অঘাইতং – ঋতুপৰ্ণ শৰ্মা
বহুদিনৰ আগতে এখন অসমীয়া চিনেমা চোৱাৰ কথা মনত পৰে তেওঁৰ। তেওঁৰ মানে জগমোহন শৰ্মাৰ। পিছে সেই চিনেমাখনৰ নায়কৰ যে নিজৰ ঘৰতেই আবিৰ্ভাৱ হ’ব তেওঁ ভবাই নাছিল। হয়, চিনেমাখনৰ নাম শ্ৰীমানমাইমন। এটা সৰু ল’ৰাৰ কাহিনী। মহা অঘাইতং আছিল ল’ৰাটো। ঘৰৰ মানুহবোৰৰ লগতে আন বহুতৰে নগুৰ-নাকটি কৰিছিল সি।
এতিয়া পিছে তেওঁৰ নাতি-নাতিনী দুটাই যিবোৰ কাৰুকাৰ্য কৰে সেইবোৰো কোনোগুণে মাইমনে কৰাবোৰতকৈ কম নহয়। চাকৰিসূত্ৰে পুত্ৰ ঘৰৰ বাহিৰত থাকে। বোৱাৰীয়েকেও চাকৰি কৰে। গতিকে নাতি-নাতিনী দুটাক চোৱাৰ দায়িত্ব তেওঁৰ আৰু শ্ৰীমতীৰ। কাম কৰা মানুহগৰাকী থাকে যদিও সিহঁতে তাইৰো নগুৰ-নাকটি কৰে। নাতিনী ৰিম আৰু নাতি পল। ৰিমৰ চাৰে তিনি বছৰ আৰু পলৰ দুবছৰ। সিহঁতৰ স’তে লাগি থাকোতে সময়বোৰ কোনফালে যায় শৰ্মাই গমেই নাপায়। ভালেই লাগে সিহঁতৰ স’তে সময়বোৰ পাৰ কৰি। পিছে কেতিয়াবা কেতিয়াবা সিহঁতৰ অতপালিৰ সীমা পাৰ হৈ যায়।
সিদিনাৰ কথা। ৰাতিপুৱা মাক ওলাই যোৱাৰ পিছত সিহঁত দুটাক চামেলী অৰ্থাৎ কাম কৰা বাইজনীয়ে চাই আছিল। সেই সময়ত সাধাৰণতে শৰ্মা আৰু শৰ্মানীয়ে গা-পা ধুই আজৰি হৈ আহে। হঠাতে হুলস্থুল শুনি দুয়ো দৌৰি আহিল। শৰ্মানীয়ে চিধাই চামেলীক গালি পৰাত লাগিল। বোলে এই থকাই নথকাই সমান। কোনো কামৰ সমাধান কৰিব নোৱাৰে। তাই থাকোতে কিয় সিহঁতৰ মাজত কাজিয়া লাগিবলৈ পায়! পিছে তেওঁলোক আহি ঘটনা দেখি হতবাক হৈ পৰিল। দুয়োটাৰে মাজত দবৰা দবৰি লাগি আছে আৰু আনটো ৰুমৰ পৰা চামেলীয়ে চিঞৰি আছে। চামেলী সিহঁতৰ ওচৰলৈ আহিব পৰা নাই কাৰণ তাই আনটো ৰুমত ঝাৰু দিব সোমাওতেই ৰুম দুটাৰ মাজত থকা দৰ্জাখনৰ হুকটো সিহঁতে মাৰি দিলে। পিছত শৰ্মাই গৈ হুকটো খুলি দিয়াতহে তাই মুক্ত হ’ল।
এটা কথা কিন্তু ঠিক, যদিও সিহঁতে নিজৰ মাজত কাজিয়া কৰে, কেতিয়াবা কিছুমান বদমাচি আকৌ দুয়োটাই লগ হৈয়ো কৰে। প্ৰায়ে সিহঁতে ডাঙৰৰ কিছুমান কাম সূক্ষ্ম ভাবে নিৰীক্ষণ কৰি লয়। শৰ্মাই দাড়ি খুৰোৱা কামটোৱে সিহঁতে হয়তো ভালদৰে চাই শিকি ল’লে। সিদিনা অলপ সময় দুয়োটাৰে মাত বোল নোহোৱা দেখি শৰ্মাই দুয়োটাকে চিঞৰি মাতিলে। পিছে দুয়োটা যেতিয়া তেওঁৰ সন্মুখলৈ আহিল তেতিয়াহে তেওঁৰ চকু কপালত উঠিল। দুয়োটাই চেভিং ক্ৰীম ব্ৰাচত লগাই মুখত ঘহি ফেন উঠাই পেলালে। পিছৰ সময়খিনিত কি পৰিস্থিতি হ’ব পাৰে অনুমান কৰক।
“ককা এইখন কাৰ ফটো? সদায় তুমি ইয়াত কিয় ধূপ জ্বলোৱা?” ৰিমৰ প্ৰশ্নটো শুনি শৰ্মায়ে তাইলৈ চালে। কাষতে পলো ৰৈ আছে। আচলতে ৰুমৰ একাষত গণেশবাবাৰ এখন ফটো আছে। তাতে শৰ্মাই সদায় ধূপ জ্বলাই গনেশ দেৱতাৰ শ্লোক এটা আওৰাই –
“বক্ৰতুণ্ড মহাকায় সূৰ্য কোটি সমপ্ৰভম………………………”
তেওঁ সিহঁতক বুজালে যে এয়া গনেশ দেৱতাৰ ফটো আৰু তেওঁ সদায় গনেশবাবাক প্ৰাৰ্থনা কৰে যাতে সকলো কুশলে থাকে।
দুদিন মানৰ পিছৰ কথা। শৰ্মানীয়ে তেওঁক মাতিলে, “চাওঁকহিচোন ইহঁত দুটাই কি কৰিছে।” আজি পিছে সিহঁতৰ কাৰুকাৰ্য দেখি তেওঁৰ খং নুঠিল। হাঁহিত বাগৰিহে পৰিল। কাৰণ দুয়োটাই গণেশবাবাৰ ফটোখনৰ ওচৰতে ৰৈ তেওঁ কৰাৰ দৰে হাতযোৰ কৰি প্ৰাৰ্থনা কৰিব ধৰিছে। পিছে গনেশবাবাৰ শ্লোক ফাঁকি নহয়। গাইছে এই বুলি-
“ডিচ্কো ভণ্টী নানাচিবা বেয়া লাগে।
তাকে ক’লো তুমি বেয়া পালাই চাগে।”
☆ ★ ☆ ★ ☆
12:35 am
ভাল লাগিল
6:18 pm
অশেষ ধন্যবাদ।
10:55 am
হাঃ হাঃ। বঢ়িয়া
6:20 pm
অশেষ ধন্যবাদ।