ফটাঢোল

পাচলি – প্ৰাঞ্জল শ‌ইকীয়া

বজাৰৰ ধেৰুৱা, ধনীয়া কিম্বা লাই
জুইৰ সমান দাম তুমি দেখা জানো নাই
বাৰীৰ কাষৰে মাটি সাৰুৱা
কোৰ এচাব ধৰাহে বৰুৱা
ৰবি খেতিৰে দিওঁ আহা বাৰীখন উপচাই।

 

 

খুতৰা, মানিমুনি, জিলমিল, তৰৈ
সোৱাদৰ কথা জানো নাজানা বিয়ৈ?
গেছ দিয়া ফুলকবি খাই
বেমাৰ নল’বা চপাই
(তাতকৈ) সৰুমাছৰ জোল খাবা লগত দি তৰৈ!

পিছফালৰ খেৰণিত লগালোঁ ৰঙালাও
দিনটোত দুবাৰকৈ সাৰ পানী যোগাওঁ
লমালমে লাও লাগিল
চুবুৰীয়াৰ জানো কি পুৰিল
মাজনিশাই লাও লৈ চোৰ হ’ল উধাও।

☆ ★ ☆ ★ ☆

 

Leave a Reply

Your email address will not be published. Required fields are marked *