ফটাঢোল

সুহুৰি – সোমকান্ত শইকীয়া

সুহুৰি —এটা অতি পৰিচিত শব্দ। দুয়োটা ওঁঠ অলপ জোঙা কৰি বিশেষ কিটিপ খটুৱাই মুখৰ ভিতৰৰ পৰা বায়ু বাহিৰলৈ ওলিয়াই দিলে যি এটা সাঙ্গিতিক শব্দৰ সৃষ্টি হয় তাকে সুহুৰি বোলে —–এই কথা ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৱে জানে। সুহুৰিক সংগীতৰ বাদ্য-যন্ত্ৰৰ দৰেও ব্যৱহাৰ কৰিব পাৰি। সৌ সিদিনালৈকে কিশোৰ কুমাৰৰ মুখেৰে নিৰ্গত হোৱা সুহুৰি নুশুনা বা শুনি ভাল নোপোৱা মানুহ ভাৰতত কোনোবা আছে বুলি মনে নধৰে।

ডেকা বয়সত সকলোৱেই সুহুৰি বজায় —-বেলেগ সময়ত নহ’লেও গা ধোওঁতে গা-ধোৱা ঘৰত সকলোৱে জীৱনত এবাৰ হ’লেও সুহুৰি মাৰিছে বুলি মই ন দি ক’ব পাৰোঁ। অকল মনৰ আনন্দ প্ৰকাশৰ বাবে সুহুৰি বজালে একো কথা নাই — এটা সময়ত বা এটা বয়সত কোনো কোনো চেঙেলীয়া ল’ৰাৰ কাৰণে সুহুৰি ‘ছোৱালী জোকোৱা’ৰ মাধ্যম হোৱাও দেখা যায় —আৰু এই শ্ৰেণীৰ উৰুলিপুঙা চেঙেলীয়া ল’ৰাৰ কাৰণেই সকলোৰে বাবে ‘স্থান-কাল-পাত্ৰ’ ভেদে সুহুৰি এক বিপজ্জনক বস্তু হৈ পৰিব পাৰে! তাৰে এটা সৰু কাহিনী আজিৰ এই লিখাৰ প্ৰতিপাদ্য বিষয়।

মোৰ চেহেৰাৰ এটা জন্মগত খুঁত হ’ল মোক হেনো দেখিবলৈ বয়সতকৈ সৰু যেন লাগে। মই যেতিয়া কলেজৰ পৰা ওলায়েই স্কুলত শিক্ষক হিচাপে নিযুক্তি পালোঁ – – – প্ৰথম মোক দেখিয়েই অধ্যক্ষৰ সন্দেহ হ’ল —“পাৰিবনে একাদশ শ্ৰেণীৰ ডেকা ডেকা ল’ৰাবোৰ চম্ভালিব –এই পেন্দুকণাটোৱে! তাৰ প্ৰমাণ চাবলৈকে চাগৈ মোক প্ৰথম দিনাৰ প্ৰথম ‘ক্লাছ’টো একাদশ শ্ৰেণীত পদাৰ্থ -বিজ্ঞান পঢ়ুৱাবলৈ দি মনে মনে খিৰিকীৰে বাহিৰত থিয় হৈ চাই আছিল; মোৰ অজ্ঞাতে সেই পৰীক্ষাত মই সুখ্যাতিৰে উত্তীৰ্ণ হ’লোঁ। যি কি নহওক, সেই শিক্ষকতাৰ সময়খিনি মই গহীন হৈ থাকিবলগীয়া হৈছিল —ঘৰে বাহিৰে, যদিও মোৰ ডাঢ়ি গজাই নাছিল ভালকৈ।

মোৰ আবাসটো আছিল স্কুলৰ অধ্যক্ষৰ ঘৰৰ মুখে মুখে –গতিকে ঘৰততো সুহুৰি মাৰিবই নোৱাৰোঁ; বাহিৰত সুহুৰি মৰাৰ কথাও ভাবিব নোৱাৰি কাৰণ —ছাত্ৰ ছাত্ৰীৰ কথা বাদেই, কোনোবা অভিভাৱকে দেখিলে বা শুনিলেও একেবাৰে ওপৰ মহল পাবগৈ “শিক্ষকৰ অশোভনীয় আচৰণ”ৰ কথা।

গতিকে সুহুৰি নিষেধ! তাৰ পিছত যেতিয়া শিক্ষকতা এৰি ঔদ্যোগিক প্ৰতিষ্ঠানৰ চাকৰিয়াল হ’লোঁগৈ এখন নতুন ঠাইত –নতুন পৰিবেশত মই যেন স্বস্তিৰ নিশ্বাস ল’ব পৰা হ’লোঁ। ইয়াত কোনো সমালোচনা কৰোঁতা নাই। মন গ’লেই গান গাব পাৰোঁ, সুহুৰিয়াব পাৰোঁ যি মন যায় তাকে কৰিব পাৰোঁ!

আৰু এদিন ইয়েই মোলৈ বিপদ মাতি অনাৰ উপক্ৰম হৈছিল। গুৰুজন প্ৰসন্ন আছিল চাগৈ কোনো মতে বাচিলোঁ। তাৰ পাছৰ পৰাই আকৌ সুহুৰিৰ ওপৰত স্বপ্ৰণোদিতভাৱে নিষেধাজ্ঞা জাৰি কৰা হ’ল।

ঘটনাটো এনেধৰণৰ…. এদিন আবেলি সময়ত চাইকেলখন লৈ মোৰ সহকৰ্মী বন্ধু এজনৰ ঘৰলৈ গৈছিলোঁ। চাইকেলখন পদূলিতে থিয় কৰাই –চাবি মাৰি সোঁহাতৰ তৰ্জনী আঙুলিৰে চাবিটো ঘূৰাই ঘূৰাই সুহুৰি মাৰি মাৰি বন্ধুৰ ঘৰলৈ সোমাই গ’লোঁ। বন্ধুৰ লগত হাঁহি ধেমালি কৰি কিছু সময় আড্ডা দি হোটেলত ভাত-পানী খাই ঘৰলৈ আহি নিশ্চিন্তমনে শুই থাকিলোঁহি. গ’ল কথা গুচিল।

পিছদিনা মই মোৰ কৰ্ম-স্থলীত সহকৰ্মীৰে সৈতে কাম কৰি থাকোঁতে বেলেগ বিভাগৰ চিনাকি হাজৰিকা উপাধিৰ লোক এজনে মাতিলেহি — “শইকীয়া এইফালে আহকচোন, আপোনাক ফুকনে লগ কৰিব খুজিছে।”

মই ফুকন উপাধিৰ চিনাকি কিন্তু বিশেষ ঘনিষ্ঠতা নথকা লোকজনৰ ওচৰলৈ আগবাঢ়ি গ’লোঁ।

“কওকচোন হাজৰিকা, কিয়বা মাতিলে?”

“কালি আবেলি আপুনি অমুকৰ কোৱাৰ্টাৰলৈ গৈছিল?”

“হয়, গৈছিলোঁ।”

“আপুনি সুহুৰি মাৰিছিল?”

“হয়, মাৰিছিলোঁ। মানে মই সুহুৰি মাৰি ভাল পাওঁ। ৰ’বচোন, আপুনি সুহুৰি মৰাৰ কথা সুধিলে যে, কিয়?”

“আপুনি মোৰ ভাগিনীজনীক জোকাবলৈহে আচলতে সুহুৰি মাৰিছিল!”

“মই আপোনাক বা আপোনাৰ ভাগিনী কাকো দেখাই নাছিলোঁ। জোকোৱাৰ কথা আহিবই নোৱাৰে, মই কৈছোঁৱেই সুহুৰি মাৰি মই ভাল পাওঁ। এনেয়ে য’তে ত’তে মাৰোঁ। ভুল নুবুজিব আৰু আপোনাৰ ভাগিনীকো ক’ব কথাটো ভুল বুজি নাথাকে যেন!”

সেই বাৰলৈ হাজৰিকা নামৰ উমৈহতীয়া বন্ধুজনৰ মধ্যস্থতাত কোনোমতে বেছিকৈ অপমানিত হোৱাৰ পৰা ৰক্ষা পৰিলোঁ সঁচা; কিন্তু তেওঁলোকো সম্পূৰ্ণ সন্দেহমুক্ত হোৱা যেন ভাব নহ’ল।

তেতিয়াৰ পৰা কঠোৰভাৱে সুহুৰি নিয়ন্ত্ৰণ অভিযান অব্যাহত ৰাখিছোঁ অদ্যপৰিমিত! ক’বতো নোৱাৰি কেতিয়া ক’ত লঘু-লাঞ্ছনা পাবলগীয়া অৱস্থা হয়!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *