ফটাঢোল

পিকনিক : জিতা ফুকন

পষ্টমৰ্টেম, তেজপুৰ পিকনিক (2018 )

যোৱা 2018 চনৰ 25 ডিচেম্বৰৰ দিনা তেজপুৰত ফটাঢোলৰ পিকনিক হৈছিল৷ মোৰো যোগদানৰ সুযোগ মিলিছিল৷ কথাবোৰ মনত পৰি থাকে৷ সেয়ে লিখিলোঁ পিকনিকৰ কেইটামান ডুখৰীয়া খবৰ৷

পিকনিকলৈ যাম বুলি গিৰিহঁতক ক’লোঁ, বোলো পুৱা চাৰি বজাত মোক উঠাই দিবা৷ ৩:১৫তে দিলে নহয় উঠাই ক’লে ৪:১৫ হ’ল উঠা৷ এজনক আগদিনাই ক’লোঁ মোক ৪:১৫ ত শিৱসাগৰত থৈ আহিবলৈ তাতে পিকনিকৰ গাড়ী ধৰিব লাগিব৷ সেইজন আহোঁঁতেই 5 বাজিল৷ গৈ শিৱসাগৰ পালোঁগৈ৷ ASTC ত ৰৈ থাকিম বুলি কোৱাকেইজনৰ দেখাদেখি নাই৷ ফোন কৰিলোঁ, ক’লে বৰপুখুৰীৰ পাৰত ফটো তুলি আছেগৈ৷ পলম হ’লেও লগ লাগিলোঁ সহযাত্ৰীসকলৰ লগত৷ যাত্ৰা আৰম্ভ কৰি ঠেং ঠুং পোনাই আৰামত বহি লৈছোঁহে পাইলটে টেপেককৈ মাত দিলে, বাইদেউ এইখন গাড়ী নাযায় নহয়৷ গৌৰীসাগৰৰ পৰা বেলেগ গাড়ী যাব৷ মুঠতে পুৱাই তিনিখন গাড়ী বগাই তেজপুৰ পালোঁগৈ৷

আমাৰ গাড়ীখন দিনটো সেমেকিয়েই থাকিল বুজিছে৷ কাৰণ লগত ফটোগ্ৰাফাৰ নিয়ৰ গৈছিল৷ গৈ গৈ কলীয়াভোমোৰা দলং পালোঁগৈ৷ পিকনিকৰ স্থান বিচাৰিবলৈ সুবিধা হোৱাকে বেনাৰ এখন আঁৰি থোৱা আছিল৷ কিন্তু আমাৰ আগে আগে যোৱা ডা° পাৰ্থসাৰথিৰ গাড়ীয়ে সেইখন উৰুৱাই থৈ গ’ল৷ ঢোল শব্দটো অকনমানকৈ দেখি সেইফালেই গাড়ীয়ে বাট ল’লে৷ গৈ গৈ গাড়ীখন ৰখাই মৰুভূমিৰ দৰে বালিৰ মাজেৰে খোজ ল’লোঁঁ৷ কৰবাত উট এটা পাওঁ বুলি ইফালে সিফালে চালোঁ, পিছে নাই৷ এখন ভৰি আগলৈ দিলে সিখন এফুটমান বালিত পোত যায়৷ এইদৰে গৈ গৈ জেগা পালোঁগৈ৷ পেণ্ডেল এটা দেখি মনটো ভাল লাগিল৷ কোনোবাই আদৰি নিব বুলি ভাবিছিলোঁ কিন্তু তেজপুৰীয়া কোনো নাছিল৷ বহিবলৈ চকী এখনো নাই৷ টেবুল দুখনমান বালিতে চিতভলঙা খায় পৰি আছে৷ ভিতৰৰফালে মঞ্চ এখন দেখি আগবাঢ়ি গ’লোঁ৷ ভয়ে ভয়ে বহি চালোঁঁ৷ কি ঠিক মোৰ ভৰ সহিব পাৰে বা নোৱাৰে৷ তাৰপিছত ঘুটুং ঘাটাং শব্দ শুনি ৰান্ধনিঘৰৰ ফালে ভুমুকি মাৰিলোঁঁ৷ ৰান্ধনিকেইজনক ব্যস্ত দেখি অলপ সকাহ পালোঁঁ৷ সেইপৰলৈকে আয়োজকসমিতিক দেখা নাপায় মনটো কেনেবা কেনেবা লাগিছিল বুজিছে৷ তাতে ৰান্ধনিকেইজনৰ যি হে চাৱনি ….. হুহ, আমি দিলেহে খাবলৈ পাবি ধৰণৰ৷ অলপ সময়ৰ পিছত ষ্টাইলিচ টুপী, চানগ্লাচ লগাই বালিৰ মাজেৰে ডাঙৰ বেণ্ডপাৰ্টী এটা লৈ হেকাদাৰ প্ৰৱেশ ঘটিল৷ লাহে লাহে এক দুইকৈ সকলো আহিল৷ পৰিৱেশটো ভাল লগা হৈ উঠিল৷

ফটোচেচন…… আমাৰ গাড়ীতে ফটোগ্ৰাফাৰ নিয়ৰ গৈছিল৷ হ’ল বুলিনো আৰু য’তে ত’তে ফটো উঠিব লাগেনে? আলিৰ দাতিত গাড়ী ৰখাই হেৰি কৰোঁতেও ফটো বুজিছে৷ বালিত শুই, বহি, বাগৰি, চুচৰি ফটোৱেই ফটো৷ তাৰপিছত ডেকা বুঢ়া, গাভৰু, মহিলা কোনো বাদ নপৰিল৷

মহিলাৰ প্ৰসাধন কক্ষ এটা দেখি প্ৰৱেশ কৰিছিলোঁঁ৷ আই ঔ, যিহে ধুনীয়া ধুনীয়া বটল কেইটামান পৰি থকা দেখিলোঁ লাহেকৈ ওলায় আহিলোঁ পায়৷ নহলে ৰাইজে গোটেই কেইটা মই অকলেই মাৰিলো বুলি ভাবিব নহয়৷ এজনক দেখিলোঁ চকী এখনতে ঢেলখায় পৰি আছে৷ ফুৰ্তিপানী বেছিকৈ খালে চাগে৷ নহ’লে এচকৰ্ট হ’বও পাৰে৷ মানুহখিনিৰ কিবা বিপদ হ’ব পাৰে বুলি চাগে ৰখি আছিল৷ পিছত গম পালোঁ ঘৰলৈ সেইদিনা নগলেই বোলে সেইজন৷

আয়োজক সমিতিয়ে ৰাইজৰ সুবিধাৰ্থে সৰুপানী চুবলৈ ঘৰ এটি সাজি দিছিল৷ পিচে ডাঙৰবিধৰ বাবে ব্যৱস্থা নকৰাত দুজনমান যোৰহটীয়াৰ বোলে বৰ বিলৈ হ’ল৷ বিশেষসুত্ৰে গম পোৱা মতে তেওঁলোকৰ বোলে হাঁহে মাহে দগৰি খোৱাৰ ফলত পেটক চম্ভালিব নোৱাৰা হ’ল৷ ৰাষ্টা ভাল আছিল বুলিহে৷ নহ’লে ঠেকেচনিত কি ৰূপ ল’লেহেঁতেন ঠিক নাই৷ যেনে তেনে আহি জখলাবন্ধা কাজিৰঙাৰ মাজত পথৰ কাষত গাড়ী ৰখাই জাৰণিৰ মাজত কামফেৰা কৰিহে তেওঁলোকে ৰক্ষা পাইছিল৷ ইফালে আমাৰ সম্পাদক দেৱজিত শৰ্মাই পানী যোগান ফটাকানি যোগান ধৰি তত হেৰাই গৈছিল বোলে৷ তেলডিপু এটা বিচাৰি ল’বলৈও ধৈয্য নহ’ল ঔ বেটাহঁতৰ৷ পইচা উচুল কৰি খালে৷ এইবাৰ বোলে পলিথিন লৈ যাব৷ এতিয়া পলিথিন বন্ধ যদিও আগৰপৰাই গোটাই ৰাখিছে৷ কৃষ্ণ!আয়োজক সমিতিৰ দুজনে আকৌ বিয়াঘৰৰ দৰেই দিনটোত চাৰিবাৰমান কাপোৰ সলালে৷ লোকেল যে, টিপিককৈ ঘৰৰ পৰা কাপোৰ সাজ বদলাই আহেগৈ৷ এজনে আকৌ গীতৰ তালে তালে নৃত্য কৰিহে খাদ্য বিলালে৷

বাৰু যিয়েই নহওক, সকলোকে লগ পায় খুউব ভাল লাগিল৷ আয়োজকসকলে বালিৰ মাজতো ইমান কষ্ট কৰি সুন্দৰ অনুষ্ঠান এটা আমাক উপহাৰ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ খাদ্যসম্ভাৰো শলাগীবলগীয়া৷ নহ’লে যোৰহটীয়াৰ বিলৈ হয়নে? শেষত বেলি ডুবো ডুবো পৰত এটা পৰিতৃপ্ত মন লৈ সকলো ঘৰমুৱা হ’লোঁঁ৷ মই ওভতনি যাত্ৰাত এটা পুৰণি জনপ্ৰিয় গীত গুণগুণালোঁ,

কাজললতা তোমাৰে নাম …..

কাৰণ মই পিকনিকত দুডাল কাজল উপহাৰ পালোঁঁ৷

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *