চেকগেট – সঞ্জীৱ কুমাৰ ভট্টচাৰ্য
আপুনি যদি গাঁও বা চুবুৰী বা ক’লনি আদিৰ দৰে যিকোনো এটা স্থানত পৰিয়ালসহ স্থায়ীভাৱে বসবাস কৰে আৰু যোৱা কিছুবছৰ ধৰি কৰ্মসূত্ৰে ঘৰৰ পৰা বাহিৰত থাকিবলগীয়া হৈছে তেনেহ’লে আপুনি আপোনাৰ গাঁওত সোমাওতে বিভিন্নধৰণৰ চেকগেটৰ মুখামুখি হব।আহকচোন তেনেকুৱা কেইখনমান চেকগেটৰ কথা আলোচনা কৰো।
বুদ্ধিজীৱিৰ গেটঃ
আপোনাৰ গাঁওখনত থকা অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়াল সকলে এইটো ফৈদ প্ৰধানত নিয়ন্ত্ৰন কৰে যদিও দুই এজন অৱসৰ হৱলগীয়া মানুহো এইটো ফৈদত সোমাই থাকে।এইটো ফৈদৰ গড় বয়স ষাঠি আৰু সদস্যৰ সংখ্যাও বৰ বেছি নহয়।নিজৰ ফৈদটো মুষ্টিমেয় কেইজনমানৰ ভিতৰতে সীমাবদ্ধ কৰি ৰাখে আৰু এইটো ফৈদৰ সদস্যসকলৰ প্ৰধান চাৰিত্ৰিক বৈশিষ্ট হ’ল যে এওলোকৰ হিচাবত নিজৰ ল’ৰা ছোৱালীকেইটাৰ বাহিৰে সমস্ত গাঁও বা চুবুৰীটোৰ অন্য ল’ৰা বা ছোৱালীবোৰ বেয়া।নিজকে বেলেগ গ্ৰহৰ পৰা অহা প্ৰাণী বুলি ভাবি এখেতসকলে সহজতে অইন মানুহৰ লগত বৰ বিশেষ মিলামিছা নকৰে আৰু সমাজত সুকীয়া আসন এখন নিজৰ নামত স্থায়ীভাৱে থকাটো বিচাৰে।কথা বতৰা,খোজ কাটল সকলোবোৰতে এক বিশেষ গহীন ভাব পৰিস্ফুট কৰিবলৈ এখেতসকলে অপ্ৰাণ চেষ্টা কৰা দেখা যায়।দশকৰ্ম পদ্ধতিৰ পৰা আৰম্ভ কৰি মঙ্গলযানৰ বিভিন্ন কাৰিকৰী দিশবোৰলৈকে এখেতসকলৰ অবৈধ দখল আছে,সদায় নিজতকৈ কম পঢ়া শুনা কৰা এসোপামান স্তাৱকৰ লগত থাকে যাতে নিজৰ সমকক্ষ এই পৃথিৱীত দ্বিতীয়জন কোনো নাই বুলি বুকুখন ৫৬ ইঞ্চি নোৱাৰিলেও ৪৬ ইঞ্চি হ’লেও ফুলাই ৰাখিব পাৰে।সকলোকে সমালোচনা কৰাৰ ধৃষ্টতা এখেতসকলৰ আছে কিন্তু অন্য কোনোবাই এখেতসকলক সমালোচনা কৰিলে নৈতিক অধঃপতন হোৱা বুলি গোটেই গাঁওতে প্ৰচাৰ কৰে।গাঁওত গ’লে পৰাপক্ষত এইখন চেকগেটৰ নজৰৰ পৰা নিজকে বচাই চলিব লাগে।
পণ্ডিত গেটঃ
এইখন গেটৰ সদস্যসকল আপোনাৰ বয়সতকৈ পাঁচ ছয় বছৰ ডাঙৰ,পঢ়া শুনাত মধ্যমীয়া আৰু পুৰুষ মহিলা উভয়েই এইখন গেটৰ সদস্য হব পাৰে।যদিহে আপুনি এজন ছাত্ৰ বা ছাত্ৰী তেনেহ’লে এইখন গেটৰ সন্মুখেৰে পাৰ হওঁতে আপুনি নিজৰ পৰীক্ষাৰ মাৰ্কশ্বিটখন মুখস্থ কৰি যাব লাগে।কোনখন পেপাৰত কিমান নম্বৰ বাঢ়িল বা কোনখনত কিমান নম্বৰ কমিল আৰু কি কাৰণত কমিল বা বাঢ়িল সেই সম্পৰ্কে দীঘলীয়া বক্তৃতা এফাকি শুনিহে আপুনি এইখন গেট পাৰ হব লাগিব।লগতে আপোনাৰ ভৱিষ্যত কেৰিয়াৰ সম্পৰ্কে কেইটামান বিনামূলীয়া উপদেশ লৈ যাব নাপাহৰিব।আনুষ্ঠানিক শিক্ষাত বৰ বেছি ভাল ফলাফল কৰিব নোৱাৰিলেও নিজৰ অভিজ্ঞতাৰ দোহাই দি এই গেটৰ সদস্যসকলে নিজকে পণ্ডিত শ্ৰেণীৰ মানুহ বুলি গণ্য কৰে।
বিয়নী গেটঃ
এইটো ফৈদৰ সদস্যসকল প্ৰধানত মহিলা যদিও দুই এজন পুৰুষো এইটো ফৈদত অবৈতনিক সদস্য হিচাবে কায্যনিৰ্বাহ কৰে।এইখন গেটৰ সন্মুখেৰে পাৰ হওঁতে ছাত্ৰ ছাত্ৰীসকলৰ কোনো বিশেষ অসুবিধা নাই।এইখন গেটত প্ৰধানত বিবাহ উপযোগী ল’ৰা ছোৱালী আৰু সদ্যবিবাহিত সকলৰ বাবেহে চেকিঙৰ ব্যৱস্থা আছে।যদিহে আপুনি এজনী ছোৱালী আৰু বয়স ২৫ বছৰৰ ওচৰে পাজৰে তেনেহ’লে এইটো ফৈদৰ যিকোনো সদস্যক দেখিলেই আপুনি নিজৰ ৰাস্তা সলাওক।দিনটোত যিমানবাৰ দেখিব সিমানবাৰেই আপোনাক সুধিব “বিয়া কেতিয়া?”।এখোপ আগুৱাই গৈ আপোনাৰ বাবে ল’ৰাৰ সম্ভেদো দিব পাৰে।যদিহে বিয়নী গেটৰ সদস্য আৰু বুদ্ধি গেটৰ সদস্য একলগ হৈ থাকোতে আপুনি পাৰ হবলগীয়াত পৰে তেনেহ’লে পিছদিনাৰ পৰা আপোনাৰ অবৈধ প্ৰেমৰ সম্পৰ্কৰ কাহিনী এটা মানুহৰ মুখে মুখে প্ৰচলিত হৈ ২৫ বছৰ বয়সলৈকে আপোনাৰ বিয়াখন নোহোৱাৰ ৰহস্যটোও সকলোৰে আগত ফাদিল হৈ যাব পাৰে।সদ্যবিবাহিত সকলৰ বাবে এইখন গেট আৰু ভয়ঙ্কৰ।যদিহে আপোনাৰ বিয়াৰ ৬ মাহ পিছতো আপোনাৰ পত্নী গৰ্ভৱতী হোৱা নাই তেনেহ’লে ভুলতো সেইখন গেট পাৰ হোৱাৰ চেষ্টা নকৰাই ভাল।আপোনাৰ আৰু পত্নীৰ যৌন সমস্যা আৰু তাৰ সমাধানৰ ওপৰত কিতাপ লিখিব পৰাকৈ হিতোপদেশ লাভ কৰিব।আনোৱাৰ বেজৰ পৰা আই ভি এফ পদ্ধতিলৈকে সকলোবোৰ সমাধান আপোনাৰ দুৱাৰমুখত বিনামূলীয়া।উপদেশ আৰু অভিজ্ঞতা শুনি শুনি আপোনাৰ মনত ভাৱ আহি যাব যে এইটো গেটৰ সদস্যবোৰ আচলতে এশটা পুত্ৰ সন্তান জন্ম দিয়া একো একোজনী গান্ধাৰীহে।
চান্দা গেটঃ
এইটো গেটৰ সদস্যবোৰ যিকোনো বয়সৰ হব পাৰে,চাৰিত্ৰিক বৈশিষ্টৰ মিল থকা দিশটো এইয়ে যে আটাইবোৰৰে নিজৰ ওপজা ঠাইটুকুৰাৰ প্ৰতি অপৰিসীম ভালপোৱা আছে যাৰ বাবে নিজৰ গাঁওখনত বাৰ মাহত তেৰটা অনুষ্ঠান হৈ থকাটো বিচাৰে।যিকোনো অনুষ্ঠানতে দান বৰঙনি দিয়া মানুহ বিচাৰি থাকোতেই সদস্যসকলৰ জীৱনৰ বেছিভাগ সময় পাৰ হয়।আপুনি কৰ্মব্যস্ত হৈ থাকি গাঁওৰক্ষাৰ বাবে দিবলগীয়া সময় দিব নোৱাৰাৰ প্ৰতিদান স্বৰূপে এইসকলক বিহু,পুজা বা সৱাহৰ নামত মোটা চান্দা দিবলগীয়া হয়।কথা ক’লে জাতীয় চেতনা জাগ্ৰত কৰি দিব পৰা এইসকলৰ বেছিভাগেই নিজে কোৱা কথাখিনি লিখিব দিলে শুদ্ধকৈ লিখিব নোৱাৰে।চান্দা বিচৰাৰ বাদে অইন একো কামতে এইটো গেটৰ সদস্যসকলৰ দক্ষতা নাই।এইটো গেটৰ সদস্যসকলক বুদ্ধি গেটৰ সদস্যসকলেও সমীহ কৰি চলে।
চকুচৰহা আৰু নাৰদ গেটঃ
জাতি ধৰ্ম বৰ্ণ নিৰ্ৱিশেষে সকলো পুৰুষ মহিলা এইটো গেটৰ সদস্য হব পাৰে একমাত্ৰ বেলেগক হিংসা কৰিব জানিলেই হ’ল।এইটো গেট পাৰ হোৱাতো অত্যন্ত কঠিন কিয়নো এই গেটটোৰ কোনো নিৰ্দিষ্ট বা ধৰাবন্ধা সময়সীমা নাই,যিকোনো সময়তে আপুনি এই গেটৰ সদস্য বা সদস্যাৰ মুখামুখি হব পাৰে।ৰাহু,কেতু,শনি আৰু মঙলৰ দশা একেলগে চলিলে হব পৰা বিপদৰ দৰে বিপদ ঘটাব পৰা ক্ষমতা এই গেটৰ সদস্যসকলৰ থাকে।তিলটোকে তাল কৰি কথা লগোৱাটো এই গেটৰ সদস্যসকলৰ প্ৰধান লক্ষণ।আপুনি কাৰোবাৰ বিষয়ে কোৱা ভাল কথা এষাৰিও এইসকলৰ মুখত পৰি কটুবাক্যত ৰূপান্তৰিত হব পাৰে।
ক্লাব গেটঃ
আটাইতকৈ ৰোমাঞ্চকৰ গেট এইখন।ইয়াৰ সদস্যসকলক যদিহে কেতিয়াবা দিনটোৰ আগবেলা দেখাৰ সৌভাগ্য হয় তেনেহ’লে আপুনি সেইদিনা তীৰ খেলৰ টিকট কাটিব পাৰে।আপুনি বহুদিনৰ মূৰত ঘৰ যাব ওলোৱা খবৰটো এই গেটৰ যিকোনো সদস্যই পালে আপোনাৰ ওচৰত এটা প্ৰিমিয়াম বিদেশী হুইস্কী বটলৰ ফৰমাইচ আহি যাব পাৰে।চুবুৰীৰ ক্লাৱঘৰটো সদায় এইটো গেটৰ সদস্যসকলৰ দখলত থাকে।এইটো গেটত তিনিধৰণৰ সদস্য থাকে।প্ৰথমবিধ তেল নিগমৰ সদস্য,এওঁলোক মা কালীৰ ভক্ত আৰু এওঁলোকৰ ইঞ্জিন পনীয়বিধত চলে।দ্বিতীয়বিধ গেছ নিগমৰ সদস্য,এওঁলোক বাবা ভোলানাথৰ ভক্ত আৰু এওঁলোকৰ ইঞ্জিন বাবাৰ শুকান প্ৰসাদৰ গেছত চলে।তৃতীয়বিধক অ’এনজিচি ৰ সদস্য বুলি কোৱা হয় আৰু এওঁলোকৰ ইঞ্জিন চলিবলৈ তেল আৰু গেছ দুয়োটাৰে দৰকাৰ হয়।বাবাৰ শুকান পুৰীয়া টানি ডিঙি শুকাই গ’লে এওঁলোক মা কালীৰ শৰনাপন্ন হয়।সাধাৰণতে নিশাটো ঘৰৰ বাহিৰতে থাকি ভাল পোৱা এই গেটৰ সদস্যসকলক অন্য প্ৰতিখন গেটৰ সদস্যই সমীহ কৰি চলে।এওঁলোকৰ মিলাপ্ৰীতিও অদ্ভূত,বাহিৰৰ গেটৰ লগত কাজিয়া লাগিলে দলবদ্ধভাৱে আক্ৰমণ কৰে যদিও শেষ নিশাৰ সময়ত নিজৰ গেটৰ সদস্যসকলৰ মাজতো হতাহতি প্ৰায়েই হয়।
হেন জানি সভাসদ,এইকেইখন চেকগেটৰ সন্মুখেৰে পাৰ হওঁতে সদায় বিশেষ সতৰ্কতা অৱলম্বন কৰিহে পাৰ হব বুলি আশা কৰি আজিলৈ সামৰিছোঁ।
☆ ★ ☆ ★ ☆
3:48 pm
কলগেটৰ কথা থাকিগ’ল৷ বঢ়িয়া লাগিল
5:37 pm
এই গেট মখাৰ ভয়ত চলাফিৰাই টান হৈছে হে৷ মজা লাগিল
8:21 am
আপোনি কোনখন গেটৰ অনুপেৰনা পাই এই সুন্দৰ লিখনিটো ৰচিলে।
7:39 pm
সুন্দৰ হৈছি হা দোস্তি৷