ফটাঢোল

আপদীয়া পদ্য – জ্ঞান বৰদলৈ 

তোমাৰ কাজল সনা দুচকুত মই দেখা পাওঁ

কেৰমনৰ দোকানৰ বাকীৰ খাটা

তোমাৰ কঁকালৰ ভাঁজত দেখা পাওঁ

দেউতাৰাৰ শকত দৰমহা৷

তোমাৰ ৰূপৰ সুগন্ধিত ভাঁহি থাকে

ফেচবুক হোৱাটছ এপৰ বতৰা৷

     ( ২)

তোমাৰ বাবে মই আইফেল টাৱাৰ

পকেটত ভৰাই আনিব পাৰো

কম্বোডিয়া পাৰ হৈ ইংলিছ চেনেল

ডেই যাব পাৰো

লালকিল্লা যদি নালাগে ভাল

হোৱাইট হাউছত ৰাখিম তোমাক৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *