ফটাঢোল

চৰ্ট ছাৰ্কিট আৰু আমাৰ সাৱধানতা – ৰুদ্ৰ কান্ত ডেকা

আজি-কালি ঘৰত জুই লগাটো সাধাৰণ ঘটনা হ’বলৈ লৈছে। দোকানবোৰত জুই লাগিলে চিন্তা নেলাগে। কাৰণ দোকানবোৰত জুই লাগিলে দোকানবোৰৰ লোকচান নহয়, লাভহে হয়। দোকানত জুই লাগিলে সা-সম্পত্তি ধ্বংস হ’লে আটাইতকৈ বেছি লাভ হয়। দোকান জ্বলিলে সাধাৰণতে জনহানি খুৱ কমেই হয়।

কিন্তু নিজৰ ঘৰত জুই লাগিলে লোকচানেই লোকচান। জনহানি হোৱাৰ সম্ভাৱনাও অধিক। সেয়ে ঘৰত জুই লাগিলে বেয়া লাগে। সেইদিনাৰ ঘটনাটোৱে পুনৰ ভাবিবলৈ বাধ্য কৰালে। বাধ্য কৰালে জুই লাগে কেনেকৈ, জানিবলৈ!

Short circuitৰ জুই দেখিছেনে? মই দেখিছোঁ‌। বৰ ধুনীয়া দেখিবলৈ। নীলা ৰঙৰ জুই ওলায়। কিয় লাগে ক’ব নোৱাৰো। কিন্তু জুই কেনেকৈ লাগে নেজানিলেও বিদ্যুৎ সংযোগৰ কিছুমান কথা মানি চলোঁ‌। হয়তো এনেকুৱা নিয়ম মানিলে জুই লগাৰ সম্ভাৱনা কম হ’ব। এই কথাবোৰৰ মাজতে সোমাই আছে short circuit হৈ জুই জ্বলাৰ কাৰণ।

তেতিয়া মোৰ নতুন ঘৰত ঘৰৰ লোড আছিল 2 KW. তেতিয়া মাহেকত বিল কম আহে। বৰ ভাল লাগে। চিংগল ফেজ আছিল। এদিন extension cordত লেপটপটো চাৰ্জত লগাই কাম কৰি আছিলোঁ‌। হঠাতে শুনিলোঁ‌ অদ্ভুত শব্দ। আহত বাদুলী এটা মাটিত পৰি উঠিবলৈ চেষ্টা কৰিলে যেনেকুৱা শব্দ হয়, ঠিক তেনেকুৱা। Extension cordত short circuit হৈ জুই লাগিছে। চকুৰ আগতে চেকেণ্ডৰ ভিতৰতে জুইখিনি শব্দ কৰি বাঢ়িবলৈ ধৰিলে। লগে লগে বোৰ্ডত চুইচ্ছ বন্ধ কৰি খুলি দিলোঁ‌।

তেতিয়া সন্দেহ হ’ল, ঘৰত লোৱা 2kw লোডটো কম হোৱা বুলি। সেয়ে ঘৰৰ লোড চেক কৰাই 14kw লৈ বঢ়াই ল’লোঁ‌। চিংগল ফেজটো থ্ৰি ফেজলৈ সলনি কৰিলোঁ‌। কাৰণ ঘৰত অইন চাৰিঘৰ দুখীয়া পৰিয়ালৰ ভাড়াতীয়া আছে।

ভাবিছিলো সংকট শেষ। কেইমাহমান আগতে দিষ্ট্ৰিবিউচন বক্সত(DB) ধোঁ‌ৱা দেখিলোঁ‌। ইয়াৰ কেইদিনমান আগতেও DB ত ট্ৰিপ মাৰিছিল। মিষ্ট্ৰিক মাতি আনি সুধিলোঁ‌, কাৰণটো কি? মিস্ত্ৰীয়ে ক’লে যে পুৰণি হৈছে বদলাবলগীয়া হৈছে। বক্সত দেখিলোঁ‌ দুটা MCB জ্বলিছে। ক’লা হৈছে। ভাবিলোঁ‌, গোটেইবোৰ বদলালে বৰ খৰছ। তথাপিও জানিবলৈ চালোঁ‌ MCBৰ ওৱাৰেন্টি কিমান। চাই গম পালোঁ‌, MCB ৰ ওৱাৰেন্টি ছমাহৰ পৰা ছবছৰলৈহে থাকে। অনুমান কৰিলোঁ‌ এইবোৰ লগোৱা দহ বছৰ হৈছে। সেয়ে গুৰুত্বটো বুজি ঘৰৰ গোটেইবোৰ MCB, isolator বদলালোঁ‌।

ঘৰটো বনাওতে ৰুমৰ চুইচ্ছ বোৰ্ডলৈ তাঁ‌ৰবোৰ আহে DBৰ পৰা। কিন্তু পিছত মিষ্ট্ৰিক মাতি ঘৰত নতুন অতিৰিক্ত চুইচ্ছবোৰ্ড লগোৱা হয়। এইবোৰ বোৰ্ডলৈ কিন্তু তাৰবোৰ DBৰ পৰা নাহে। DBৰ পৰা আনিবলৈ ওৱাল কাটিব লাগিব, বহুত কিবা-কিবি কৰিব লাগে। সেয়ে খৰছ বা ঝেমেলা কমাবলৈ অন্য সহজ উপায়েৰে কৰে। কি কৰে নিশ্চয় জানে। ঠিক extension board লগোৱা ব্যাকৰণ ব্যৱহাৰ কৰি কৰে। ইতিমধ্যেই মই extension board লগাওতে জুই লগাৰ কথা কৈছোঁ‌ৱেই।

চুইচ্ছ বোৰ্ডবোৰৰ ভিতৰত এলান্ধু, মকৰাৰ জাল, ধূলি জমা হয়। এইবোৰেও বহুত অঘটন ঘটায়। জেঠীও মৰি থাকে। সেয়ে মাজে মাজে চুইচ্ছ বোৰ্ডবোৰো চাফা কৰোঁ‌। ধূলি জমা হৈ বিদ্যুৎ কেতিয়াবা ওলোটাকৈ বয়। যিটোক Return supply বুলি কয়। এই বেমাৰটো বৰ ভয়ানক। তাৰোপৰি plugবোৰৰ right holeটোত ফেজ থাকে, বাওঁ‌ফালৰটোত neutral থাকিব লাগে।মিষ্ট্ৰীবোৰে তাৰাতাৰি কাম কৰোঁ‌তে কেতিয়াবা ওলোটাকৈ থাকে। সেয়ে এইটো সদায় চেক কৰিব লাগে।

Earthing বনাওতে সাৱধান হ’ব লাগে। মাটিত নিমখ, কয়লা, তামৰ প্লেট দিব লাগে। Earthing ঠিক নহ’লে বহুতো মেচিনত short কৰে। যেনে কম্পিউটাৰ, laptop আদিত। ঘৰৰ earthing ঠিক আছেনে নাই সহজে পৰীক্ষা কৰি চাব পাৰে।

বাণিজ্যিক কামত বনোৱা ঘৰত এইবোৰ সাৱধানতা নলয়। সেয়ে খুৱ short circuit হৈ জুই লাগে। নিজৰ ঘৰত অন্তত: এইবোৰ সাৱধানতা ল’ব পাৰে।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *