সম্পাদকীয়–ৰূপাংকৰ চৌধুৰী
গ্ৰন্থৰ সুবাস, চ’ছিয়েল মিডিয়া আৰু আমি
প্ৰতিটো লেখাৰ মাজত সোমাই থাকে লেখক/লেখিকাৰ নিজস্ব অধ্যয়ন, অধ্যৱসায়, সামাজিক অন্বেষণ আৰু নিজস্ব উপস্থাপন শৈলী৷ অধ্যয়ন-পিপাসু ব্যক্তিৰ লেখাত এক বিশেষ মাত্ৰা দিয়ে তেওঁলোকে অধ্যয়ন কৰি আৰ্জন কৰা অভিজ্ঞতাৰ ভাণ্ডাৰে আৰু তেওঁলোকৰ একাণপতীয়াভাৱে লাগি থকা মানসিকতাই৷ তদুপৰি অতি গুৰুত্বপূৰ্ণভাৱে, লিখকজনৰ সমল বুলিবলৈ তেখেতৰ চৌদিশৰ সমাজ আৰু সামাজিক বাতাবৰণৰ এক বিশেষ অৰিহণা থাকে৷
চৌদিশৰ সমাজখনক বুজিবলৈ ব্যক্তিজন সামাজিকভাৱে দায়বদ্ধ হোৱাৰ লগতেই প্ৰয়োজন হয় তেখেতৰ চৌদিশৰ সমাজ ব্যৱস্থাৰ প্ৰতি এক কৌতূহলী মনোভাৱ৷ সেই কৌতূহলী মনোভাৱ লিখকজনৰ মাজত সৃষ্টি কৰাত গ্ৰন্থৰ এক নিৰ্ণায়ক ভুমিকা থাকে৷
‘বগা কাগজত ক’লা আখৰ’ৰ মাজত যিয়ে এক সুবাসিত মাদকতা বিচাৰি পাই তেওঁলোকেহে গ্ৰন্থৰ বিশালতাত সুমুৱাই এক বিচিত্ৰতাৰে ভৰা পৃথিৱীৰ লগত চিনা-পৰিচয় হ’বলৈ সক্ষম হয়৷ অন্যথা যিমানেই বৃথা চেষ্টা নকৰক কিয় পাঠকৰ হৃদয় জিনিব পৰা অনুপম সৃষ্টি তেওঁলোকে সুধী সমাজক উপহাৰ কোনোপধ্যে দিব নোৱাৰে৷
মুঠতে, যি সকল ব্যক্তিয়ে শব্দৰ খেলাৰে পাঠকসমাজৰ ওচৰ চাপিব বিচাৰে তেওঁলোক অধ্যয়নপুষ্ট হোৱাটো বাঞ্ছনীয়৷ তেওঁলোকক সেই পুষ্টি যোগান ধৰিব পাৰে একমাত্ৰ অধ্যয়নশীল মানসিকতাই – যাৰ ফচল হ’ল গ্ৰন্থ অধ্যয়ন৷
এইখিনিতে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হ’ব- আমি কেনেকুৱা গ্ৰন্থৰ অধ্যয়ন কৰিম? কোনবোৰ গ্ৰন্থৰ দ্বাৰা আমাৰ মানসিক পুষ্টি সাধন হ’ব? ই এক গুৰুত্বপূৰ্ণ বিষয়, যদিওবা ইয়াৰ উত্তৰ তেনেই সহজ৷ আমি প্ৰথমতে থিৰাং কৰি ল’ব লাগিব আমাৰ ৰুচি কোন-বোৰ বিষয়ত৷ শিশু অৱস্থাৰ পৰাই একোজন ব্যক্তিৰ ৰুচি বিকাশ হয় তেখেতৰ চৌদিশৰ সামাজিক আৰু পাৰিবাৰিক পৰিৱেশৰ ভিত্তিত৷ তদুপৰি একোজন ব্যক্তিৰ ৰুচিৰ ক্ৰমবিকাশো হয় সামগ্ৰিক সামাজিক বাতাবৰণৰ দ্বাৰা৷ এইখিনিতে অভিভাৱক সকলৰ গুৰু দায়িত্ব আহি পৰে নিজৰ সন্তান তথা নিকট আত্মীয়জনক উচিত পথ নিৰ্দেশনা দিয়াৰ৷ প্ৰাথমিক অৱস্থাত অভিভাৱকসকলে নিজ সন্তান তথা নিকটজনক সকলো ধৰণৰ গ্ৰন্থ অধ্যয়ন কৰিবলৈ এক মুক্ত পৰিৱেশ সৃষ্টি কৰি দিব লাগে৷ ধীৰে-ধীৰে সন্তান/ নিকটজনে যিটো বিষয়ৰ ওচৰ চাপে তথা নিজৰ কৌতূহলী মনৰ দ্বাৰা পৰিচালিত হয়, সেই বিষয়ৰ গ্ৰন্থৰ বিস্তাৰিত পৃথিৱীৰ ওচৰ চপাই আনিব লাগে যাতে তেওঁলোকে নিজ বোধ শক্তিৰ দ্বাৰা নিৰ্বাচিত বিশালতাৰ মাজত নিজকে ডুবাই ৰাখিব পাৰে৷
গ্ৰন্থৰ সুবাসে যাতে সকলোকে আন্দোলিত কৰি ৰাখিব পাৰে তাৰ বাবে আমি ‘কিতাপ পঢ়াৰ আন্দোলন’ৰ সহযাত্ৰী হৈ নিজৰ সামাজিক দায়বদ্ধতাৰ পৰিচয় দিয়াটো অতি প্ৰয়োজন৷ গ্ৰন্থৰ প্ৰচলন তথা অধ্যয়ন অবিহনে কোনো জাতিয়েই নিজৰ জাতীয় স্বাভিমান বৰ্তাই ৰাখিব নোৱাৰে৷ নিজৰ জাতীয় স্বাভিমান বহিৰ্প্ৰকাশ কৰাৰ এক গুৰুত্বপূৰ্ণ আহিলাই হ’ল নিজ মাতৃভাষাৰ সুখপাঠ্য অধ্যয়ন৷ অধ্যয়ন পিপাষু জাতি এটিয়ে সদায় নিজৰ জাতিটোৰ প্ৰতি দায়বদ্ধতাৰ চিনাকি দিয়ে৷
আজিৰ যুগত গ্ৰন্থ মানে কেৱল ‘বগা কাগজত ক’লা আখৰ’ত আবদ্ধ হৈ থকা নাই৷ ‘ডিজিটেল’ মাধ্যমৰ ক্ষিপ্ৰ প্ৰসাৰণৰ দ্বাৰা চ’ছিয়েল মিডিয়াযোগে আমি অতি উচ্চস্তৰৰ সাহিত্যৰ ৰসস্বাদন কৰিবলৈ সুযোগ পোৱা হ’লোঁ৷ মুদ্ৰিত গ্ৰন্থৰ প্ৰকাশন তথা প্ৰচলনৰ ক্ষেত্ৰটো চ’ছিয়েল মিডিয়াই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা পৰিলক্ষিত হয়৷
বহু ক্ষেত্ৰত দেখা যায় যে ছপাশালত মুদ্ৰিত গ্ৰন্থ/ আলোচনী আৰু চ’ছিয়েল মিডিয়াত প্ৰকাশিত গ্ৰন্থ/ আলোচনীৰ মাজত যেন এক শীতল যুদ্ধ চলি থাকে! সামগ্ৰিকভাৱে এইয়া কিন্তু সুস্থিৰ বাৰ্তা নহয়৷ কিয়নো যিকোনো মাধ্যমৰ দ্বাৰা অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা মানেই হ’ল- এই যাত্ৰাত জড়িত সকলোৱে এক আৱেগৰ বশবৰ্তী হৈ এই চৰ্চা চলাই গৈছে৷
আৱেগ! অসমীয়া জাতিটো এক আৱেগিক জাতি বুলি পৰিচিত৷ বহুতেই ‘আৱেগ’ আমাৰ এক দুৰ্বলতা বুলি চিন্তিত৷ কিন্তু নিজৰ দুৰ্বলতাক, নিজৰ সক্ষমতা বা নিজৰ শক্তিশালী ঢাল হিচাপে ব্যৱহাৰ কৰিব পৰাজনেই প্ৰকৃত যোদ্ধা৷ লাচিতৰ দেশৰ ব্যক্তি হিচাপে আমি আমাৰ আৱেগক এক শক্তিশালী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাটো নিত্যান্তই কাম্য৷
আমি অসমীয়া সকলে যদি নিজৰ আৱেগৰ অজুহাতত গ্ৰন্থৰ সুৱাস ল’বলৈ উদ্বাউল হওঁ সেইয়া জাতিটোৰ বাবে এক যোগাত্মক পদক্ষেপ হিচাপে চিহ্নিত হ’ব৷ ইয়াৰ বাবে লাগিলে আমি চ’ছিয়েল মিডিয়াত এক জাগৰণৰেই সৃষ্টি নকৰো কিয়! আমাৰ অগ্ৰজসকলে বেছিভাগ ক্ষেত্ৰতেই চ’ছিয়েল মিডিয়াৰ ঋণাত্মক দিশবোৰ বেছিকৈ আঙুলিয়াই৷ আমাৰ অগ্ৰজসকলক যদি আমি সকলোৱে মিলি তেওঁলোকৰ বুকুৰ আপোন গ্ৰন্থৰ সুবাস লোৱাৰ লগতে গ্ৰন্থ প্ৰকাশক আৰু পৰিৱেশক সকলক কিছু পৰিমাণে সহায়ৰ হাত আগবঢ়াব পাৰোঁ তেন্তে সেইয়া জাতিটোৰ উত্তৰণৰ দিশত এক লেখত ল’বলগীয়া পদক্ষেপ হিচাপে বিবেচিত হ’ব৷
গ্ৰন্থ প্ৰকাশক, পৰিৱেশক আৰু বিক্ৰেতাসকলেও যুগৰ লগত খোজ মিলাবলৈ নিজকে সাজু কৰিব লাগিব৷ ‘Kindle’ জাতীয় ডিজিটেল মাধ্যমৰ যোগে কিতাপ এখন পঢ়িব পৰাকৈ প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিবলৈ তেওঁলোক আগবাঢ়ি আহিব লাগিব নিজ-নিজ গোড়ামি পৰিহাৰ কৰি৷ সকলোকে গ্ৰন্থৰ সুবাস বিচাৰি ‘পাণবজাৰ’লৈ ধাৱমান হ’বই বুলি তেওঁলোকে বাট চাই থাকিলে নহ’ব৷ যুগৰ পৰিবৰ্তিত ধাৰাৰ লগত নিজকে খাপ খুৱাব পাৰিব লাগিব যিহেতু গ্ৰন্থ প্ৰকাশনো মূলতঃ এক সন্মানজনক ব্যৱসায়েই হয়৷
ডিজিটেল মাধ্যমযোগে প্ৰচলিত অধিকাংশ অসমীয়া ই-আলোচনী বা সাহিত্য চৰ্চাৰ গ্ৰুপে সকলো ধৰণৰ ব্যৱসায়িক উদ্যেশ্য পৰিহাৰ কৰি প্ৰকাশিত হয়৷ এই আলোচনী সমূহ পৰিচালিত হয় এচাম জাতিটোক নিস্বাৰ্থভাৱে ভালপোৱা আৱেগিক অসমীয়াৰ দ্বাৰা৷ এওঁলোকে কোনো ধৰণৰ ব্যক্তিগত স্বাৰ্থ নোহোৱাকৈ, অসমীয়া জাতিটোৰ ভাষা-সাহিত্যৰ চৰ্চা ডিজিটেল মাধ্যমযোগে প্ৰসাৰিত কৰাৰ উদ্যেশ্য আগত ৰাখিয়েই নীৰৱে কাম কৰি গৈ আছে নিজ-নিজ ব্যস্ততাপূৰ্ণ দৈনন্দিন জীৱনৰ অমূল্য সময় নিয়োগ কৰি৷
আমি আগভাগ ল’ব লাগিব যাতে সকলোৱে নিজৰ সাধ্যানুযায়ী চ’ছিয়েল মিডিয়াত নিজ-নিজ সাহিত্য চৰ্চা অব্যাহত ৰখাৰ সমান্তৰালভাৱে, নিজ-নিজ অধ্যয়ন পিপাসু মন-মগজুৰ কচৰৎ অব্যাহত ৰাখে সুন্দৰ গ্ৰন্থৰ সুবাসৰ দ্বাৰা৷ নিৰ্বাচিত গ্ৰন্থ অধ্যয়ন অবিহনে যে আকৰ্ষণীয় সৃষ্টি অসম্ভৱ সেইয়া অনুধাৱন কৰিবলৈ নৱ-প্ৰজন্মক উৎসাহিত কৰিব লাগিব আমি৷
আমি অন্তঃকৰণেৰে উপলব্ধি কৰিব লাগিব শতিকাৰ শ্ৰেষ্ঠ অসমীয়া স্বনামধন্য ভাৰতৰত্ন সন্মানেৰে বিভূষিত ড. ভূপেন হাজৰিকা দেৱৰ গীতৰ সেই বিখ্যাত উক্তি-
‘আমি অসমীয়া
নহওঁ দুখীয়া,
বুলি সান্ত্বনা লভিলে নহ’ব,
আজিৰ অসমীয়াই নিজক নিচিনিলে
অসম ৰসাতলে যাব’৷
শেষত কওঁ, আহক আমি সকলোৱে নিজৰ সক্ষমতাৰ বিচাৰ নিজেই কৰোঁ লগতে সকলো ধৰণৰ ঋণাত্মক চিন্তাক নেওঁচি বৰ অসম গঢ়িবলৈ নিজকে গ্ৰন্থৰ সুবাসেৰে সুসজ্জিত কৰো তথা চ’ছিয়েল মিডিয়া যোগে এক শান্ত অথচ শক্তিশালী বিপ্লৱৰ অংশীদাৰ হওঁ৷
সম্পাদক,
ফটাঢোল ই-আলোচনী
তৃতীয় বছৰ, পঞ্চম সংখ্যা
☆★☆★☆
10:08 am
বৰ ধুনীয়া লাগিল সম্পাদকীয় ৰূপাঙ্কৰ৷ ইমান সুন্দৰ সংখ্যা এটা উপহাৰ দিয়া বাবে ধন্যবাদ আৰু অভিনন্দন৷
1:37 pm
ধন্যবাদ কাকতি দা।
10:36 am
ভাল লাগিল সম্পাদকীয়টো। অভিনন্দন জনাইছোঁ।
1:38 pm
বহুত ধন্যবাদ আপোনাক।
10:45 am
অভিনন্দন ৰূপাঙ্কৰ৷ সম্পাদকীয় পঢ়িলোঁ৷
1:39 pm
ধন্যবাদ দাদা
11:53 am
সুন্দৰ সম্পাদকীয়। সম্পাদকীয়ৰেই আৰম্ভ কৰিছো আলোচনী।
খুব নিয়াৰিকৈ কামবোৰ কৰিলা, ভাল লাগিল তোমাৰ লগত কাম কৰি
1:55 pm
ধন্যবাদ ৰিন্টু দা।
12:05 pm
ভাল লাগিল ৰূপাংকৰ…অভিনন্দন!
1:56 pm
ধন্যবাদ দিগন্ত দা!
12:12 pm
বৰ সুন্দৰ বাৰ্তা দি গল সম্পাদকীয়ৰ জৰিয়তে। কথাবোৰে মন চুই পেলালে দাদা।
2:05 pm
ধন্যবাদ কংকনা
12:23 pm
ভাল লাগিল ৰূপাংকৰ,???
2:06 pm
ধন্যবাদ সুভাষ
12:27 pm
সুন্দৰ হৈছে ৰূপাংকৰ! ??
2:07 pm
ধন্যবাদ উৎপলা বা!
12:30 pm
ভাল লাগিল সম্পাদকীয় পঢ়ি ,
2:08 pm
ধন্যবাদ!
12:54 pm
ভাল লাগিল।
2:08 pm
ধন্যবাদ!
1:12 pm
সুন্দৰ সম্পাদকীয়। অভিনন্দন জনালো।
2:11 pm
ধন্যবাদ!
1:14 pm
বহুত ভাল লাগিল সম্পাদকীয় পঢ়ি
2:15 pm
বহুত ধন্যবাদ!
1:24 pm
সম্পাদকীয় পঢ়ি ভাল পালো ৰূপাংকৰ৷ অভিনন্দন যাচিলোঁ৷
2:15 pm
ধন্যবাদ বা।
1:33 pm
বৰ ভাল লাগিল।
2:16 pm
বহুত ধন্যবাদ আপোনাক!
1:44 pm
সৰ্বাগ সুন্দৰ সংখ্যা। অভিনন্দন।
2:17 pm
ধন্যব ভাই!
1:50 pm
সম্পাদকীয় পঢ়ি ভাল পালোঁ। এইবাৰৰ ই-আলোচনীৰ সফলতা কামনা কৰিলোঁ।
2:19 pm
বহুত বহুত ধন্যবাদ!
2:19 pm
বৰ ধুনীয়া বাৰ্তা। সম্পাদকীয়টি পঢ়ি কিছু দৰকাৰী কথা বোধগম্য হʼল। অভিনন্দন দাদা।
2:33 pm
বৰ সুন্দৰ বিষয় এটা সময়োচিত ভাবে উপস্থাপন কৰিলা ৰূপাংকৰ ৷ অতি ভাল পালোঁ ৷ অভিনন্দন ৷ সুন্দৰ সংখ্যা এটা উপহাৰ দিয়া বাবে ধন্যবাদ ৷
2:52 pm
বহুত ধন্যবাদ!
4:48 pm
সুন্দৰ সম্পাদকীয় আৰু প্ৰয়োজনীয় বাৰ্তা৷ অভিনন্দন৷
8:13 pm
ধন্যবাদ ভাই!
4:49 pm
ভাল লাগিল সম্পাদকীয় পঢ়ি।
8:11 pm
বহুত ধন্যবাদ!
5:18 pm
সুন্দৰ সম্পাদকীয়। ভাল লাগিল দাদা
8:11 pm
বহুত ধন্যবাদ!
6:50 pm
প্ৰথম সম্পাদকীয়ৰ পৰাই আৰম্ভ কৰিছোঁ ৷
বঢ়িয়া ৷
8:10 pm
ধন্যবাদ দাদা!
9:12 pm
সম্পাদকীয় ভাল পালো। আৰম্ভ কৰিছো পঢ়িবলৈ বাকীবোৰো।
7:08 am
ধন্যবাদ ভাগৱতী দা।
10:34 pm
সুন্দৰ সম্পাদকীয় ।
7:11 am
ধন্যবাদ আপোনাক!
11:12 pm
ভাল লাগিল ৰুপাংকৰ দা…
7:11 am
ধন্যবাদ কমল!
11:54 pm
এক সুন্দৰ সম্পাদকীয় আৰু সুন্দৰ আলোচনী উপহাৰ দিলে৷ আপোনাক আৰু আপোনাৰ সমস্ত সম্পাদকীয় গোটৰ সদস্যলৈ হিঁয়াভৰা কৃতজ্ঞতা আৰু শুভেচ্ছা থাকিল৷ বঢ়িয়া৷
7:12 am
ধন্যবাদ অলকেশ দা!
7:41 am
বঢ়িয়া ?সময়োপযোগী সম্পাদকীয়। বৰ ভাল লাগিল। অভিনন্দন জনালোঁ।
7:12 am
বহুত বহুত ধন্যবাদ!
10:30 am
সৰ্বাঙ্গসুন্দৰ এখন আলোচনী উপহাৰ ৰ বাবে ধন্যবাদ ৰুপাংকৰ৷
7:13 am
ধন্যবাদ তামুলী দা।
4:47 pm
বৰ সুন্দৰ কথা লিখিলা ৰূপাংকৰ৷ সম্পাদকীয় আজিহে পঢ়িলোঁ৷ তোমালৈ অভিনন্দন যাচিলোঁ৷
7:14 am
ধন্যবাদ চাবিনা বা!
3:21 am
মন চুই গ’ল ৷ অলপতে হেমন্ত দাদাৰ লেখা এটা পঢ়ি মন্তব্য কৰিছিলো যে লেখাটো বাতৰি কাকতলৈ পঠিয়াব লাগে ৷ দাদাৰ উত্তৰটো আছিল নঞৰ্থক ! তাত মই বুজা কথাটো হ’ল লেখক এজনে পৰিশ্ৰমৰ মূল্য নাপায় ৷ দ্বিতীয়তে সম্পাদকৰ ‘মেজাজ’ত উঠে নে নুঠে তাৰো নিশ্চয়তা নাই ৷ কিন্তু চচিয়েল মিডিয়াত সেই সমস্যা নাই ৷ পাৰিশ্ৰমিক নাপালেও লেখাটো ডাষ্টবিনলৈ নাযায় ৷ কিতাপৰ ক্ষেত্ৰটো একেই কথা ! মন্তব্যটোৰ ‘সম্পাদক’ৰ ঠাইত ‘প্ৰকাশক’ শব্দটো বহুৱাই ল’লেই হ’ল ৷
7:16 am
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে। আপোনাৰ কথাটো বহুতৰ ক্ষেত্ৰত সঁচা। গোড়ামি নেৰিলে একাংশ প্ৰকাশকে নিজ প্ৰকাশন গোষ্ঠীক ডুবাব।
9:45 am
সুন্দৰ সম্পাদকীয় ৰূপাংকৰ।
10:15 pm
ধন্যবাদ তবিব ভাই!