ফটাঢোল

পীৰা – বীৰা – পীড়া (ব্যঙ্গ নাটিকা) : গীতাৰ্থী গোস্বামী

(মঞ্চৰ এফালে অসম প্ৰগতি কাকতৰ কাৰ্য্যালয়, এফালে ফণীধৰ বৰুৱাৰ চোতাল। বৰুৱাৰ কাণ দুখন অলপ গধুৰ)

বৰুৱা : (মোবাইলত নম্বৰ টিপি কাণত মোবাইল লৈ) হেল্ল’ হেল্ল’। অসম প্ৰগতিৰ সম্পাদকৰ অফিচ হয়নে?

সম্পাদক : হয়, কওকচোন।

বৰুৱা : নহয়? ছেঃ ভুল নম্বৰ লগালোঁ নেকি?

সম্পাদক : হয়, হয়। ময়ে অসম প্ৰগতিৰ সম্পাদক। আপুনি কি ক’ব খুজিছে কওক।

বৰুৱা : অ’ হয় হয়। মোৰ নাম ফণীধৰ বৰুৱা। মই দফলাচুকৰপৰা কৈছোঁ।

সম্পাদক : দফলাচুকৰপৰা?

বৰুৱা : হেৰি পগলাচুক নহয়, দফলাচুক, দফলাচুক।

সম্পাদক : ঠিক আছে। কি হ’ল কওক।

বৰুৱা : মোৰ মানে ঘৰৰপৰা ককাদেউতাৰ দিনৰ পীৰা এখন চুৰি হৈছে।

সম্পাদক : পীৰা হেৰোৱা খবৰ আমাৰ কাকতত ছপাব নোৱাৰোঁ।

বৰুৱা : হেৰি সম্পাদক, বীৰা হেৰোৱা নাই। পুহিলেহে হেৰাব বীৰা। পীৰাও পীৰা একেবাৰে তামুলী পীৰা এখন হেৰাইছে। উনৈশ শ সাতাৱন্ন চনতে ককাই নিজহাতে বনোৱা পীৰা। হেৰি, ককাদেউতাৰ সম্পদবিধ হেৰুৱাই মই একেবাৰে চকুৰে ধোঁৱাকোঁৱা দেখিছোঁ বুজিছে? কাকতত এটা বিজ্ঞাপন নতুবা বাতৰি ছপা কৰি দিয়কহে। কোনোবাই নিছে যদি ঘূৰাই দিলে উপযুক্ত পুৰস্কাৰ দিম।

সম্পাদক : কিন্তু ঘৰৰ ভিতৰৰপৰা আপোনাৰ পীৰাখন হেৰাল কিদৰে?

বৰুৱা : কেনেকৈ হেৰাল সুধিছে নে? (কন্দনামুৱা হৈ) কি ক’ম সম্পাদক। শ্ৰীমতী গৈছিল দুপৰীয়া গাঁৱৰ এঘৰত মেল মাৰিবলৈ, মই গৈছিলোঁ, মানে ওৱাইন
শ্বপলৈ। ল’ৰাটো পুৱাতে ভটভটীখন লৈ ওলাল যি ওলাল একেবাৰে ৰাতিহে আহিছে। শ্ৰীমতীয়ে হওঁতে মোক ঘৰৰখীয়া পাতি গৈছিল। মইহে বোলো একো চোৰ নোসোমাই, সাউতকৈ গৈ আহোঁ। অ’ গধূলিহে মন কৰিছোঁ পীৰাখন নাই।

সম্পাদক : আপোনাৰ পত্নীয়ে দুপৰীয়া আপোনাক ঘৰ গটাই চুবাৰ ঘৰলৈ গৈছিল, আপুনিনো ঘৰখন ঢোবাংবাং কৰি কিয় গুচি গৈছিল?

বৰুৱা : হেৰি সম্পাদক, কি কথা কয়হে? সুৰাৰ ঘৰলৈ পত্নী যোৱা নাছিল, মইহে মানে তেওঁ নাথাকোঁতেই বোলোঁ…….

সম্পাদক : আপুনি ওচৰে – পাজৰে খবৰ কৰক। পীৰা ওলাই যাব।

বৰুৱা : আকৌ বীৰা। মই বীৰা নোপোহোঁ। পীৰা, পীৰা।

(তেনেতে বৰুৱাৰ পত্নীয়ে মূৰত তামুলী পীৰা এখন লৈ বৰুৱাৰ কাষত থিয় দিয়েহি। খপজপকৈ ফোনটো কাটি বৰুৱাই আচৰিত হৈ চায়)

বৰুৱা : আৰে, ক’ত পালা এইখন? চোৰটো কোন? নামটো কোৱা। এতিয়াই তাক ডিঙিত ধৰি উলিয়াই আনি কি কৰোঁ চোৱা।

বৰুৱানী : হ’ব হ’ব। কাকতৰ বিজ্ঞাপন ওলাবলৈ দিয়ক। ময়ো লিখিম কাকতত আপোনাৰ কৰ্মধাৰা।

বৰুৱা : এহ্ মই ধাৰ্মিক মানুহ বুলি সকলোৱে জানে। মোৰ ধৰ্মধাৰাৰ কথা লিখিব নালাগে। পীৰাখন ক’ত পালা সেইটো কোৱা।

বৰুৱানী : সিদিনা মই নথকাত দুপৰীয়া বহি বহি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি অমৃত পান কৰিবলৈ পীৰাখন পুখুৰীৰ পাৰলৈ লৈ যোৱা নাছিল জানো?

বৰুৱা : কোনে নিছিল? অমৃতে? তাৰ ইমান সাহ?

বৰুৱানী : ৰ’ব, কাৰ কিমান সাহ দেখুৱাই আছোঁ। (লাঠি এডাল বুটলি লৈ বৰুৱাক কোবাবলৈ ধৰে) পালেনে পীৰা? পীৰা আৰু লাগেনে?

বৰুৱা : (জঁপিয়াই) পালোঁ ঔ। পীৰা, বীৰা, পীড়া সকলো পালো। আৰু একো নালাগে ঔ। পুখুৰী পাৰলৈ পীৰাখন ময়ে নিয়া কথাটোও মনত পৰি গ’ল। পীৰাখন পীড়া হৈ গ’ল ঐ, পীড়া হৈ গ’ল।

(হাতেৰে ভৰিখন মোহাৰি মোহাৰি বহি পৰে। পট পৰে)

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *