বছ- ৰিমঝিম দত্ত
প্ৰত্যেকৰে পৰিয়ালত আছলতে ‘বছ’ জাতীয় একোজন লোক থাকে। সেই বছজাতীয় লোকজনৰ জীৱন ধাৰণ প্ৰক্ৰিয়া পৰিয়ালৰ আন সদস্যতকৈ চাকৰিয়ে-বাকৰিয়ে, টকাই-পইছাই আদি কৰি সকলো দিশৰ পৰাই অলপ পৃথক হয়। পৰিয়ালৰ সকলোৱে তেনে লোকজনক অলপ সমীহ কৰি চলে, বংশৰ ধ্ৰুৱতৰা হেন জ্ঞান কৰে। বিয়াই- সবাহে, সকামে-নিকামে তেখেতে উচ্চ স্থান পায়। তেখেত পদমৰ্য্যদাক লৈ বেলেগ মানুহৰ আগত পৰিয়ালৰ মানুহে ফুটনি মাৰিবলৈ নেৰে– আমাৰ মামাৰ ল’ৰাটো বা খুড়াৰ ল’ৰাটো অমুক -তমুক.. ব্লা—ব্লা। সকলোৰে পৰা পোৱা অত্যাধিক আদৰ অভ্যৰ্থনাই তেনে লোকজনক কিছু পৰিমানে অহংকাৰীও কৰি তোলে।
আমাৰ পৰিয়ালটো তেনে এজন বছজাতীয় ব্যক্তি আছিল। পৰিয়ালৰ সকলোৱে তেওঁক সন্মান কৰিছিল, মানি চলিছিল। চকু, মুখ, খোজ-কাটল, দেহৰ অংগী-ভংগী সকলোতে তেওঁৰ অহংকাৰ ফুটি উঠিছিল। সকলোৱে তেওঁক আদৰ- সন্মান কৰিলেও মইহে কিয় জানো তেওঁক একেবাৰে হজম কৰিব নোৱাৰিছিলো।
মোৰ বয়স তেতিয়া আনুমানিক ন-দহ বছৰমান হ’ব, তেওঁ পত্নী আৰু দহমহীয়া সন্তানটোৰ সৈতে আমাৰ ঘৰলৈ আহিছিল। তেওঁলোক আমাৰ ঘৰলৈ আহিব বুলি ন দহদিন আগৰ পৰাই আমাৰ ঘৰত বিশাল আয়োজন চলিছিল। ঘৰৰ মকৰাজাল গুচোৱা, পুৰণি পৰ্দাৰ ঠাইত নতুন পৰ্দা লগোৱা, মাছ- মাংসৰ যোগাৰ আদি বিভিন্ন কামত ঘৰৰ সকলো ব্যস্ত হৈ পৰিছিল। কথা ক’ব নজনা মইজনীক — এনেকৈ থাকিবি, তেনেকৈ থাকিবি; মুখত আহিলে বুলিয়েই যাহা তাহা কথা নক’বি আদি এশ-এবুৰি উপদেশ দি দি মোৰ মূৰটো ঘোলা কৰি দিছিল।
ঘৰৰ সকলোৱে আদৰ- সন্মান কৰিলেও তেখেতক মই একেবাৰে চকু পাৰি দেখিব নোৱাৰিছিলো। বিশেষকৈ তেখেতৰ সুন্দৰী পত্নীৰ মুখৰ পৰা কথাই প্ৰতি শুনা ‘চিত’ শব্দটোৱে মোৰ গাত চোৰাত পাতৰ একোটা কোব হৈ চিটিকি পৰিছিল।
যিকি নহওক ঘৰৰ সকলোৰে কথা মানি আলহী অহাৰ পিছত কিছুসময় মই খুউব ভদ্ৰ হৈয়ে কটালোঁ। চাহ পানী খোৱাৰ পিছত মই সেমেনা-সেমেনিকৈ ড্ৰইংৰুমত সকলোৰে লগত কথা পাতি থকা খুড়া-খুড়ীৰ (তেওঁলোকক মই খুড়া -খুড়ী বুলি মাতো) ওচৰ পালোগৈ। খুড়াৰ কোচত খেলি থকা মৰমলগা কেচুৱাটোৰ ফালে চাই মই খুড়ীক সুধিলো ” ইয়াৰ নাম কি খুড়ী?” খুড়ীয়ে নিজৰ সেই বিশেষ ষ্টাইলিছ ভংগীমাৰে দীঘল চুলিকেইডাল পিছলৈ পেলাই ক’লে “বিকি”। মইও খুড়ীৰ মনটো ভাল লাগক বুলিয়েই লেনিয়াই ক’লো “ইয়ে, মোৰ কুকুৰ পোৱালিটোৰ সৈতে ইয়াৰ নাম একেই তাকো মই মৰমতে বিকি বুলিয়েই মাতো। দুইটা দেখিবলৈও একেই পাই, গলো-মলো মৰমলগা।”
পাম যোৱা বেলুনটোৰ দৰে কোচ খাই পৰা খুড়ীৰ মুখখন আৰু সেইদিনা বাইদেউহঁতৰ হাতেৰে পিঠিত পৰা সুতা-বাঢ়নিৰ কোব কেইটা মনত পৰিলে এতিয়াও বুকু পিঠি বিষাই উঠে পাই।
☆ ★ ☆ ★ ☆
8:25 pm
সাবলীল লেখনিৰে আলোচনীখন সমৃদ্ধ কৰাৰ বাবে আন্তৰিক কৃতজ্ঞতা জনাইছো
10:11 am
ধন্যবাদ
6:42 pm
হাঃ হাঃ???
8:34 pm
ধেত তেৰি! সেইকাৰনে মানুহৰ নাম কুকুৰৰ সৈতে একে ৰাখিব নেলাগে৷
9:23 pm
ভালে হৈছে, সেইজনীয়ে পালে মজাটো৷