বাজি খেলৰ এটা কাহিনী – দ্বিজেন তামুলী
আমি সৰু অৱস্থাত গাঁৱৰ ল’ৰা ছোৱালীবোৰে বিভিন্ন খেল খেলিছিলোঁ৷ আজি কালি হয়তো বহু খেল সময়ৰ লগে লগে নোহোৱা হৈ যাবলৈ ধৰিছে৷
এতিয়া আমি সকলোৱে ল’ৰা ছোৱালীবোৰক একো একোটা নম্বৰ মেচিনলৈ পৰিবৰ্তিত কৰিছোঁ৷ এটা এৰি এটা পৰীক্ষাৰ বাবে সাজু কৰোতে কৰোতে ল’ৰা ছোৱালীহঁতে মুকলিমূৰীয়াকৈ এঘণ্টাও বাহিৰ ওলাব নোৱাৰা অৱস্থা৷
আমাৰ সময়ছোৱাত অৱশ্যে বিশেষকৈ গাওঁ অঞ্চলত দুই এজনৰ বাহিৰে সকলোৱেই সকলো খেলা খেলিছিল৷ তাৰ ভিতৰত লুকা ভাকু, বাজি, ঢোপ, কাবাদী, মাৰ্বল, দাইৰা, কচুগুটি, ৰঙাঘোঁৰা ফুটকাল্লি, ৰবাব টেঙাৰ বল, বাটা, বল, ক্ৰিকেট আৰু বহুতো৷ এই খেলবোৰ খেলোতে বহু সময়ত আমাৰ বহুতো লটিঘটিও নোহোৱা নহয়৷
এবাৰ আমাৰ বাজি খেলোতে বৰ লটিঘটি হ’ল৷
প্ৰথমে আহিছোঁ এই খেলবিধ কেনে ধৰণে খেলা হৈছিল সেই বিষয়লৈ৷ প্ৰায় লুকাভাকুৰ দৰে এই খেলবিধ খেলা হৈছিল৷ এই খেলত লুকাভাকুৰ দৰে বান্ধ বা নিৰ্দিষ্ট কৰি দিয়া খুটা এটা কেন্দ্ৰ নহয়৷ লুকাভাকুত এইতো বান্ধ চুব পাৰিলে তেওঁ চেভ হয় ইয়াত নহয়৷ ইয়াত ঘাইজনে যিকোনো প্ৰকাৰে এজনক বিচাৰি চুব লাগে নোৱাৰিলে তেওঁ পুনৰ ঘাই হ’ব লাগে৷
সিদিনা ঘাইজনে আমাৰ এজনৰো শুংসূত্ৰ উলিয়াব পৰা নাছিল আৰু তেওঁ হাৰ মনাত আমি ওলাই আহিলো, কিন্তু এজন ল’ৰা ওলাই অহা নাছিল৷ এইফালে ৰাতি হোৱা বাবে আমি খেল সামৰিবলৈ সিদ্ধান্ত লৈ ল’ৰাজনক বিচৰাত লাগিলো, কিন্তু বহু সময় বিচাৰিও আমি তাক বিচৰাত ব্যৰ্থ হ’লোঁ৷ ভাবিলো সি ঘৰলৈ যোৱা বুলি আৰু আমিও ঘৰাঘৰি গ’লোঁ৷ কিছু সময়ৰ পাছত যেতিয়া তাৰ ঘৰৰ মানুহে বিচাৰি আহিল তেতিয়াহে আমাৰ ভয় লাগিল৷ কি হ’ল তাৰ? এই বুলি আমি পুনৰ তাক বিচৰাত লাগিলোঁ৷ বহুতো বিচাৰ খোচাৰ কৰাৰ অন্তত তাক এঘৰ মানুহৰ ভাখ্ৰি অৰ্থাত ভঁৰালৰপৰা উদ্ধাৰ কৰা হ’ল৷ সি তাতে গভীৰ টোপনিত আছিল৷ বেচেৰাৰ দৌৰি দৌৰি ভাগৰ লগাত তাতেই সুখনিদ্ৰাত ঢলি পৰিছিল৷ তাক তাৰপৰা আনি মাকে যি দুটা কোব দিলে নহয়, পিছলৈ আমি বাজি খেলিবলৈ ভয় কৰা হ’লো৷ কমখন লটিঘটি হ’লনে সেইদিনা!
আপোনালোকেও নিশ্চয় তেনেকুৱা বহুত খেল খেলিছিল নহয়নে?
☆ ★ ☆ ★ ☆