কৌতুক – পূৰ্ণময়ী মেধি
(এক)
দেৱজিৎ – সোনটো, ফৰেইন আৰু ইণ্ডিয়াৰ মাজত এটা চলিড পাৰ্থক্য কোৱাচোন?
সোনটো – কি ক’ম দোস্ত! ফৰেইনত ৰাস্তাত চুমু খাব পাৰি, চুচু কৰিব নোৱাৰি আৰু ইণ্ডিয়াত ৰাস্তাত চুচু কৰিব পাৰি, চুমু খাব নোৱাৰি। হাউ দিচগাষ্টিং!
(দুই)
ইমনে ৰঞ্জনদাক সুধিছে, “পাপা ৰং কেইটা?”
বাপেকে বোলে, “সাতটা”।
“হেৰি, হেৰি…” (আহিল নহয় ভিতৰৰপৰা মাত) “কি শিকাইছেহে আপুনি? ৰং মাত্ৰ সাতটা! ওলাওক, ওলাওক, আজি গম পাব। ইমন বেবী আঁহা আমি ফুফু যাম।”
বাপেক জীয়েকে একো বুজি পোৱা নাই। মুখ মেলিলে কথা বিষমহে হ’ব।
দুপদুপাই দোকানৰ ভিতৰত সোমাই ইমনৰ মাকে বোলে, “মোক নেইল পলিছ দেখুওৱা।”
“বাইদেউ কি কালাৰৰ দিম?”
“যি আছে সব দেখুওৱা।”
“হেৰি এইফালে আহক, গন্তি কৰক কিমান আছে!”
ৰঞ্জন দাই ভয়ে ভয়ে সুধিলে, “কিয়?”
“কিয় পাহৰিলে? কালাৰ, ৰং…. মাত্ৰ সাতটা বুলি কৈছিল যে!”
☆ ★ ☆ ★ ☆
12:20 am
মজ্জা ?লাগিল