ফটাঢোল

‘গুলপীয়া চহৰত দিনবােৰ’ (ৰােমন্থন) – ডাঃ নমিতা বৈশ্য

সর্বভাৰতীয় স্নাতকোত্তৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ নামভৰ্তি কৰিলাে —ৰাষ্ট্ৰীয় আয়ুর্বেদ সংস্থান, জয়পুৰত। শল্য বিভাগত। প্রথম ক্লাছ। মনটো উগুল-থুগুল। আগদিনা গধূলি মাহঁত গুছি আহিছে। অসমৰ বাহিৰত ফুৰিবলৈ বহুবাৰ গৈছাে, এক্সাৰচনত গৈছাে – কিন্তু থাকিবলৈ? তাকো তিনিবছৰ লৈকে? মা গুছি অহাৰ পিছত হেঁপাহ পলুৱাই কান্দিলাে..।।

মন পচন্দৰ বিষয় বাচনিৰ টেনচন, নামভৰ্তিৰ দীঘলীয়া প্রক্রিয়া, মেডিকেল ফিটনেচ, এফিডেফিদ বনােৱা আদি কামৰ পিছত এখন অচিনাকি ঠাইত সকলাে অচিনাকি মানুহৰ মাজত অকলশৰীয়া হােৱাৰ অনুভৱ… তাৰ পিছত এই প্রথম ক্লাছ। মােকো কোনেও চিনি নাপায়, মইও কাকো চিনি নাপাও। কাজেই চুপ-চাপ বহি আছাে।
ডী ছাৰৰ (উপাধ্যায় ছাৰ-যাক আমি পিছলৈ বাঘতকৈও বেছি ভয় কৰিছিলোঁ) এটি চমু ভাষণৰ পিছত আৰম্ভ হ’ল আমাৰ পৰিচয় পর্ব।।

এখন ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠান হােৱা সূত্রেই ভাৰতৰ বিভিন্ন প্রান্ত ছাত্র-ছাত্রীৰে ভৰি আছে হ’লঘৰ। অকল ভাৰতৰে নহয়, বিভিন্ন দেশৰ পৰাও আহিছে শিক্ষার্থী। ভিন্ন ঠাই, ভিন্ন ভাষা, ভিন্ন বয়স, ভিন্ন চৰিত্ৰ। তাৰে কিছুমান সহপাঠী মােৰ মাৰ বয়সৰ আছিল, কিছুমান দেউতাতকৈ অলপ সৰু। পিছলৈ গম পাইছিলাে তেওঁলােক ‘গভমেন্ট নমিনেটেড় কেণ্ডিডেট’ আছি। যিয়েই নহওঁক -সকলােৱে পৰিচয় দি আছে। ছাৰে মূৰ দুপিয়াই গৈছে। এইবাৰ মােৰ পাল। … শেষত ‘আছাম’ বুলি কৈ মই মােৰ চিনাকি দিলাে। আছাম? অ’ ফ্রম দা লেণ্ড অব ডঃ ভূপেন হাজৰিকা?’ ছাৰে সুধিলে। হয় – মই ক’লাে। মনটো ভাল লাগি গ’ল। উইল ইউ প্লীহ্ চিংগ আ চং অব দা গ্রেট লিজেণ্ড ?’- তেখেতে ক’লে। হা? – মােৰ মুখখন মেল খাই থাকিল। মােৰ অৱস্থা তেতিয়া ফাল মেলা বসুমতি পাতালে লুকাওঁ। মই আৰু গান ? মােৰ পূৰ্বজনমতাে গান গােৱা মনত নপৰে। চাৰিওফালে এবাৰ চকু দিলাে। আটাইবােৰ চকুৱে মােৰ ফালে চাই আছে। হাতত যেতিয়া বেলেগ বিকল্প নাথাকে, মানুহ তেতিয়াই সবাতােকৈ বেছি সাহসী হয়। সর্চা কথা! চকু-কান মুদি গালােবিস্তীর্ণ পাৰৰে…. এফাকি। জাউৰিয়ে জাউৰিয়ে হাত চাপৰি পৰিল। পিছতহে ভাবিলাে, এনেয়ে ভয় খালাে। ভূপেন দাৰ গান নাগাই মই যদি ‘হলৌ উঠিল তকৌ গছত’ও গালােহেঁতেন, … তাতে কোনেনাে জানিলে হেঁতেন? কেতিয়াবা হাত চাপৰি এনেও পৰে! অভিজ্ঞতা হল।

যিয়ে নহওঁক, অসম আৰু অসমীয়াক লৈ বেছিভাগ মানুহৰ মাজত থকা ভ্রান্ত ধাৰণা (বা কোনাে ধাৰণা নথকা) কথাটোৱে কেতিয়াবা মােক আমােদ দিছিল, কেতিয়াবা অস্বস্তি। অসম বুলিলেই বেছি ভাগ মানুহেই সুধিছিল – ভূপেন দা, কামাখ্যা মন্দিৰ নাইবা আলফাৰ কথা। তাতকৈ বেছি জনাখিনিয়ে জানিছিলচাহপাত, বিহু আৰু গড়কেইটা। বচ্৷ ইমানতেই শেষ।

এবাৰ মােৰ লগৰ এজনীয়ে সুধিলে – ‘অসমৰ পৰা তুমি কেনেকৈ আহিলা?’ “মানে?’মই সুধিলাে। ‘মানে তাততাে বহুত জংগল ন?

কথাটো ৰাছিয়া, ইৰাণ বা শ্রীলংকাৰ এগৰাকীয়ে সােধা নাছিল। সুধিছিল-দিল্লীৰ সহপাঠী গৰাকীয়ে। মই হাঁহিলাে। বহুত কষ্ট হ’ল, জানানে? জংগলবােৰ কাটি কাটি আহিছাে যে! – মই ক’লাে। তেওঁ মােলৈ চাই ৰ’ল – বহুসময়। মােৰ বীৰত্বৰ প্রকোপ দেখি তবধ মানিছিল চাগে!

মােৰ বাবে আন এটা কমন কুৱেশ্য (মানে প্রায় সকলােৱেই সােধা) আছিল -তােমাকতাে অসমৰ যেন নালাগে!
‘মানে ?

বহুদিনলৈ কথাষাৰ মই বুজিয়েইনাপালোঁ। মানে কেনেকুৱা হ’লে অসমৰ যেন লাগিব আৰু কেনেকুৱা হলে নালাগিব!পিছলৈ বুজিলাে মােক অসমৰ যেন নালাগে, কাৰণ মােৰ সৰু সৰু চকু নাই, মােৰ জনগােষ্ঠীয় মুখাবয়ব নাই, বা দেখিবলৈ মই এগৰাকী নাগালেণ্ড বা অৰুণাচলী যুৱতীৰ দৰে নহওঁ।।

আচৰিত লাগিলে, যেতিয়া এগৰাকী শিক্ষাগুৰুৱে এদিন ক’লে ‘তুম আসাম কে নহী হাে চকতী। মই ক’লাে হয়, মই অসমৰে। তেতিয়া কাষত বহি থকা আন এগৰাকী শিক্ষাগুৰুক তেখেতে ক’লে – ‘এওঁৰ মাক-দেউতাক আমাৰ এইফালৰ পৰা যােৱা মানুহ হ’ব। সৰু ছােৱালী যে- সেইবাবে এওঁ ইমান নাজানে! কথাটোত অভ্যস্ত হৈ গৈছিলাে বাবে হাঁহি নুঠিল।

হাঁহি উঠিল তেতিয়াহে – যেতিয়া তাতে পঢ়ি থকা সময়তে মােৰ বিয়া হ’ল আৰু বিয়াৰ পিছত মােক থবলৈ বুলি এওঁ জয়পুৰলৈ গ’ল। এওঁক দেখি সকলােৱে একেমুখে কোৱা কথাষাৰ আছিল- “কি আচৰিত! এওঁৰ হাচবেণ্ডও অসমীয়াৰ দৰে নহয়। তেওঁক তাে আৰু অসমীয়া যেন নালাগে। আৰু অসমীয়া নলগাৰ কথাটো হ’ল – মােৰটো নাকটো ভােটায়েই, এওঁৰ নাকটো আৰু দীঘল- মােৰ মুখখন গােল-গােল, এওঁৰ মুখখনাে দীঘলীয়া… আৰু দীর্ঘ উচ্চ শৰীৰ। গতিকে…

যিয়েই নহওঁক, সেই তিনিটা বছৰত দেখা ভিন্ন জনৰ ভিন্ন আমােদজনক চৰিত্ৰ, অসংখ্য জনৰ অশেষ মৰম, যত্ন আৰু বন্ধুত্বই আজিও জীপাল কৰি ৰাখিছে মােৰ অভিজ্ঞতাৰ ভঁৰাল। এতিয়াও যেতিয়া মই ওভটি চাওঁ, মৰ্মৰ এটি সােনসেৰীয়া ৰাস্তাকেই দেখা পাওঁ। জীৱনৰ বাবে প্রয়ােজনীয় ও চাগে – সেইখিনিয়েই……

তেনে এটি আমােদজনক চৰিত্ৰ — নেহা বা। নামভৰ্ত্তিৰ পিছদিনাই আমাক জনােৱা হ’ল — গার্লচ হােষ্টেলৰ আসনক লৈ কিবা এটা সমস্যাৰ উদ্ভৱ হৈছে। আচলতে স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰীৰ বাবে হােষ্টেল একেটাই। এটা প্রকাণ্ড ছয়মহলীয়া বিল্ডিং। বােধকৰাে ইন্টার্ন শেষ হােৱা ছাত্রীসকলে হােষ্টেল খালী কৰা নাই।।

মই বিশেষ চিন্তা নকৰিলাে। অকল ভাৰতৰে নহয় দেশ-বিদেশৰ ছাত্ৰীবােৰাে আছে। গতিকে সমস্যা সমাধানৰ প্ৰচেষ্টাত নিশ্চয় কর্তৃপক্ষই কৰিব।

সমাধান হ’ল। প্ৰথমতে বিদেশৰ ছাত্রীখিনিৰ বাবে হােষ্টেল ৰূমৰ ব্যৱস্থা কৰা হ’ল। ছাত্রী মানে – আমাৰ মাহী বা খুড়ীৰ বয়সৰ ছাত্রী। ব্যৱস্থাও এক্কেবাৰে ৰাজকীয় ব্যৱস্থা। সুকীয়া কোঠা, সংলগ্ন বাথৰূম, আচুতীয়া পাগঘৰ। বুজিলাে – দেশীতকৈ বিদেশীৰ আদৰ বেছি।

‘আৰু আমিবােৰ!’ – ডিৰেক্টৰ ছাৰক লগ কৰিলাে – সদলবলে। ‘কেইদিনমান অলপ এডজাষ্ট কৰা, ব্যৱস্থা কৰি আছাে’ তেখেতে ক’লে।

কথামতে ব্যৱস্থা কৰিলেও। প্রতিটো বিভাগৰ মূৰব্ৰীলৈ তেখেতে এখনকৈ জাননী দিলে। নিজৰ নিজৰ বিভাগৰ নৱাগত ছাত্ৰীসকলক পূৰণি ছাত্রীসকলৰ লগত ৰূম শ্বেয়াৰ কৰিবলৈ দিয়া হওঁক।

কথামতে কাম। মােৰ বিভাগত দুজনী ছাত্রী। সুষমা বা’ঝাৰখণ্ডৰ আৰু নেহা বা উত্তৰ প্ৰদেশৰ। ‘সুষমা বাৰ লগত ইতিমধ্যে অন্য এজনী ঝাৰখণ্ডৰ ছােৱালীয়ে থাকিবলৈ লৈছে। বাকী থাকিল – নেহা বা—

‘তুমি লগত থাকিলে মােৰ বি-ৰা-ট ভাল লাগিব জানা! কিন্তু তুমি পাৰিবা জানাে?

—বায়ে নিজে আহি ক’লে ‘মানে?’ – মই সুধিলাে

‘মােৰ ৰূম ছয় মহলাত। তুমি ইমান সৰু ছােৱালী। চিড়ি বগাই বগাই ছয়মহলালৈ উঠিব পাৰিবা জানাে?
চিড়ি বগাই বগাই উঠিব পাৰােনে নােৱাৰাে নাজানাে, কিন্তু মােৰ অনুভৱ হ’ল — হয়তাে বায়ে আনৰ লগত ৰূমৰ ভাগ-বটোৱাৰা কৰিব বিচৰা নাই।

‘তাতে মােৰ ৰূমৰ যিহে জধলা অৱস্থা’ –‘নেহা বা’য়ে ক’লে ‘হ’ব, কথা নাই।

সমস্যাটো সমস্যা হৈ নাথাকিল। হােষ্টেলৰ আটাইবােৰ দেশী-বিদেশী আবাসী নিজেই আগবাঢ়ি আহি নতুন ছােৱালীখিনিক আদৰি ল’লে। কিছুদিন পিছত আমি নিজাকৈও ৰূম পালাে। পিছলৈ বাথৰূম, কিচ্চেন সংলগ্ন কোঠালীও পালাে।

‘দেশী ভাগ্যবােৰাে কেতিয়াবা বিদেশীৰ ভাগ্যৰ দৰে সৌভাগ্যশালী হ’ব পাৰে’–অনুভৱ কৰিলাে। যিয়ে নহওঁক, কৈ আছিলাে – নেহা বাৰ কথা।

— হােষ্টেল সােমায়েই দেখিলাে হােষ্টেলৰ দুৱাৰমূখতে দুটাকৈ প্রকাণ্ড লিফ্ট। ‘নেহা দি। — হাতত লাগেজ’ লৈ লিফ্ৰক্টৰ উঠিবলৈ লওঁতে নেহাবাক দেখিলাে। ‘চিড়িৰে যাবা নেকি? – মােক দেখি সুধিলে।

নাযাওঁ মই ক’লাে (সন্মুখত দুটালৈ লিফ্ট থাকোতে ছয়মহলালৈ চিড়ি বগাই যাবলৈ মােক কি পগলা কুকুৰে কামুৰিছে?)।

মই কিন্তু সদায়েই চিড়িৰে যাওঁ, সেইবাবেই সুধিছিলাে – তুমি পাৰিবা জানাে? বায়ে ক’লে আৰু ধীৰে ধীৰে ওপৰলৈ উঠি গ’ল। বহুদিনৰ পিছত—।

এদিন। ছয়মহলাত থকা মােৰ লগৰ এজনীৰ ৰূমত আছাে সেইদিনা। ৰাতি দুইমান বাজিছে। বাথৰূম গ’লাে। দুৱাৰ ভিতৰৰ পৰা বন্ধ। ভিতৰত খুব জোৰে জোৰে পানী মৰাৰ শব্দ। গুছি আহিলাে। আকৌ আঢ়ৈতাত গলাে। একেই শব্দ। তিনিটাত গলাে। আকৌ একেই।

মই নক্ কৰিলাে। ‘কোন?’— ভিতৰৰ পৰা ভাহি আহিল মাত।। অলপ পিছতে দুৱাৰ খােল খালে। সন্মুখত নেহা বা। তিতা চুলি। হাতত এবাল্টি ধােৱা কাপােৰ। ‘গা ধুলাে’ – বায়ে হাঁহি মাৰি ক’লে। ‘হা?’ – মই চাই থাকিলাে।
বামটোও চাফা কৰিলাে’কাপােৰ খিনিও ধুইয়েই থ’লাে। তেওঁ তিতা তাৱেল চুলিত মেৰিয়াই মেৰিয়াই ক’লে। গুডনাইট’।

ৰাতি তিনিটাত গা ধােৱা, চুলি ধােৱা, কাপােৰ ধােৱা…. মই কি কম ভাবি নাপালাে।

আন এদিন। সেইদিনাও তাইৰ ৰূমত আছাে। তেতিয়াওঁ ৰাতি তিনিমান বাজিছে। দুৱাৰৰ বাহিৰত ঝুনুক ঝুনুক শব্দ। এবাৰ-দুবাৰ তিনিবাৰ

‘উঠাচোন’ – লগৰজনীক উঠালাে। দুয়াে দুৱাৰ খুলি বাহিৰ ওলালাে। বাহিৰত?’ – নেহা বা।

গাত নতুন জয়পুৰী শাৰী, হাতত খাৰু, ভৰিত ওখ হিল — ‘কেটৱাক’ কৰি হােষ্টেল কৰিডৰত ঘূৰি ফুৰিছে।
আমাক দেখি হাঁহিলে। ‘শাৰীখন আজি আনিছাে। ট্রায়েল কৰিছাে ৰবা। কেনে লাগিছে? আমি ইজনীয়ে সিজনীৰ মুখলৈ চাই ৰ’লাে –

‘তাৰ পিছত?’ – মই সুধিলাে

সেইকাৰণে মই ৰাতিপুৱা চাৰি বজাত শুই যাওঁ — তেওঁ কৈ গ’ল – ‘কেনেকৈ শুওঁ জানা, এক্কেবাৰে ফিটফাট হৈ..ইষ্ট্রি কৰা কাপােৰ, চুলি বন্ধা, মুখত মইচ্চাইৰাজাৰ, ওঠত লিপষ্টিক, চকুত কাজল —চব ব শুওঁতে সাৱধান, এক্কেবাৰে চিধা হৈ শুব লাগে,নহ’লে কাপােৰৰ ইষ্ট্রি ভাঙি যাব পাৰে আৰু চুলি ইফাল-সিফাল হ’ব পাৰে। পূৱা ন বজাত এলার্ম – আৰু চিধাই দৌৰ মাৰা ডিপার্টমেন্টলৈ বুজিলা?

বুজিলাে।

ইমানবােৰ বুজাৰ পিছতাে কিন্তু বাকৈ মােৰ ভালদৰে বুজা নহ’ল চাগে। এদিনৰ কথা। দিনৰ দুই বজাৰ পৰা চাৰি বজালৈ ডিপার্টমেন্টৰ চেমিনাৰবােৰ হয়। প্রত্যেকে এটা এটা দিনত নিজৰ ‘প্রেজেনটেচেনবােৰ দিব লাগে। সেইদিনা নেহা বাৰ ‘প্রেজেনটেচেন’। পাৱাৰ পইন্ট’ত কৰি আনিছে। কিবা কাৰণত সেইদিনা এজনাে শিক্ষক উপস্থিত নাই। বহুকেইজন ছাত্র-ছাত্রীও নাই। বাৰ খুব দুখ।

‘চোৱাচোন, ইমান কষ্ট কৰি ‘প্রিপেৰেচন’কৰিছিলাে। এন্নেয়ে গ’ল – গােটেইসােপা। মােৰাে বেয়া লাগিল। হয়ােতাে!

‘এটা কাম কৰক, না। কাইলৈ মােৰ ‘প্রেজেনটেচন’আছে। আপুনি দিয়ক। কাইলৈ আটাইকেইজন থাকিব। – মই ক’লাে

‘তুমি সচাই কৈছাতাে! – বায়ে কলে ‘মিছা আকৌ কিয় কম? – মই কলাে “থেংক ইউ, দেই’ – বায়ে মােক সাবটি ধৰিলে। সেইদিনা আবেলি আমাৰ লগৰ আটাইকেইজনী ‘জলমহল’ত ফুৰিবলৈ যােৱাৰ কথা। মই যােৱাৰ কথা নাছিল। পিছৰ দিনাৰ ‘প্রেজেনটেচন’ যিহেতু দিবই নালাগে, ময়াে সিহঁতৰ লগত ওলালাে।

শােৱাৰ আগতে নেহা বাৰ পৰা আৰু এবাৰ কনফার্ম কৰি ল’লাে। হয়, কাইলৈ তেওঁৱে দিব। পিছদিনা। অপি.ডি, ত। ‘বা, ৰেডীন? ‘একদম’ – তেওঁ ক’লে। দুই বাজিল। আটাইবােৰ চেমিনাৰ হলত। ‘কোনে দিব? – নমিতা?’— বর্মা ছাৰে সুধিছে। ‘ন’ ছাৰ, নেহা বাই দিব’ – মই ক’লাে । ‘ক’ত … নেহা?’ – আটায়ে সুধিছে। দহমিনিট গ’ল — নেহা বা —মই ফোন লগালাে।।

‘এয়া, গৈছাে’ – উত্তৰ আহিল আধা ঘন্টা গ’ল। “নেহা বা?’ – ‘বচ পালাে আৰু — পঞ্চলিশ মিনিট গ’ল – ‘ক’ত, আপুনি? ‘অকনমান দেৰি হৈছে। চিন্তা নকৰিবা। গৈ আছাে একঘন্টা, ডেৰঘন্টা, দুঘন্টা —

আটায়ে ৰৈ ৰৈ গুছি গ’ল। মােৰ কাণ মূৰ গৰম হৈ গৈছে। হােষ্টেললৈ আহিলাে। মুড অফ। লগৰ ছােৱালী এজনী আহিল।

‘নেহা দিক লগ পাইছিলাে। চিনেমা চাবলৈ গৈছে।” – তাই ক’লে ‘কি?

‘ও, মই সুধিছিলাে, আপােনাৰ আজি চেমিনাৰ আছেনহয়…? তেওঁ ক’লে – আজ নমাে’কা হ্যে, মেৰা তাে কল হি খতম হাে গয়া।

খং উঠি নেহা বাক মতাই নাছিলাে দুসপ্তাহমান। এদিন পিছে পিছে দৌৰি আহিল। হাত দুখন সাৱটি ধৰিলে আৰু ক’লে –তুন, বহুত বেৱকুফ হে।।

‘ভাল কথা’ – মই ক’লাে –‘মােক নামাতিব’ – কৈয়ে মই আগবাঢ়িলাে! ‘নমাে, ম্যে ন এইসী হি হ’ মই ঘূৰি চালাে। তেওঁৰ চকুযুৰি সেমেকা।

মই হাঁহি দিলাে। সঁচাকৈ কিছুমান মানুহ – তেনেকুৱাই। যি যেনেকুৱা, তেওঁক তেনেকৈয়ে ভাল লাগে দেখােন।

‘পিছলৈ আপুনি কেনেকৈ চলিব, কওঁকচোন। – মই ক’লাে।

এতিয়া বা’ৰ লগত মােৰ কোনাে কন্টেক্ট’ নাই। ফেচবুক, হােৱাএপ গ্রুপ ক’তােৱে বাক বিচাৰি পােৱা নাই। কিন্তু এতিয়াওঁ মােৰ এগালমান মৰম অনুভৱ হয় – বাৰ বাবে।

আৰু যেতিয়াই বাৰ কথা মনলৈ আহে, এটা কথাই মােৰ মনলৈ আহে – ‘নেহা বা এতিয়া কেনেকৈ চলিছে, জানাে!

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *