ফটাঢোল

লটিঘটি – কমলা দাস

বিশেষ কাম এটাৰ বাবে দিল্লীলৈ গৈছিলোঁ বাপেক, জীয়েকৰ সৈতে! ২০০৬ চনৰ জুন মাহত ৰাজধানী ট্ৰেইনত উঠি যাওঁতে ঠিকেই আৰামত গ’লোঁ‌। পিছে গৈ পাইহে বিড়ম্বনা হ’ল। এদিন এৰাতি এ.চি ট্ৰেইনত মহা আৰামেৰে গৈ দিল্লীত নামিলো। আই ঐ! কি কম, জুন মাহৰ দিল্লীৰ গৰমত যেন আমি জ্বলা জুই একুৰাতহে জাপ্ মাৰি দিলোঁ। নমাৰ লগে লগে জুইৰ সমান উত্তাপৰ বতাহ এচাটিয়ে যেন আমাক একেবাৰে সিজাই থৈ গ’ল। গাল মুখ পুৰি যোৱা যেন পালোঁ। লৰালৰিকৈ অটো এখন ঠিক কৰি হোটেল বিচাৰি গ’লোঁ। ভাবিলোঁ অটোত গৈ থাকোঁতে বতাহ পালেও ভাল লাগিব। পিছে আমাৰ ধাৰণা ভুল আছিল। অসমৰ নিচিনাকৈ গাড়ী চলিলে তাত ঠাণ্ডা বতাহ নাপায়। জুইৰ অঙঠা যেন পকী ৰাস্তা আৰু গৰম বায়ুৰ মিশ্ৰণত বতাহেও জুই যেন গৰমেই উপহাৰ দিয়ে। সেই বতাহ লাগি আকৌ লুজ্ মোচনহে হয়।

যি নহওঁ‌ক আমি গৈ হোটেল পাইহে ৰক্ষা! হোটেলত ৰুম লৈ থাকি কৰিব লগা কামবোৰ কৰিলোঁ। হোটেলৰ বাহিৰ ওলালেই প্ৰচণ্ড গৰমে দেহা দেই পুৰি নিয়ে। অৱশ্যে কামৰ বাবে য’তেই যাওঁ, ত’তেই এ.চি আছিল বাৰু। কিন্তু ইঠাইৰ পৰা সিঠাইলৈ যাবলৈ গাড়ী ধৰা সময়খিনিতেই গৰমত মৰোঁ মৰোঁ যেন লাগে।

যেনে তেনে কামবোৰ কৰি শেষ হ’ল। ঘুৰি অহাৰ দিনা ট্ৰেইন আছিল ৰাতি ন বজাত। বাৰ বজাৰ পিছত হোটেল এৰি দিলে আকৌ এদিনৰ ভাড়া ভৰিব লাগে বাবে আমি আগতেই এৰি দিলোঁ। পিছে হোটেলৰ বাহিৰ ওলাইহে আমি আমাৰ মূৰ্খামি অনুভৱ কৰিলোঁ। এতিয়া এই প্ৰচণ্ড গৰমত লাগেজসহ আমি কি কৰোঁ, ক’লৈ যাওঁ। ভাবি চিন্তি থাকোঁতে ছোৱালীয়ে ক’লে -আমি মেট্ৰ’ ষ্টেচনলৈকে যাওঁ ব’লা। কিছু সময় তাতেই থাকিব পাৰিম। আমিও বোলো অ হয়তো। তাতেই কিছু সময় আৰামত থাকিব পাৰিম। মেট্ৰ’ ষ্টেচন গোটেইটোৱেই এ,চি। কামত ইফাল সিফাল যাওঁতে মেট্ৰ’ ৰেলত অহা যোৱা কৰিছিলোঁ। ভিতৰত থাকিলে বাহিৰত কি হৈ থাকে একো অনুমানেই কৰিব নোৱাৰি। কিমান যে মানুহ অহা যোৱা কৰে অ’ মাটিৰ তলেৰেই।কৰ্মচাৰী, চিকিউৰিটি গাৰ্ড আৰু যাত্ৰীৰ সৈতে ষ্টেচনত মানুহ ঠাঁহ খাই থাকে। আবেলি অফিচ ছুটী হোৱাৰ সময়ত আৰু অফিচ যোৱাৰ সময়ত প্ৰকাণ্ড আহল বহল ষ্টেচনটোতো মানুহৰ ঠেলা হেঁ‌চা লাগি পৰে। যেন বৰপেটাৰ দৌলৰহে মানুহ। এনেদৰে এদিন যাত্ৰীৰ ভিৰত ঠেলি হেঁ‌চি লাইন পাতি চেকিঙৰ কাৰণে গৈ থাকোঁতে এজনে মাত লগালে – বাইদেউ অসমৰ পৰা আহিছে নেকি? লগে লগে কাণ দুখন থিয় হৈ গ’ল আই ঐ! কেনেনো শুৱলা ভাষা! এই অজান মানুহৰ ঠাইত ঠেলা হেঁ‌চা কৰি থকা অবস্থাত কোনেনো কাক এনে অমিয়া মাতেৰে মাতিলে বুলি ঘুৰি চাওঁতে দেখিলো গাৰ্ডৰ পোচাকত থকা ছোৱালী এজনীয়ে মোকেই মাতিছে। তাই ক’লে – বাইদেউ মইও অসমৰ। আপুনি মেখেলা চাদৰ পিন্ধি থকা কাৰণে অসমীয়া বুলি গম পাই মাত লগালোঁ‌। হয় হয়, মই অসমৰ বুলি হাঁহি মাৰি তাইক কুশলে থাকা দেই বুলি মানুহৰ ঠেলাত আগবাঢ়িলোঁ। ইমান দিনে বেলেগৰ ভাষা কৈ, শুনি থাকি, তাইৰ কথাষাৰ যে সঁ‌চাকৈ কাণত মৌ বৰষিছিলে! তেনেকুৱা পৰিস্থিতিতহে নিজৰ ভাষাৰ সমান যে শুৱলা আন কোনো ভাষাই হ’ব নোৱাৰে, হাড়ে হিমজুৱে অনুভৱ কৰা যায়। তাইৰ মাত শুনি মোৰ ইমান ভাল লাগিল যে মই মনতে সিদ্ধান্ত ল’লোঁ, অসমৰ বাহিৰলৈ আহিলে মই এদিন হ’লেও মেখেলা চাদৰ পিন্ধিমেই। কি ঠিক, কাপোৰযোৰ দেখিয়েই হয়তো আৰু কোনোবাই নিজৰ ভাষাত মাত এষাৰ দিয়েই। মোৰ আশা ফলৱতীও হৈছে। যেতিয়াই অসমৰ বাহিৰত মেখেলা চাদৰ পিন্ধিছোঁ‌, তেতিয়াই কোনোবা নহয় কোনোবা এজনৰ পৰা হ’লেও হিয়া শাঁত পৰি যোৱা অসমীয়া মাত এষাৰ পাওঁৱেই।

যি নহওঁ‌ক আমি কিছু সময় কটাবলৈ মেট্ৰ’ষ্টেচনলৈকে বুলি আগবাঢ়িলোঁ। হোটেল এৰি দিয়া কাৰণে লাগেজবোৰ আমাৰ লগতেই লৈ ফুৰিব লগা হ’ল। অটোৰ পৰা নামি, আমি মাক জীয়েকে সৰু বেগবোৰ আৰু দেউতাকে ডাঙৰ বেগখন লৈ মেট্ৰ’ ষ্টেচনলৈকে খোজ কাঢ়ি গ’লোঁ। মাটিৰ পৰা বহুত তললৈ খটখটিৰে নামি যাব লাগে মেট্ৰ’ ষ্টেচনলৈকে। নামি গৈ কাউণ্টাৰত লাইন পাতি টিকট তিনিটা কাটিলোঁ। টিকট মানে টোকেনহে দিয়ে। ৰঙা, নীলা, আৰু হালধীয়া তিনিবিধ ৰঙৰ টোকেন দূৰত্ব আৰু উজনিমুৱা, নামনিমুৱা ট্ৰেইন অনুযায়ী দিয়ে। আমিও তিনিটা টোকেন লৈ আগবাঢ়িলোঁ ভিতৰত সোমাবলৈ।

মেট্ৰ’ ষ্টেচনৰ ট্ৰেইনত উঠিবলৈ যাবলৈ হ’লে সৰু সৰু কেইবাখনো গেটেৰে সোমাই যাব লাগে। সেই গেটৰ একাষে থকা দেখাত খুটাৰ নিচিনাটোত টোকেনটো হেচাঁ মাৰি ধৰিলে গেটখন খোল খায়। গেটখন খোল খোৱাৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত লৰালৰিকৈ সোমাই যাব লাগে। নিৰ্দিষ্ট সময়ৰ ভিতৰত নোসোমালে গেটখন নিজে নিজেই পুনৰ বন্ধ হৈ যায়। পুনৰ টোকেনটোৰে হেঁ‌চা মাৰিব লাগে। এনেদৰে তিনিবাৰ হ’লেও যদি সোমাব নোৱাৰে তেন্তে টোকেনৰ ভেলিডিটি গুচি যায়। পুনৰ নতুন টিকট কাটিব লগা হয়। (এতিয়া কেনেকুৱা ব্যৱস্থা হৈ আছে নাজানোঁ। বহু দিন মেট্ৰ’ ৰেলত উঠা নাই )

আগৰ কেইদিন অহা যোৱা কৰোঁতে একো অসুবিধা পোৱা নাছিলোঁ। ছোৱালীজনী আগতে সোমাই গৈ সিটো পাৰে থিয় হৈ থাকি আমাক দেখাই থাকে। সেইমতে আমিও টোকেনটো হেঁ‌চা মাৰি গেট খুলি সোমাই যাওঁ। টোকেনটো হেচাঁ মৰাৰ লগে লগে গেটখন খোল খালে বৰ ভাল লাগে। আগৰ কেইদিনৰ দৰে সিদিনাও সোমাবলৈ গ’লোঁ‌ নিজৰ নিজৰ টোকেন লৈ। ছোৱালী সোমাই গ’ল। মইও সোমালোঁ‌। ভাবিছোঁ‌ বাপেকেও সোমাই আহিছে। পিছে নাই। পিছে পিছে আহি নথকা যেন লগাত উভতি চাই দেখোঁ‌ তেওঁ সোমাব পৰা নাই। তেওঁ গেটখন খোল খোৱাৰ লগে লগে কান্ধত ওলোমাই লোৱা প্ৰকাণ্ড বেগখন আগতে সোমাৱাই দিয়ে। এজন মানুহ সোমাব পৰা গেটখনেৰে মস্ত বেগখন নোসোমায়। বেগখন সোমাবলৈ যুজোঁতে যুজোঁতে গেটখনেই বন্ধ হৈ যায়। পুনৰ টোকেন লগাই গেট খোলে। গেট খোল খালে পুনৰ আগতে বেগখন ঠেলিবলৈ ধৰে। সেইবাৰো নোসোমায়। গেট বন্ধ হৈ যায়। যদিহে তেওঁ বেগখন গেটৰ ওপৰেৰে নাইবা তলেৰে সোমাই দিলেহেঁ‌তেন, তেন্তে ধুনীয়াকৈ মানুহজন সোমাই যাব পাৰিলেহেঁ‌তেন। কিন্তু সেইটো আমি নজনাৰ ফলত লটিঘটিখন হ’ল। টোকেনটো তিনিবাৰ হেঁ‌চা মৰাৰ পিছতো বেগে মানুহে সোমাব নোৱাৰি চাৰি নম্বৰবাৰ হেঁ‌চা মাৰোতে বিপ্ বিপ কৈ চাইৰেণ বাজিবলৈ ধৰাত চাৰিওফালৰ পৰা চিকিউৰিটি পুলিচ দৌৰি আহিল। কি বা হ’ল বুলি আমাৰ ভয়ো লাগিল। তেওঁ সিপাৰে, আমি ইপাৰে থিয় হৈ আছোঁ। চিকিউৰিটি আমাৰ ওচৰলৈ আহি দেখিয়েই গম পালে টোকেনৰ ভেলিডিটি গ’ল বুলি। তেওঁলোকে অৱশ্যে দেখাই দিলে বেগখন কেনেকৈ ইপাৰ সিপাৰ কৰিব লাগে। ভাল লাগিল। তেওঁ বেগখন ওপৰেৰে আমালৈ দিলে। পিছে এতিয়া মানুহজনহে সোমাব নোৱাৰে। ভেলিডিটি যোৱা টোকেনটোৰে গেট খোল নাখায়। চিকিউৰিটিকেইটাক ইমান ৰিকুৱেষ্ট কৰিলোঁ সোমাবলৈ দিবলৈ। লাগে চুঁ‌চৰি তলেৰেই আহিব। কিন্তু নাই, সিহঁতে তেনেকৈ সোমাবলৈ দিব নোৱাৰে। গতিকে উপায় নাপাই পুনৰ টিকট কাটি আনিলেগৈ উভতি বহু দূৰ খোজ কাঢ়ি গৈ।

পিছৰ গেটবিলাকত অৱশ্যে একো অসুবিধা নোহোৱাকৈ সোমাব পাৰিলোঁ। ভিতৰৰ মানুহ বহা বেঞ্চত বেগবোৰ থৈ আৰামেৰে বহুত সময় কটালোঁ‌ এ.চিৰ বতাহ লৈ। মাজতে তাৰেই দোকানত চাহো খালোঁ। বেলেগ এখন বেঞ্চত বাপেকে এঘূমতি মাৰিলেও। আমি ছোৱালীয়ে মইয়ে বহি বহি মানুহেই চাই থাকিলোঁ বিভিন্ন ধৰণৰ কথা পাতি পাতি। কিমান যে মানুহ। অহাই আহিছে, যোৱাই গৈছে। ক’ৰ বা মানুহ, ক’লৈ বা যায়। ট্ৰেইনখন আহি পালে এজাক মানুহ হুৰহুৰাই নামি আহে। তেনেদৰে ৰৈ থকা আন এজাক মানুহ ব্যস্ততাৰে উঠি যায়। কাৰো কোনোফালে চাবলৈ, ৰ’বলৈ সময় নাই। তাকেই চাই চাই সময় কেনেকৈ গ’ল গমেই নাপালো। মাটিৰ তলতেই আছোঁ নে ওপৰতে আছোঁ তাৰো খেয়াল নাই। কিবা ভাবি হঠাৎ এবাৰ ঘড়ীৰ ফালে চোৱাতহে তৎ আহিল যে আমি দেখোন ৰেল ষ্টেচন যাব লাগিব। ইতিমধ্যে আমি তাত তিনি ঘণ্টাৰো ওপৰ থাকিলোঁ। লৰালৰিকৈ বাহিৰলৈ যাবলৈ আমি বেগবোৰ সামৰি সুতৰি ওলাই আহিবলৈ ল’লোঁ। উভতি আহোঁ‌তেও সোমোৱাৰ নিচিনাকৈ গেটত টোকেনটো হেঁ‌চা মাৰিব লাগে। মাৰিলো হেঁ‌চা। পিছে লাগিল নহয় কেনা। গেটচোন খোল নাখায়। বাৰে বাৰে হেঁ‌চা মৰাতো গেটে লৰচৰ নকৰা দেখি চিকিউৰিটিক গৈ সোধাত তেওঁলোকে টোকেনকেইটা চাই ক’লে আমাৰ হেনো সেইকেইটাৰ ভেলিডিটি গ’ল! টিকট লোৱাৰ তিনি ঘণ্টা হৈ গ’লে হেনো ভেলিডিটি যায়। হৰি হৰি! জনাই নাছিলোঁ টিকটোৰো ভেলিডিটি তিনি ঘণ্টাতেই যায় বুলি। সেইকেইটা কি কৰিব লাগিব চিকিউৰিটিক সোধাত, তেওঁ‌লোকে পুৰণি টিকটকেইটা লৈ নতুন টিকট তিনিটা দিলে আগৰ সমানেই টকা লৈ। কি কৰিম আৰু। উপায় নাই। বাহিৰতো ওলাবই লাগিব। এ.চি ত আৰামেৰে থকাৰ ভৰণি ভৰি ওলাই আহিলোঁ ৰেলত উঠিবলৈ বুলি বাহিৰলৈ।

☆ ★ ☆ ★ ☆

6 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *