ভূতৰ সন্ত্ৰাস – বৰ্ণালী ফুকন
“ভূত আমাৰ পুত পেত্নী আমাৰ জী ৰা ৰা…”
যিমান পাৰো সিমান চিঞৰিছোঁ৷ সুজয়াই শিকাইছিল বোলে তেনেকৈ চিঞৰিলে ভুত-প্ৰেত ভয়তে পলায়৷
ঢকুৱাখানাৰ ৰবীন দদাইদেউৰ ঘৰৰপৰা আহি আছোঁ দেউতাহঁতৰ ঘাই ঘৰলৈ৷ মোৰ লগত বৰদেউতাৰ মাজু ল’ৰা মইনা৷ তাৰো মুখত মাত বোল নাই৷ মই তাক কঁপি কঁপি ধমক দিলোঁ –
– ঐ তই নাই গোৱা কিয়? গা, “ভূত আমাৰ পুত…”
সিও সমস্বৰে চিঞৰাত লাগিল৷ হঠাৎ সি গাবলৈ এৰি সুধিলে,
– পুত মানে কি অ’?
– ধেই তাকে নাজান? পুতেক আক’ আৰু মাইকী ভূতুনী মানে পেত্নী৷
সি ভয়ে ভয়ে মোলৈ চাই সুধিলে,
– ঐ মাকন তই ইমানবোৰ জান কেনেকৈ? ইহঁতক চিনি পাৱ হ’বলা!
সি যেন মোক অলপ সন্দেহ কৰিলে৷
– নাই নাই মানে, অঁ অঁ অলপ পাওঁ৷
চিনি নাপাওঁ বুলি ক’লে ভূতে চল পাব বুলি মিছা মাতিলো তাক৷
সি মোক ভূতৰ ৰিলেটিভ বুলি ভাবি দৌৰিবলৈ উদ্যত হওঁতেই মই এক ধমকি দিলোঁ,
– হেৰৌ মোৰ ৰিলেটিভ হ’লে তোৰো হ’ব দেখোন৷
সি যেনিবা অলপ সাহস পাই ৰৈ দিলে৷
– ঐ আগত সৌ জোপা আঁহত৷
সি ভয়ে ভয়ে আঙুলিয়াই দেখুৱালে সন্মুখৰ আঁহতজোপালৈ৷
– হেই হেই আঙুলি কিয় টোঁৱালি? আঙুলি টোঁৱালে ভূতে চল পায়৷
সি লৰালৰিকৈ হাতখন নমাই মাটিত থু থু কৰিলে৷
যিমানেই আঁহতজোপাৰ কাষ চাপিছোঁ সিমানেই গছজোপা হালিব জালিব ধৰিলে৷ দুইটাই হাতত ধৰিলোঁ৷ তাৰপিছত কি ক’ত মহটিয়াই নিছোঁ ক’ব নোৱাৰোঁ৷ মুঠতে নঙলা এডাল খুলিয়ে বাকী কেইডালৰ ওপৰেৰে কেনেকৈ যে দুইটাই জপিয়াই বাৰাণ্ডাত উঠিলোগৈ ক’ব নোৱাৰোঁ৷ বাবা দাই যেতিয়া পিছফালৰপৰা আহি, “কি হ’ল অ’ তহঁতৰ? দৌৰাদৌৰি কৰি আহিলি যে গোটেই বাট?” বুলি
ক’বলৈহে পালে, দুয়োটাই গগণ ফালি চিঞৰিবলৈ ধৰিলোঁ,
– বৰমা বচাওক বচাওক বাবা দা ভূত হৈ গ’ল৷
– পুৱাৰপৰা গধূলিলৈ পেৰি পেৰি ভূতৰ গল্প কৰিবি এতিয়া ৰাতি হ’লত গগণ বিদৰা চিঞৰ মাৰি থাকিবি৷ ওচৰৰ ঘৰৰ মানুহে কি বুলিব শুনিলে?
– নাই আজিৰপৰা নুশুনো৷
এইবুলি হাত মুখ ধুই বিচনাত উঠিলোঁ৷ লাগিল সেই সময়ত বাথৰুম যাবলৈ৷
– বৰমা টইলেটলৈ যাম৷
গাঁৱৰ ঘৰ, বাথৰুম অলপ আঁতৰত৷
– যা অ’ ভনী, এইজনীক মুতুৱাই আন৷
তাইলৈ সন্দেহেৰে চালোঁ৷ পাৰিব জানো এই টেটেৰী মেমেৰীজনীয়ে ভূত আহিলে খেদিবলৈ৷ বাৰীৰ ভিতৰৰ যেতিয়া ভূতবোৰ চাগে তাইৰ চিনাকিয়েই হ’ব৷ ভূ”ত আমাৰ পুত” গাবলৈ লৈ মই ৰৈ গ’লোঁ৷ নাই নাই এইটো গালে বাৰীৰ ভিতৰৰ ভূতকেইটাৰ চেণ্টিমেণ্টত লাগিবও পাৰে কি ঠিক! ভয় খুৱাব আহিছ আমাক বুলি৷ ইফালে ভয়ত কলিজাটোৱে এই ওলাওঁ এই ওলাওঁকৈ ধপধপাবলৈ ধৰিছে৷ হঠাৎ মনত পৰিল মহাত্মা গান্ধীয়ে ভয় লাগিলে গাবলৈ কোৱা গানটো, “ৰঘুপতি ৰাঘৱ ৰাজা ৰাম পতিত পাৱন ৰাজা ৰাম৷” চিঞৰি চিঞৰি গাবলৈ ধৰিলোঁ৷ যেনে তেনে সাহস গোটাই বাথৰুমৰপৰা ওলাই ইফালে সিফালে নোচোৱাকৈ ভনীৰ হাতত ধৰি দে দৌৰ৷ আৰু দৌৰি থাকোঁতে মুখেৰে ক’ব নোৱাৰাকৈয়ে ওলাই আহিল,
– পলা পলা, ভূত ভূত!
যেনে তেনে আহি জুহালৰ কাষত বহিলোহি৷ ভূতে জুইলৈ ভয় কৰে বুলি শুনিছিলো আগতে৷ বৰমাই জুইৰ কাষত বহি ভাত ৰান্ধি আছিল৷ মই বৰমাক কুটুৰিবলৈ ধৰিলোঁ,
– আপুনি ভুত দেখিছে নেকি বৰমা?
– অঁ দেখিছোঁতো।
– আপোনাৰ ভয় লগা নাছিল?
– তহঁতৰ দৰে অলপ ধদুৱা নে? মই ভূতক খেদি বাজ কৰি পঠিয়াইছিলোঁ৷
– কওকনা কাহিনীটো বৰমা৷
– নাই নাই মই নকওঁ দেই৷ আকৌ সেই টেকেলি ফুটাত কৰা দি কৰিবি৷ নেলাগে নেলাগে দেও৷ সেইবোৰ কৈ বৰদেউতাৰৰ ৰোষত পৰিবলৈ নাই৷ যেনে তেনে হেপুটেপুকৈ দেহাটো লৈ ফুৰিছোঁ আই৷
সঁচাকৈয়ে টেকেলিফুটাৰ ঘটনাটো মনত পৰি হাঁহি উঠিল৷ তেতিয়া নদী পাৰ হওঁ ফেৰীৰে৷ ব্ৰহ্মপুত্ৰৰ বালিত এচোৱা খোজ কাঢ়িব লাগে৷ বাৰিষাৰ সময়ৰ কথা অৱশ্যে বেলেগ৷ ঘটনাটো খৰালি কালৰ৷ নিমাতীঘাট পাৰহৈ ঢকুৱাখানালৈ যাব লাগে৷ আৰু ৰাতিখন নিমাতীঘাটৰ পৰা ঢকুৱাখানালৈ যোগাযোগৰ ব্যৱস্থা নাই৷ অগত্যা তাৰে ডাকবঙ্গলাত থাকি যাব লগা হয়৷ সেইদিনা টেকেলিফুটা পাওঁতে নিশা গভীৰ হৈছিল৷ কণকনীয়া ঠাণ্ডা, তাতে নদীৰ ফালৰ বতাহত সিৰসিৰাই গৈছিল শিৰা উপশিৰা৷ বৰমা, মই আৰু ভনী এটা ৰুমত থাকিলোঁ৷ কাষৰ ৰুমত বাবা দা আৰু বৰদেউতা৷ বাহিৰত জিলিৰ চিঞৰ মাজে মাজে নাম নজনা চৰাই এটাই বিকট চিঞৰ মাৰি পৰিৱেশটো আৰু জয়াল কৰি পেলাইছিল৷ কিবা কথা পাতিলেই বৰমাই ফুচফুচাই যেনেকৈহে চকু কেইটা টেলেকা কৰি কথা কয় যে মোৰ অণ্ঠকণ্ঠ শুকাই যায়৷ এনে লাগে এয়া যেন বৰমাই হাঁহি হাঁহি ক’ব মই তহঁতৰ বৰমা নহয়৷ ভয়তে দুইজনীৰ মাজত শুম বুলি ভাবিছিলো যদিও বৰমালৈ সন্দেহ এটা সোমাই থকাত মই ভনীৰ কাষত শুম বুলি ক’লোঁ৷ সেই ৰাতি প্ৰকৃততে কি হৈছিল আজিও মোৰ দুৰ্বোধ্য হৈ থাকিল৷ মুঠতে মাজৰাতি যেতিয়া সাৰ পাই উঠিছিলোঁ তেতিয়া ৰুমটোৰ ভিতৰত অজস্ৰ বাদুলি৷ মনতে ভাবিলোঁ
– “ধৈ এইকেইটা মহেই হ’ব৷ ঘৰৰ কাষত যিমানহে হাবি তাৰপৰা বনৰীয়া মহ সোপাকে সোমালে চাগৈ৷ মইহে টোপনিৰ জালত মহকে বাদুলি যেন দেখিছোঁ৷”
লেপখন মূৰলৈকে ঢাকি আকৌ টোপনি যাবলৈ চেষ্টা কৰিলোঁ৷
কট কট কট! শব্দটো মোৰ ঠিক ওচৰতে শুনা যেন লাগিল৷ ঠাণ্ডা ঠাণ্ডা বতাহ এচাটিয়ে কাণখন চুই গ’ল৷ মনত পেলাবলৈ যত্ন কৰিলোঁ লেপখনেৰেতো মূৰটো ঢাকি লৈছিলো, তাৰপিছতো লেপৰ ভিতৰতে চেঁচা বতাহ৷ চকুকেইটা জোৰকৈ মুদি দি লেপৰ ভিতৰতে ভুতক থিয় গোৰ গোটাচেৰেক সুধাই দিলোঁ৷ উৱ! শূন্যতে ভৰিকেইটা যেন ঘূৰালোঁ তেনে লাগিল৷ ভয়ত হিতাহিত জ্ঞান হেৰুৱাৰ উপক্ৰম হ’ল৷ তাৰমানে মোৰ শৰীৰৰ আৰু মোৰ শৰীৰ হৈ থকা নাই৷ ভুতে টোটেলি কব্জা কৰিলে৷ তাৰমানে মই মানুহ হৈ থকা নাই ভূত হৈ গ’লোঁ৷ ভয়টো কমা যেন লাগিল৷ এতিয়া আৰু ভূতলৈ কিহৰ ভয়৷ ভূত হ’লোৱেই যেতিয়া৷ ৰহ এতিয়া মোক ভূত বনোৱাটোক দিম মজা বুলি কট্ কট্ আৱাজ কৰি থকা দিশত হাতখন বাই চালোঁ৷ আও ভূত নহয়, এইজনী ভূতুনীহে! ইমান দীঘল চুলি! এটা কথা আগতে শুনিছিলো ভুতক মানুহে স্পৰ্শ কৰিব নোৱাৰে৷ কিন্ত এতিয়াতো মই ভূত ক’ত যাবি সাৰি বুলি হাতত ভূতুনীৰ চুলি পকাই লৈ এক টান মাৰিলো৷ ভূতুনীয়ে মা ঐ মা ঐ কৈ চিঞৰি উঠিল৷ মই বোলো,
– তই মোক ভূতুনী বনালিয়ে, কিন্তু ভনী আৰু বৰমাক ভূতুনী বনাবলৈ নিদিওঁ৷
সৰু ভূতুনীৰ চিঞৰত ক’ৰবাৰ চুকত লুকাই থকা মাক ভূতুনীৰ আবিৰ্ভাৱ হৈ “চুঃ চুঃ! যাঃ এৰ মোৰ ছোৱালী” বুলি চিঞৰাত লাগিল৷ মইও আন্ধাৰতে মোৰ নখকেইটাৰে মাক ভূতুনীক বাকুহী পেলালোঁ৷ তেনেকুৱাতে জীয়েক ভূতুনী মোৰ হাতৰপৰা এৰ খাই দৌৰ মাৰিলে৷ হঠাৎ লাইটটো জ্বলি উঠিল৷ তেতিয়াহে দেখোঁ ভনীৰ চুলি একোচা মোৰ হাতত আৰু বৰমাৰ হাতত মোৰ নখৰ আঁচোৰ৷ পিছতহে গম পাই বৰমাই দুইজনীকে মৃদুকৈ বকনি অলপ দিলোঁ৷ বৰমাই যদি সেই ৰাতি নিজৰ ঠাণ্ডাৰ কথা বেছি ভাবি টোপনিত লেপখন নিজৰ গায়ে মূৰে মেৰিয়াই নল’লেহেঁতেন, তেতিয়া না ভনীয়ে দাঁতেৰে কট কট শব্দ কৰিলেহেঁতেন না মই ভূতুনী হ’লোহেঁতেন৷ পিছৰাতি ইজনীয়ে সিজনীক দোষোতে দোষোতে ৰাতিপুৱা হ’লগৈ৷ বাবা দা আৰু বৰদেউতাই সকলো শুনি হাঁহিত থাকিব নোৱাৰা হ’ল৷ গতিকে বৰমাই মোৰ ভয়ত ভূতৰ গল্প কোৱাই বাদ দিলে৷ তথাপি কুটুৰিলত আৰম্ভ কৰিলে – গৰমৰ দিন, বৰমাই ফুট গধূলিতে ভাত বনাবলৈ জুহালত বহি লৈছিল৷ টৌত পানীখিনি বকবকাই উতলি আছিল৷ চাউলকেইটা দি গৰম হৈ থকা ডাইলখিনিত ফুৰণ মাৰিবলৈ কেৰাহিখন পাতি দিলে৷ বৰদেউতাৰ ওপৰত উঠি অহা খংটো তেতিয়াও জামৰা নাই৷ ইফালে কেৰাহিৰ তেল গৰম হৈ ধোঁৱাবলৈ ধৰিছে৷ কটা পিয়াঁজ কেইটুকুৰামান আৰু পাঁচ ফুৰণ তেলখিনত দি ডাইলখন তাতে বাকি দি ভিতৰত বৰদেউতাই শুনাকৈ ভোৰভোৰাই ক’লে,
– পাচলি অকণ নাই ঘৰখনত৷ এতিয়া ল’ৰা-ছোৱালী কেইটাক কি বনাই দিম?
ভিতৰৰপৰা বৰদেউতাই শুনিলে চাগৈ বৰমাৰ কথা৷ মইনাক মাতি ক’লে,
– কণীসোপা কি হ’ল? তাকে ভাজক৷ আলুগুটি আছেইচোন, তাকে বনাওক৷
মইনা আহি পাকঘৰৰ দোৱাৰ মুখ পাইছে আৰু কাষৰ খিৰিকীখনেদি কেঁচুমটা দুটামান আহি বৰমাৰ ভৰিৰ ওচৰত পৰিলহি৷ মইনা, বৰমা দুইটা উচপ খাই উঠিল৷ কেঁচুমটা আহিল ক’ৰপৰা! বৰমাই যেন কিবা বুজি পালে কেঁচুমটাকেইটা খিৰিকীৰে বাহিৰলৈ দলিয়াই দি ক’লে,
– তোৰে ল’ৰা-ছোৱালীক খোৱাগৈ, মোৰ ল’ৰা ছোৱালীয়ে এইবোৰ নাখায়৷
-কাক ক’লি তেনেকৈ?
খিৰিকীৰে বাহিৰলৈ জুমি চাই মইনাই সুধিলে৷
– দৌতটোক ক’লোঁ৷
মইনাই বৰমাৰ কথা একো বুজি নাপালে৷
– দেউতাই কণী পিয়াঁজ দি ভাজিবলৈ কৈছে আৰু আলু ভাজিবলৈ……
কথা শেষ হ’বলৈ নাপালেই মইনাৰ, বৰমাই আৰু অলপ টানকৈ ক’লে,
– একো এটা আনি নিদিলে দিনতে, এতিয়া আকৌ ফৰমাইচ দিয়ে!
এইবাৰ শামুক চাৰিটামান কোনোবাই খিৰিকীৰে দলিয়াই থৈ গ’ল৷ মইনাই ততেই ধৰিব নোৱাৰিলে৷
বৰমাৰ খং দুগুণ চৰিল৷ শামুককেইটা বুটলি দলিয়াই দি ক’লে,
– বাপেৰকে শামুক খোৱাগৈ যা৷ খং উঠাই নল’বি৷
বাপেৰক শব্দটো শুনি মইনা ভিতৰলৈ লৰ লগালে৷
বৰদেউতাৰ ওচৰ পাই ফোপাই জোপাই ক’লে
– দেউতা, মায়ে আপোনাক আজি ভাত নিদিবই চাগে৷ শামুককে খাবলৈ কৈছে৷
বৰদেউতা পিছত ভাত খাবলৈ আহিহে গোটেই ঘটনাটো শুনিবলৈ পালে৷
মইও কাহিনী শুনি বৰমাৰ কাষ চাপি বহিলোঁ৷ এইবাৰ কিন্তু ভয় নালাগিল৷ মনটোত অলপ আনন্দহে লাগিল। এনেকৈ কিবা নাই বুলি কৈ কিবা কিবি মনৰ পচন্দৰ বস্তু লৈ ল’ব পাৰিচোন৷
– অ’ বৰমা কোনে দলিয়াইছিল সেইবোৰ? বৰদেউতাই আপুনি বকি থকা দেখি দলিয়াইছিল চাগে?
– ধেই এইজনী আকৰীজনী৷ এতিয়া ৰাতিখন সেইবোৰৰ নাম ল’ব নাপায়৷.সেইবোৰ আপদীয়া কিবা বস্তু৷ আজি ঘৰত খাবলৈ একো নাই বুলি কোৱা দেখিহে দিছিল৷
– এটা কাম কৰোঁ৷ মোৰ বৰকৈ মৰ্টন খাবলৈ মন গৈছে৷ আমাৰ ঘৰত নাই যে কৈ দিয়ক না৷ তেতিয়া দলিয়াব নহয় আপদীয়াই৷
বৰমাই ভিতৰলৈ চাই মইনাক চিঞৰিলে,
– মইনা এইজনীক নেহিচোন৷ মোৰ আজি এইজনীয়ে ভাত ৰন্ধা নকৰিব৷
মইনা তৎক্ষণাত হাজিৰ হ’ল৷ মোৰ অলপ সন্দেহ হ’ল
– মইনা দুৱাৰৰ চুকত আছিলিনে কি? ইমান ফত্কৰে ওলালিহি যে?
কপি কঁপি বৰমাক ক’লোঁ,
– বৰমা অ’, ই আপুনি কোৱা আপদীয়াটো ৰূপলৈ অহা নাইতো?
শেষত যেনিবা মইনাই জুইৰ ওপৰত হাতখন দি মইনা বুলি পৰিচয় দিলতহে ৰক্ষা৷
– ব’ল, মই তোক আৰু বঢ়িয়া দৌতৰ কাহিনী শুনাম বুলি ফুচুলাই বৰমাৰ কাষৰপৰা আঁতৰাই আনিলে৷
উঠি আহোঁতে পিছফালৰপৰা বৰমাই কোৱা শুনিলো,
– হাই ঔ প্ৰভু! কিমান আৰু কাহিনী ক’ম ভাবি ভাবি৷
মইনাৰ পিছে পিছে ভিতৰলৈ যাওঁতে তাক সুধিলোঁ
– ঐ মইনা, বৰমাই কোৱা কাহিনীটো সঁচা নে মিছা?
সি মুখেৰে একো নকৈ ৰহস্যময় হাঁহি এটা মাৰি মোৰ লগত ভিতৰ পালেহি৷
☆ ★ ☆ ★ ☆
7:52 am
হাঃ হাঃ মজা লাগিল বৰ্নালী!