ফটাঢোল

ৰিভাইটেল – মণিষা কাকতি

-ইছ ভাগ দৌড় ভৰী লাইফ মে থকনা মনা হেঁ৷ খানে কে চাথ চাহিয়ে কুচ্ছ্ এক্সট্ৰা৷ ইচিলিয়ে মেৰা ভৰৌছা – ৰিভাইটেল৷ জিয়ৌ জী ভৰকে৷

আগতে য়ুৱৰাজ সিং ওলোৱা এই এডটো টিভিত দেখিলেই কথাটো মনলৈ আহিছিল৷ এনেয়ো য়ুবি ফে’ভাৰেট প্লেয়াৰ৷ ছয়টা বলত ছয়টা ছিক্স মাৰি হৃদয় জিনি থৈছেই৷ সেয়ে এডটো দেখি মনত আশাৰ সঞ্চাৰ হৈছিল৷ ময়ো ৰিভাইটেল ব্যৱহাৰ কৰিবলৈ লওঁ নেকি? ইমান ভাগৰ, ইমান অৱসাদ৷ দিনটো হামিয়াই হেঁকটিয়াই থাকোঁতেই পাৰ হয় দেখোন৷ ৰিভাইটেল ব্যৱহাৰ কৰি একদম স্ফূৰ্ত্তিলা, জৌশ্বিলা হৈ পৰিলে কেনে আনন্দ লাগিব! ঠাকা-হাৰা লাইফটো জি ভৰকে জীয়াব পাৰিম তেতিয়া৷ লেকেচিয়াই লেকেচিয়াই চলি থকা জীৱনটো দৌৰিবলৈ আৰম্ভ কৰিলে জীয়াই থকাৰ মজাই সুকীয়া হৈ পৰিব৷

লাইফটো লাহে লাহে জটিল হৈ গৈ আছে৷ পঢ়া-শুনাৰ চিন্তা, চাকৰিৰ চিন্তা, প্ৰেম, বিবাহ এইবোৰতো আছেই.. ঢোলৰ লগত টেমেকা৷ তাতে আকৌ চৰকাৰৰ নিত্য নতুন নিয়ম — জিএছটি, বিমুদ্ৰাকৰণ, মিনিমাম বেলেঞ্চ, আধাৰ ইত্যাদি ভূতৰ ওপৰত দানহ পৰা দি পৰে৷ পৰুৱাৰ লানিৰ নিচিনাকৈ এটাৰ পিছত এটা টেনছন ওলায়েই থাকে৷ ডিঙিৰ ওপৰত লাগি থকা মূৰটোত মগজু বুলি যিকণ আছে, সেইকণে লোড ল’ব নোৱাৰা হৈ পৰিব যেন লাগে মাজে মাজে৷ ইমান গধুৰ গধুৰ চিন্তাৰ বোজাবোৰ দাঙিবলৈ নিজকে ফিট্ ৰাখিব পাৰিব লাগিব৷ আৰু তাৰ বাবে ৰিভাইটেলেই উপযুক্ত সাৰথি হ’ব বুলি একপ্ৰকাৰ ঠিক কৰি পেলাওঁতেই যুৱৰাজ সিঙৰ দুখলগা খবৰটো শুনিলোঁ৷ মন ভাগি পৰিল৷ ভগৱানৰ পিছত ৰিভাইটেলকে ইয়াৰ বাবে জগৰীয়া বুলি ধৰি ল’লোঁ৷ বাদ পৰিল মোৰ ৰিভাইটেল পৰিকল্পনা৷

মনটো উচপিচাই থাকিল৷ দৈনন্দিন ব্যস্ততাবোৰৰপৰা লাইফটোক কিছু পৰিমাণে সকাহ দিবলৈ চেষ্টা কৰাটোতো একো বেয়া কাম নহয়৷ কিন্তু কৰোঁ কি? আজৰি সময়খিনিত কৰোঁ কি? ফুৰা-চকা, পঢ়া-শুনা, গান-শুনা? ফুৰা-চকা বাৰু হৈয়ে থাকে৷ ফে’চবুকত আপডেট দিয়াৰ স্বাৰ্থত, ডিপি সলোৱাৰ প্ৰয়োজনত, নিজকে সুখী বুলি আনৰ চকুত পতিয়ন নিয়াৰ গৰজত সেইটো হৈয়েই থাকে৷ গানো শুনিয়েই থাকোঁ৷ অৱশ্যে ’শুনি থাকোঁ’ বোলাতকৈ ’শুনায়েই থাকে’ বুলিলে বেছি খাপ খায় দিয়কচোন৷ অসমত হাতে ঢুকি পোৱাতে এতিয়া সেইটোৱেই আছেগৈ৷ টিভিৰ চেনেলকেইটাক বাদ দিলেও গণেশ পূজা, সৰস্বতী পূজা, শিৱৰাত্ৰি, দুৰ্গা পূজা, লক্ষ্মী পূজা, ৰঙালী-কঙালী-ভোগালী বিহু, দেৱালী, ৰাস — সকলোতে দেখোন মাইক আৰু মাইকত অহৰহ গান.. ধিন চিক্ ধিন চিক্৷ আৰু আমাৰ অতিকে আপোন ’বনভোজ উৎসৱ’? সাজু হ’বলৈ হ’লেই৷ দিন সমাগত৷ বাকী থাকিল পঢ়া-শুনা! না বাবা না৷ গ্ৰন্থমেলাত আনক দেখুৱাই চখতে কিতাপ কিনিব পাৰি৷ কিন্তু পঢ়িব নোৱাৰি দেই৷ কিতাপ মেলি লৈ মগজুটো খটুৱাব নোৱাৰোঁ নহয়৷ একেই কথা হ’বচোন৷ বোজা পাতলাবলৈ গৈ আকৌ নতুন বোজা জাপি লোৱা৷ মোক কিবা বে-লেগ যতন লাগে৷ খানে কে বাদ এক্সট্ৰা৷ ঠিক ৰিভাইটেলৰ দৰে৷ কিবা তৰল.. ধেৎ পানীয়ৰ কথা কোৱা নাইহে৷ সেইবোৰ অপকাৰী বস্তু৷ ফূৰ্ত্তি কৰিবলৈ কিবা পাতল, লঘু ধৰণৰ আহিলা লাগে৷ মগজু নখটোৱাকৈ ফুৰ্তি কৰাৰ কিবা যোগাৰ৷ ছামথিং এক্সট্ৰা৷

ভগৱানে মোৰ শুনিলে৷ ফেচবুকক ইমানদিনে নতুন নতুন মানুহ লগ পোৱাৰ, ফটো দিয়াৰ মাধ্যম বুলিয়েই ভাবি আছিলোঁ৷ ভুল ভাবি আছিলোঁ৷ ফেচবুক ইজ ম’ৰ দেন দেট৷ হকে-বিহকে নিজৰ ফটোবোৰ দি, ভিডিঅ’ আপলোড কৰি, লাইক-কমেণ্ট গোটাই থাকিলেই ফেচবুক কৰা নুবুজায়৷ ব্যস্ততাভৰা দিনবোৰক ৰং-ধেমালিৰে সজাই তুলিবলৈ ইয়াত ঢেৰ উপায় আছে৷ নিউজ ফীড, গ্ৰুপ, পেজ, মেছেঞ্জাৰ, স্ক্ৰীণশ্বট হৈছে মেইন৷ আৰু সেইবোৰক লৈ গঢ়ি উঠিছে ৰিয়েক্টিং, কমেণ্টিং, শ্বেয়াৰিং, ইনবক্স চ্যাটিং ইত্যাদি৷ সকলোতকৈ ইণ্টাৰেষ্টিং হৈছে বিতৰ্ক৷ ফেচবুকত এই ভাগিৰ মহিমা অনাদি-অনন্ত৷ বিতৰ্কই আপোনাৰ এলাহ থাউকতে নোহোৱা কৰি আপোনাক কৰি তোলে এজন ধৈৰ্যশীল ব্যক্তি৷ ই হামি হেঁকটিক ভিতৰলৈ সুমুৱাই আপোনাৰ ভিতৰত শুই থকা তৰ্ক বিশাৰদজনক জগাই একেকোবে বাহিৰলৈ উলিয়াই অনাৰ ক্ষমতা ৰাখে৷ তাকো টিলিকতে৷ আই এম লাভিং ইট৷

তদুপৰি, গ্ৰুপবোৰত জইন কৰাৰেপৰা মোৰ আজৰি সময়বোৰ গুল-এ-গুলজাৰ হৈ পৰিছে৷ ফুলকবিৰ ফটো এখন দি এদিন এটা গ্ৰুপত সুধিলোঁ, “ফেৰেএএনছ্, এইটো কি বস্তু?” বিশ্বাস কৰক, এক ঘণ্টাত ওৱান কে লাইকছ্৷ ৰাস্তাই-ঘাটে চিনাকি মানুহক দেখিলেও উপযাচি মাতষাৰ নিদিয়া মইজনী লগে লগে ‘কনভাৰ্ছেছন ষ্টাৰ্টাৰ’ নে কিবা হৈ গ’লো৷ বাক্য এটা ভালদৰে সজাব নোৱাৰিলেও জাকাৰবাৰ্গে সন্মানিত কৰিলে এজ ’ষ্ট’ৰীটেলাৰ’৷ ৱাহ্৷ এয়াহে অচলি লাইফ৷

এতিয়া, ফেচবুকেই মোৰ ৰিভাইটেল৷ ইয়াক ব্যৱহাৰ কৰিয়েই ধৈৰ্য, সহনশীলতা, সতেজতা সকলো আহৰণ কৰিব পাৰিছোঁ৷ তাকো একদম ফ্ৰী অব্ ক’ষ্ট্৷ যি হয়তো ৰিভাইটেলেও দিবলৈ সক্ষম নহ’লহেঁতেন৷ ৰাতি দুই বজাতো বিতৰ্কত ভাগ লবলৈ পিচহুহুকি নাযাওঁ৷ এয়াহে অচলি জৌশ্ব৷

আজিকালি মই ভীষণ সুখী৷ ৰিস্কাত, বাছত, বাথৰুমত, কিটচেনত, বিছনাত — সকলো ঠাইতে, সকলো সময়তে হাঁহিয়েই থাকোঁ৷ মুঠতে হাঁহি মেইন, ধেমালি মেইন৷ অৱশ্যে, ধেমালিৰ চলেৰে ধেমালিয়েই যে কৰিব লাগিব তেনে ধৰাবন্ধা নিয়ম নাই৷ আপুনি ইয়াত ধেমালিৰ চলেৰে ঠাট্টা, মস্কৰা, বিদ্ৰূপ, তাচ্ছিল্য সৱ কৰিব পাৰে৷ আখিৰ ধেমালিহে কৰিছে! কোনোবাই যদি ধেমালি নুবুজে নাই৷ সেইটো লৈয়ো ধেমালি কৰি দিয়ক৷ কাৰোবাৰ গাৰ ৰঙক লৈ ধেমালি, কাৰোবাৰ ওজনক লৈ, কাৰোবাৰ উচ্চতাক লৈ, পিন্ধণ-উৰণ, খোৱা-বোৱা, ব্যক্তিগত কথা ইত্যাদি বাৰেভচহু টপিক লৈ ধেমালি কৰি থাকিলেহে মনবোৰ ভালে থাকে৷ এক কথাত ধেমালি জাৰী থাকিব লাগে৷ নিউজ চেনেল, গায়ক, অভিনেত্ৰী, নেতা — এওঁলোকৰ পেজবোৰতটো পিৰা পাৰি, নিজৰ ফাইল গোটাই বহি লওঁ৷ তাৰপিছত, মনোৰঞ্জনেই মনোৰঞ্জন৷

শেষত, য়ুৱৰাজৰ সুৰত সুৰ মিলাই ময়ো কওঁ,

-ইছ ভাগ দৌড় ভৰী লাইফ মে থকনা মনা হেঁ৷ খানে কে চাথ চাহিয়ে কুচ্ছ্ এক্সট্ৰা৷ ইচিলিয়ে মেৰা ভৰৌছা – ফে’চবুক৷ জিয়ৌ জী ভৰকে৷”

☆ ★ ☆ ★ ☆

2 Comments

  • HEMANTA KAKATI

    বিচাৰি আছিলো তোমাৰ লেখাটো৷ এজ ইউজুৱেল ফালি দিছা৷

    ঝাকাছ!

    Reply
  • প্ৰসেনজিৎ গোস্বামী

    মোৰ ফালৰ পৰা তিনিখন তামোল বাকি থাকিল দেই। যেতিয়াই লগ পাম দি দিম।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *