ফটাঢোল

চেন্টু দাঃ কল্পনা আৰু বাস্তৱ-ৰিংকু সমাদ্দাৰ-(প্ৰিয় লেখক বৈদুৰ্য্য বৰুৱাৰ সৈতে এটা ভাল লগা দিনৰ আত্মকথা”)

 যি সকলে “বিস্ময়”ৰ পাতত বৈদুৰ্য্য বৰুৱাৰ উপন্যাস পঢ়িছে তেওঁলোকক নতুনকৈ চেন্টুদা কোন সেয়া চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই। হয়, সেই চেন্টুদা, নামেই যাৰ পৰিচয়।লেখকজনক বহুতেই নাজানে, চিনি নাপায়। অথচ তেখেতৰ উপন্যাসৰ মূল কেন্দ্ৰীয় চৰিত্ৰটোক কোনে নাজানে!

আৰু তাৰ সমান্তৰালকৈ অপু আৰু জগু নামৰ তীখৰ কুকুৰটো! কি নাখাইছিল সি! বিড়িৰ বাহিৰে আপেল, আঙুৰ, কল, মধুৰীআম, অমিতা, মাছ, মাংস, কণী, ভাত, ৰুটি, দৈ, মদ সকলো খাইছিল সি। কেতিয়াবা নিজকে সোঁধো,মই চেন্টুদাক কিয় ভালপাওঁ? তেতিয়াই বৈদুৰ্য্য দাৰ চিৰসেউজ সৃষ্টিবোৰৰ পৃষ্ঠা সমূহ লুটিয়াই চাওঁ। আনন্দত হাঁহো, মন বেয়া লাগিলে হাৰি হাৰি জিকি যোৱাৰ পণ বান্ধো।

                              (১)
চেন্টুদাক কিয় ভাল লাগে?

চেন্টুদা বহল হৃদয়ৰ মানুহ।চেন্টুদাৰ জগু নামৰ পোহনীয় কুকুৰটোৰ কথাই ভাবকচোন!!চেন্টুদাৰ নিজৰ ভাষাতে “ইষ্টিচনত বিচেৰা একেলা একেলা ঘূৰি আছিল।মই পাই কিনে পালিবলে লৈ আহিলোঁ।না তাৰ বাবা আছে,না তাৰ মা আছে……!!”

জীৱ-জন্তুৰ মাক – বাপেকক লৈও তেখেতৰ চিন্তা!!

চেন্টুদা অফুৰন্ত হাঁহি,ৰস আৰু আশাৰ প্ৰতীক।তেখেত কেতিয়াও টেনচনত নাথাকে।অপুহঁতৰ দৰে ল’ৰাবোৰক চেন্টুদাৰ দৰে লিখা-পঢ়া নজনা মানুহ এজনে সপোন দেখুৱাই।তেখেতৰ নিজৰ ভাষাত “আৰে নচীব ফুটা চাল্লা।কেতিয়াবাই ৰাজা বনি গলু হয়।লেকিন চাই ল,এইবাৰ না চেন্টু থাকিব না টাকা থাকিব।ওপৰৱালাই একদিন আমাকো ভী ঝাৰি ঝাৰি টাকা দিব।

উপন্যাসৰ চেন্টুদাৰ কোনো ধৰণৰ নাৰীজনিত লাফৰা নাই। এইক্ষেত্ৰত চেন্টুদা একেবাৰে নিউট্ৰেল। কিন্তু অপুৰ ক্ষেত্ৰত আমি প্ৰায়ে ছোৱালীৰ লাফৰা দেখা পাওঁ। কৈ শেষ কৰিব নোৱাৰা এখন ছোৱালীৰ দীঘলীয়া তালিকা___প্লাৱিতা, আশা, বৃষ্টি, বনী, ঋতু,ৰাগিনী আৰু শেহতীয়াকৈ সংহিতা, সোণালী।

চেন্টুদা বহুত হাত দীঘল মানুহ।ঘাঁহ মন্ত্ৰী, পশু মন্ত্ৰীৰ চেন্টুদা ঘনিষ্ঠ মানুহ।সেইদৰে,পুলিচৰ বৰমুৰীয়া সকলৰ লগতো চেন্টুদাৰ ভাল উঠা বহা আছে।চাংমাই চাহাব,এছ পি ৰাজবংশী চাহাব তেখেতৰ খাচ মানুহ।

চেন্টুদা মানুহটো এডভেঞ্চাৰ প্ৰিয়।

তেখেতৰ মতে,”বিনা অপিৰিচিনত থৰে লাইফ চলে? চাচপেঞ্চ ৱালা জীৱন তেখেতৰ সদায় প্ৰিয়।চেন্টুদাৰ নাৰিকলৰ ৰচীৰে দুৱাৰ বন্ধা গাড়ীখন, যাৰ হেডলাইট বুলিবলৈ চেন্টুদাই দীঘল টৰ্চ লাইট এটা সংৰোপণ কৰি থৈছিল, হৰ্ণটোৰ বাহিৰে সকলোবোৰ বাজি থকা তেখেতৰ জবাব ছুপাৰ স্কুটাৰখন (বাজাজ ছুপাৰ), কেৰেং কেৰেং ৰেক্লেচ থেচ নানানটা শব্দ কৰা চাইকেলখন সকলোৰে এটা এটা মাহাত্ম্য আছে।

চেন্টুদা আমাৰ ভাৰতবৰ্ষৰ মাজৰ বিভিন্ন ভাষা-ভাষী মানুহৰ মাজৰ সম্প্ৰীতিৰ বাৰ্তাবাহক।অনৈক্যৰ মাজৰ ঐক্যৰ দৰে তেখেতে গোটেইবোৰ ভাষা সানমিহলি কৰি নিজস্ব ভাষাটোৰে কথা কয়।চেন্টুদাই না ভালকে অসমীয়া ক’ব পাৰে,না বিহাৰী পাৰে,না বাঙালী পাৰে!! কিন্তু য’লৈকে যায় তাতেই কোনোবা নহয় কোনোবা তেখেতৰ চিনাকি ওলায়েই।

চেন্টুদা জন্মসূত্ৰেই তীব্ৰ বুদ্ধিমত্তাৰ অধিকাৰী। যদি তেখেত “মিটৰিক ফেইল” নহ’লহেঁতেন,নিশ্চয়  কোনোবা আই এ এছ অফিচাৰ হ’লহেঁতেন।পৃথিৱীৰ যিমান দুইনম্বৰী আইদিয়া,বুদ্ধি,ইনকামৰ ৰাস্তা চব চেন্টুদাৰ নখ দৰ্পনত। লাগিলে সেয়া নকল টকা বনোৱা কাৰখানা, চাধা বনোৱা মেচিন নিৰ্মাণ,চলন্ত ৰে’ল আঙুলিৰ ঠাৰত ৰখাই দিয়া, শূন্যত ওপঙি থকা,ৰেল বগৰোৱাৰ পৰিকল্পনা,দেৱাল কাটি হেজাৰ কৌটি টকা লুটি অনাৰ বাবে গৃহস্থক টোপনি নিয়াবলৈ পানীৰ টেংকিত নিচাজাতীয় দ্ৰব্য মিহলাই দিয়াৰ পৰা জখলাবন্ধাৰ হোটেলত মাছে-মঙহে ভাত খাই উঠি পইচা নিদিয়াকৈ গুচি অহা,পিপল গছৰ তলত গাঁত খান্দি শিৱৰ মূৰ্তি পুতি থৈ আহি জগন্নাথ পণ্ডিতৰ হতুৱাই সেই মূৰ্তি আৱাহন কৰি পূজা-অৰ্চনা কৰা, বেংক ডকাইতি কৰা,এটা সামান্য ৰং নম্বৰ লগা ফোনৰ আঁত ধৰি লালবাংলাৰ বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰা,চেক পোষ্ট বহুওৱা,ভুৱা ডাক্তৰ,সংগঠন, হৰতাল, দেওবৰৰ গুপ্তধনৰ অনুসন্ধান,অসম বন্ধ দিয়ালৈকে কিমান যে শেষ নোহোৱা কথাৰ ভড়াল চেন্টুদা!! মহৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ফটা আঠুৱাখন জুই লগাই তাৰ ধোঁৱাৰে মহ খেদিব পৰা এটা উৎকৃষ্ট আইডিয়া খুব সম্ভৱ পৃথিৱীত পোন প্ৰথমবাৰৰ বাবে চেন্টুদায়েই আৱিষ্কাৰ কৰিছিল।

চেন্টুদা পৰোপকাৰী মানুহ।লাগিলে নিজেই নাখাই মৰিব,তথাপিও গ্ৰাহকক “পুৰি চবজি” বাকীত দিবই।তেখেতৰ মতে টাকাতো হাতেৰ মিলা, আজি আছে কালি নাই।মেইন কথা হ’ল ইজ্জত।

চেন্টুদাই সোণ আৰ্জি জাবৰ নাখায়।হাতত টকা থাকিলে চেন্টুদাই একেৰাতিতে লাখ লাখ টকা উৰুৱাই দিয়ে।ৰাগিনীৰ বিয়াত ১ লাখ টকা উচৰ্গা,ডিস্ক বাৰত লাখ লাখ টকা উৰুৱাই দিয়া, বিয়েৰেৰে গা ধোৱা, কাপোৰ নিকিনি নতুন কাপোৰ জ্বলাই তীব্ৰ নিচা কৰা কেইজন মানুহ আছে?

চেন্টুদাই বিশ্বায়নৰ এই যুগত নিজক কেতিয়াও পাহৰি যোৱা নাই।জমা টকা শেষ হ’লে বা অপাৰেচন বিফল হ’লে চেন্টুদা পুনৰ হোটেল বিজনিচলৈ ঘূৰি আহে।পুনৰ কাষ্টমাৰে খোৱা জুঠা বাচন ধোৱে। আচলতে হোটেল এৰিব খুজিলেও হোটেলে চেন্টুদাক নেৰে। আচলতে তেখেতৰ নচীব ফুটা। নচীবে বাৰে বাৰে ঢোকা দিয়ে তেখেতক। নহ’লেনো অৰুণাচল প্ৰদেশৰ টাৱাঙৰ সেই বৃহৎ বৰফৰ গুহাত হাড় কঁপোৱা জাৰৰ মাজত জুই সেকিবলৈ একো নাপায় টকাৰ বাণ্ডিলটো জ্বলাই দেহা তপতোৱাৰ পৰিস্থিতিৰ উদ্ভৱ হয় নে!!

চেন্টুদা প্ৰকৃততে কৰ্মবীৰ।তেখেতে হোটেলত কোনো কৰ্মচাৰী ৰখা নাই।মালিক,মেনেজাৰ, ছেলমেন,ৱাশ্চিং বয়,কাৰিকৰ সকলো তেখেত নিজেই।

চেন্টুদাই সম্পৰ্ক কেতিয়াও পাহৰি নাযায়।মন গ’লেই “ৰামপুৰৰ ভনীয়েক”,”ৰামপুৰৰ মাচি”ৰ কথা মানুহৰ আগত কৈ গৌৰৱবোধ কৰে।আজিৰ যুগত এনেকুৱা ককায়েক বা ভতিজাক পোৱা খুবেই টান।

চেন্টুদাই নিজকে কেতিয়া বুঢ়া বুলি নাভাবে।চুলি জপৰা,হনু ওলোৱা,ৰঙ বিৰঙৰ চাৰ্ট আৰু সস্তীয়া জিন্স পিন্ধা মানুহটোৱে দাঁত নাইকীয়া সোলা হাঁহিটোৰে মন গ’লেই কৈ উঠে “আমি ডেকা ল’ৰা চবে……” অথবা “বুঢ়া মানুহ বিলাক শুই যাওঁক…”!

আটাইতকৈ ডাঙৰ কথা হ’ল যে চেন্টুদা নিজেই এজন অৰণ্যবিদ,ভূ-তত্ত্ববিদ,বাঘ চিকাৰী আৰু বহুতো।ৰামকালী জংঘল,ৰামপাহাৰ,ৰামকালী নদী ক’ত অৱস্থিত আজিলৈকে মই কোনো ভূচিত্ৰাৱলী, মানচিত্ৰ অথবা গুগল মেপত বিচাৰি নাপালোঁ।চেন্টুদা এনেকুৱা এজন মানুহ যিয়ে নেকি পাহাৰ দেখিলেই কৈ দিব পাৰে যে কোনটো পাহাৰত  কলা নিমখৰ খনি আছে!! চেন্টুদাই জগুৰ অংগী-ভংগী দেখি সিহঁতৰ চিন্তাধাৰা আৰু মনৰ কথাও কৈ দিয়ে। এনেবোৰ কাৰণতে কেতিয়াবা কেতিয়াবা তেখেতক মোৰ পশুবিদ যেনো অনুভৱ হয়।

চেন্টুদাৰ জীৱনৰ বিখ্যাত সপোন দুটা জানো কোনোবাই পাহৰিব পাৰিব? হাতলৈ সৰহকৈ টকা আহিলে চেন্টুদাই দুমহলীয়া অট্টালিকা এটা নিৰ্মাণ কৰি ওপৰত নিজে থাকিব আৰু তলৰ মহলাত ডাঙৰ হোটেল এখন খুলিব। তাত ডাঙৰ ডাঙৰ ধনী মানুহ কাষ্টমাৰ আহিব। ফাল্টু ভিখমাংগা কাষ্টমাৰ আহিলে লাথ মাৰি খেদিব। হোটেলৰ ৱেটাৰবোৰে ডিঙিত টাই মাৰি থাকিব। তাৰ পিছত এখন দীঘলীয়া এ চি গাড়ীত বহি (আইনাবোৰ কলা ৰঙৰ হোৱাটো বাঞ্চনীয়) ওঁঠত বিড়ি এটা জ্বলাই ফুৰিবলৈ যোৱাৰ তীব্ৰ সপোনটো কেতিয়াবা দিঠকত পৰিণত হয় নে নহয় ক’ব নোৱাৰিম, কিন্তু তেখেতৰ সপোনক মানিব লাগিব। আনহাতে, প্ৰতিটো অভিযানতে যেতিয়া তেখেত ফ্লপ হয়, তেতিয়াই তেখেতে দ্বিতীয়টো সপোনৰ কথা কয়। খঙতে হোটেল জ্বলাই দি সমুদ্ৰৰ তীৰত খালী জাঙিয়া পিন্ধি চকুত কলা ৰঙৰ চচমা মাৰি ভৰিত নাঁৱৰ দৰে দীঘল জোতা পিন্ধি মদ খাই বালিৰ মাজত বেল্টি শুই যোৱাৰ সেই ভয়ানক সপোনটো!!

         সম্প্ৰতি চেন্টুদা বৈদুৰ্য্য বৰুৱা দাৰ শেহতীয়া উপন্যাস “কাল মহাকাল”ত অপু আৰু জগুক লগত লৈ সোণৰ অভিযানত ব্যস্ত। লগত এটা বিশাল প্লাটুন। মহাকাল পাহাৰৰ পৰা সোণখিনি আনি কাল পাহাৰত পৰিশোধন কৰি সকলোৱে নিজৰ নিজৰ অংশ ভগাই লৈ ধনী হোৱাৰ সপোন দেখি কৰা এটা দীঘলীয়া অভিযান।এইবাৰ চেন্টুদাৰ লগত এটা ৰাজা বাবু নামৰ দুস্প্ৰাপ্য বান্দৰ পোৱালিও লগ লাগিছে। সেই একেটাই কাৰণ,বান্দৰটোৰ মাকক কোনোবা চিকাৰীয়ে গুলিয়াই মাৰি পেলালে। গতিকে বেচেৰা অকলে অকলে ক’ত যাব, কি খাব!!!

সেয়ে চেন্টুদাই তাক লৈ আনিলে…।

                             (২)
২০১৬  চনৰ কথা।

বৈদুৰ্য্য দা আৰু তেখেতৰ সমগ্ৰ পৰিয়ালৰ সৈতে শিৱসাৰৰ আমগুৰি চহৰত অষ্টমী পূজাৰ দিনাখন আবেলিৰ পৰা ৰাতিলৈকে কটোৱা বহু হেঁপাহৰ সেই বিশেষ আড্ডাটোৰ পৰাই আৰম্ভ কৰোঁ।

ফেচবুকৰ মাধ্যমৰে হোৱা চিনাকিটোৱে সেইদিনা আনুষ্ঠানিক ৰূপ পাইছিল। নিজৰ ধাৰাল কলমেৰে ব্যংগাত্মক উপন্যাসৰ জৰিয়তে সমসাময়িক সমাজ জীৱনৰ বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনাক সাৱলীলভাৱে উপস্থাপন কৰি পঢ়ুৱৈ সমাজলৈ আগবঢ়াই দি তথাকথিত ভণ্ড সমাজ ব্যৱস্থাক শ্লেষাত্মক ভাৱে একো একোটা বিশেষ বাৰ্তা প্ৰেৰণ কৰা  প্ৰিয়ৰো প্ৰিয় লেখকজনক লগ পাইছিলোঁ।কথা পাতিছিলো বহুতো বিষয়ৰ ওপৰত। আমগুৰিৰ নীলা বৌৰ ঘৰৰ ডাইনিং টেবুলত বহি তেখেতক কৈছিলো আপোনাৰ বহুতো গুণগ্রাহীয়ে আপোনাক লগ পাব বিচাৰে। আমি তেনেকুৱা এটা গেট টুগেদাৰৰ কাৰ্যসূচী হাতত ল’ব নোৱাৰোনে দাদা? তেখেতে সন্মতি দিলে।
তাৰ পিছত?

                            (৩)

এটা ভাল লগা দিনৰ আত্মকথা।

২০১৬ চনৰ ২৭ ডিচেম্বৰ তাৰিখে ৰাতি আমি গোটেইকেইটা তিনিচুকীয়াত উপস্থিত হৈছিলোঁ।আমি মানে গহপুৰৰ হৰিপ্ৰসন্ন গোস্বামী,ধেমাজিৰ হোমেন হাজৰিকা,গোলাঘাটৰ ৰাজীৱ গগৈ,ৰাজা চুতীয়া,যোৰহাটৰ মনোজ গগৈ,অভিজিৎ গোঁহাই, ঢকুৱাখনাৰ পৰা জ্যোতিষ কোঁৱৰ আৰু নলবাৰীৰ পৰা মই। আমি ৮ জন ল’ৰা ৰাতিটো কটোৱাৰ বাবে তিনিচুকীয়া চহৰস্থিত ‘জগদম্বা হোটেল’ত চাৰিটা ৰুম ঠিক কৰি আমাৰ বাবে ৰৈ আছিল তিনিচুকীয়া চহৰৰ আমাৰ অচিনাকী সুহৃদ আস্তিক বৰঠাকুৰ দা। তেখেতে নিজৰ গাড়ীৰে আমাক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ ধাবাত ভাত খুৱাই পুনৰ হোটেলত থৈ যোৱাৰ সময়ত কৈ গৈছিল :- কাইলৈ তোমালোকে ৰাতিপুৱা ৮ বজাত সাজু হৈ থাকিবা।মই ইয়াৰ পৰা তোমালোকক পিক আপ কৰি বাস্তৱৰ “চেন্টু দা” ৰ হোটেলত ব্ৰেকফাষ্ট কৰাম।

     পিছদিনাখন ৰাতিপুৱা ৮ বজাত আমি গোটেই কেইজন চেন্টুদাৰ হোটেললৈ যাবলৈ সাজু হ’লোঁ। হোটেলৰ বাহিৰত আমাৰ বাবে ৰৈ আছিল আস্তিক দা।তেনেতে কালি ৰাতি বিশেষ অসুবিধাবশতঃ আমাৰ স’তে আহিব নোৱাৰা অমৃত ৰঞ্জন শইকীয়া দাই ফোন কৰি জনালে যে তেখেতে তিনিচুকীয়া চহৰৰ এইচ দি এফ চি বেংকৰ ওচৰত আমালৈ ৰৈ আছে। আস্তিক দাই আমাৰ গোটেইকেইজনক এখন সৰু হোটেললৈ লৈ গ’ল। হোটেলত সোমায়ে ইমানদিনে আমাৰ কল্পনাৰ পৃথিৱীত বিচৰণ কৰি থকা “চেন্টু দা”ক প্ৰথমবাৰৰ বাবে বাস্তৱত দেখা পালোঁ।আমি গোটেইকেইজনে “চেন্টু দা”ক সাৱটি ধৰিলোঁ। “চেন্টু দা”ই আমাক পুৰি- চব্জি
(তেখেতৰ মতে পৰঠা) আৰু সিজোৱা কণী খুৱালে। উপন্যাসৰ “চেন্টু দা”ৰ অবিকল ৰূপ “চেন্টু দা” বাস্তৱত কিন্তু তেনেই নিমাখিত মানুহ।

“চেন্টু দা”ক জগুৰ কথা সুধিলোঁ।

:- জগু অলপ আগতে ক’ৰবালৈ ওলাই গৈছে।
আহি পাব অলপ পিছত!!

তেখেতৰ মুখত এটা মিচিকিয়া হাঁহি জিলিকি উঠিল।

হোটেলৰ পৰাই আস্তিক দাই সম্প্ৰতি ফেচবুকত “লাইফ অৱ এ ড্ৰাইভাৰ”  শীৰ্ষক ধাৰাবাহিক লিখি থকা “চেন্টু দা”ৰ হোটেলৰ পৰা নাতিদূৰৈৰ “মানিমুনি প্লাচ”ৰ স্বত্বাধিকাৰী ৰূপম দত্তক ফোন কৰিলে। অলপ পিছতে ৰূপম দত্ত আহিল।

আহিয়েই এখন হাল্লা লগাই দিলে

‌”চেন্টু দা জিন্দাবাদ”।দেখিছে আপোনাক বিচাৰি কিমান দূৰৰ পৰা মানুহ আহি ওলাইছেহি।
বহুত সময়ৰ পিছত “চেন্টু দা” ক মাত  লগাই আমি হোটেলৰ পৰা ওলাই আহিলোঁ।

মই বৈদুৰ্য্য বৰুৱা দাক ফোন কৰিলোঁ।

বৈদুৰ্য্য দাই ক’লে
:- আমি যাবলৈ ওলাইছো।তোমালোক পালাগৈ নেকি?

এইবাৰ আমি সকলোৱে একেলগে “ডিব্ৰু-চৈখোৱা”ৰ গুইজান ঘাটৰ “ৱেভ ইক’ ট্যুৰিজম”লৈ ৰাওনা হ’লো।
উদ্দেশ্য, প্ৰিয় লেখকৰ স’তে গেট টুগেদাৰ।

                             (৪)

সময় তেতিয়া ৰাতিপুৱা প্ৰায় দহ বাজিছিল।

আমি ৱেভ ইক’ ট্যুৰিজম পোৱাৰ ঠিক পিছতেই বৈদুৰ্য্য দা,বৌ আৰু মাইনাজনী (গুণগুণ) আহি পালে। ইতিপূৰ্বে “বৈদুৰ্য্য বৰুৱাৰ সৈতে বিশেষ এঘন্টা”ৰ বাবে ৰৈ আছিল

“নিউজ 18 আচাম নৰ্থ-ইষ্ট চেনেলৰ সাংবাদিক বন্ধু ৰাজু বৰুৱা আৰু ভিডিঅ’ সাংবাদিকজন। আমি সকলোৱে গৈ ডিব্ৰু নৈৰ পাৰৰ ৰৌদ্ৰজ্জ্বল মুকলি আকাশৰ তলত বহাৰ পিছত আৰম্ভ হ’ল সাক্ষাৎকাৰ অনুষ্ঠান। ইয়াৰ মাজতেই আমাৰ ল’ৰাখিনিয়ে দাদা আৰু বৌক ফুলৰ থোপা,ফুলাম গামোচা,ফুলাম জাপি,কিতাপ,কলম,ডায়েৰী আদিৰে সম্বৰ্ধনা জনালে। তিনিটা খণ্ডৰ সাক্ষাৎকাৰ ৰেকৰ্ডিং হোৱাৰ পিছত ৰিজৰ্ট কৰ্তৃপক্ষৰ ফালৰ পৰা আমাক ব্ৰেকফাষ্ট দিয়া হ’ল।ব্ৰেকফাষ্টৰ পিছত বাকী থকা দুটা খণ্ডৰ সাক্ষাৎকাৰৰ বাবে বৈদুৰ্য্য দাক লগত লৈ আমি কেইজনমান আৰু সাংবাদিক বন্ধুদ্বয় ৰাওনা হ’লো বাস্তৱৰ “চেন্টু দা”ৰ সাক্ষাৎকাৰ ল’বলৈ।

আকৌ জমি উঠিল “চেন্টু দা”ৰ হোটেল।বৈদুৰ্য্য দাৰ “ফুটা” গল্পটোৰ আধাৰত “চেন্টু দা”ৰ হোটেলৰ ওপৰত থকা ইউনাইটেড বেংকটোৰ কথা ওলাল।এইবাৰ “চেন্টু দা”ৰ সাক্ষাৎকাৰ আৰম্ভ হ’ল।

“চেন্টু দা”ই এফালৰ পৰা কৈ গ’ল অপুৰ কথা,জগুৰ কথা,পিলান,অপাৰেচন,বৃষ্টি,বনি, প্লাৱিতা,ঋতু বেটী,আশা,ৰাগিণীৰ কথা।

এইবাৰ “চেন্টু দা”ই আমাক ফ্ৰিতে চাহ খুৱালে।আকৌ কেতিয়াবা আহিবলৈ ক’লে “চেন্টু দা”ই।মাজতে বৈদুৰ্য্য দাক মৰমৰ গালিও পাৰিলে

:- তই মোক বৰবাদ কৰি দিলি।
বৰা ঝেঙিয়া আছ তই…!!

‌সাংবাদিক বন্ধুদ্বয়ক বিদায় দি আমি পুনৰ ৰিজৰ্টলৈ ঘূৰি আহিলোঁ।সকলোৱে একেলগে লাঞ্চ কৰিলোঁ।বৈদুৰ্য্য দাৰ পৰৰ্ৱতী উপন্যাসৰ কথা ওলাল। কথা ওলাল “অপাৰেচন দেওবৰ” শীৰ্ষক উপন্যাসখনত বৰ্ণিত দেওবৰৰ গুপ্তধনৰ কথা। বিয়লি ৩ মান বজাত অৰুণাচলৰ পাচিঘাটৰ পৰা আহি পালে ড° আনোৱাৰ হুছেইন।বৈদুৰ্য্য দাৰ লেখাৰ সাংঘাটিক অনুৰাগী।

ফটো চেছন আৰম্ভ হৈ গ’ল “ডিব্ৰু” নৈৰ পাৰত।অপৰাহ্নৰ নৈখনৰ ছাইৰঙী পানীৰ সোঁতবোৰে ধুই নিছিল প্ৰিয় লেখক আৰু এজাক তৰুণ পঢ়ুৱৈৰ মনৰ মাজৰ জীয়া ঢল।

সন্ধিয়াৰ চাহ খোৱাৰ পিছত আমি সকলোৱে তিনিচুকীয়া চহৰৰ বৰদলৈ নগৰস্থিত বৈদুৰ্য্য দা, বৌহঁতক ঘৰত থৈ আমি ওভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। তেতিয়া ঘড়ীত সময় ৰাতি ৮ বাজি গৈছিল।

আচলতে লগ পাবলৈ আমাক এটা সামান্য অজুহাতৰ প্ৰয়োজন।

অথচ কোনো কাৰো ওচৰ-চুবুৰীয়া নহয়!!
☆ ★ ☆ ★ ☆

11 Comments

  • ৰিংকু সমাদ্দাৰ

    শিৰোনামাটো ভুল হৈ থাকিল।
    Only চেন্টুদা।
    ডাবল দা দা দিলে। পাৰিলে শুধৰাই দিব।
    ধন্যবাদ।

    Reply
  • Ronjon Baruoh

    সুন্দৰ লেখাটিৰ বাবে ফটাঢোল ই-আলোচনীৰ হৈ আন্তৰিক কৃতজ্ঞতা জনাইছো

    Reply
    • Anonymous

      ধন্যবাদ আপোনাক। জয়তু ফটাঢোল।

      Reply
  • সঞ্জয় কিশোৰ গগৈ

    মানৱ-মনস্তত্বৰ বহু দিশ সংপৃক্ত হৈ থকা আলোচনাটি পঢি ভাল লাগিল। চেণ্টু-দা, অপু, জগু প্ৰিয় চৰিত্ৰ।

    Reply
  • Simanta Goswami

    সুন্দৰ ? আপোনাৰ লেখাটো পঢ়ি মনটো উভতি গ’ল শৈশব – কৈশোৰৰ দিনবোৰলৈ।

    Reply
    • ৰিংকু সমাদ্দাৰ

      অপু, চেন্টুদা আৰু জগু।কেতিয়াও পাহৰিব নোৱাৰা চৰিত্ৰ। ধন্যবাদ আপোনাক।

      Reply
  • SANKAR JYOTI BORA

    সৌভাগ্যবান আপুনি৷আমাকো এই সৌভাগ্যৰ ভাগদিয়াৰ বাবে অশেষ ধন্যবাদ৷নিজে অনুষ্ঠানটোত উপস্থিত থকাৰ দৰেই অনুভৱ কৰিলো,লগতে বিস্ময়ৰ সেইই দিনবোৰৰ মিঠা ৰোমন্থন৷

    Reply
    • ৰিংকু সমাদ্দাৰ

      বহুত বহুত ধন্যবাদ আপোনাক।

      Reply
  • অভিজিত কলিতা

    মোৰ প্ৰিয় লেখকজনক এই লেখাৰ জৰিয়তে আৰু ওচৰ চপাই দিয়াৰ বাবে ধন্যবাদ। ইংৰাজী মাধ্যমৰ ধামখুমীয়াৰ মাজত আকৌ অসমীয়া যুৱ প্ৰজন্মক অসমীয়া পঢ়িবলৈ আগ্ৰহী কৰিতোলাৰ ক্ষেত্ৰত বৈদুৰ্যদাৰ বৰঙনি অপৰিসীম। তেও কি বঁটা পাইছে সেয়া দৰকাৰী কথা নয়, কিন্তু তেও অসমীয়া পাঠকৰ হৃদয়ৰ মানুহ। আপোনালৈ ইৰ্‍াও হৈছে অলপ, এদিন দাদাৰ সৈতে কটাবৰ মন আছে।

    Reply
  • ৰিংকু সমাদ্দাৰ

    ধন্যবাদ আপোনাক।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *