ফটাঢোল

হায় মোৰ বন্ধু – দিম্পল কলিতা

মোৰ বন্ধু কিমান তললৈ নামিব পাৰে!

লখৰাৰপৰা জিণ্টুৰ লগত ঘৰলৈ আহি আছোঁ। বাইক সি চলাইছে। লাহে লাহে দুয়ো আহি আছোঁ দুই এটা চিৰিয়াছ টপিক আলোচনা কৰি।

জালুকবাৰী অভাৰব্ৰীজ পাবৰ হৈছেই আৰু। এনেতে সি মনে মনে বহু সময়ৰপৰা পিছ লোৱা স্কুটি এখনৰ পিছপিনে বহি অহা এয়াৰ হোষ্টেজৰ ষ্টুডেণ্ট এজনীক দেখুৱাই ক’লে, “চা না কিমান ধুনীয়া তাই।”

হয় মই মানি ল’লোঁ তাই ধুনীয়া, আকৌ কওঁ তাই ধুনীয়া। চালো, ভাল লাগিল ল’ৰা ছোৱালীহালক একেলগে।

লগৰজনে আকৌ কথা আৰম্ভ কৰিলে, “এইজনী আমাৰ সেইপিনেই থাকে। দেখি থাকোঁ সদায়। মই চাই থাকোতেই গ’ল। তাই সেন্দুৰৰ মালিক চায়েই থৈছে।”

ৰহ ল’ৰাটোক ভালকৈ চাওঁ বুলি সি আমাৰ বাইকৰ স্পীদ বঢ়ালে, আকৌ চিঞৰি উঠিল, “ই হেলমেট নাই পিন্ধা, এনেকৈয়ে ছোৱালী লৈ আহিছে আৰু মই হেলমেট পিন্ধিও তোক উঠাব লগা হৈছে।”

মই একো নাইকোৱা অলপ সময়।

ই সিমানতে শান্ত নহ’ল, মোক সুধিলে সিহঁত আহি আছে নে পিছত? মই ক’লো, “ওঁ আহি আছে।”
সি ৰহ বুলি কৈ বাইকৰ স্পীদ বঢ়াই চিধা জালুকবাৰীৰ চেকিং পইণ্টটোত থকা পুলিছকেইজনৰ ওচৰত ৰ’ল। হেলমেটটো খুলি ক’লে, “ছাৰ আমাৰ পিছত এটা ল’ৰাই হেলমেট নিপিন্ধাকৈ স্কুটি এখন চলাই আহি আছে। লগত ছোৱালী এজনীও আছে।”

পুলিচ দাদাকেইজনো থিয় হৈ দিলে। অলপ চক খালে তেওঁলোকে।

চকুৰ সন্মুখত ই কি কৰিলে মই ধৰিবই নোৱাৰিলোঁ। বাইকখন ষ্টাৰ্ট দি সি ক’লে, “আমাক ভাল নোপোৱাৰবোৰক এনেকৈয়ে শাস্তি দিব লাগিব বুজিছ।”

মই হাঁহিলো মাত্ৰ চকুপানী ওলোৱাকৈ।

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *