বীণাৰ বিলৈ – মৌচুমী গগৈ
বীণাৰ ৰাতিপুৱাৰে পৰাই যেন ব্যস্ততাৰ অন্ত নাই। কাৰণ তাইৰ মৰমৰ নীনা বা ‘ৰ আজি বিয়া আছে। তাই থকা বন্দনা বাইদেউৰ ঘৰৰ কাষতে থকা কলিতা বৰতাহতঁৰ একমাত্ৰ ছোৱালী নীনাৰ আজি বিয়া। দুবছৰ মান আগতে বীণাই বন্দনা বাইদেউৰ ঘৰলৈ কাম কৰা ছোৱালী হিচাপে আহিছিল। তেতিয়াৰে পৰাই তাই নীনা বা’ক লগ পাই আহিছে। তাইক বহুত মৰম কৰে নীনা বা’ই। এই কেইদিন তাই বাইদেউৰ কথা মতে দুপৰীয়া সময়খিনি বিয়া ঘৰতে কাম -বন কৰি দিছে। চহৰলৈ অহাৰ পিছত প্ৰথম বাৰ তাই এখন বিয়া খাবলৈ সুবিধা পাইছে। দিনটো আলহী অতিথি আহি থকা বাবে তাই বিয়া ঘৰত কাম বেছিকৈ কৰিব লগা হৈছে যদিও কামৰ ফাকেঁ ফাকেঁ নীনা বা আৰু তাইৰ লগৰ বা কেইজনীৰ লগতো হাহিঁ -ধেমালি কৰিব পাৰিছে।
বীণাৰ আজি মনটো ভাল লাগি থকাৰ আন এটি কাৰণো নথকা নহয়। যোৱা সপ্তাহত তাইলৈ মালিকনী বাইদেৱে এযোৰ ধুনীয়া চুৰিডাৰ কামিজ আনি দিছে। সেইযোৰ গধুলি পিন্ধি তাই বিয়াত থাকিব। তাৰোপৰি চকুত লগোৱা সৰু ক’লা পেঞ্চিল এডাল আৰু ওঠত লগোৱা এটাও আনি দিছে। সেই কেইটাও আজি গধুলি লগাম বুলি মনতে ভাবি ল’লে। আগতে গাৱঁত থাকোতে সিহঁতৰ লগৰ মালতীয়ে যেতিয়া চকুৱে -ওঠে ৰং বুলাই কৰবালৈ ওলাই আহে, তেতিয়া লৰাবোৰৰ লগতে তাহাতিও অকৰাৰ দৰে ৰ’ লাগি চাইছিল।
সন্ধিয়া হোৱাৰ আগে আগে তাই বিয়া ঘৰত কাম কৰি ঘৰলৈ আহি দেখে যে,দাদা আৰু বাইদেউ অফিচৰ পৰা আহি চাহ একাপকৈ খাই বিয়ালৈ যাবলৈ সাজু হৈছে। তাইক বাইদেৱে ঘৰৰ কৰিব লগীয়া কাম কেইটা কৰি আজৰি হৈ আহিবলৈ ক’লে। তাইও মনে মনে ভালেই পালে। এতিয়া ঘৰতে অলপ সাজি -কাছি তাই বিয়াঘৰলৈ যাব। এতিয়া বিয়া ঘৰতো তাইৰ বিশেষ কাম নাই। কাম কৰা মানুহ দুজনী আহিছে। বীণাই ঘৰৰ কাম কেইটা সামৰি নতুন চুৰিডাৰ যোৰ পিন্ধিব লওঁতেই লাইট গ’ল। খা বাপ্পেকে এতিয়া। লাইটতোও যাবলৈ এতিয়াহে পালেনে। এনেয়ো তাইৰ ভয়টো অলপ বেছি। তাই লৰালৰিকৈ মম এডাল আনি কাপোৰ কেইটা পিন্ধিলে আৰু যি পাৰে মুখত লগাই বিয়া ঘৰলৈ দৌৰিলে।
বিয়া ঘৰত সোমায়েই তাই দেখিলে যে সকলোৱে তাইৰ ফালে চাই ফিচিঙা ফিচিঙ কৰিছে। তাইক ছাগে নতুন কাপোৰেৰে বৰ ধুনীয়া লাগিছে, সেই কাৰণে চবেই চাইছে। তাই কাকো নোচোৱাকৈ গহীনত ভিতৰলৈ সোমাই গৈ বন্দনা বাইদেউ ক’ত আছে বিচাৰিলে। ঘৰৰ চাবিটো বাইদেউক দি তাই নীনা বা’ক নতুন চুৰিডাৰ যোৰ দেখুৱাবলৈ যাব। অলপ আতৰত তাই বাইদেউক ওচৰৰে আন কেই গৰাকীমান মহিলাৰ লগত কথা পাতি থকা দেখি সেইফালে আগুৱাই গ’ল। তেনেতে মালিকনী বাইদেৱে বীণাক দেখি ডাঙৰ ডাঙৰকৈ হাহিঁব ধৰিলে। বাকী কেই গৰাকীয়েও তাইক দেখি মুখ টিপি হাহিঁলে। তাই কি হৈছে বুজি নাপাই অকৰাৰ দৰে ৰৈ থাকিল। এইবাৰ বাইদেৱে ওচৰলৈ আহি ক’লে ,’তই মুখ খন ধুই আহগৈ যা ,চকুত লগোৱা আই লাইনাৰ দাল ওঠত লগাবলৈ কিহে পাইছিল’। তেতিয়াহে তাই গম পালে যে লাইট যোৱাৰ কাৰণে তাই ভয়ৰ কোবত চকুত লগোৱা দালকে ওঠত ভালকৈ ঘহি আহিলে।
☆ ★ ☆ ★ ☆
12:41 am
ভাল লাগিল
8:13 pm
হাঃ হাঃ
10:14 pm
সুন্দৰ
8:11 am
জমনি দেই