ফটাঢোল

জীয়াই থকাৰ হেঁপাহ – ৰাকেশ শৰ্মা

এজন ৰোগী ডাক্টৰৰ ওচৰলৈ গৈছিল বেমাৰ দেখাবলৈ। সকলো পৰীক্ষা কৰি ডাক্টৰ নিশ্চিত হ’ল যে তেখেতৰ কেঞ্চাৰ আছে আৰু বেছি দিন জীয়াই নাথাকে। সেয়ে ডাক্টৰে ৰোগীক ক’লে “আপুনি মাত্ৰ ছয়মাহ জীয়াই থাকিব।”

ডাক্টৰৰ কথা শুনি ৰোগীয়ে ভুত ভৱিষ্যতৰ সকলো কথা এফালৰ পৰা চিন্তা কৰিবলৈ ল’লে। সকলো চিন্তা কৰাৰ পিছত মনতে কৃত্ৰিম খং সৃষ্টি কৰি জেপৰ পৰা পিস্তলটো উলিয়াই ডাক্টৰৰ বুকুত তিনিটা গুলি সোমোৱাই দিলে। ডাক্টৰ জেগাতে চেতেপ। তাৰপিছত ক’ৰ্টত কেছ হ’ল, ৰোগীজনক দোষী সাব্যস্ত কৰি মুঠতে 20 বছৰ জেইল দিলে।

ক’ৰ্টৰ ৰায় শুনি ৰোগীৰ মন আনন্দত ভৰি পৰিল।

নিজকে সান্তনা দিলে, ৰক্ষা দুমাহতে যে ফাঁচি নিদিলে আইনে!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *