ফটাঢোল

অথন্তৰ – মৌচুমী গগৈ

বিৰিণাই এই ৰাতিখন কি কৰিলে ভাল হ’ব একো উৱাদিহ নাপালে। কিহে পাইছিল বাৰু ইমান ৰাতিলৈকে বিহু চাই থকাৰ। সোনকালে গুচি অহা হ’লে হয়তো এইখিনি সমস্যা নহ’লহেঁতেন।এতিয়া ফোন কৰি মালিকনী বৰমাক জগাই দিলে, ইমান দেৰীলৈকে বাহিৰত থকাৰ বাবে দুয়োজনীয়ে বৈদ্দ্য গালি খাব সেইটো ধুৰূপ। লগতে মাকহঁতৰ কাণতো সেই কথাষাৰেই মা-মছলা লগাই আৰু বেছি ৰহণীয়া কৰি মালিকনী বৰমাকে লগাব, সিহঁতি ভালদৰেই জানে। নিজৰ একমাত্ৰ ছোৱালীজনী কলেজত পঢ়ি থাকোঁতেই লগৰে ল’ৰা এজনলৈ পলাই যোৱাৰ পিছৰেপৰা মানুহগৰাকীয়ে কাৰো লগতেই ভালদৰে কথা বতৰা নপতাই হ’ল। সকলো সময়তে কেৱল খিঙখিঙাই থাকে। বিৰিণাই ৰূপালীকো গালি দুটামান দিলে। তাই বেচেৰীয়ে এতিয়া চুপচাপ ৰৈ আছে। বিৰিণাই ভাত বনাই থাকোঁতে তাইক গেটৰ চাবিটো আগতেই বেগত ভৰাই ল’বলৈ মনত পেলাই দিছিল।ৰূপালীয়েহে ফূৰ্তিৰ কোবত পাহৰি থাকিল। বিৰিণাইও কথাটো ইমান মন নকৰিলে। এতিয়া পাইছে মজাটো। বিহু চোৱাৰ আনন্দ ইতিমধ্যেই পলাই পত্ৰং দিলেই।

আগৰ গলিটোৰ আন এটা ভাড়াঘৰত থকা সিহঁতৰ সহপাঠী জুলিহঁতৰ লগত কৰা প্লেনিং মতেই আজি বিৰিণা আৰু ৰূপালীয়ে কলেজৰ ওচৰৰ বিহুখন চাবলৈ গৈছিল। তাতে আকৌ গোটেইকেইজনীয়ে চাদৰ-মেখেলা পিন্ধি যাম বুলি থিৰাং কৰিলে। বিহু চাই থাকোঁতে কিমান দেৰী হ’ল সিহঁতে তলকিবই নোৱাৰিলে। কোনোবা এজনীয়ে সময়টো চাই কোৱাতহে গোটেই কেইজনী লৰালৰিকৈ গুচি আহিছে। জুলিহঁত নিজৰ ৰূমত সোমোৱাৰ পিছত তাই আৰু ৰূপালী আহি নিজৰ ভাড়াঘৰ পাইহে মহা বিপদত পৰিল। অলপ দেৰী ইফাল-সিফাল কৰি দুয়োজনীয়ে শেষত সেই উপায়টোকে কামত লগালে। ৰূমত সোমাইহে দুয়োজনীয়ে স্বস্তিৰ নিশ্বাস ল’লে। তাৰ পিছত দুয়োজনীয়ে ইমানেই হাঁহিব ধৰিলে যে তেতিয়া ৰাতি তিনিটা বাজিছে বুলি পাহৰিয়েই গৈছিল।

পিছদিনা ৰাতিপুৱাতেই বিৰিণাহঁতৰ দুৱাৰমুখত মালিকনী আহি হাজিৰ।যোৱাকালি ইমান ৰাতিলৈকে সিহঁতি কিয় হুলস্থুল কৰি আছিল তাকেই সুধিলেহি।বিৰিণাই অহা সপ্তাহত হ’ব লগা পৰীক্ষাৰ বাবে পঢ়ি উঠি অলপ কথা পাতিছিলে বুলি ক’লে। তাইনো বাৰু প্ৰকৃত কথাটো কেনেকৈ ক’ব যে, দুয়োজনীয়ে ৰাতিখন বিহু চাবলৈ গৈছিল আৰু গেটৰ চাবিটো লগত নিবলৈ পাহৰাৰ বাবে মেখেলা চাদৰ দাঙি গেটৰ ওপৰেৰে পাৰ হৈ আহিছিল।তাৰ পিছত ৰূমত সোমাই দুয়োজনীয়ে পাগলৰ দৰে ইমানকৈ হাঁহিছিল। উফঃ কমখন হাৰাশাস্তি হোৱা নাছিল যোৱা ৰাতি। কথাখিনি ভাবি বিৰিণাৰ আকৌ হাঁহি এটি ওঁঠত বিৰিঙি উঠিল।।

☆ ★ ☆ ★ ☆

8 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *