ফটাঢোল

পৰিৱৰ্তন – সোমেশ্বৰ বৰা

সময়ৰ পৰিৱৰ্তনৰ লগত ৰজিতা খুৱাই মানুহৰ জীৱন যাপন, ধৰণ-কৰণৰো পৰিৱৰ্তন ঘটিছে। বৰদেউতাই ৰাজহুৱাকৈ কৈছিল “আমি চৰকাৰ গঠন কৰিলে পৰিৱৰ্তন আহিব।” আমি ভতুৱায়ো ভাবিছিলো, চকুত লগা পৰিবৰ্তন আহিব। পিছে নাহিল। কিন্তু কিছুমান নাহিবলগীয়া ক্ষেত্ৰত পৰিৱৰ্তন আহিল। আমাৰ ভতুৱামখাই পাভলুটি দেখি হুঁচ অহাত আপুনা আপুনি মুখৰপৰা ওলাই গ’ল, “এ বাদ দিয়া হে”।

ধনৰ মূল্য কমিল।

আমি অধিক ভিকহু হ’লো মনৰ।

আপোনপেটীয়া হ’লো।

খেতিখোলা এৰি দুটকীয়া চাউলত শৰণ ল’লো।

কেনেকৈ বিপিএল কাৰ্ড এখন গোটাব পাৰো তাৰে চিন্তাত ডুব গ’লো।

চুলাই ভাটী ভাঙি পদূলিয়ে পদূলিয়ে বিলাতী মদৰ দোকান খুলি আমি মদাহীবোৰে লোকেল এৰি বিলাতী খালো। এক কথাত আমি বিলাইতী মদাহী হ’লো।

বাট পথবোৰত পাৰ্কিঙৰ নামত বৈধ অবৈধ মাচুল উঠালো।

ফুটপাথবোৰত অবৈধ মাচুল তুলি বজাৰ বহিবলৈ দিলো।

গুণ্ডাকৰ-মধূচক্ৰ আদি নিতৌ নতুন নতুন শব্দ তথা পৰিবেশবোৰৰ বিষয়ে জানিবলৈ পালো।

হয়, এইবোৰো পৰিৱৰ্তন। পিছে পৰিৱৰ্তনৰ আওতাত সুষম আঁতদাল চিগি গ’ল। গতিকে এলানি পৰিৱৰ্তন বিচাৰো আহকচোন।

 

চৰ্ট কাট

বাপেক বা মাক ঢুকাল বুলি আপুনি অনাহকতে উচপ খোৱা চৰ্ট হেয়াৰ কাট।

উৰুলিপুঙাকেইটাই এশ কিঃমিঃ বেগত বাইক চলাই যমৰ ঘৰলৈ বিচাৰে চৰ্টকাট।

স্ফুৰ্টিপানী এঢোক মাৰি দ্ৰাইভিং ছিটত বহি বহুজনে বিচাৰে চৰ্টকাট।

আপডেটেদ প্ৰজন্মই লিভিং টুগেদাৰত বিচাৰি পায় লগুন গাঁঠিৰ চৰ্টকাট।

দুৰবাট সু গমন প্ৰবাদ এৰি পৰীক্ষাৰ উত্তৰ বহী আনৰ হতুৱাই লিখাই বিয়াগোম চাকৰি লোৱাৰ চৰ্টকাট।

চৰকাৰী সম্পত্তি বেচি, পাৰিলে আই বোপাইকো বেচি কোৰোণাৰে ধানৰ ঠাইত ধন চপোৱাৰ চৰ্টকাট।

গোগ্ৰাসে ধন গিলি হজম কৰিব নোৱাৰি চুট-টাই পিন্ধি ৰঙাঘৰত সোমোৱাৰ চৰ্টকাট।

লকআপত লাজে নাকত ধৰিলে বেমাৰৰ ভাও ধৰি চিকিৎসালয়ৰ বিচনালৈ চৰ্টকাট।

বুঢ়াটো, বুঢ়ীজনী বুলি প্ৰৌঢ়জনক বৃদ্ধাশ্ৰমলৈ থেলি যম ৰজাৰ উতলা তেলত ভাজ খাবলৈ উথপথপ চৰ্টকাট।

গতিকে চৰ্টকাট তথা চমুবাট। ইচ্ছাৰ অধীন এই চৰ্টকাট। আলিবাটেদি নগৈ পথাৰে পোনাই চৰ্টকাট মাৰোতে খলাবমা কিছুমান থাকিবই দিয়কচোন।

* * * * * *

আৰ আই পি 

তেখেতৰ আত্মাই সদগতি লাভ কৰক বুলি অফিচৰ আগত সমবেত হৈ এক মিনিট ঠিয় দিয়াৰ আজি আৰু দৰকাৰ নপৰে। আৰ আই পিৰ যুগ। RIP বুলি লিখি পিটিক কৰি দুখ বেদনা সোপাকে ডিজিটেলাইজদ কৰি পঠিয়াই দিলে লগে লগে দুখীজনো সন্তুষ্ট হ’ল।

আগতে গাঁৱৰ কোনোবাজন নৰিয়াত পৰিলে গাঁৱৰ ইমূৰৰপৰা সিমূৰলৈ গুণগুণনি উঠিছিল। পাল পাতি পৰ দিছিল। শাস্ত্ৰ ভাগৱত পঢ়ি গৃহস্থক সংগ দিছিল। গায়ন বায়ন গাই শৱ যাত্ৰা কৰিছিল। শ কান্ধত ল’বলৈ হেতা ওপৰা লাগিছিল।

এতিয়া কোন কেতিয়া মৰিল কাষৰ ঘৰেও গম নেপায়। আই চি ইউৰপৰা স্বৰ্গৰথত ভূতনাথলৈ গমন। চণ্ডালক ধনবিত দি আজৰি। সকলোখিনি কৰে মানে দুঘণ্টা লাগে। গতিকে শ্মশান মিত্ৰৰ সৈতে হোটেলত বহি চাহ মিঠাইৰ পৰব।

মহাভাৰতৰ যুদ্ধ ক্ষেত্ৰত শৰশয্যাত শুই শুই পিতামহ ভীষ্মই কুৰু বংশৰ আৰ আই পি লিখি লিখি হস্তিনাপুৰৰ সিংহাসন নিষ্কণ্টক দেখি শান্তিৰে চকু মুদিছিল। গুৱাহাটীৰ ভূতনাথ শ্মশানৰ শৰশয্যাত শুই পিতামহে কাৰ কাৰ আৰ আই পিৰ অপেক্ষা কৰিছে বুজা নেযায়।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *