী মাতৃৰ সতে নাৰীগৰাকীৰ হাঁহি-খিকিন্দালি কল্পনা কৰি ললো৷

এনে এখন সংসাৰ বিচাৰি মই আজিলৈকে অবিবাহিত হৈ আছো৷ জীৱনৰ প্ৰায় পঞ্চাশটা বসন্তত কুলিৰ মাত মই অকলে শুনিছো৷ তৰাভৰা আকাশখনৰ অপৰূপ দৃশ্য মই অকলে উপভোগ কৰিছো৷ লগৰীয়াৰ সুখী পৰিয়ালৰ দৃশ্যই মোক বিষণ্ণ কৰি তুলিছে৷ সপোনৰ নাৰী এগৰাকীৰ সাকাৰ ৰূপ এটাৰ সঙ্গী হবলৈ মই অহোপুৰুষাৰ্থ কৰিছো৷

এইবাৰ মই কালি কাউণ্টাৰৰ সন্মুখত দেখা নাৰীগৰাকীক মোৰ জীৱন সঙ্গী কৰিবলৈ মনেপ্ৰাণে প্ৰয়াস কৰিছো৷

যোগাযোগৰ ঠিকনা—

মই ডিপজিত ফৰ্মৰ টুকুৰাটো বিচাৰি ললো৷

নোট শ্বৰ্টিং মেচিনটোৰ কাষতেই মই ফৰ্মখনৰ পৰা নম্বৰটো উলিয়ালো৷ এই সাধাৰণ কামটো মই আগতে নকৰা বাবে মোৰ নিজৰ ওপৰতেই খঙ উঠিল৷ মোৰ মবাইলটোত মই নম্বৰটো ’চেভ’ কৰি ললোঁ৷

:হেল্ল, কোনে কলে?

:আপুনি অসীমা শইকীয়া নহয় জানো?

:অ হয়৷ আপুনি কোনে কলে?

:অ মই দেনা-পাওনা বেঙ্কৰ অবিনাশ বৰাই কৈছো৷ এই পৰহি যে টকা অলপ আমাৰ বেঙ্কত থৈছিল, তাত অলপমান সমস্যা হৈছে৷

:কেনেধৰণৰ সমস্যা বাৰু?

:মানে একাউণ্ট নম্বৰটো আপোনাৰ নামৰ সতে মিলা নাই৷ এবাৰ আপুনি আহিব পাৰিব নেকি আজি?

:অ, ঠিক আছে৷ মিলিব লাগিছিল দেখোন৷ কিবা হ’ল! মই আজি যাম নেকি?

মোৰ মনটোত যেন ৰামধেনু এখন উজলি উঠিল৷ যিমান পাৰো মোৰ আনন্দ প্ৰকাশক বাধা দি মই স্বাভাৱিকভাবে কলো,

:হয়, আজি চাৰিমান বজাত আহক৷ অহাৰ আগেয়ে মোক এই নম্বৰটোত ফোন এটা কৰি লব৷

:ঠিক আছে, হব৷ ধন্যবাদ দেই৷

আনুষংগিক—

এইয়া ডিপজিট ফৰ্মখন মোৰ হাতত৷ ফৰ্মখনত থকা একাউণ্ট নম্বৰটোত মই নীলা চিঞাহীৰ পেনটোৰে অলপ ঘহাই দুটামান নম্বৰ সলনি কৰিলো৷ লাহেকৈ ফৰ্মখন মই মোৰ ড্ৰয়াৰত ভৰাই থলো৷

এতিয়া মাথোঁন অন্তহীন অপেক্ষা সেই চকুযোৰলৈ, সেই লৱণু কোমল হাতদুখনলৈ৷

লাহেকৈ ইফালে সিফালে চাই মই মোৰ মবাইলটোত ফেচবুক একাউণ্টটো খুলি ’অসীমা শইকীয়া’ নামটো টাইপ কৰি চালো৷ প্ৰফাইল ফটোত এটি পাৰ চৰাই৷ হয়তো অসীমাই মাত্ৰ এটি পাৰ চৰাইৰ ফটো ’আপল’ড’ কৰি তাইৰ একাকিত্বক সূচাইছে৷ কিবা এক মৃদু আৱেশত মই চকুহাল মুদি দিলো৷ ৷ এহাল পাৰ চৰাই যেন মোৰ নয়নত নিৰ্মীলিত হৈ পৰিল৷

হয়তো এটি হাঁহি মোৰ মুখৰ পৰা টপককৈ সৰি পৰিল৷

অপেক্ষা—-

তিনিমান বজাত মোৰ মবাইলটোত অসীমা শইকীয়াৰ নামটো ভাঁহি উঠিল৷ মোৰ হাতখন যেন অলপ সময়ৰ বাবে কপা যেন অনুভৱ হ’ল৷ ফোনটো ধৰি মই লাহেকৈ মাত লগালো,

:হেল্ল৷

:অ মই অসীমা শইকীয়াই কৈছো৷ মই এই ওলাইছো আৰু দেই৷

:হয়, হয়৷ আহক৷ মই বেঙ্কতেই আছো৷

এইয়া যেন এক অনন্ত সময়৷ নাযায়, নুপুৱাই৷ সুন্দৰী নাৰীৰ সান্নিধ্যৰ বাবে এইয়া মোৰ অন্তহীন প্ৰতিক্ষা৷

অন্তহীন—

মই হাতৰ ঘড়ীটোলৈ চালো৷ চাৰি বাজি গৈছে৷ এতিয়ালৈ অসীমাৰ আৱিৰ্ভাৱ হোৱা নাই৷ মই উদ্বিগ্ন হৈ পৰিছো৷ আকৌ এবাৰ ফোন কৰিবলৈ মবাইলটোৰ বুটাম হাতখনেৰে চুইছো৷ আকৌ নিজকে বাৰণ কৰিছো৷ অসীমাই বেছিকৈ ফোন কৰিলে বেয়া পাব পাৰে বুলি ফোন কৰাৰ পৰা নিজকে বাৰণ কৰিছো৷ নাই, অসীমাৰ দেখাদেখি নাই৷

সাক্ষাৎ—

:বৰা ছাৰ, বৰুৱা ছাৰে আপোনাক মাতিছে৷

আমাৰ বেঙ্কৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ঘনকান্তৰ মাতত মই সম্বিত ঘূৰাই পালো৷ ছেঃ, তেওঁৱো এতিয়াহে মাতিব পাৰিলে৷

লাহে লাহে মই বৰুৱা ছাৰৰ চেম্বাৰত প্ৰবেশ কৰিলো৷

:অ, বৰা বহক৷ আচ্ছা এখেতৰ ডিপজিত ফৰ্মখনত কিবা বোলে সমস্যা হৈছে?- বৰুৱা ছাৰে তেওঁৰ সন্মুখত থকা বয়সীয়াল মহিলাগৰাকীক আঙুলিয়াই মোক কলে৷

মই কথাটো ঠিক ধৰিব নোৱাৰি বৰুৱা ছাৰৰ মুখলৈ ভেবা লাগি চাই থাকিলো৷

:অ, এইয়া মোৰ পেহী অসীমা শইকীয়া৷ মই ইয়াত জইন কৰাৰ এদিন আগতে পেহীৰ ছোৱালীয়ে এওৰ একাউণ্টত টকা অলপ ভৰাই থৈ গৈছে৷ আপুনি পেহীক ফোন কৰা বুলি কলে৷

:অ, মানে ছাৰ, মানে ছাৰ একাউণ্ট নম্বৰটো ছাৰ৷ মানে তাতেই অলপ লিখাত ভুল হৈছিল৷

মই ভদ্ৰমহিলালৈ ঘূৰি চাই সুধিলো,

:মানে সেইদিনা আপুনি অহা নাছিল নেকি?

:নাই, মোৰ ছোৱালী আহিছিল৷ তাই আকৌ নাই এতিয়া৷ অৱশ্যে কিবা সমস্যা হব পাৰে বুলি ফৰ্মখনত মোৰ নামটো লিখিবলৈ মই তাইক কৈছিলো৷ তাই বম্বেত মাছ কম কৰি আছে৷ কওকচোন বাৰু কি ভুল হ’ল? ছেঃ, তায়ো কালি বোম্বে গলগৈ নহয়! নে মই আপোনাৰ লগত আপোনাৰ কাউণ্টাৰলৈ যাও?

:নালাগে পেহী, তুমি বহা৷ বৰা, ফৰ্মখন আনকচোন৷

:হয় ছাৰ৷ ছাৰ মই লৈ আনিছো ৰব৷

কথাটো কৈ মই মোৰ কাইণ্টাৰলৈ ঘূৰিলো৷ মোৰ সপোনৰ পাৰ চৰাই পেখন ধৰি তেতিয়ালৈ অন্তৰ্ধান হৈছিল৷ মোৰ হাতখন কপি আছিল৷ ছেঃ, কি ডাঙৰ ভুল কৰিলো মই? যদি বৰুৱা ছাৰে কথাটো ধৰিব পাৰে? যদিহে অসীমা শইকীয়াৰ আগত মোৰ গোমৰ ফাক ফাদিল হৈ পৰে?

মই মোৰ বাবে সংৰক্ষিত সৰু কাউণ্টাৰটোত আহি উপস্থিত হ’লো৷ ডিপজিত ফৰ্মখন মই হাতত ল’লো৷

কিবা এক অজান আশংকাত মোৰ বুকুখন কপি উঠিল৷ বৰুৱা ছাৰৰ আগত যদি মোৰ কৌশলটো ফাদিল হৈ পৰে? যদি অসীমা শইকীয়াই মোৰ কাৰচাজিটো ধৰিব পাৰে?

বম্বেত অধ্যয়নৰত অসীমা শইকীয়াৰ জীয়ৰীৰ প্ৰতি মোৰ প্ৰচণ্ড খঙ উঠিল৷

লাহে লাহে মই এচি ৰুমটোত জ্বৰে ঘমাদি ঘামিবলৈ আৰম্ভ কৰিলো৷

☆ ★ ☆ ★ ☆

9 Comments

  • ৰিণ্টু

    ভাল লাগিল অভিজিত

    Reply
  • Anonymous

    ভাল লাগিল পঢ়ি।

    Reply
  • Moon Moon Sarkar Saikia

    ভাল লাগিল পঢ়ি।

    Reply
  • Manash Saikia

    ভাল লাগিল৷

    Reply
  • mridula

    ভাল লাগিল

    Reply
  • HEMANTA KAKATI

    হাঃ হাঃ ভাল লাগিল অভিজিত৷ টেকনিকটো মজা আছিল পিচে, কাম নিদিলে৷ কথাতে কয় নহয়, বোলে ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি৷

    Reply
  • Jayashree Sharma

    ভাল লাগিল পঢ়ি

    Reply
  • ৰূপাঙ্কৰ চৌধুৰী

    সুন্দৰ গল্প অভিজিত দা!

    Reply
  • সুকুমাৰ গোস্বামী

    মহা মস্কিল ???

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *