ফটাঢোল

কথাতেই বঁটা কথাতেই কটা : মনজিত

দিল্লীৰ ফালে বিজেপিৰ কিবা ডকুমেণ্টত বোলে আমাক আকৌ মাহী আইৰ চকুৰে চাইছে। কিবা বোলে আমিবোৰ হেনো ইমিগ্রেণ্ট। তাকে লৈ অসম প্রদেশত পুত্তলিকা জ্বলিলেই। কাইলে বন্ধও হৈ যাব পাৰে ঠিকনা নাই। অৱশ্যে অৰুণাচল নাগালেণ্ড মণিপুৰ মিজোৰামৰ ফালে ফিউজ লাইভবোৰ নাই কাৰণে এতিয়ালৈকে গম নেপায় চাগে। আনফালে বিজেপিয়ে আকৌ আত্মপক্ষক সমর্থন কৰি সেয়া প্রিণ্টিং মিছটেক নাইবা কেৰাণীৰ কেৰুণ বুলিছে। ষ্টুডিঅ’ই ষ্টুডিঅ’ই বুদ্ধীজিৱী উপদেষ্টা কৃ:নেতাসকলৰ তীব্র প্রতিক্রিয়া তীব্র বাক বিতণ্ডা তীব্র ধিক্কাৰ তীব্র গৰিহণাৰ মাজত উত্তাল মুখৰ পৰিবেশ। সকলো দেখি শুনি মোৰ পুৰণি কৌতুক এটি মনত পৰি গ’ল।

১)
এবাৰ আমাৰ গৃহস্থ দাইটিয়া বাপেকৰ বছেৰেকীয়া শ্রাদ্ধৰ হেতু গাঁৱৰ ভকত বান্ধবক নিমন্ত্রণ জনালে। সময় মতে ভকত আহিল। ভকতে নাম গুণ গাই উঠাৰ পিছত যোগাৰ কৰি ৰখা দৈ গাখীৰ আৰু জলপান আগবঢ়াই দি সেৱা ধৰি ক’লে,

: ৰাইজ আপোনাসবলে বুলি আগবঢ়ালোঁ। গৰু খোৱাই গৰু খাওক, ম’হ খোৱাই ম’হ খাওক আৰু দেই।

ভকতো ফায়াৰ। কথাষাৰত তীব্র প্রতিক্রিয়া ব্যক্ত কৰি গৰিহণা দি যাবলেই ওলালে। ঘটনা বিষম দেখি গৃহস্থ দাইটিয়ে কথাষাৰৰ সাৰমর্ম বুজাই ১০১ টকাৰ উধাৰনি দিয়াতহে খাবলে বহিল।

সাৰমর্ম আছিল,
“গৰুৰ গাখীৰৰ দৈ খোৱাই গৰুৰ গাখীৰৰ দৈ আৰু মহৰ গাখীৰৰ দৈ খোৱা মহৰ গাখীৰৰ দৈ খাওক।”

২)
খাই বৈ হ’ল। গৃহস্থ দাইটিৰ ফটা মুখে আকৌ খেলি মেলি লগালে,

: ঐ কোন আছ ঔ ভকতৰ হ’ল ঝাৰু মাৰি পিছফালে পিতনিত পেলাই দে।

ভকত আকৌ ফয়াৰ। আকৌ তীব্র প্রতিক্রিয়া, আকৌ তীব্র গৰিহণা, আকৌ ক্ষমা প্রার্থনা, আকৌ ১০১ টকাৰ উধাৰনি।

সাৰমর্ম আছিল..
“ ভকতৰ খাই হৈ গ’ল। কোন আছ খোৱা পাত পতুৱাবোৰ সাৰি মুচি পিতনিত পেলাই দেহি।”

৩)
পিতনিত পেলোৱা পাত পতুৱাবোৰৰ গোন্ধ পাই চেলেকিবলে ওচৰৰ কুকুৰবোৰে পিতনিত ভীৰ কৰিলে৷ স্বভাৱ সুলভ ভাবে নিজৰ মাজতে কাজিয়া কৰি সিহঁতে হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰিলে। সেই হুলস্থূলত অতীস্থ হৈ গৃহস্থৰ ফটা মুখ খালে নহয় আকৌ এবাৰ মেল,

: হেৰৌ সকামলে ভকত নেমাতি কিবা কুকুৰ সোপাকেহে মাতিলোঁ ঔ।

এইষাৰ শুনাৰ পিছতটো ভকত ভক ভককে উতলি উঠিল। অকল তীব্র প্রতিক্রিয়া, তীব্র গৰিহণাৰে উত্তাল কৰাতে ক্ষান্ত নাথাকি এইবাৰ গৃহস্থ দাইটিৰ পুত্তলিকা জীৱন্তে দাহ কৰিবলে ধূতি ডাঙি খেদিয়েই গ’ল।
মধ্যস্থতাকাৰী দাইটি এজনৰ হস্তক্ষেপত হাতে ভৰিয়ে ধৰি কোনো মতে বুজাই বঢ়াই ১০০১ টকাৰ উধাৰনিতহে পৰিস্থিতি কিছু শুধৰণি হ’ল।

এইষাৰৰ সাৰমর্ম নুবুজালেও হ’ব নিশ্চয়।

৪)
পৰিস্থিতি নিয়ন্ত্রনলে আহি কিছু শান্তহৈ ভকত সকল যাবলে ওলালে। পিছে হাঁহিৰাম কাইদেউৰ ওচৰা ওচৰি লেভেলৰ আমাৰ গৃহস্থ কাইটিৰ ফটা মুখ জানো তীব্র প্রতিক্রিয়া তীব্র গৰিহণাৰে বাধা দি ৰাখিব পাৰে। পিছফালৰ পৰা মাত দিলেই নহয়,

: বাৰু যি হ’ল হ’ল দায় দোষ নধৰিব। আপোনালোকে কিন্তু আজি মোৰ দমৰা পোৱালি এটা খালে দেই।

সাৰমর্ম
“গৃহস্থ দাইটিয়ে দমৰা এটা বেছি সকাম ভাগ পাতিছিল। সকামত খৰচ কৰি উঠি ১২০২ টকা বাচিছিল পিছে তাকো উধাৰনি লৈ গ’ল।”

ভকতো খং কৰি কৰি ভাগৰিল আৰু। নিজেই বুজি ল’লে যে ইয়াক আৰু কৈ লাভ নাই। ইয়াৰ ফটা মুখৰ যোৰা নমৰালৈকে নালাগে আৰু। সেয়ে পিছফালে নাচাই সকলো ঘৰমুৱা হ’ল৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *