ভালে থকাৰ অভিস্পাৰে জীৱনৰ আপডাল : আৰাধনা বৰুৱা
আমি কিমানে নিজক ভাল পাওঁ? এই কথাটো নিজকে সুধি চাইছোঁনে? প্ৰশ্নটো অগতানুগতিক কিন্তু অপ্ৰাসংগিক নহয়৷ জীৱন আৰু জীয়াই থকাৰ প্ৰণালীৰ প্ৰতি সকলোৰে ধাৰণা বেলেগ বেলেগ৷ কিন্তু সকলোৰে উদ্দেশ্য আৰু আশা একেই৷ সেয়া হৈছে উন্নতি আৰু সফলতা৷ কিন্তু উন্নতি আৰু সফলতাৰ প্ৰাসংগিকতা তেতিয়ালৈকেহে থাকিব যেতিয়ালৈকে শাৰীৰিক মানসিক সুস্থতা আৰু শেষ উশাহটো থাকিব৷
আপোন মানুহবোৰ, সহকৰ্মী বা বন্ধু বান্ধৱসকলৰ ক্ষেত্ৰত প্ৰায়ে দেখা পাওঁ অতিমাত্ৰা ব্যস্ততাৰ বাবে নিজৰ যত্ন ল’ব নোৱাৰা কথা৷ ব্যস্ততাৰ কাৰণে সুষম স্বাস্থ্যকৰ আহাৰৰ অভ্যাস কৰিব নোৱাৰা, বছৰত এবাৰো শৰীৰৰ নিয়মীয়া পৰীক্ষা নিৰীক্ষা নকৰা, শাৰীৰিক ব্যায়াম নকৰা ইত্যাদি৷ মেডিটেশ্যন বা ধ্যান বহুত দূৰৰে কথা৷ কিন্তু প্ৰকৃততে এনে হোৱা উচিত জানো?
আমি যদি চৌবিশ ঘণ্টাৰ আঠ ঘণ্টা শোৱাত ব্যৱহাৰ কৰোঁ তেতিয়া বাকী থকা ষোল্ল ঘণ্টা অৰ্থাৎ ৯৬০ মিনিটৰ ২০ মিনিটো আমি কেৱল নিজক ভালে ৰাখিবৰ বাবে ব্যৱহাৰ কৰিলেও আমাৰ হাতত কাম কৰিবলৈ থাকে ৯৪০ মিনিট৷ ২০মিনিট সময় ভালকৈ কৰা ব্যায়ামে শাৰীৰিক সুস্থতা বজাই ৰাখি অধিক কৰ্মক্ষম কৰাৰ লগতে মনটো ভাল কৰি ৰাখিব৷
ভাল খাদ্যাভাসৰ কাৰণেও আমি বহুত সময়ত এলাহ কৰোঁ৷ অতি ব্যস্তসকলে আন একো নহ’লেও গাজ ওলোৱা মগু, আপেল বা কল এটাটো লগত ৰাখিব পাৰে যাতে কামৰ হেঁচাৰ বাবে নোখোৱাকৈ থাকিবলগা বা অস্বাস্থ্যকৰ খাদ্য খাব লগা নহয়৷ আৰু এই বস্তুকেইটা বেগটোত ভৰোৱা কামটোত খুব বেছি সময় লাগিব ৩মিনিট৷ আমি সকলোৱে আমাৰ ল’ৰা ছোৱালীয়ে শাক পাচলি, ফলমূল আদি খোৱাৰ অভ্যাস কৰাবলৈ চেষ্টা কৰোঁ আৰু বহুতে কোৱা শুনো যে সন্তানে শাক পাচলি নাখায়৷ কিন্তু তাৰ আগতে আমি নিজকে সুধি চোৱা দৰকাৰ আমি কিমানে শাক-পাচলি খাই ভাল পাওঁ৷ আমিষ আহাৰৰ দৰে শাক-পাচলিও আমাৰ কাৰণে সমানে লোভনীয় কৰিবলৈ আমি চেষ্টা কৰিছোঁনে? ই অতি দৰকাৰী কথা৷
আমি বহুতে ভাৱোঁ কেৱল শিশুকহে পেলুৰ ঔষধ খুৱাব লাগে৷কিন্তু পেলু নিৰ্মূলকৰণৰ বাবে যে গোটেই পৰিয়ালটোৱে একেসময়তে ঔষধ খাব লাগে ছমাহৰ ব্যৱধানত সেয়া আমি জনাসকলেও গুৰুত্ব নিদিওঁ৷
আমি শিক্ষিত সকলৰো বহুতৰে ক্ষেত্ৰত দেখা পাওঁ সন্তানৰ নিয়মীয়া টিকাকৰণৰ ক্ষেত্ৰত অৱহেলা বা সময়ত বেজী নিদিয়া৷ বহুতে এই বিষয়ে স্বাস্থ্যকৰ্মীৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰ কৰে৷ কিন্তু এনে কিছুমান কথা থাকে যিবোৰ সকলোৱে জানিবলৈ চেষ্টা কৰা দৰকাৰ৷ উদাহৰণ স্বৰূপে, ভেকচিন সংৰক্ষণ৷ ভেকচিনসমূহৰ গুণাগুণ অটুত থাকিবলৈ নিয়মমতে ICE LINED REFRIGERATOR (ILR)ত ৰাখিব লাগে৷ তাৰোপৰি বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত নাৰ্চে দৈনিক চোৱা চিতা কৰি ৰেকৰ্ড ৰাখিব লাগে৷ কিন্তু সাধাৰণতে ব্যক্তিগত খণ্ডৰ ডাঙৰ চিকিৎসা প্ৰতিষ্ঠান সমূহৰো বহুততে সাধাৰণ ৰেফ্ৰিজাৰেটৰতে ভেকচিন সমূহ ৰখা দেখা যায়৷ এই ক্ষেত্ৰত চৰকাৰী খণ্ডৰ ভেকচিন বিনামূলীয়া আৰু অধিক মানবিশিষ্ট৷ কিন্তু আমি কিমানে এই কথা জানো বা কেতিয়াবা জনাৰ চেষ্টা কৰিছোঁ? কিন্তু আমাৰ কণমানিটিৰ সুস্বাস্থ্য আমাৰ অধিকাৰ নহয় জানো?
ঠিক তেনেকৈ বছৰৰ ৩৬৫ টা দিন বা ৮,৭৬০ঘণ্টাৰ মাত্ৰ এঘণ্টা সময় উলিয়াই আমি নিজৰ শৰীৰটোৱে ঠিক মতে কাম কৰি আছে নে নাই জানিবলৈ তেজ পৰীক্ষা বা আন তেনে ধৰণৰ পৰীক্ষা কৰাব নোৱাৰোঁনে? আমি নভবাকৈ গম নোপোৱাকৈ কিছুমান ৰোগে আমাৰ শৰীৰত ঘৰ সাজিব পাৰে৷ মানসিক সুস্থতাৰ ক্ষেত্ৰতো আমি আৰু অসচেতন৷ আমি এতিয়াও ভাবোঁ মানসিক ৰোগ বিশেষজ্ঞৰ ওচৰলৈ যোৱাটো লাজৰ কথা৷ মনৰ সমস্যাবোৰত সময়ে মলম লগাব বুলি থৈ দিওঁ৷ তেনে কৰা উচিত নহয়৷ সৰু ডাঙৰ সকলো মানসিক সমস্যাৰে নিদান আছে৷
তাৰোপৰি আমি মনটো সুন্দৰ কৰি ৰাখিবলৈ আমাৰ ভাল লগা কামবোৰ কৰিব লাগিব৷ ‘হবি’ শব্দটো কেৱল স্কুলীয়া দিনতে সীমাবদ্ধ নাৰাখি ব্যস্ততাৰ মাজতো এইবোৰৰ বাবে সময় উলিয়াব লাগে৷ ভাল লগা কামবোৰ কৰি থাকিলেহে আমি প্ৰাণোচ্ছল হৈ সঁচা অৰ্থত সুস্থ ভাৱে জীয়াই থাকিব পাৰিম৷ ভালে থকাৰ বাবে প্ৰয়োজনীয় আৰু বহু কথা থাকে৷ সুস্থ আৰু সুস্থিৰ জীৱনশৈলী, কিতাপ পঢ়া, গান শুনা বা নিৰলে অলপ সময় নিজৰ লগত কটোৱা মন পচন্দৰ সময়ো বহু সময়ত মহৌষধৰ দৰে হ’ব পাৰে৷ এই পচন্দবোৰ অৱশ্যে ব্যক্তি বিশেষে ভিন্ন৷ মানসিক প্ৰশান্তিৰ লগত জড়িত আন এক বিষয় হৈছে ঈশ্বৰ৷ ঐশ্বৰিক শক্তিৰ ধাৰণা ব্যক্তিভেদে বেলেগ৷ মই ঈশ্বৰ বুলি এই লেখাটোত কোনো বিশেষ ভগৱানৰ কথা ক’ব খোজা নাই৷ মই সেই শক্তিৰ কথাহে ক’ব খুজিছোঁ যাৰ বিশ্বাসত আমি নিৰাপদ অনুভৱ কৰোঁ, মনত বলি থকা এজাক ধুমুহাৰ কথা যাৰ আগত নিঃসংকোচে ক’ব পাৰোঁ, সেই শক্তিৰ বিশালতাৰ ছাঁত এধানিমান হ’লেও নিজাকৈ ঠাই পোৱাৰ কথা মনে প্ৰাণে কামনা কৰোঁ, যি শক্তিক জীৱনত পোৱা সুখখিনিৰ বাবে ধন্যবাদ দিব পাৰোঁ আৰু যাৰ উপস্থিতিত হাজাৰ প্ৰতিকুলতাৰ মাজতো আশাৰ জিলিঙনি আশা কৰিব পাৰোঁ৷ এই ঈশ্বৰ প্ৰস্তৰ বা ধাতুৰ মূৰ্তি, এখন ছবি, পিতৃ মাতৃ, প্ৰেমাস্পদ বা প্ৰিয়বন্ধুও হ’ব পাৰে৷ আমি ভালে থাকিবলৈ বুকুত দুখ-যাতনা বা সমস্যাবোৰ কঢ়িয়াই ফুৰাতকৈ কাৰোবাৰ আগত কোৱাটো বৰ দৰকাৰী কথা৷ সেয়া লাগিলে ঈশ্বৰৰ ৰূপত আপোনজন হওক বা পূজ্য দেৱতাৰ প্ৰস্তৰ ৰূপ হওক৷
অৱশ্যে সকলোৰে ভগৱানৰ প্ৰতি এনে আস্থা নাথাকে বা জীৱনত এনে ঐশ্বৰিক নিৰাপত্তা অনুভৱ কৰা সম্পৰ্কৰ উপস্থিতিও সৌভাগ্য হৈ নাহে৷ যেতিয়াই কোনো জনে অনুভৱ কৰে যে নিজৰ সমস্যাৰ বিষয়ে বিশেষ কাৰোবাৰ লগত আলোচনা কৰাটো জৰুৰী হৈছে তেন্তে চাইক’লজিকেল কাউন্সেলৰৰ ওচৰলৈ যোৱা উচিত৷ কাউন্সেলিঙ হৈছে এনে এক ব্যৱস্থা য’ত পদ্ধতিগত বাৰ্তালাপৰ জৰিয়তে সমস্যাৰ সমাধানৰ পথ বিচাৰিবলৈ চেষ্টা কৰা হয়৷ মৃত্যু সত্য৷ আকস্মিক মৃত্যুত কাৰো হাত নাই৷ কিন্তু আমি জীয়াই থকা দিনকেইটাত আমি অকণমান নিজক মৰম কৰিলে অন্ততঃ ৰোগৰ মুখলৈ নিজক আগবঢ়াই দিয়াৰ পৰাতো বিৰত থাকিব পাৰিম৷ এই যে মোৰ লেখাটো, এইটোও মোৰ শেষ লেখা হ’ব পাৰে, আজিৰ সময়খিনি মোৰ শেষ সময় হ’ব পাৰে, মোৰ মৃত্যুৱে মোৰ প্ৰিয়জনক সুদীৰ্ঘকালৰ বাবে যাতনা দিব পাৰে, শুভাকাংক্ষীসকলে সেইদিনটোৰ বাবে দুখ প্ৰকাশ কৰিব পাৰে৷ এয়া অৱধাৰিত৷ কিন্তু সেইবুলি জানো মই মোৰ জীৱনটো ভাল নাপাম? উদযাপন নকৰিম?
মই ভাবোঁ সকলোৱে নিজৰ জীৱনটোক ভাল পোৱা উচিত..নিজৰ যত্ন লোৱা উচিত৷
“PREVENTION IS BETTER THAN CURE”
☆ ★ ☆ ★ ☆
12:35 pm
সুন্দৰ প্ৰবন্ধ। ভাল লাগিল পঢ়ি
2:17 pm
বহুত ভাল লাগিল পঢ়ি
12:44 pm
Kothabilak ekdom hosa…
Aasolote ami kisuman manuh jantrikotar provabot nijok pahori pelaisu…
Khubei val lagil pohi.
Aru enekuwa likha pam buli opekhat aasu.