ফটাঢোল

এদিন হঠাৎ – লোনা বৰা

সি ভালকৈ চালে আইনাখনত৷ তাৰ আঁঠুলৈকে পৰা দীঘল চুলি কোচা৷ ৰাতিপুৱাই চেম্পো কৰি, দিনটো ফণী লগাবলৈ সময় পোৱা নাই৷ গোটেইবোৰ ঘৰত থকা দিনা তাৰ কাম বেছিহে ওলাই৷ আজৰি হওঁতেই আবেলি হয়৷ এতিয়াহে জট সোপা ভাঙি, খোপাটো বান্ধিবলৈ লৈছে৷

: ইছ ৰাম, গুৰিতে কাটিহে দিবলৈ মন যায় এনে সময়খিনিত৷ কম সময় লাগে নে এইখিনি চিজিল লগাবলৈ!

এনেতে বাহিৰৰ পৰা মাতষাৰ শুনা গ’ল,

: তোমাৰ হৈছে গৈ নে সাজু হৈ?

: উফ, কৰবালৈ যোৱাৰ আগত সদায় একে প্ৰশ্ন,

“হৈছে, হৈছে…?”

হুঃ, চিঞৰিলেই হ’ল নি, কত ঝামেলা মাৰি মই ওলাব লাগে৷ ল’ৰা, ছোৱালী হালে বাহিৰত পেট ভৰাই নাখাই, সদায় আহি আকৌ ঘৰত অলপ খায়৷ গতিকে তাৰ ব্যৱস্থাও কৰি যাব লাগে৷ পাকঘৰৰ পৰা ওলাই ল’ৰা, ছোৱালীহালক সজাই-পৰাই সাজু কৰিলোঁ, তাৰপিছতহে নিজে৷ তেওঁতো খাৰা, খাৰা পিন্ধিব পৰা চুঙা সোপা গাত সুমুৱালে আৰু হৈ গ’ল৷ চুলিৰ নামত আঙুলিৰ টিপাটো নহা সেই কেইডাল৷ না ফণিয়াব লাগে, না আইনা চাব লাগে৷ তাৰ বাদে আৰু কি ডাল কৰিলে! চিঞৰিলেই হ’ল নে..!

কথাখিনি ভাবি ভাবিয়ে সি খোপাও বান্ধিলে আৰু পাতলীয়া কৈ লিপষ্টিক আৰু কাজল অকমানো সানি ল’লে৷

বিছনাতে পিন্ধিবলৈ বুলি থোৱা শাৰীখন তুলি ল’লে সি৷ পেটিকোটৰ এটা চাইদে, শাৰীখনৰ খোচনিটো দি লাহেকৈ শাৰীখনেৰে পাক এটা দি, কোচ দিবৰ বাবে অলপ এৰি, আকৌ এটা পাক দি বাওঁ কান্ধৰ ওপৰত আচলখন পেলাই দিলে৷ তাৰপিছত লাহেকৈ শাৰীৰ এৰি দিয়া অংশৰে মিলাই কোচখিনি দিবলৈ লৈ দেখিলে পাক লাগি আছে৷

: ধেই বেং, ….. দেৰি হ’লেহে এইবোৰ হয়৷

পাকটো খুলি আকৌ এবাৰ মেৰিয়ালে৷ এইবাৰ ভালকৈ খোচনিটো লৈ ল’লে আৰু চেফটি পিনটো মাৰি লৈ আইনাখনত নিজকে এবাৰ চালে৷ উফ, ঘাম বাহিৰ হৈ গ’ল৷ বাহিৰৰ ডালে চিঞৰি নথকা হ’লে এনে নহয়৷

: হেৰা আৰু কিমান দেৰি হে?

:  হ’ল, গৈ আছোঁ৷

অলপ পাউদাৰ সানি ল’ব পৰা হ’লে! চেহ, থাওক৷ সেইপাতে চিঞৰি মৰিছে৷ কিমান দিনৰ মূৰত একেলগে আটাইকেইটা ওলাই যাওঁ, অলপ ভাল দৰে সাজি কাচি হাঁহি মুখে ওলাই যাবলৈ পালে ভাল লাগে, নাই নুবুজে৷ যেন এৰাব নোৱাৰিহে দায়িত্ব এটা পালন কৰিবলৈ লৈছে৷ হুহ্‌!

দৌৰি গৈ চেন্দেলযোৰ ভৰিত লগাই গাড়ীত ড্ৰাইভাৰৰ চিটৰ কাষৰ চিটটোত বহি ল’লোঁগৈ৷

: বলা৷

: হে ভগবান, তুমি ইমান দেৰি সাজোন কাচোন কৰিও দাঢ়িখিনি কাটি ল’ব নোৱাৰিলা?

গাড়ীৰ আইনাখনত চাইহে দেখে, অলপ আগলৈকে নিমজ হৈ থকা তাৰ মুখখন দাঢ়িৰে ভুবুকাৰ হ’ল৷ এতিয়া সেইখিনি চাফা কৰিবলৈও সময় নাই৷ পিছফালে বহি থকা ল’ৰা, ছোৱালীহালেও মুখ ওন্দোলাই আনিছে৷ কাষৰ চিটত বহি থকা গৰাকীৰ মুখৰ শব্দবোৰো তীব্ৰ আৰু কঠোৰ হৈ পৰিছে৷

উফ, আৰু নোৱাৰি, নোৱাৰি৷

: হেৰি উঠক হে, এই বেলি দুপৰতো সপোন দেখি কোন পতেশ্বৰিক সপোনত শাৰী দি আছে৷ কোঁ, কোৱাই আছে যে এক্কেবাৰে৷ বন্ধ দিন হ’ল বুলি দেৰিকৈ উঠিব, কথা হল নেকি?

খক মক কৈ সাৰ পাই উঠিল মানুহজন৷ বুকুৰ ধপ ধপনি নিজেই শুনি পাইছে৷ নিজলৈ চালে, পায়জামা আৰু গেঞ্জী পিন্ধিয়ে আছে৷ মুখখন চুই চালে৷ নাই দাঢ়ি নাই, আগদিনা কাটিছিল, চাফা হৈয়ে আছে৷ উঠি গৈ আইনাখন চালে, নাই লিপষ্টিক, কাজল, একোৰে চিন নাই৷

: উহ ৰক্ষা, সপোন হে….

থিয় হৈ তেওঁৰ মতি গতি চাই থকা ঘৈণীয়েকলৈ চাই লাহেকৈ ক’লে

: আবেলি ইহঁতকেইটাক লৈ অলপ ওলাই যাম, ওলাবা সুস্থিৰে৷

☆ ★ ☆ ★ ☆

4 Comments

  • ৰিণ্টু

    সাংঘাতিক দেখোন

    বঢ়িয়া লাগিল

    Reply
  • HEMANTA KAKATI

    এইটো কি আছিল ৰে? মহিলা হোৱাৰ সপোণ নেকি?

    হাঃ হাঃ ভাল লাগিল৷

    Reply
  • Utpala bhuyan

    শাৰী খন সি পিন্ধোতে পাক লাগিল, কিমান যে হয় তেনেকুৱা ,লৰা লৰি ত।ভাল লাগিল পঢ়ি।

    Reply
  • কাবেৰী মহন্ত

    মজা লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *