ফটাঢোল

গোলমাল : অৰবিন্দ গোস্বামী

ফটাঢোল RASDS#চিনে#প্ৰডাকশ্বনৰ#নিবেদন—-

কাহিনী,চিত্ৰনাট্য আৰু পৰিচালনা:অৰবিন্দ গোস্বামী

সহ পৰিচালনা:প্ৰৱাল খাটনিয়াৰ

সঙ্গীত পৰিচালনা:অলকেশ ভাগৱতী

কণ্ঠ—অভিজিত কলিতা আৰু ইলি তালুকদাৰ

কাষ্টিং ডিৰেক্টৰ:অভিজিত কলিতা

একশ্বন:পূৰ্ণ চুতীয়া

কাৰ্টুন:ৰাস্না বৰা

এডিটৰ:দিগন্ত ভট্টাচাৰ্য্য

স্পট বয়:ৰক্তাভ কুমাৰ

স্পট গাৰ্ল:কাজল প্ৰিয়া

কষ্টিউম:ৰিমঝিম বৰঠাকুৰ

কেমেৰা:ৰিণ্টুমণি দত্ত

কৰিঅ’গ্ৰাফাৰ:সঞ্জীৱ ভট্টাচাৰ্য্য

লাইট:পাৰ্থ প্ৰতিম শৰ্মা

অভিনয়ত :খনিন্দ্ৰ ভূষন মহন্ত (দৰা খনিন)

ভাস্কৰ বৰডেকা(দৰাৰ বন্ধু–ৱিকী)

ডলী তালুকদাৰ(জেতুকী বৰ্মা)

ৰাজশ্ৰী শৰ্মা(ভুৰ্ভুৰী আইতা)

বিজয় মহন্ত(বায়ন ককা)

অশোক হুজুৰী(ভকতি বুঢ়া)

ডিম্পল (ট্ৰেক্টৰ চালক)

চিদানন্দ বৰা(দেশীয় সুৰা বেপাৰী)

মিচিং ডেকা(হেমন্ত কাকতি)

পথিক(কমলা দাস)

॥ প্ৰথম দৃশ্য॥

ড্ৰোণ কেমেৰাই প্ৰথমে এটা ব্যস্ত পদপথ দেখুৱাব।ইয়াৰ পিছত কেমেৰা ঝুম ইন হ’ব এখন ৰঙা ৰঙৰ বলেৰ’ৰ ওপৰত।ইয়াৰ পিছতেই ক্ল’জ আপত বাবু ড্ৰাইভাৰে সুহুৰি বজাই ‘খলি বলি হ’ গয়া হে দিল’ গীতটো সুৰ তুলি বজাই গৈ থকা দেখুৱাব।এইবাৰ কেমেৰা পুণৰ ঝুম ইন হ’ব দৰা সাজ পৰিহিত খনিন আৰু দৰাৰ বন্ধু ৱিকীৰ ওপৰত।কেমেৰাই গাড়ীৰ ভিতৰত চাৰিজন বয়সস্থ লোককো দেখুৱাব।দুগৰাকী বৃদ্ধ আৰু দুগৰাকী বৃদ্ধা। পুনৰ ক্ল’জ আপত দেখা যাব দৰা খনিনক।

খনিন: “বেয়া লাগে কেতিয়াবা বুজিছ ৱিকী!আজি মা-দেউতা থকা হ’লে এতিয়া মোৰ লগত থাকিলেহেঁতেন।

ৱিকী: “ধেই!আজি সেইবোৰ কথা মনত নেপেলাবি।আজি তোৰ বিয়াৰ ৰিং চেৰিমনিৰ দিন,আনন্দৰ দিন।দেখা নাই জানো তই? গাঁৱৰ মানুহে তোক কিমান ভাল পায়!এই চাৰিটা বুঢ়া-বুঢ়ীলৈ নাচাৱ কিয়?তোৰ লগত কিবা তেজৰ সম্পৰ্ক আছেনে?তথাপি কোনোবাজন নৰীয়া দেহাৰেই আহিছে।

খনিন:তই ঠিকেই কৈছ বাৰু!বাদ দে সেইবোৰ।আজি আঙুঠি পিন্ধোৱাৰ দিনটো ভালে ভালে গ’লেই হ’ল।মাজুলীৰ এই ৰাস্তা-ঘাটবোৰে বৰ বিপদত পেলায় অ’! বাৰু তই মাজুলীৰ ৰাস্তাটো ভালদৰে চিনি পাৱনে?

ৱিকী:গৈ থাকোচোন ব’ল।দহ বছৰমান আগতেই অহা।তথাপি ভুল হ’ব নালাগে।

এনেতে বেচ গীটাৰৰ সুৰত “য়ুহি চল্লা চল ৰাহী..য়ুহী চল্লা চল ৰাহী….” গীতটো বাজি উঠিব।কেমেৰাই মহিলা পথিক এগৰাকীক দেখুৱাব।মিউজিকৰ লগে লগে গাড়ী চলি থাকিব।গাড়ীখন গৈ মহিলাগৰাকীৰ ওচৰত ৰৈ যাব।মিউজিক বন্ধ হ’ব।ৱিকীয়ে গাড়ীৰ খিৰিকীৰে মূৰ উলিয়াই পথিক গৰাকীক সুধিব—–

ৱিকী:আইতা,ঘাটলৈ যোৱা ৰাস্তা এইটো নহয় জানো?

পথিক: ক’ৰ ওলোটা ৰাস্তাৰে আহিলি বোপাইহঁত!যি বাটেৰে আহিছ,সেই বাটেৰেই উভতি এক কিলোমিটাৰমান গৈ দীঘলীয়া পথাৰ এখনৰ শেষত এখন এল.পি.স্কুল পাবি।স্কুলৰ কাষৰ ৰাস্তাৰে সোমাই অলপ গ’লেই আগত ঘাট।যা বোপাইহঁত যা।

ৱিকী:ঐ বাবু ভাইজান,গাড়ী ঘূৰাওক,ৰাস্তা ভুল হ’ল।

ক্ল’জ আপত পথিকগৰাকীক দেখুওৱা হয়।গাড়ীখন ঘূৰাৰ লগে লগে বৃদ্ধা গৰাকীয়ে চশমাৰ ফাঁকেৰে কুটিল হাঁহি মাৰিব।

বাবুৱে গাড়ী ঘূৰাই আৰু গাড়ীয়ে পুণৰ গতি লয়।

॥দ্বিতীয় দৃশ্য॥

ৰঙা ৰঙৰ বলেৰ’খন গৈ বোকাত পতিত হয়।ইয়াৰ পিছতেই গাড়ীৰ দৰ্জা খুলি ৱিকী ওলাই আহিব।লগতে দৰা খনিনো ওলাই আহে।ভ্ৰং…ভ্ৰং…গাড়ীৰ শব্দ হ’ব।দৰা খনিন আৰু ৱিকীয়ে গাড়ী ঠেলিব।গাড়ী ঠেলি ঠেলিয়েই ৱিকীয়ে ডাইলগ ডেলিভাৰ কৰিব—-

ৱিকী: “মই গাড়ীখন আগৰবাৰ ফচোতেই তোক কৈছিলো বোলো ব’ল, ঘূৰি যাওঁ।বেলেগ মানুহৰ মুখত শুনিছো নহয়! ঘাটৰ ৰাস্তা ইমান বেয়া নহয়।অাচলতে এইটো ঘাটৰ ৰাস্তা নহয়েই নেকি!

দৰা খনিন: “আব্বে!হয় যেন লাগিছে বে!বুঢ়ীয়ে আমি অহাৰ সময়ত তামাম কুটিল বেঁকা হাঁহি মাৰি চশমাৰ ফাঁকেৰে ঘোপাকৈ চাইছিল।”

ৱিকী: “এই বুঢ়ীটো তামাম জালী মাল আছিল বে!চাচোন,কেনেকৈ আনি আমাক ভুল ভুলইয়াত ফচাই দিলে!”

এনেতে ড্ৰাইভাৰ বাবুও নামি আহি গাড়ীৰ পিছ চকা এটাৰ ওচৰত বহি—-

বাবু: ধেই! এইখন এনেকৈ উঠাব নোৱাৰি।কাঠ,ইটা গছৰ ডাল ক’ত কি পাৱ বিচাৰি আন।ঐ ৱিকী, কি পাৱ সোনকালে বিচাৰি আন।কইনাৰ ঘৰ ১১ বজাত পাবগৈ লাগিব।

ৱিকী: ইয়াত এইবোৰ ক’ত পাম ভাইজান!চাৰিওফালে চাওকচোন,চাল্লা এক্কো নাই ইয়াত।গাড়ীত আহি থাকোতে এক কিল’মিটাৰমান কোনো মানুহেই দেখা নাই।চাৰিওফালে পথাৰ।মানুহৰ ঘৰ এটাও নাই।ধেই! কি জাগাত ফচিলো বে’ আজি!

কেমেৰাই ক্ল’জ আপত ৱিকীক দেখুৱাব।ৱিকীয়ে গছ এজোপাৰ তলত কিবাকিবি বিচাৰিব।কেমেৰাই পুণৰ জনশূণ্য পথাৰ আৰু জনশূণ্য আলিবাটটো দেখুৱাব।পুণৰ ৱিকীক দেখুৱাব।ৱিকীয়ে একো নাপাই গছৰ গুৰিটোতে গোৰ মাৰি দি নিজে দুখ পাই পথৰ কাষতে বহি পৰিব।এইবাৰ কেমেৰাই ক্ল’জ আপত গাড়ীৰ ভিতৰৰ ভকতি বুঢ়াক দেখুৱাব।ভকতি বুঢ়াই বায়ন ককাক হেঁচুকি দিব।

ভকতি বুঢ়া:ঐ বুঢ়া উঠ।গাড়ী কিবা হ’ল।গাড়ী দেখোন আগলৈও নাযায় পিছলৈও নাযায়।ঘৰতে বুঢ়ীয়ে বনাই দিয়া এচৰিয়ামান খাই টোপনী মাৰিবলৈ আহিছ! ঐ শগুণে খোৱাৰ জাত,নুঠ কিয়?

ভকতি বুঢ়াৰ মাতত জেতুকী বৰ্মা আৰু ভুৰ্ভুৰী আইতাই সাৰ পায়।

ভুৰ্ভুৰী আইতা: কি হ’ল ভকতি?

ভকতি বুঢ়া: শুনিছনে বুঢ়ী, গাড়ীখন কিবা হৈছে।এই অলগদ্ধটোক জগাই আছো,সি নুঠেহে নুঠে।

জেতুকী বৰ্মা: এই ডাষ্টবিন বায়ন বুঢ়াক কোনে আহিবলৈ প্ৰস্তাৱ দিছিল অ’! ই অকল খোল বজাওঁতেহে সাৰ পাই থাকে। নহ’লে ই সাৰেই নাপায়।

এইবুলি জেতুকী বৰ্মাই খাবলৈ বুলি অনা পানীৰ বটলৰ মুখখন খুলি বায়নৰ মূৰত পানী ঢালি দিয়ে।পানী ঢালি দিওঁতে বায়ন ককা খৰমৰকৈ সাৰ পাই ডাইলগ ডেলিভাৰ কৰিব—–

বায়ন ককা: “কৃষ্ণ! হে বৰুণ দেৱতা,কৃপা কৰা…ৰক্ষা কৰা।”

ভুৰ্ভৰী আইতা:”ঐ মুখা পিন্ধা।চাল্লা ভকতৰ নামত কলঙ্ক,নুঠ কিয়?ঘৈণীয়েৰৰ কোলাত শুই আছ বুলি ভাবিছ নেকি?চুৱাপাতনি চেলেকাৰ জাত!উঠ বুঢ়া…গাড়ীখন কি হৈছে চাগৈ।উঠিছনে নাই?

ভুৰ্ভুৰী আইতাৰ ধমকিত বায়ন বুঢ়া জাপ মাৰি উঠে।

বায়ন: ঐ তহঁতে ধেই খিতি খিতি তাওঁকৈ অকল যুদ্ধৰ চাপৰটোকে বজাই থাক যে!হ’লনো কি!পানীসোপা কিয় ঢালিলি?

জেতুকী বৰ্মা: উঠ হেৰৌ,গাড়ী কিবা বেয়া হ’লনেকি!মইনাকেইটাই ক’তনো কি কৰি আছেগৈ বুজি পোৱা নাই।

॥তৃতীয় দৃশ্য॥

কেমেৰাই দৰা খনিনক এটা গছৰ ডালৰ সৈতে এটা ইটা লৈ আহি থকা দেখুৱাব।ইয়াৰ পিছত কেমেৰাই বাবু ড্ৰাইভাৰ আৰু ৱিকীক দুহাতে দুটাকৈ ইটা লৈ অনা দেখুৱাব।এবাৰ ক্ল’জ আপত ঘামত তিতি যোৱা বাবু ড্ৰাইভাৰ আৰু এবাৰ ভাগৰুৱা যেন লগা দৰা খনিনক দেখুৱাব।এবাৰ বায়ন ককা আৰু জেতুকী বৰ্মাৰো চিন্তাক্লিষ্ট মুখমণ্ডল ক্ল’জ আপত দেখুৱাব।সকলোৱে গাড়ীৰ চকাৰ তলত গছৰ ডাল,ইটা আদি ভৰোৱা দৃশ্য দেখুৱাব।

ভকতি বুঢ়া: গাড়ীখন বৰ বেয়াকৈ ফচিল হেৰৌ!তহঁত ইমান পৰ নাই,অামি চিন্তা কৰি আছো বোপাইহঁত!

বাবু: ৰাস্তাত লগ পোৱা যখিনী বুঢ়ীজনীয়ে ভুল ৰাস্তা দেখুৱাই দিছে ককা!

জেতুকী বৰ্মা: কিবা উপায় হ’বগৈনে।ইয়াতে দেখোন দহ বাজিল!এঘাৰ বজাত নাপালেগৈ বৰ বেয়া কথা হ’ব।

বায়ন ককা: ছেঃ! বৰ বেয়া কথা হ’ল! আমি কিবা কৰিব লাগিব যদি ক’বি তহঁতে।

ৱিকী: ঐ বুঢ়াককা,অকল খোল বজাব জানিলেই নহ’ব!আজি আপুনি গাড়ী ঠেলিব লাগিব।আজি আপোনাৰ নিস্তাৰ নাই।অসুৰে মোচন দিওঁতে খুব গা হিলাই হিলাই খোল বজায় নহয়! আজি আপুনি গাড়ী ঠেলি মোচন দিলেই নহ’ব! সঁচাকৈ গাৰ জোৰ দিব লাগিব।

বায়ন: ঐ খনিন,তই তোৰ লগৰটোক কৈ দিবি দেই!কথা বেয়া হৈ যাব কিন্তু!সব টাইমত চুপতি কৰি থাকিলে এই লাখুটিৰে তাৰ ডিঙিৰ ওপৰৰ নাৰিকল ভাঙি দিম।

জেতুকী বৰ্মা: ঐ বুঢ়া,কি কৰিবি তই তাক? সি তোৰ নিচিনা নহয় বুজিছ! সি কিমান কষ্ট কৰি আছে দেখা নাই। সৰু ল’ৰা। কিমান ভাল ল’ৰা আমিহে জানো!বিপদত সবেই পৰিছো।সিহঁতে আজি যি ক’ব তহঁত দুই বুঢ়াই শুনিব লাগিব।কিহৰ মতা তই,যদি গাড়ীখন ঠেলিব নোৱাৰ!

বাবু: এতিয়া মতা মানুহ গোটেইকেইজনে ঠেলিব লাগিব দেই! মই এক্সেলেটৰ দবোৱা মানুহহে!

বায়ন: না না মই নোৱাৰোঁ।

ৱিকী: মা কচম গাড়ী নেঠেলিলে আপোনাক ইয়াতে পেলাই থৈ যাম।নে কি কয় আইতা?

ভুৰ্ভুৰী আইতা: ডাষ্টবিনটো ডাঙি লৈ ফুৰি কি লাভ!ই উঠিব নোৱাৰে গাড়ীত।

বাবুৱে গাড়ীত বহি ষ্টাৰ্ট দিয়ে।দৰা খনিন, ৱিকী,ভকতি বুঢ়া আগবাঢ়ি আহে।আহো নাহোকৈ বায়নো আগবাঢ়ি আহে।ৱিকীয়ে বায়নৰ ফালে চাই ডাইলগ দিব—

ৱিকী: জোৰ লাগাকে….

বায়ন: পিছত চাই ল’ম তোক।বুঢ়ীকেইজনীৰ চাপ’ৰ্ট লৈ মোক ইতিকিং কৰিবলৈ আহিছ!বাপেৰৰ আগত লগাই তোক এশিকনি দিয়াম।চাই লবি।

ৱিকী: বাহুবলী বায়ন বুঢ়া কী জয়!

এক্সেলেটৰ ভ্ৰুং ভ্ৰুং ভ্ৰুৰুৰুৰু….ৰুং শব্দৰ কোলাহলত একো শুনা নাযাব।আটায়ে গাড়ী ঠেলি ঠেলি ভাগৰি পৰিব।এনেতে কেমেৰাই এজন মিচিং ডেকা খোজকাঢ়ি অহা দেখুৱাব।খনিন আৰু ৱিকী ডেকাজনৰ ফালে আগবাঢ়ি যাব—-

দৰা খনিন:দাদা অলপ ৰ’বচোন!

মিচিং ডেকা: বুজিছো ককাই।তহঁতৰ গাড়ীটো ফাচি গৈছে ন?

দৰা খনিন:কি ক’ব আৰু!বিয়াৰ আঙুঠি পিন্ধোৱা আছিল!মাজুলী যাব লাগিছিল! দাদা, ঘাটলৈ এইফালে কিমান দূৰ?

মিচিং ডেকা:কি! মাজুলীলৈ!মাজুলীলৈ যোৱা ঘাটৰ ৰাস্তা এইটো নহয়তো!

দৰা খনিন:তেন্তে কোনটো?

মিচিং ডেকা:এইটো ৰাস্তাৰে ওলাই গৈ এখন এল.পি. স্কুল পাব।স্কুলৰপৰা সোঁহাতে ঘূৰি এক কিলোমিটাৰ গ’লেই ঘাট।আপোনালোক ওলোটা ৰাস্তাৰে আহিল।

ৱিকী: মা কচম! জালিম বুঢ়ীক ক’ৰবাত লগ পালে খাল এটা বিচাৰি গতিয়াই দিম।

মিচিং ডেকা:কেছটো কি?

ৱিকী:দাদা আমি ঠিকেই গৈ আছিলো জানেনে?এজনী পাগলা বুঢ়ীয়ে আমাক জানি বুজি ৰাস্তা ভুলকৈ ক’লে।

মিচিং ডেকা:যি হ’ল হৈ গ’ল।চা ভাইটিহঁত ! মই যেনেকৈ পাৰোঁ হেল্প কৰিম।এইটো গাড়ী এনেকৈ যিমান যুঁজি থাকিলেও উঠাব নোৱাৰ।ট্ৰেক্টৰ মাতিব লাগিব।এই সাতখন গাঁৱত ডিম্পলৰ বাহিৰে কাৰো ট্ৰেক্টৰ নাই।মই ফোন কৰোঁনেকি?

দৰা খনিন:ফোন কৰোঁনেকি নহয় দাদা,ফোন কৰকেই। যি পইচা লাগে দিম।

ইয়াৰ পিছত মিচিং ডেকাজনে ফোনত ডিম্পলৰ লগত দোৱানতে কথা পাতিব।

মিচিং ডেকা:কাম হৈ গৈছে ভাইহঁত।দুই ঘণ্টাৰ পিছত ট্ৰেক্টৰ আহি যাব।

ৱিকী:দুই ঘণ্টা!! খনিন আজি কি হ’ব ৰে!!!

দৰা খনিন: মই কইনাৰ ঘৰত ফোন কৰি কৈ দিওঁ ৰ।নহ’লে কথাটো বৰ বেয়া হ’ব।এতিয়া এঘাৰ বাজিল।দুই মান বজাত পামগৈ বুলি কওঁ । নে কি কৱ?

ৱিকী:গাড়ী ফচাৰ কথাটোও ক’বি।বুজি পাব সিহঁতে।

দৰা খনিনে ফোন কৰি কইনাৰ ঘৰত সকলো কথা বিবৰি কয়।

॥চতুৰ্থ দৃশ্য॥

দৰা খনিন, ৱিকী,বাবু,মিচিং ডেকা আৰু বাবু ড্ৰাইভাৰে ডাঙৰ আঁহতজোপাৰ তলত বহি কথা পাতি থাকিব।বুঢ়া-বুঢ়ী কেইজনেও গছৰ তলতে অলপ আঁতৰত বহি কথা পাতি থাকিব।কেমেৰে ঝুম হ’ব ৱিকীৰ ওপৰত।

ৱিকী:ঐ খনিন,তামাম বৰিং হৈ গৈছো।বুঢ়া বায়নৰে অলপ টেমাটো বজাওঁ।নে কি কৱ?

খনিন:তয়ো যে আৰু দেই!ইমান টেনশ্যন ফ্ৰি কেনেকৈ থাক তই!!কৰ কৰ,যি মন যায় কৰ।অলপ জমিব।

ৱিকী:ঐ বায়ন দাইটি।

বায়ন:এইবাৰ আকৌ কি হ’ল তোৰ?

ৱিকী:কিমাননো এনেকৈ থাকিব! সাধু এটাকে কওক।

বায়ন:চাল্লা চেৰাপাগল।কইনাৰ ঘৰ পাবগৈ পৰা নাই।পেটত কেঁচু কুমটিয়ে হাঁহাকাৰ লগাইছে,তোক সাধু ক’ব লাগে কুক্কুৰ!

ৱিকী:খং কেলৈ কৰেনো?সেই যে আপুনি আইতাক প্ৰথমবাৰ পলুৱাই আনিবলৈ যাওঁতে আপোনাৰ শহুৰ দেউতাই আপোনাক গৰু বন্ধা গোহালিত পঘাৰে বান্ধি থৈছিল,সেই সাধুটোকে কওক।

বায়ন: ঐ তোৰ মই মূৰ ভাঙি দিম।

বায়ন বুঢ়াই জাপ মাৰি উঠি লাখুটিডাল লৈ ৱিকীৰ ফালে চোঁচা লয়।ৱিকী উঠি দৌৰি আঁতৰি যায়।মুখত সফলতাৰ হাঁহি।ভুৰ্ভুৰী আইতা আৰু জেতুকী বৰ্মা,দৰা খনিন,বাবু,আনকি মিচিং ডেকাজনেও হাঁহিবলৈ ধৰে।হাঁহি শুনি বায়নৰ খং উঠে।ভকতি বুঢ়াই হাঁহি হাঁহি ——-

ভকতি বুঢ়া—-হেৰৌ সি ধেমালি কৰিছে,বহি নাথাক কিয়?

জেতুকী বৰ্মা:এই ৱিকীটোলৈ বৰ মৰম লাগে।জমাই থাকিব পাৰে।

বায়নে জেতুকীৰ মুখত ৱিকীৰ প্ৰশংসা শুনি মুখৰপৰা পোৰা মাছ কাঢ়ি নিয়া বোন্দা মেকুৰীৰ নিচিনা ঘোপাকৈ জেতুকীৰ ফালে চায়।

জেতুকী:উঃ!ফপৰা বুঢ়াৰ চকু চা!অমৰা গুটিৰ নিচিনা চকু নেদেখুৱাবি।উলিয়াই আনিম বাপ্পেকে।গম পাবি গাঁৱৰ এই বৰ মাৰক।

ৱিকী: লাহন গাঁৱত ভাওনা চাবলৈ যাওঁতে আপোনাৰ কি হৈছিল নাজানো বুলি ভাবিছে নেকি!কোনোবা ছোৱালীক পতাবলৈ গৈ…….

বুঢ়াই এইবাৰ পুণৰ খেদা মাৰি যায়।

বায়ন বুঢ়া: তোক মই নচঁচা শূলত দিম চাল্লা ভুত পোৱালী।লাজ নালাগে তোৰ মিছা কথা কিছুমান বনাই বনাই ক’বলৈ!
॥চতুৰ্থ দৃশ্য॥

দৰা খনিন, ৱিকী,বাবু,মিচিং ডেকা আৰু বাবু ড্ৰাইভাৰে ডাঙৰ আঁহতজোপাৰ তলত বহি কথা পাতি থাকিব।বুঢ়া-বুঢ়ী কেইজনেও গছৰ তলতে অলপ আঁতৰত বহি কথা পাতি থাকিব।কেমেৰে জুম হ’ব ৱিকীৰ ওপৰত।

ৱিকী:ঐ খনিন,তামাম বৰিং হৈ গৈছো।বুঢ়া বায়নৰে অলপ টেমাটো বজাওঁ।নে কি কৱ?

খনিন:তয়ো যে আৰু দেই!ইমান টেনশ্যন ফ্ৰি কেনেকৈ থাক তই!!কৰ কৰ,যি মন যায় কৰ।অলপ জমিব।

ৱিকী:ঐ বায়ন দাইটি।

বায়ন:এইবাৰ আকৌ কি হ’ল তোৰ!

ৱিকী:কিমাননো এনেকৈ থাকিব! সাধু এটাকে কওক।

বায়ন:চাল্লা চেৰাপাগল।কইনাৰ ঘৰ পাবগৈ পৰা নাই।পেটত কেঁচু কুমটিয়ে হাঁহাকাৰ লগাইছে,তোক সাধু ক’ব লাগে কুক্কুৰ!

ৱিকী:খং কেলৈ কৰেনো?সেই যে আপুনি আইতাক প্ৰথমবাৰ পলুৱাই আনিবলৈ যাওঁতে আপোনাৰ শহুৰ দেউতাই আপোনাক গৰু বন্ধা গোহালিত পঘাৰে বান্ধি থৈছিল,সেই সাধুটোকে কওক।

বায়ন: ঐ তোৰ মই মূৰ ভাঙি দিম।

বায়ন বুঢ়াই জাপ মাৰি উঠি লাখুটিডাল লৈ ৱিকীৰ ফালে চোঁচা লয়।ৱিকী উঠি দৌৰি আঁতৰি যায়।মুখত সফলতাৰ হাঁহি।ভুৰ্ভুৰী আইতা আৰু জেতুকী বৰ্মা,দৰা খনিন,বাবু,আনকি মিচিং ডেকাজনেও হাঁহিবলৈ ধৰে।হাঁহি শুনি বায়নৰ খং উঠে।ভকতি বুঢ়াই হাঁহি হাঁহি ——-

ভকতি বুঢ়া—-হেৰৌ সি ধেমালি কৰিছে,বহি নাথাক কিয়?

জেতুকী বৰ্মা:এই ৱিকীটোলৈ বৰ মৰম লাগে।জমাই থাকিব পাৰে।

বায়নে জেতুকীৰ মুখত ৱিকীৰ প্ৰশংসা শুনি মুখৰপৰা পোৰা মাছ কাঢ়ি নিয়া বোন্দা মেকুৰীৰ নিচিনা ঘোপাকৈ জেতুকীৰ ফালে চায়।

জেতুকী:উঃ!ফপৰা বুঢ়াৰ চকু চা!অমৰা গুটিৰ নিচিনা চকু নেদেখুৱাবি ।উলিয়াই আনিম বাপ্পেকে।গম পাবি গাঁৱৰ এই বৰ মাৰক।

ৱিকী: লাহন গাঁৱত ভাওনা চাবলৈ যাওঁতে আপোনাৰ কি হৈছিল নাজানো বুলি ভাবিছে নেকি!কোনোবা ছোৱালীক পতাবলৈ গৈ…….

বুঢ়াই এইবাৰ পুণৰ খেদা মাৰি যায়।

বায়ন বুঢ়া: তোক মই নচঁচা শূলত দিম চাল্লা ভূত পোৱালী।লাজ নালাগে তোৰ মিছা কথা কিছুমান বনাই বনাই ক’বলৈ!

ৱিকী: অ’ তাৰমানে পখিলী আইতা আপোনাৰ ঘৰ আহি সোমোৱাত আপুনি ঘৰৰ ধানৰ ডুলিৰ তলত লুকাই থকাতো সঁচা আছিল,নহয় জানো!পিছত বোলে আপোনাৰ দেউতাই আপোনাক ধানৰ ডুলিৰ তলৰপৰা উলিয়াই আপোনালোকক বিয়া পাতি দিছিল, হয়নেকি? নৈপৰীয়া প্ৰেম কৰিব জানিছিল,কিন্তু ঘৰলৈ অহা ছোৱালীজনীক নিজৰ কৰিবলৈ সাহস নকৰি ডুলিৰ তলত লুকাইছিল,নহয় জানো!

ৱিকীৰ কথা শুনি বায়ন বুঢ়াৰ যেন মুখত কোনোবাই চূণ সানিলে এনে হ’ল।তেওঁ মনে মনে আগৰ ঠাইত বহেগৈ।ৱিকীও পুণৰ আগৰ ঠাইত বহেগৈ।ৱিকীৰ কথা শুনি আটায়ে দুখৰ মাজতে হাঁহে।এইবাৰ কেমেৰাই ৱিকীৰ মুখখন জুম কৰিব।

ৱিকী: দাদা,ইয়াত ক’ৰবাত আপুং পাইনেকি দাদা।

মিচিং ডেকা:ধেই ভাইহঁত!নাপায় ক’ত!

খনিন:এই বুঢ়া-বুঢ়ীকেইটা থাকিলে যাবি কেনেকৈ?

ৱিকী:মই চেষ্টা এটা কৰোঁ ৰচোন বাৰু!

ৱিকী: অ’ ককা-আইতাহঁত,ট্ৰেক্টৰ অহা দেৰি হ’ব।আপোনালোকে গাড়ীৰ ভিতৰতে শুৱকগৈ।এনেই বাহিৰত থাকি লাভ নাই।ট্ৰেক্টৰ আহি পালে আমি জগাই দিম।

ভকতি বুঢ়া: ঠিকেই কৈছ বোপা!আমি ভাবিছিলোৱেই।অলপ শুই লওঁ তেন্তে।

ৱিকী:শুৱক।আমি আছো।

চাৰিও বুঢ়া-বুঢ়ী গাড়ীৰ ভিতৰলৈ যায়গৈ।আটায়ে শুই যোৱা বুলি ভাবি বাবু,দৰা খনিন আৰু ৱিকী আৰু মিচিং ডেকাজন আপুং বিচাৰি যায়।

॥পঞ্চম দৃশ্য॥

মিচিং চাংঘৰ।বাবুৱে আপুং নাখাই বাবে কাষতে বহি শুকান বুট চোবাই আছে। মিচিং ডেকা,দৰা খনিন আৰু ৱিকীৰ হাতত দেশীয় সুৰাৰ গিলাচ।

ৱিকী: বায়নক আজি ভাল পাঠ পঢ়ালো।ঐ খনিন, বুঢ়ালৈ বুঢ়ী হেনো গুচি আহিছিল।বুঢ়া হেনো ভয়তে ধানৰ ডুলিৰ তলত লুকাই আছিল।

দৰা খনিন:অঁ বে! ময়ো শুনিছো।বুঢ়া বোলে তামাম প্ৰেমিক আছিল।তামাম চালু মাল।বিড়ি দুটামান যোগাৰ কৰক দাদা।

মিচিং ডেকা: ঐ সদা, তোৰ আনি থোৱা বিড়ি আছে যদি দুটামান দেচোন!

সদানন্দ পেগু মূৰত গামোচা মাৰি সোমাই আহে।

সদা: টাউনৰপৰা আহিছ,দুটামান বিড়ি লৈ আহিব পাৰা নাই!

এইবুলি সদানন্দই চোলাৰ জেপৰপৰা বিড়ি দুটা উলিয়াই লগতে মেছটোও দিব।মিচিং ডেকাজনে হাত পাতি ল’ব।

মিচিং ডেকা:ধুৎ! কালিয়েই টাউনৰপৰা আনা বিড়ি আজিলৈকে থাকেনেকি!

এনেতে বাহিৰৰপৰা কোনোবাই মাতিব—–

—–গৃহস্থ আছেনেকি?

সদানন্দ পেগু ওলাই যাব।চাৰিওজনে ইজনে সিজনৰ মুখলৈ চাব।

খনিন: মই পেগ খাওঁতে অচিনাকি মানুহ বহি থাকিলে বৰ অসুবিধা পাওঁ বে’!

ৱিকী:ধেই!ডাঙৰকৈ নক’বি।আমাৰ পেগ বাক।সোণকালে খাই যাব লাগে।

মিছিং ডেকা:কোন আহিলনো!মাল খাবাই আহিছে চাগে।কিন্তু মাতটো মোৰ চিনাকি মানুহৰ নহয়!কোন আহিলনো মাল খাবা!

বাবু:বাদ দিয়ক দাদা,যি আহে আহক।আপোনালোকে সোণকালে খাওক।মই ব’ৰিং হৈ গৈছো।

এনেতে হাতত দেশীয় সুৰাৰ বটল আৰু কাগজত শুকান বুট লৈ কোঠালৈ আগে আগে বায়ন বুঢ়া আৰু পিছে পিছে ভকতি বুঢ়া সোমাই আহে।কোঠাটোত ইতিমধ্যে প্ৰৱেশ ঘটা দুই বুঢ়াক দেখি ৱিকীৰ হাতৰ গ্লাছ হাততেই থাকিল।দৰা খনিনৰ মুখৰপৰা ওলোৱা উৰন্ত ধোঁৱা স্তব্ধ হৈ যাব।বাবুৱে বুট আধা চোবোৱাতে ৰৈ যাব।

ৱিকী:আ…আ…ব্বে চাল্লা তামান বুঢ়া বে ইহঁত!এটা বায়ন,এটা ভকত!কি পাৰফেক্ট জ’ড়ী বে!মা কচম বড়ে মীয়া চ’টে মীয়াতকৈ হিট জ’ড়ী…..অ’ ভুৰ্ভুৰী আইতা,অ’ বৰ্মা….এই দুই বুঢ়াই……

বায়ন: হেৰৌ হেৰৌ!কেলৈ কলিজাটো খাব বিচাৰিছ।ইয়াৰপৰা চিঞৰিলে তাত নুশুনেগৈ।আমি যেনিবা এঘোট মাৰিলোৱেই!কি জগৰটো লাগিলনো!আমি দুই বুঢ়াই মিলি মনে মনে কামটো চলাই থাকোঁ।আৰু তহঁতনো কি ধোৱা তুলসীৰ পাত! তহঁতে কি গঙ্গাজল পি আছনেকি!

ৱিকী: আমাৰ কথা বাদ দিয়ক।আমাৰ কথা লগালেও লগাব।আমাক সমাজে সকিয়নি দি এৰি দিব।তেৰা ক্যা হ’গা বায়ন ককা?ঔৰ তেৰে ভক্তি কী শক্তি কা ক্যা হ’গা ভকতি বুঢ়া।

ভকতি বুঢ়া: চা বোপাইহঁত!ভাল কাম আমি কোনেও কৰা নাই।বুঢ়ী দুজনী তাত অকলে অকলে শুই আছে।গতিকে কোনেও কাৰো কথা নোকোৱাকৈ একেলগে কামটো কৰি বেলেগে বেলেগে যাওঁ ব’ল।ট্ৰেক্টৰো আহিবৰ হৈছে।

দৰা খনিন:ঐ ৱিকী, বাদ দে সেইবোৰ।গোটেইকেইটা মিলি সোণকালে পি ট্ৰেক্টৰখন আহি পোৱাৰ আগত যাওঁ ব’ল।চাওক ককাহঁত,এইবোৰ কথা বুঢ়ী দুজনীৰ আগত উলিয়াই লাভ নাই।এটা কাম কৰোঁ।সবে মিলি একেলগে পাৰ্টি কৰি জল্ডি ঘূৰি যাওঁ ব’লক।কোনোবা নিজৰ ভুলৰ বাবে ধৰা পৰিলেও আন কাৰোঁ নাম নলওঁ বুলি শপত লওক।

বায়ন: খোলৰ শপত ভাই!নিজে ধৰা পৰিলেও তহঁতৰ নাম নলওঁ।তহঁতে মাত্ৰ গৈ নলগাবি।

ৱিকী:আমিও নকওঁ বাৰু।লেকিন…য’ বটল লিয়া ৱ’ পিলানা পৰেগা।

ৱিকীয়ে এই ডাইলগটো তাহানিৰ হিন্দী গীত “য’ ৱাদা কিয়া ৱ’ নিভানা পৰেগা”—সুৰত দিব।লগে লগে বেচ গীটাৰত মিউজিক বাজিব—-পাৰ্টি অল নাইট…পাৰ্টি অল নাইট।

॥ষষ্ঠ দৃশ্য॥

এফালে ট্ৰেক্টৰৰ ঘেৰ ঘেৰ শব্দ।ড্ৰাইভিং চিটত ডিম্পল।আনফালে ভুৰ্ভুৰী আইতাই কিবা ভুৰ্ভুৰাই আছে।দৰা খনিন,মিচিং ডেকা,ৱিকী,বাবুৱে গাড়ীখন ঠেলে।

মিচিং ডেকা:এক্সেলেটৰ দিব পাৰ ডিম্পল।

ডিম্পল:ককাইহঁত অলপ জোৰ দিবি দেই!নহ’লে গাড়ী নুঠিব কিন্তু!

কিছুসময় কৰ্কশ আৱাজ কৰি কৰি অৱশেষত গাড়ী বোকাৰপৰা উঠিব।দৰা খনিনে ডিম্পলক টকা দি হাত মিলাব।মিচিং ডেকাজনেও ৱিকীৰ লগত হাত মিলায়।বাবুৱে যেনে তেনে গাড়ীখন ঘূৰাই পুনৰ পকা ৰাস্তাত উঠায়হি।পিছে পিছে খোজকাঢ়ি ডিম্পল,মিচিং ডেকা হেমন্ত পেগু,দৰা খনিন,ৱিকী ।শেষত আটায়ে বিদায় লয়।
॥সপ্তম দৃশ্য॥

কেমেৰাই ভুৰ্ভুৰী আইতাৰ ভুৰ্ভুৰাই থকা মুখখন জুম কৰিব।

ভুৰ্ভুৰী আইতা:ইমান এটা বিপদত পৰিছো আৰু তহঁতে মদৰ জুতি ল’বলৈ গৈছ!ল’ৰাকেইটাৰ চিন্তাত তৰণি নাই আৰু বুঢ়াকেইটাই ফূৰ্ত্তি কৰিছে।এটা হেনো বায়ন আৰু এটা হেনো ভকত।চৰম নাই তহঁতৰ!কটা নিধক বুঢ়া!তহঁত দুয়োটাৰে কুকৰ্ম সমাজত গৈ ক’মগৈ।তহঁতক এঘৰীয়া কৰিম।গাঁৱৰ মান ইজ্জত শেষ কৰিলি তহঁতে।তহঁত গাড়ীত বহি থাকিবি।গেলাসোপা টেঁটুলৈকে গিলি আহিছ যেতিয়া কইনাৰ ঘৰত সোমাব নোৱাৰ।

জেতুকী: আপুনিনো কেনেকৈ ধৰা পেলালে।

ভুৰ্ভুৰী আইতা: এই টেলেকা চকুৱা বায়নৰ চকু দেখিলেই মই গম পাওঁ।ওচৰলৈ যাওঁতেই পালোৱেই নহয় ভেকেটা ভেকেট গোন্ধ!

দৰা খনিন:হ’ব আৰু আইতা,বাদ দিয়ক।আজিলৈ ককাহঁতক মাফ কৰি দিয়ক।মোৰ বিয়াৰ আঙুঠি পিন্ধোৱা বুলিয়েই মাফ কৰক।মই কইনাৰ ঘৰত ফোন কৰি খবৰটো দি লওঁ।

এনেতে ৱিকীয়ে পুৰণি হিন্দী চিনেমাৰ ‘গোলমাল হে ভাই সব গোলমাল হে’ গীতটো গুণগুণায়।দৰা খনিন ফোনত ব্যস্ত হয়।লগে লগে সেই গীতৰ মিউজিক বাজি উঠে।

॥অষ্টম দৃশ্য॥

দৰা খনিনৰ আঙুঠি পিন্ধাই বলেৰ’খন ঘূৰি অহাৰ দৃশ্য।সকলোৰে মনত আনন্দ।দিনত হৈ যোৱা ঘটনাৰ চিন-চাব কাৰো মুখত নাই।কেমেৰাই গাড়ীৰ সন্মুখত ওলোটাকৈ মুখ কৰি থকা এগৰাকী নাৰীক দেখুৱাব।গাড়ী ৰৈ যাব।ৱিকীয়ে গাড়ীৰ খিৰিকীৰে ডিঙি উলিয়াই ক’ব—-

ৱিকী: কোন আপুনি?ৰাস্তা এৰি নিদিয়ে কিয়?শুনিছেনে নাই?

প্ৰস্তৰ মূৰ্ত্তিৰ দৰে থিয় হৈ থকা নাৰীগৰাকীৰ পিন্ধনত বগা সাজ।খনিনে বাবুক ক’ব—–

খনিন— বাবু ভাইজান,সোঁফালে কাটি নিব পৰাকৈ জাগা আছে।গাড়ী কাটি লৈ যাওক। মানুহজনীৰ কাষেৰে যাওঁতে অলপ ৰখাবচোন।ধমকি এটা মাৰি যাম।কিয় মানুহক এনেদৰে ডিষ্টাৰ্ব কৰে!

বাবুৱে গাড়ীখন লাহে লাহে মানুহগৰাকীৰ সোঁফালেৰে কাটি লৈ যাওঁতে অলপ পৰ ৰখায়।ডিম্পলে মানুহজনীৰ মুখখন চাবলৈ চেষ্টা কৰে।মুখখন ঘূৰাই দিওঁতে দেখা পোৱা যায় যে সেইগৰাকী ৰাস্তা ভুলকৈ কোৱা পথিকগৰাকী। চশমাৰ ফাঁকেৰে চাই পথিকগৰাকীয়ে ক’ব—

পথিক: শুদ্ধ ৰাস্তা ক’মনেকি তহঁতক!শুদ্ধ ৰাস্তা!

গাড়ীখনৰ আটায়ে ভয়ত শিহৰিত হৈ চিঞৰি উঠে।লগে লগে বাবুৱে গাড়ী ফুল এক্সেলেটৰ দি আঁতৰাই আনে।

॥অন্তিম দৃশ্য॥

দু্ৰৰ পৰা দুগৰাকী মহিলাক দেখা যাব। এগৰাকীয়ে ককালত হাত থৈ কিবা কৈ থাকিব আৰু আনগৰাকীয়ে আঙুলী জোকাৰি কিবা কৈ থাকিব। কেমেৰা ক্ল’জ আপত অহাৰ লগে লগে দেখা যাব মহিলা দুগৰাকী ভুৰ্ভুৰী আইতা আৰু জেতুকী বৰ্মাহে। আৰু তেওঁলোকৰ সমুখত বায়ন আৰু ভকতে তলমুৰকৈ থাকিব।

একচন বুলি কোৱাৰ লগে লগে

জেতুকী: হুহ বায়ন আৰু ভকত হৈছ? কিন্তু লুকাই লুকাই গেলা খাৱ? আমি বুলিহে বাচিলি নহ’লে?

ভুৰ্ভুৰী:অ’ আকৌ! আমি কাকো কোৱা নাই বাবেহে। অইন নালাগে তহঁতৰ মানুহ জনীকো কোৱা নাই। এই বায়নৰ ঘৈণীয়েক পখিলী যি হে বস্তু! শুদাই নেৰিলে হয়।

জেতুকী: শুদাই মানে! কৈছাহে বাই। বায়নক চোতাল সৰাৰ পৰা ভাত ৰন্ধালৈ সকলো কাম কৰালে হয়। খিক খিক…

ভকতি বুঢ়া : হেৰৌ, গাঁৱৰ মানুহক নক’লি কি হ’ল ? তহঁত দুজনীয়ে সেই দিন ধৰি আজি তিনি বছৰে যি কৰিলি কি ক’ম। আজিলৈ সেইবিধ চুবলৈ ভয় লাগে।

বায়ন: নক’বি ককাই। আজি তিনি বছৰে কিমান লুটিলে এই বুঢ়ী দুজনীয়ে। হেৰৌ যাৰ আঙুঠি পিন্ধোৱাত গৈ আমাৰ গোলমাল হ’ল সি বিয়া পাতি দুটা ল’ৰাৰ বাপেক হ’ল। আৰু এই দুজনীয়ে আমাক পিছ এৰা নাই। কম লুটিলেনে আমাক? আজি বোলে এশ,কাইলৈ পঞ্চাশ টকা। আজিকালি পখিলীয়েও মোক এই মৰতী জেতুকী বুঢ়ীৰ লগত সন্দেহ কৰে….

ভকতি: চিৰি বিষ্টু!

বায়ন আৰু ভকতিৰৰ কথা শুনি জেতুকী আৰু ভুৰ্ভুৰীয়ে ঢেক ঢেকাই হাঁহে।

ভুৰ্ভুৰী: দে এতিয়া আমাক পাঁচশ টকা। ৰাস চাবলৈ যাওঁ।

জেতুকী: অ’ দে। নাতি পোৱালী কেইটাক খেলনা কিনি দিব লাগিব নহয়। আৰু অহা যোৱা কৰিবলৈ আজিকালি যে ওলাইছে বেটেৰী গাড়ী এখনো ভাৰা কৰিম। দে মোকো পাঁচশ।

দুয়ো বুঢ়াই সেমেনাসেমেনিকৈ জেপত হাত ভৰায়। …..দুৰৈত বেলি মাৰ যোৱা দেখুৱায়….

॥সমাপ্ত॥

☆ ★ ☆ ★ ☆

8 Comments

  • Bornali Mudoi

    চুপাৰহিট???

    Reply
  • আৰাধনা বৰুৱা

    চুপাৰহিট মুভী

    Reply
  • সমুজ্জ্বল কাশ্যপ

    চালো চিনেমা। ভাল লাগিল ?।

    Reply
  • অভিজিত কলিতা

    মজা। গানকেইটা কিন্তু অন্তৰ ধালি গাইছো দেই। মাজুলীৰ গাভৰু গানটোও আছিল। চেন্সৰে কাটি দিলে বুলিহে।

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *