ফটাঢোল

ফটাপ্ৰেম – ৰাজশ্ৰী শৰ্মা

স্কুলীয়া জীৱনত প্ৰেমত নপৰা মানুহ বহুত কমেই আছে চাগৈ। তাৰ কিছুমানৰ প্ৰেমে সফলতাৰ মুখ দেখে আৰু মোৰ দৰে ভঙা-ছিঙা লোহা প্লাষ্টিক টাইপ কপালৰবোৰৰ বাৰে বাৰে ফটাপ্ৰেমেই মেইন। স্কুলৰ সময়ত ল’ৰা চাওঁ আৰু দুই এজন। পিছে মোৰ চেহেৰা আৰু মুখ মেলিলেই পেলপেলোৱা স্বভাৱৰ বাবে মানুহে দূৰৰপৰা চালেও এবাৰ কথা পাতি আৰু কথা পতাৰ সাহস নকৰে। সেই সময়তে আৰম্ভ হৈ গ’ল মোৰ একপক্ষীয় প্ৰেম এজন ল’ৰাৰ লগত। আমাতকৈ বহুত ডাঙৰ আছিল, আমি দূৰৰ পৰা দেখোঁ মাজে মাজে। সেই সময়ত ওলোৱা কেলিবাৰ বাইক এখন লৈ ঘূৰি ফুৰে। যেতিয়াই দেখোঁ আমি চাৰি পাঁচ জনীৰ চকুৱে ৰাস্তাৰ ট্ৰেফিক পুলিচৰ দৰে চকুৰে ফলৌ কৰোঁ আৰু। তোৰ তাত পটিলেও পটক, মোৰ তাত পটিলে বেছি ভাল নিচিনা ফিলিং সকলোৰে। লাহে লাহে সেইজনৰ পৰা প্ৰশ্ৰয়ৰ চাৱনি নাপাই বাকী কেইজনীৰ ইচ্ছা জামৰিল। মোৰ আকৌ তেতিয়াহে অকণ্টকা আলিবাট যেন লাগিল! ল’ৰাজনে কলেজ যায় আমি স্কুলত যোৱা সময়তে। মাজে মাজে দেখোঁ। সন্মুখত দেখিলে লাজো লাগে। দিনটো মনটো ভাল লাগি থাকে। হিন্দী গানবোৰ শুনিবলৈ ভাল লাগে। চুলি দীঘল কৰিলোঁ, কাজল এডালো কিনিলোঁ লগৰজনীৰ লগত গৈ।

লাহে লাহে এনেকুৱা হ’ল যে বিনা কাৰণতে মনটো ভাল লাগি থাকে। ঘৰত দাদাহঁতে জোকালেও আগৰ দৰে ভেএএএএ কৈ নাকান্দো। একেবাৰে চিনেমাৰ ষ্টাইলত দৌৰি গৈ বিছনাত পৰি হে মনে মনে চকুপানী উলিয়াওঁ। চুৰিদাৰৰ ওড়ণাখন দুয়োপিনে জাপি লোৱাতকৈ এফালে জাপি এফালে মেলি লোৱা ধৰণৰ অদ্ভুত অদ্ভুত ষ্টাইলে হেঁচা মাৰি ধৰিলে। পিছে কেলিবাৰৰ খবৰে নাই, তাৰ মাজতে মেট্ৰিকো পাছ কৰিলোঁ। কলেজ গৈ নিজকে ডাঙৰ ডাঙৰ লগা হ’ল। ঘৰৰ পৰা দূৰত থাকি কলেজত পঢ়োঁতে সৰু সুৰা ফটাপ্ৰেম হ’ল যদিও চিৰিয়াছ একো নহ’ল আৰু। স্কুল কলেজৰ দিনবোৰ বেকাৰ খেদোৱাৰ পিছত ডিগ্ৰী পাছ কৰিয়েই চাকৰি পালোঁ আগশাৰীৰ চিকিৎসালয় এখনত। কি মজা! নিজৰ চাকৰি, নিজৰ পইচা! বেলতলা, গণেশগুৰিৰ কাপোৰৰ দোকানবোৰত সপ্তাহত দুদিন উপস্থিতি নিদিলে মনটো ভালেই নলগাত পৰিল।
তেনেকুৱাতে এদিন আমাৰ ৰাস্তাত অফিচৰ পৰা ঘূৰি আহি থাকোঁতে মুখামুখি হ’লোঁ মিঃ কেলিবাৰৰ। তেতিয়ালৈকে কেলিবাৰ নাই, পালচাৰ ল’লে সেইটোৱে। মোক সন্মুখত দেখি হাঁহি এটা মাৰি সুধিলে, “অফিচ কৰি কেনে লাগিছে? দেৰি হয় ন তোমাৰ?”

আয়ৈ দেহি, বছৰৰ পিছত বছৰ নেদেখাৰ পিছতো যে পাহৰা নাই মোক এইটোৱে!! মনটো যে কি ভাল লাগিছিল নহয়, আৰু বুকুৰ ধপধপনি শুনি নিজৰে হাৰ্ট এটেক অহা যেনেই পালোঁ। লাহেকৈ ক’লোঁ, ” নাই ঠিকেই আছে আৰু, অলপ দেৰি হয় যেনিবা।” মোৰ মুখৰ সুৰীয়া মাতত মোৰ নিজৰে আচৰিত অৱস্থা। ইমান সুললিত কণ্ঠ! মোৰেই নে….

ঘৰত গৈ আনদিনা মাক চাহৰ পৰা ভাতৰ পৰা পানীলৈকে খুজি থাকোঁ, সিদিনা নিজে লৈ খাইছোঁ। ইপিনে কল্পনাৰ গাড়ীখনত মানে পালচাৰখনত ‘হম দো হমাৰে দো’ সপোন দেখিবলৈ আৰম্ভ কৰিলোঁৱেই নহয়। অকলে অকলে বহি হাঁহি থকা দেখি সৰু দাদাই আহি পগলা হ’লি নেকি বুলিও চাই গ’ল এবাৰ। মোৰ ইফালে পুৰণা প্ৰেম উক দি অৱস্থা শোচনীয়। ইমান বছৰ মনত ৰাখিছে মানে ই কিজানি মোক ভালেই পায়! -এই ধাৰণাটো মনত একেবাৰে সোমায়েই গ’ল নহয়। সেইদিনাৰ পৰা ট্ৰেকাৰত সদায় চাইডৰ চিটত বহোঁ, ক’ৰবাত দেখি যাবও পাৰোঁ বুলি। পিছে নেদেখোঁ।

দুমাহমান পিছত আছিল দুর্গা পূজা। পূজাত ওচৰৰ মণ্ডপত আমাৰ গ্ৰুপটোৰ সৰুৰে পৰাই আড্ডা বহে। সেইকেইটা দিন ঘৰত নহা দৰেই দিনটো। সপ্তমীৰ দিনা অফিচৰ পৰা ঘূৰি আহোঁতেই পূজাথলীত সোমালোঁ। লগৰ দুজনীমানক লগো পালোঁ। পূজা বুলি মিঃ কেলিবাৰো আহিবয়ে নিশ্চয় বুলি অষ্টমীৰ দিনা ৰাতিপুৱাই একেবাৰে চেম্পু টেম্পু কৰি, কাজল লিপষ্টিক লগাই সাজি কাচি শৰাই দিবলৈ গ’লোঁ মাৰ লগত। মায়ে সেৱা কৰিয়েই নিজৰ লগৰ মহিলা সমিতিৰ মাজত বহি আড্ডা দিবলৈ ধৰিলে। মই এনেই ইফালে সিফালে পূজাৰ বেলুন, পিষ্টল থকা খেলনাৰ দোকান এখনত কিবা চাই থাকোঁতেই চকু পৰিল দূৰত মিঃ কেলিবাৰ! আজি পালচাৰ বাইকত উঠি অহা নাই, পাতল হালধীয়া কুৰ্টা, নীলা জিনচ…. ৱাও মই ক’তে মৰোঁ!!

লগত মাক আৰু বৌৱেক কিজানি, নতুন বোৱাৰী এজনী। মানুহ দুজনী সেৱা কৰিবলৈ যাওঁতেই সি মোক দেখি আগবাঢ়ি আহিল। “কি অঁ, সেৱা কৰিলা? পূজাৰ জিলাপী খালানে নাই?”

নাই বুলি মূৰ জোকাৰোঁতেই ক’লে,
“বহুত বছৰ তোমাক দেখা নাছিলোঁ নহয় মাজতে। আহা, মোৰ পৰিবাৰৰ লগত চিনাকি কৰাই দিওঁ। যোৱা বছৰ বিয়া পাতিলোঁ নহয়, তোমালোকৰ মাহঁত আহিছিলটো। আহা, তোমাক লগ পাই খুব ভাল পাব বৌৱেৰাই…. etc etc etc ইত্যাদি ইত্যাদি ইত্যাদি ……”

মোৰ কাণত পিছে বাকীখিনি নোসোমাল, মাহঁতৰ পিনে চাই দেখোঁ যে, ন বোৱাৰীজনীয়ে আমাৰ মাৰ লগত খুব হাঁহি হাঁহি কথা পাতিছে আৰু হঠাতে এবাৰ মোৰ পিনে চাই মিচিকিয়াই হাঁহি এটা মাৰি থ’লে। প্ৰত্যুত্তৰত হাঁহিবলৈও হাঁহিব পিছে নোৱাৰিলোঁ। ফটাপ্ৰেম যে!!

☆ ★ ☆ ★ ☆

14 Comments

  • কাবেৰী মহন্ত

    দুখ লাগি গ’ল দেই!

    Reply
  • Nilakshi Devi Deka

    ফিলিং চেড ??

    Reply
  • এপোৱা সমবেদনা যাচিলো দেই ।

    Reply
    • ৰাজশ্ৰী শৰ্মা

      ধন্যবাদ জনালো দেই আটাইকে।

      Reply
  • Nirmali Bormudai

    বৰ দুখ পালো বা?

    Reply
  • কমলা দাস

    বৰ বেয়া লাগিল ঔ

    Reply
  • সমুজ্জ্বল কাশ্যপ

    এয়াহে ফটাপ্ৰেম। বৰ ভাল লাগিল ?।

    Reply
  • Mukut bhattacharjya

    কেনেকৈ সহি আছিলা হে , সোনকালেই ঘৰ পালাহি চাগে পূজাৰ পৰা

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    সমবেদনা জনালোঁ দেই৷ লিখাটো পিচে ভাল লাগিল৷

    Reply
  • Prodip Bora

    আজি কালি ক’ৰবাত লগ পাইনে ? আগৰ দৰে মাতবোল কৰি থাকিব আকৌ ৷

    Reply
  • ডলী

    দুখ লাগিল।

    Reply
  • হেমন্ত কাকতি

    ফিলিং চেদ দেই মাইনা

    Reply
  • Gitika Saikia

    আয়ৈ দহি! পালচাৰে ভালচাৰৰ শ্বক দিলে দেই! ইচ ইচ! ফিলিং ভেৰি চেড! হুক হুক! যিনহওক, ভাল লিখিছা দেই! ফটাপেৰেম ফেচ ফেচকে প্ৰকাশ পাইছে!

    Reply
  • Anonymous

    পূজাৰ পৰা আহোঁতে উজুটি খাই আহিছিলে বুলি মাই এদিন কৈছিল??

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *