ফটাঢোল

সপোন – পাৰিজাত ফুকন

সপোন দেখাটোও এক বাহাদুৰিয়েই। ইচ্ছা কৰিলেই সপোন দেখিব নোৱাৰি যিহেতু। অৱশ্যে সপোন বিশেষেও কথা আছে। হ’ল বুলি আৰু সপোনত যদি ওৰে ৰাতি ভূতৰ খেদা খাই দৌৰি ফুৰিব লগা হয়, তেন্তে কাৰনো মন যাব সপোন দেখিবলৈ! এইক্ষেত্ৰত ম‌ই অলপ বিশেষত্ব থকা। মানে যেতিয়াই নুশুও কিয় আঙুলি মূৰত হিচাপ কৰিব পৰা দুই চাৰি দিনক বাদ ম‌ই সপোন দেখিমেই। সেইবুলি সপোনবোৰ একে ডিজাইনৰো নহয়। সদায় বেলেগ বেলেগ। তাতকৈ ডাঙৰ কথা কিছুমান তাৰে ফলিয়ায়ো। ঘৰৰ মানুহক ক‌ওঁতে ভেকাহি মাৰে যে সেইকাৰণে বাদ দিলো ক’বলৈ আজিকালি। মোৰনো কি দৰকাৰ হয়! আনৰ ভালৰ কাৰণেহে ক‌ওঁ। নুশুনিলে নাই। ইমান দেৰি যে বৰ্ণনা দি আছো সবৰে চাগে বিৰাট জানিবৰ মন গৈ আছে, বোলে এইগৰাকীয়েনো কি সপোন দেখে বা, ইমান যে জহাইছে! কৈ আছো ৰ’ব দুটামান উদাহৰণ সহিতে –

এবাৰ ৰাতি সপোনতে হিকটিয়াই হিকটিয়াই কান্দি থাকোতে গিৰিহঁতে ভয় খাই সুধিলে কি হ’ল? ময়ো টোপনিৰ জ্বালতে ক’লো বোলো তোমাৰ বিয়াত দৰাৰ লগত গৈ আছোঁ, মোৰ এই গতি কিহলে কৰিলা? মোৰ সব শেষ। এনেকুৱা ভেকাহি এটা মাৰিলে অ’! বোলে আজিৰপৰা চিৰিয়েলসোপা চাবা বাৰু দুনিয়াৰ অদৰকাৰীসোপা…… সিদিনাৰপৰা মোৰ চিৰিয়েল চোৱা শেষ।

এদিন আকৌ সৌজনৰ আঙুলিতে কামুৰি দিলো সপোনত। বোলো মোৰ জ্যামিতি বক্সৰপৰা পকা বগৰী কিয় চুৰ কৰিলি?

এল পি স্কুলত মোৰ লগত বহা ল’ৰাটো মস্ত চোৰ আছিল, মোৰ পকা বগৰীৰপৰা ফলি গুটি, ৰবৰ একো সাৰি নাযায়। সেইদিনা সি পকা বালিয়া বগৰীকেইটা চুৰ কৰি ধৰা পৰোতেই দিলো কামোৰ। এইজনে ৰাতিখন খুব গালি দিলে। দুদিনমান সপোন নেদেখাকৈ থাকিলো।

তাৰপিছত ক’লা কুকুৰজনীয়ে মোৰ গাতে সৰুপানী চুৱাৰ সপোন দেখাৰপৰা মনটো খুব বেয়া লাগি থাকিল, বোলো এদিনো ভাল সপোন এটা নেদেখোনে? পিছে এইকেইদিনতে দেখিলো দেই। ফটাঢোলৰ বছেৰেকীয়া অধিবেশনৰ বিশাল আয়োজন কৰিছে। মোক মানে বৰ্ষশ্ৰেষ্ঠ লেখকৰ বটা দিবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছে। ম‌ই আকৌ সেই যে হেমামালিনীৰ “ড্ৰিমগাৰ্ল” গানটোৰ ষ্টাইলত মঞ্চলৈ গৈ আছোঁ। মাজে মাজে গিৰিহঁতলৈও চাইছোঁ বোলো দেখিছা মোৰ সপোনৰ কামাল। এইটো একদম অৰিজিনেল সপোন হয়। যিটো বাহাদুৰিত গৈছোঁ নহয়। মানে ভিতৰি আচৰিতো হৈছোঁ বোলো কি দেখি দিলে হয়, মোক বটাটো। তাৰপিছত…….. তাৰপিছত পৰিলোগৈ নহয় স্পিকাৰৰ ৱায়াৰত জোত-পোত খায়। লাজতে মুচকচ যাবলৈ ধৰোতেই কোনোবাই গাত ধৰি জোকাৰি দিলে” বাইদেউ নামক, বাচষ্টপ পালেহি।”

আৰু আছিল, পিছে পৰে কম বাৰু। গিৰিহঁতে একেবাৰে সপোন নেদেখে। সেইকাৰণে সপোনৰ আমেজো নুবুজে। আপোনালোকে নিশ্চয় আমেজ পাইছে নহয়নে?

☆ ★ ☆ ★ ☆

One comment

  • মানসী বৰা

    বাছতে শুই শুই সপোন দেখিছে নে? মইও একেই ।বৰ ৰস পালো দেই ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *