ফটাঢোল

মাফলাৰ – নাজিয়া হাচান

ৰুচি অভিৰুচিবোৰ সকলোৰে বেলেগ বেলেগ। কোনোৱে গান গাই ভাল পাই, কোনোৱে নাচি ভাল পাই, কোনোৱে খাই ভাল পাই, কোনোৱে আকৌ ৰান্ধি ভাল পাই ইত্যাদি। এই ৰুচিবোৰৰ এনে বহুবোৰ ৰুচি মোৰো আছে। কিন্তু এটা ৰুচিহে মই আজিলৈকে ৰুচিৰ লিষ্টখনত যোগ কৰিব নোৱাৰিলো! দুডাল শলাৰ যুদ্ধ। মানে ঊল গুঠা ৰুচিবিধ। দেখাক দেখি বহু বছৰ আগতেই, মানে বিয়া হৈয়ে, তেওঁলৈ বুলি মাফলাৰ এখনকে গুঠিবলৈ লৈছিলোঁ। এওঁ আকৌ তেতিয়া মুম্বাইত থাকে। এক দুই মাহমানৰ মূৰে মূৰেহে ঘৰলৈ আহে! আৰু তেওঁ যেতিয়াই ঘৰলৈ আহে মোক মাফলাৰডাল একান্তমনে গুঠি থকায়ে দেখা পাইহি। আৰু ময়ো প্ৰতিবাৰ তেওঁ ঘৰলৈ আহিলেই তেওঁৰ ডিঙিটোত মেৰিয়াই মাফলাৰ ডালৰ জোখ লওঁ। ধেই! কিনো ডিঙি জানো পায়! জোখ লওঁহে লওঁ ডিঙিটো মেৰেই নেখাইগৈ আকৌ‌! তেৱোঁ একো নকয়। মাফলাৰ জোখ ল’বলৈ ল’লে ডিঙিটো খালি আগতেই পাতি দিয়ে। আৰু শলাৰ খুচত চকু ফুটে বুলি চকুহাল মুদি লৈ বহে।

ঠাণ্ডা অহাৰ আগতেই আৰম্ভ কৰা মাফলাৰ ডাল গৈ গৈ গৰমৰ দিনৰ মাজ মান পালেগৈ! মানে মাফলাৰখনৰ জন্ম দিনেই পাবৰ হ’লহি! কিন্তু মাফলাৰ ডালহে ডাঙৰ দীঘল নহয় দেখোন! ধেৎতেৰি বুলি মাফলাৰ ডালক আধা গুঁঠি, শলা দুডালেৰে ঊলৰ লাৰুটোত খুচ দুটা মাৰি দ্ৰয়াৰ এটাত ভৰাই কোনেও নেদেখাকৈ সোমোৱাই থলো খঙতে। ধৈৰ্য্যৰো এটা সীমা আছেতো।

দিনবোৰ গৈ থাকিল। ভৰ গৰমৰ দিনবোৰে আহি ভৰি দিলে। আমাৰ বিয়াৰো বছৰ ঘূৰিল। তেনেতে এদিন হঠাৎ, এওঁৰ সেই মাফলাৰখনলৈ মনত পৰিল!

: হেৰা! তুমি এখনল মাফলাৰ গুঠিছিলা নহয় মোলৈ? কি হ’ল হে সেইখনৰ?

মোৰ মনতে, ভাল হ’ল যা! বছৰ ঘূৰিলত এওঁৰনো মাফলাৰলৈহে মনত পৰিব লাগে নে?

: এহ! ক’ব নোৱাৰো পাই! ক’ৰ মাফলাৰ ক’ত গ’ল!

: তাকেই! ইমান ধুনীয়া ধুনীয়া মাফলাৰ, চুৱেটাৰ বজাৰত কিনিবলৈ পাই, তুমিনো সেই সময়ত গুঠিবলৈ কিয় লৈছিলা হে? নতুন মানুহজনী বুলি কিবা ক’বলৈয়ো মোৰ বেয়া লাগিছিল দিয়াচোন তেতিয়া! ইফালে মনত কমটো ভয় খাই আছিলোঁনে গুঠা মাফলাৰ, চুৱেটাৰবোৰ পিন্ধিবলৈ লাগিব বুলি ভাবি!

মোৰ মনতে, ভাল বাছিলোঁ পায়! ময়ো আকৌ ভয়হে খাইছিলোঁ, গুঠা মাফলাৰখন এইবাৰ ঠান্দাত লাগিব বুলি কয় যদি!

এই সময়ত প্ৰায় সকলো মহিলাৰ হাতে হাতে শলা ঊলৰ বৰ আদৰ! কোনো কোনো মহিলা কৰ্মচাৰীয়ে ভেনিটি বেগটোত শলা ঊলহালক অফিছটোলৈকে লৈ যায়। আজৰি সময় এভাগ পালে দুশলা গুঠি আগুৱাই থয় মানে। শীতৰ দিনবোৰত এই দৃশ্যবোৰ দেখি দেখি পুৰণি কাহিনীভাগ মোৰ বৰকৈ মনত পৰিল।

☆ ★ ☆ ★ ☆

2 Comments

  • anjan sadhanidar

    সচা দেই৷ আজি কালি আমাৰ মা হতেঁও আজৰি সময়ত হয় টি ভি নহয় মোবাইল লৈ বহি যায়৷

    Reply
  • নীলাক্ষি

    উলৰ কাম কিমান দিন যে কৰা নাই

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *