ফটাঢোল

গণতন্ত্ৰ – পৰীস্মিতা দাস

(ক)

ৰাইজৰদ্বাৰা ৰাইজৰ বাবে ৰাইজৰ চৰকাৰ
প্ৰতিনিধি বাচি ৰাইজে দিয়ে দেশ শাসনৰ ভাৰ
কাৰ কথা কোনে শুনে
ৰাইজ থাকক মনে মনে
জিকাৰ পিছত ৰাইজৰ মূৰত শোধাই মাধমাৰ৷

 

(খ)

গণতান্ত্ৰিক দেশ আমাৰ ৰাইজেই হ’ল ৰজা
নিজৰ শাসন নিজেই কৰোঁ শুনিবলৈ মজা
জনমতৰ মূল্য নাই
আন্দোলনহে চলি যায়
ওঁঠ চেলেকি খাই থাকক ৰাজনীতিৰ গজা৷

(গ)

আবেগিক ভাষণ দিয়ে কাৰ স্বাৰ্থৰ হকে
নেতা মন্ত্ৰীৰ মূৰত ধৰে স্বাৰ্থপৰতাৰ পোকে
এফালে আন্দোলনৰ দল
আনফালে শান্তি সমদল
ৰাজপথত গণতন্ত্ৰই চকুপানী টোকে৷

☆ ★ ☆ ★ ☆

10 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *