সংখ্যাটোৰ আঁৰৰ কথা
দেবজিত শৰ্মা আৰু সম্পাদক! জীৱনত অন্ততঃ বেলেগ সপোন দেখিলেও এই সপোনটো দেখা নাছিলো বা কল্পনাৰো অতীত আছিল৷ ফটাঢোল নামৰ গোটটোলৈ অহাৰ আগলৈকে লিখাৰ নামত দুই এটা কবিতা (!) লিখিছিলো৷ গদ্য সাহিত্য লিখাৰ হেঁপাহ এটা আছিল যদিও সাহসৰ অভাৱ আৰু লাজতে থমকি ৰ’ব লগা হৈছিল৷ প্ৰায় ২ বছৰমান আগতে এই গোটটোৰ লগত পৰিচিত হ’লো, লেখাবোৰ পঢ়ি আমোদ পোৱাৰ লগতে দুই এটা মন্তব্যৰে আলোচনাবোৰত অংশগ্ৰহণ কৰিবলৈ ধৰিলো৷ চিনাকি বাঢ়িল, শুভাকাংক্ষীৰ তালিকাখন দীঘল হ’বলৈ ধৰিলে৷ লাজে ভয়ে দুই এটা লেখা দিবলৈ আৰম্ভ কৰিলো, সকলোৰে সহাৰি আৰু উৎসাহজনক মন্তব্যবোৰে সাহস দিলে৷ কলমটোৱে গতি লাভ কৰিলে৷ ফটাঢোলত যোগ হোৱাৰপৰা যি দুই এটা লিখিবৰ সাহস কৰিছোঁ, সেয়া মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ প্ৰাপ্তি৷ তুলনাহীন৷ ফ’কাচ নামৰ এন জি অ’ৰ জৰিয়তে বিভিন্ন সময়ত আৰ্তজনৰ বাবে সকলোৰে লগত মিলি কিবা এটা কৰাৰ প্ৰয়াস কৰিছিলো, যাৰ পৰিপ্ৰেক্ষিতত মোৰ কান্ধত ফ’কাচৰ সম্পাদকৰ দৰে গধুৰ দায়িত্বও অৰ্পণ কৰা হ’ল৷ এয়াও এক আজীৱন শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে স্মৰণ কৰিব পৰা অভিজ্ঞতা৷
ৰিণ্টুদাৰ লগত প্ৰথম চিনাকি যোৰহাটত অনুষ্ঠিত হোৱা ফটাঢোলৰ প্ৰীতি সন্মিলনত৷ পিকনিক আৰু নগাওঁ-গুৱাহাটীৰ সন্মিলনত গৈ সেই সহৃদয়তা বাঢ়িল৷ চিনাকিৰপৰা ককায়েক তথা অভিভাৱকৰ আসনত ঠাই পালে৷ মৰম আৰু আদেশ মিহলি ৰিণ্টুদাৰ কথা পেলাব নোৱাৰা হৈ পৰিলো৷ সেই ৰিণ্টুদাৰে ছেপ্টেম্বৰ মাহৰ ২৯ তাৰিখে এটা ফোন আহিল, ফটাঢোল ই-আলোচনীৰ ডিচেম্বৰ সংখ্যাৰ সম্পাদকৰ দায়িত্ব মই ল’ব লাগে৷ ভয়ে ভয়ে সন্মতি দিলো যদিও চিন্তাত পৰিছিলো পাৰিম নে নোৱাৰিম এই ভাবি! নবেম্বৰৰ ৪ তাৰিখে মেচেঞ্জাৰ গ্ৰুপ এটা খুলি মোক যোগ কৰা হ’ল৷ দেখি সঁচাকৈয়ে আচৰিত হ’লো, সম্পাদনা সমিতিৰ প্ৰত্যেকজন সদস্যৰ ইমান উৎসাহ আৰু মৰম আলোচনীখনৰ প্ৰতি৷ হেমন্ত কাকতিদা, অভিজিত কলিতাদা, চবিনা বা, প্ৰণীতা বা, আৰাধনা বৰুৱা বা, পৰীস্মিতা, ঋতুপৰ্ণা আৰু যাক সেনাপতি বুলি ক’ব পাৰি ৰিণ্টুদা, নিজৰ ভাষাটোক কিমান ভাল পালে বা দায়বদ্ধতা থাকিলে আপোনালোকৰ দৰে অত্যন্ত ব্যস্ততাৰ মাজতো এখন আলোচনীৰ বাবে দেহে কেহে খাটিব পাৰে!
আলোচনীখনৰ বেটুপাট অংকণৰ বাবে আৰাধনা বৰুৱাবাৰ লগতে দিগন্তদাৰ ওচৰত কৃতজ্ঞ হৈ ৰ’লো৷ বৰ্ণাশুদ্ধিৰ ক্ষেত্ৰত ইমান ব্যস্ততাৰ মাজতো সময় দি লেখাবোৰ চাই দিয়াৰ বাবে প্ৰণীতা বা, চবিনা বা, পৰীস্মিতা আৰু ঋতুপৰ্ণাৰ ওচৰত চিৰকৃতজ্ঞ৷ বহুতো লেখা শেষৰ কেইদিনতহে হাতত পৰিছিল, গতিকে ইমান কম সময়ত নিয়াৰিকৈ বৰ্ণাশুদ্ধিৰ কামখিনি কৰি দিয়াতো সঁচাকৈয়ে দুৰুহ যদিও আপোনালোকে সেই কঠিন কামটোও সহজে কৰি দিলে৷ আলোচনীৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈছে সাক্ষাৎকাৰ, সঞ্জীৱ ভট্টাচাৰ্য্যদায়ে আগভাগ লৈ যোগাযোগ কৰি দিলে৷ পাৰ্থ প্ৰতিম শৰ্মা আৰু দুলাল চন্দ্ৰ বৰাই সাক্ষাৎকাৰ গ্ৰহণ কৰি মোক বহুত ডাঙৰ চিন্তা এটাৰপৰা মুক্ত কৰিলে৷ তিনিওজনকে এই সুযোগতে ধন্যবাদ জনালো৷ কংকনা, বিজু আৰু বিতুপৰ্ণাই সাক্ষাৎকাৰৰ প্ৰশ্নোত্তৰসমূহ যুগুত কৰি দিলে, ককায়েক হিচাপে মৰম আৰু আশীষ থাকিল৷
ৰিণ্টুদা, অভিজিতদা,ভাস্কৰ দা আৰু হেমন্ত কাকতিদা আপোনালোকক ধন্যবাদ নিদিওঁ৷ আপোনালোকৰপৰা পোৱা সহায় তথা উপদেশ ভাতৃ হিচাপে অধিকাৰ বুলিয়েই ধৰি লৈছোঁ৷ বহুতো কথা শিকাৰ সুযোগ পাইছোঁ আপোনালোকৰপৰা, এই মৰম আৰু আশীষ যেন সদায়েই থাকে তাকেই বিচাৰিম৷ ৰিমঝিম বৰঠাকুৰে ব্যক্তিগত ব্যস্ততাৰ মাজতো দিহা পৰামৰ্শ তথা উপদেশৰ লগতে এটা লেখা দি কৃতাৰ্থ কৰিলে, তোমালৈ ধন্যবাদ থাকিল৷ ৰাজশ্ৰী শৰ্মাই ফটাপ্ৰশ্নসমূহ সংগ্ৰহ কৰি দিলে, কৃতজ্ঞ হৈ ৰ’লো তোমাৰ ওচৰত৷
শেষত সম্পাদনা সমিতিৰ প্ৰত্যেকজন সদস্যৰ লগতে এই সংখ্যাত নিজৰ লেখা দি আমাক বাধিত কৰা সকলো লেখক-লেখিকাৰ ওচৰত কৃতজ্ঞ হৈ ৰ’লো৷ আপোনালোকৰপৰা পোৱা সহাৰিয়ে মোক আজীৱন জীপাল কৰি ৰাখিব৷ সাধাৰণ এজন পঢ়ুৱৈৰপৰা সম্পাদকৰ আসন শুৱনি কৰিব পৰাটো মোৰ জীৱনৰ এক উল্লেখযোগ্য সফলতা বুলিয়েই গণ্য কৰিম আৰু ইয়াৰ সমগ্ৰ কৃতিত্ব ফটাঢোল পৰিয়ালৰ৷
হাঁহি থাকক, হহুঁৱাই থাকক৷ জয়তু ফটাঢোল৷
দেবজিত শৰ্মা
সম্পাদক, ফটাঢোল ই আলোচনী
তৃতীয় বছৰ, ষষ্ঠ সংখ্যা
10:42 pm
কথা খিনি সুন্দৰ কৈ লিখিলে । ভাল লাগিল
12:18 am
আমি কাম ভালেই কৰো বাৰু, কিন্তু কামৰ শেষত হাঁহে মাহে এসাজ খাবলৈ পালে খুচ হৈ যাও। বিয়াতে খাম বুলি ধিয়াই আছো আৰু।
ধেমালি বাদ দি, এই আলোচনীখন আমাৰ সম্পদ, আমাৰ গৌৰৱ। আৰু এই আলোচনীখন এখোজ আৰু আগুৱাই নিব পাৰিলা, কাৰণ তুমিও এই সপোনটোৰ এৰাব নোৱাৰা অংগ এটা। সম্পাদক হোৱা কথাটো এই গুৰুত্বপূৰ্ণ যাত্ৰাৰ এচোৱা ছুটি পথ হে।
12:39 pm
আলোচনীখনৰ ভাল হওক…. আৰু আগুৱাই যাওক।
12:47 pm
আলোচনীখনৰ জয়যাত্ৰা অব্যাহত থাকক।