ফটাঢোল

ভূত দৰ্শন – দিলীপ ৰঞ্জন কাকতি

গাঁৱৰ ঘৰত, মেট্ৰিক পৰীক্ষাৰ সময়ৰ কথা। পঢ়িবৰ বাবে মায়ে পুৱাই আন্ধাৰে পোহৰে উঠাই দিয়ে। মই উঠি টোপনি ভাঙিবৰ বাবে অলপ সময় পদুলিলৈ ওলাই যাওঁ। আমাৰ ঘৰটো ৰে’ল ষ্টেচনৰ ওচৰতে। ঘৰৰ সন্মুখেৰে ৰে’ল লাইনটো আৰু তাৰ কাষেৰে ঘৰলৈ অহা ৰাস্তাটো।

এনেকৈ এদিন আন্ধাৰে পোহৰে উঠি পদুলিলৈ গৈ ৰে’ল লাইনত থিয় দিছোঁ। অলপ দূৰত থকা ৰে’ল ষ্টেচনৰ লাইটবোৰ জ্বলিয়েই আছে। সেই আন্ধাৰ পোহৰৰ মাজেদি দেখিছোঁ এজন সম্পূৰ্ণ বগা কাপোৰ পিন্ধালোক ষ্টেচনৰ ফালৰ পৰা আমাৰ ঘৰৰ পিনে আহি আছে। হয়তো ৰাতিৰ ৰে’লত অহা দূৰণিৰ গাঁৱৰ কোনোবা লোক। ৰাস্তাতে মোক দেখা পাই মোৰ পৰা ৫০ মিটাৰমান দূৰত তেওঁ ৰৈ গ’ল। ময়ো লোকজননো কোন জানিবৰ বাবে ৰৈ আছোঁ। কিন্তু মোক আচৰিত কৰি হঠাৎ লোকজন ঠাইতে মোৰ চকুৰ সন্মুখতে নোহোৱা হৈ গ’ল। লোকজন যিখিনি ঠাইত নোহোৱা হ’ল সেইখিনি আন এটা পৰিয়ালৰ ঘৰৰ পিছফাল। তাত তেওঁলোকৰ ওখ জেওৰা আছে আৰু সেই ফালেৰে মানুহ বাদ কুকুৰো সোমাব নোৱাৰে বুলি জানো। তথাপি ঘটনাটো মই মোৰ চকুৰ ভ্ৰম বুলিয়েই ভাবিলোঁ। মনতে ভাবিলোঁ জেওৰাখনৰ তাত হয়তো জপনা আছে যিটো মই ইমান দিন মন কৰা নাই আৰু লোকজন সেই পৰিয়ালটোৰে কোনোবা হয়। মই বিশেষ একো নাভাবি ঘৰলৈ উভতি আহিলোঁ।
ঘটনাটোৰ এক সপ্তাহ মান পিছত এদিন মন কৰিলোঁ মা প্ৰাত:ভ্ৰমণলৈ নোযোৱা হৈছে। মায়ে সদাই মোক টোপনিৰ পৰা উঠাই দি নিজেও অলপ খোজ কাঢ়িবলৈ ওলাই যায়। কিয় নাযায় মাক সোধাত, এনেয়ে নাযাওঁ বুলি কৈ ওলোটাই মোকো পুৱাই ৰাস্তাত ওলাই যাবলৈ মানা কৰিলে মানে একেবাৰে আদেশ। বিশেষ একো নুসুধিলোঁ, ভাবিলোঁ পঢ়া ক্ষতি হ’ব বুলি তেনেকৈ কৈছে।

দুদিনমানৰ পিছৰ কথা। মা গধুলি আন্ধাৰ হ‌ওঁ হ‌ওঁ সময়ত ঘৰৰ আগফালৰ বাৰান্দাত বহি আছে। ময়ো ঘৰতেই আছোঁ। এনেতে আদিবাসী বাগানীয়া লোক এজন আমাৰ ঘৰলৈ উধাতু খাই দৌৰি সোমাই আহিছে লগত ৬/৭ বছৰীয়া ল’ৰা এটা। মাক দেখি ক’বলৈ লাগিল “এঈ মাহাজনী ম’ৰ চোকৰাটা ৰাখটো, মই এখ্নি আবে।” কথাখিনি কৈয়ে মানুহজনে ৰাস্তালৈ ওলাই আহি ৰে’ল‌আলিৰ পৰা শিলগুটি উঠাই কাৰোবাক লক্ষ্য কৰি দলিয়াবলৈ ধৰিলে। ময়ো ঘৰৰ পৰা দৌৰি আহি মানুহজনৰ ওচৰ পালোঁ। মোক দেখা পাই ক’লে ‘এই বাবু ঈদিগে নাই যাবি হৌ, খাৰাব জিনিছ আহে। ম’কে পিছা কৰত-ৰহে’। শিলগুটি দলিওৱা পিনে চাই দেখিলোঁ আন্ধাৰ পোহৰৰ মাজেদি বগা কাপোৰ পিন্ধা লোক এজন খোজকাঢ়ি গৈ আছে। কিছু দূৰ গৈ লোকজন চকুৰ সন্মুখতেই আন্ধাৰত মিলি গ’ল। লগে লগে কোনো কাৰণ নোহোৱাকৈ ওচৰৰ গছ এডালৰ বৃহৎ ডাল এটা ভাঙি পৰিল। হয়তো পোকে খোৱা ডাল আছিল। ময়ো ভয় খাই একে দৌৰে ঘৰ পালোঁহি। এই ঘটনাটোৰ পিছত মোৰ আগৰ ঘটনা দুটাও মনলৈ আহিল। সিদিনা মই দেখা, মা প্ৰত:ভ্ৰমণৰ বাবে নোযোৱা আৰু এইটো ঘটনা সংযোগ হৈ পৰিল। মানুহজন পিছত বেলেগ এটা ৰাস্তাৰে বেলেগ মানুহৰ লগত ঘৰলৈ গ’ল।

পিছদিনা ৰাতিপুৱা ভালদৰে পোহৰ হোৱাত মই প্ৰথম দিনা লোকজনক(?) দেখা ঠাইখিনিলৈ গ’লোঁ। নতুন জেওৰা, তাত দেখিলোঁ যিখন জেওৰাত মই জপনা থকা বুলি ভাবিছিলোঁ তাত কোনো জপনা নাই। আৰু জেওৰাৰ ওপৰেৰে গোটেই গাত কাপোৰ পিন্ধি থকা লোক এজন বাদেই সাধাৰণ মানুহো পাৰ হ’ব নোৱাৰে। গতিকে পলকতে জেওৰাখন পাৰ হোৱা অসম্ভৱ কথা। ইয়াৰ পিছত আৰু দুটা এটা অনুৰূপ ঘটনা শুনিলোঁ। বহুকেইজনেই ক’লে যে ৰাতিপুৱা আৰু গধুলিৰ আন্ধাৰ/পোহৰৰ সময়খিনিত সম্পূৰ্ণ বগা কাপোৰ পিন্ধা বিশেষ লোকজনক(?) দেখিছে।

কিন্তু আজিলৈকে ভাবি উলিয়াব নোৱাৰিলোঁ সেয়া কোন আছিল কি আছিল। সেয়েহে হাতে লোতে ধৰিব নোৱাৰা আৰু সাক্ষাৎকাৰ এটা ল’ব নোৱাৰাৰ দুখটো আজিও থাকি গ’ল। আজিকালি অৱশ্যে এনে ঘটনা নুশুনাও হ’লোঁ।

☆ ★ ☆ ★ ☆

4 Comments

  • হেমন্ত কাকতি

    আচইত হে! সঁচানে?

    Reply
  • ৰামানুজ

    পছিবল। বুঢ়াডাঙৰীয়া হব…

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বুঢ়া ডাঙৰীয়া চাগৈ দেই

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *