ফটাঢোল

শেষ বেঞ্চৰ শিক্ষাৰ্থীলৈ “চাকৰি ক’তেনো পাম” ~ অগতানুগতিক গ্ৰন্থ – অনামিকা বড়া

কোৰা (Quora) নামৰ অতি জনপ্ৰিয় প্ৰশ্নোত্তৰৰ ৱেবছাইটটোত এবাৰ বিখ্যাত ভাৰতীয় গণিতজ্ঞ ৰামানুজনক লৈ উত্থাপিত প্ৰশ্ন এটি আছিল ৰামানুজনে এফ. এ. পৰীক্ষাত গণিতত মাত্ৰ ৫৭ শতাংশ নম্বৰ পাইও গণিতত জিনিয়াছ কেনেকৈ। এই প্ৰশ্নৰ এক বিশেষ উত্তৰ দিছিল বালাজী বিশ্বনাথন নামৰ লোকজনে। সেই উত্তৰতে তেওঁ কোৱা এষাৰ কথা আছিল এনেধৰণৰ, “আমাৰ শিক্ষা ব্যৱস্থাটো যিহেতু অতিপাত প্ৰতিভাসম্পন্ন বা বাধাগ্ৰস্ত কোনোটোৰ বাবেই প্ৰস্তুত কৰা হোৱা নাই গতিকে দুয়োটা শ্ৰেণীকেই মেধাৰ মাপকাঠীৰ একেবাৰে তলতহে ৰখা হ’ব। আমাৰ শিক্ষা পদ্ধতিৰ চৰম ব্যৰ্থতা এয়াই যে ই অসাধাৰণ প্ৰতিভাসম্পন্ন আৰু শিক্ষা লাভত অক্ষমতা থকা শ্ৰেণীটোৰ মাজত মুঠেই পাৰ্থক্য চিনি উলিয়াব নোৱাৰে।”

এই কথাখিনিৰ সত্যতা আমি এতিয়াও শিক্ষা ব্যৱস্থাত দেখি আহিছোঁ, যাৰ বাবে ভুগি আহিছোঁ প্ৰজন্মৰ পিছত প্ৰজন্মই, বছৰি নিবনুৱাৰ সংখ্যাও বাঢ়ি আহিছে। কথাবোৰ চিন্তনীয়। এনে কিছুমান চিন্তাৰ ফলশ্ৰুতিত সমাজে, শিক্ষা ব্যৱস্থাই “তলৰ শ্ৰেণী”ৰ বা “কম মেধা”ৰ ষ্টাম্প লগোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভৱিষ্যত সংস্থাপনৰ দিশ কিছুমানৰ বৰ্ণনাৰে শেহতীয়াকৈ প্ৰকাশ হৈছে এখনি অগতানুগতিক প্ৰবন্ধ সংকলন “চাকৰি ক’তেনো পাম”। ছাত্ৰ-ছাত্ৰীৰ বাবে কাম কৰি ফুৰা এজন প্ৰচাৰবিমুখ ব্যক্তি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক,ড০ হেমন্ত কুমাৰ শৰ্মাৰ এইখন প্ৰথম (বৰ্তমানলৈকে একমাত্ৰ) গ্ৰন্থ।

কিতাপখনৰ আৰম্ভণিতে লেখকৰ দুআষাৰত লেখক ড০ হেমন্ত কুমাৰ শৰ্মাই উল্লেখ কৰিছে যে, “কিতাপখনত যদি কোনোবাই সাহিত্যৰ ৰস বিচাৰে তেন্তে সেই পাঠক এশ শতাংশই বিমুখ হ’ব। আমাৰ উদ্দেশ্য নতুন প্ৰজন্মৰ যুৱক যুৱতীলৈ কিছু তথ্যৰ যোগান ধৰা, যি তথ্যই হয়তো তেওঁলোকক ভৱিষ্যতে এটা কৰ্মসংস্থান পোৱাত সহায় কৰিব পাৰে আৰু দুই এজন মানুহৰ বিষয়ে জনোৱা যিসকলৰ জীৱন তথা কৰ্মই তেওঁলোকক উৎসাহিত কৰিব পাৰে।”

এই কথাখিনিৰ সঠিক প্ৰতিফলন কিতাপখনত দেখিবলৈ পোৱা গৈছে। ‘চাকৰি ক’তেনো পাম’ শীৰ্ষক প্ৰবন্ধৰে আৰম্ভ হোৱা কিতাপখনত সন্নিৱিষ্ট মুঠ প্ৰবন্ধৰ সংখ্যা বাৰ। ইয়াৰে দহটাই হৈছে কৰ্মসংস্থাপন, নিবনুৱা, মানৱ সম্পদ, অৰ্থনীতি, শিক্ষা ব্যৱস্থা আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক কেন্দ্ৰ কৰি মূলতঃ ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যে লিখা। নিজৰ যোগ্যতা অনুযায়ী চাকৰি একোটা নাপাই নিবনুৱা হৈ বহি থকাতকৈ ব্যৱসায় আদিত নিজকে নিয়োজিত কৰিবলৈ আগবাঢ়ি অহাৰ পথ কিছুমান অতি সৰলভাৱে বৰ্ণনা কৰিছে ‘অসমৰ শিক্ষিত নিবনুৱা সমস্যা আৰু ব্যৱসায়’ শীৰ্ষক প্ৰবন্ধটিত। ব্যৱসায়ক লৈ থকা সাধাৰণ সমাজৰ কিছুমান প্ৰচলিত ধাৰণাক সমালোচনা কৰি নতুন প্ৰজন্মক উৎসাহিত কৰিব পৰাকৈ প্ৰবন্ধটিত বাস্তৱধৰ্মী উপস্থাপন চকুত পৰে।

উল্লেখযোগ্য যে ‘মোৰ সপোনৰ ‘অসমৰ অৰ্থনৈতিক সভা’খন’ আৰু ‘আমাৰ প্ৰচলিত শিক্ষা ব্যৱস্থাত নতুনত্ব আনিব পৰা এক চিন্তা’ শীৰ্ষক প্ৰবন্ধ দুটিক লেখকে এনে কেইটামান নতুন চিন্তাৰ দিশ মুকলি কৰি দিছে যে সেইকেইটা সঠিকভাৱে আদৰ্শগত সংঘাত নোহোৱাকৈ যদি প্ৰযোজ্য কৰিব পৰা যায়, তেতিয়া সঁচা অৰ্থত নৱ প্ৰজন্মৰ মাজত এক সুপৰিবৰ্তন আহিব বুলি নিঃসন্দেহে ক’ব পাৰি।

আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে কিতাপখন পঢ়ি থাকিলে এনেকুৱা লাগে যেন আমি সততে সন্মুখীন হৈ থকা শিক্ষা বিষয়ক সমস্যাসমূহৰ কথা লেখকৰ লগত আলোচনা কৰিছোঁ আৰু তেওঁ সুবিধা তথা আসোঁৱাহসমূহৰ বিশ্লেষণ কৰি সমাধানৰ পথ আগবঢ়াইছে। লগতে প্ৰতিটো ক্ষেত্ৰতে নিজৰ সততাৰ লগত কিদৰে আপোচ নকৰাকৈ স্বাৰ্থৰ উৰ্দ্ধত আগবাঢ়িব লাগে তাক বুজোৱাৰ আপ্ৰাণ চেষ্টা কৰিছে। সেইকাৰণেই কিতাপখন তথ্যমূলক হৈও সুখপাঠ্য হৈছে, কেৱল ব্যৱহাৰ্য হৈ থকা নাই। নক’লে নহ’ব যে কেৱল পথসমূহ দেখুৱাই দিয়াতে সীমাবদ্ধ নহৈ উল্লেখ কৰা চাক্ষুস উদাহৰণে বিষয়বস্তুৰ গুৰুত্ব উপলব্ধিত সহায় কৰিছে। অসমীয়া মাধ্যমৰ বিদ্যালয়ৰপৰা মেট্ৰিক পাছ কৰিও অৰ্থনৈতিক দুৰৱস্থাকো নেওচি নিজ প্ৰতিভাৰে বৰ্তমান সু প্ৰতিষ্ঠিত হোৱা গোটাচেৰেক ছাত্ৰ (ব্যক্তি)ৰ চমু অথচ সাৰৰো সাৰ বিৱৰণ সন্নিৱিষ্ট আছে কিতাপখনত।

ইমান পঢ়ি শুনিও চাকৰিৰ বাবে, কৰ্মসংস্থাপনৰ বাবে আজিৰ প্ৰজন্মই হাহাঁকাৰ কৰিবলগা পৰিস্থিতি যে এদিনতে হোৱা নাই, উন্নত দেশৰ শিক্ষা ব্যৱস্থাৰ লগত আমাৰ দেশৰ শিক্ষা ব্যৱস্থাৰ আকাশ-পাতাল পাৰ্থক্য আৰু সমাজ ব্যৱস্থাৰ, অভিভাৱকৰ পুৰণিকলীয়া কিছুমান চিন্তাও যে ইয়াৰ বাবে দায়ী, সেইয়া সুযোগ বুজি পাঠকৰ মাজলৈ লৈ যোৱাত লেখকৰ বুদ্ধিদীপ্ততা প্ৰকাশ পাইছে। উদাহৰণস্বৰূপে তেওঁ তেওঁৰে ছাত্ৰ ড০ বিদ্যুৎ বিকাশ শৰ্মাৰ বিষয়ে লিখা প্ৰবন্ধটোত এঠাইত এনেদৰে লিখিছে “আজি দুমাহমান আগতে বিদ্যুৎ আহোঁতে সুধিছিলোঁ কোৱাচোন জাৰ্মানীৰ শিক্ষা ব্যৱস্থা আৰু আমাৰ শিক্ষা ব্যৱস্থাৰ পাৰ্থক্য। অতি বিনয়েৰে বিদ্যুতে সংক্ষেপে যি কথা ক’লে আমাৰ শিক্ষা বিষয়ৰ কাণ্ডাৰীসকলে বৰ মন কৰিবলগীয়া। তেওঁ ক’লে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা যদিও তেওঁ বি এছ চি, এম এছ চি দুয়োটা পৰীক্ষাত প্ৰথম হ’ল, গুৱাহাটী ৰিফাইনেৰীত কি হৈ আছে সেয়া তেওঁ গম নাপালে অৰ্থাৎ তেওঁ শিকা জ্ঞান ক’ত কেনেকৈ সমাজৰ উন্নতিৰ বাবে প্ৰয়োগ হৈ আছে তাৰ উৱাদিহ নাপালে। তেওঁ নিজেও জানিবলৈ আগ্ৰহী নহ’ল আৰু শিক্ষা ব্যৱস্থায়ো তেওঁক তাৰ বাবে বাধ্য নকৰালে। উন্নত দেশবোৰত কিন্তু তেনে নহয়। কথাষাৰ বৰ মন কৰিবলগীয়া।”

‘কৰ্মবিমুখিতা আৰু অসমৰ যুৱসমাজ’ শীৰ্ষক প্ৰবন্ধটোত লেখকে যুৱপ্ৰজন্মৰ কৰ্মবিমুখিতাৰ আঁৰত থকা সমাজৰ এক মন কৰিবলগীয়া আসোৱাঁহ আঙুলিয়াই দিছে। আমাৰ সমাজ জীৱনত সততে আলোচনা-বিলোচনা হৈ থকা বেছিভাগ কথাই সাহিত্য, সংগীত তথা অন্যান্য কলা, ৰাজনীতি, আন্দোলন আদিৰ লগত জড়িত হোৱাৰ বিপৰীতে কষ্টসহিষ্ণু, কৰ্মদক্ষ ‘ৰ’ল মডেল’ সম্পৰ্কে সিমান চৰ্চা নহয় বুলিবই পাৰি। সেইবাবেও সেই দিশসমূহে যুৱ প্ৰজন্মক সততে আকৃষ্ট কৰিব নোৱাৰে। আশাবাদী লেখকে ভৱিষ্যতে অসমত প্ৰকৃতাৰ্থত কৰ্মোদ্যমী লোককো সমাজৰ উচ্চ আসনত বহুওৱাৰ আশা ৰাখিছে।

মূল বিষয়ৰপৰা ফালৰি নকটাকৈ কিতাপখনত থকা আন দুটি প্ৰবন্ধৰ এটা হৈছে লেখকৰ মাতৃ হিৰণ্ময়ী দেৱী আৰু আনটো প্ৰথিতযশা গণিতজ্ঞ ড০ জ্যোতিপ্ৰসাদ মেধিৰ বিষয়ে বৰ্ণিত। লক্ষণীয় যে নিজ মাতৃ হিচাপে প্ৰকাশ কৰাতকৈ লেখকে হিৰণ্ময়ী দেৱীক এগৰাকী আদৰ্শ নাৰী, সাহিত্যিক, পত্নী তথা সংগ্ৰামী সত্ত্বা হিচাপে অংকিত কৰিছে যাতে নৱ প্ৰজন্মই প্ৰেৰণা পাব পাৰে। সমাজৰ কঠোৰ পৰম্পৰাৰ মাজেৰেও লিখা পঢ়া কৰি, নিজকে শিক্ষয়িত্ৰী হিচাপে আৰু নিজৰ ছয় সন্তানক প্ৰতিষ্ঠা কৰাৰ দায়িত্ব সূচাৰুৰূপে পালন কৰিও সমূহ কামৰ মাজে মাজে সময় উলিয়াই সাহিত্য চৰ্চা কৰা মহিয়সী নাৰীগৰাকী সকলোৰে বাবেই আদৰ্শ। একেদৰে অসাধাৰণ প্ৰতিভাসম্পন্ন মহান গণিতজ্ঞ জ্যোতিপ্ৰসাদ মেধিৰ সংক্ষিপ্ত বৰ্ণনাও নৱ প্ৰজন্মক উৎসাহিত কৰিব পৰাকৈ আগবঢ়াইছে। প্ৰাধ্যাপক মেধি বিষয়ক প্ৰবন্ধটো ইংৰাজীত লিখা।

প্ৰবন্ধসমূহৰ বিষয়বস্তু তথা উপস্থাপন শৈলীৰপৰা কিতাপখন মূলতঃ অষ্টমমানৰপৰা স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীৰ বাবে অধিক ফলপ্ৰসু হ’ব বুলি ক’ব পাৰি। একেটা দিশৰপৰা অভিভাৱকৰ বাবেও এইখন কিতাপ হাতপুথি হিচাপে জৰুৰী।

নেতিবাচক দিশসমূহক ইতিবাচক দৃষ্টিভংগীৰে নিয়ন্ত্ৰণ ও মষিমূৰ কৰি সততাৰে জীৱনৰ যুঁজত আগবঢ়াৰ কেইটামান পথ মুকলি কৰি দিয়া ‘চাকৰি ক’তেনো পাম’ত প্ৰবন্ধৰ মাজে মাজে সবিশেষ তথ্য পাব পৰা ইণ্টাৰনেটৰ সংযোগ কিছুমানৰ উদ্ধৃতিয়ে সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে কিতাপখন সুব্যৱহাৰ্য কৰি তুলিছে।

উপসংহাৰ : দোহৰাৰ প্ৰয়োজন নাই যে তথাকথিত সমাজে ‘তলৰ’ বা ‘মধ্যমীয়া’ স্বীকৃতি দিয়া শিক্ষাৰ্থীসকলৰ বাবে চিন্তা কৰি সেইসকলক লক্ষ্য হিচাপে লৈয়ে কিতাপখন ৰচিত। সেই উদ্দ্যেশ্যৰ বাবে লেখকৰ চিন্তাৰ শলাগ লৈ কিতাপখন একেষাৰে উৎকৃষ্ট বুলিব পাৰি।

কিতাপৰ নাম : চাকৰি ক’তেনো পাম
লেখক : ড০ হেমন্ত কুমাৰ শৰ্মা
প্ৰকাশক : প্ৰদীপ কুমাৰ ডুবে
প্ৰকাশন : উইছডম বুকছ, নিউ দিল্লী
প্ৰকাশকাল : নৱেম্বৰ, ২০১৯

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *