ফটাঢোল

 ধৰুৱাৰ লুকাভাকু – অৰবিন্দ গোস্বামী

লুকা-ভাকু আমাৰ সকলোৰে এক পৰিচিত খেল। এই খেলত এজন লুকাই আৰু আনজনে বিচাৰি উলিয়ায়। আমাৰ দৈনন্দিন জীৱনতো আমি বহুতকে এই  লুকা-ভাকু খেলি থকা দেখিবলৈ পাওঁ। মিছা ক’লে কিডাল হ’ব, আমি সকলোৱে এই লুকা-ভাকু কেতিয়াবা নহয় কেতিয়াবা ডাঙৰ হোৱাৰ পিছতো নজনাকৈ খেলি আছোঁ।
ধৰক আপোনাৰ ঘৰলৈ কোনোবা এজন চিনাকি মানুহ আহিল। অৱশ্যে আপুনি তেওঁৰ প্ৰকৃত স্বভাৱ-চৰিত্ৰৰ বিষয়ে একো নাজানে। কিন্তু কথাই-বতৰাই মানুহজন বেচ ভদ্ৰ। মানুহজনে আহি আপোনাক নিজৰ এনে এটা ‘দুখ ভৰী কাহানী’ শুনালে যে আপোনাৰ মুখেৰে “ইচ ইচ!নাপায় আৰু দেই বা ধেই তেনেকুৱা কৰেনেকি আৰু” – নিচিনা কথাবোৰ মুখেৰে ওলাই গ’ল। মানে আপুনি যথেষ্ট ব্যথিত হ’ল কাহিনী শুনি। আপুনি শেষত গৈ বুজি পালেগৈ যে এক হাজাৰ টকা আপুনি মানুহজনক অলপ সময়ৰ বাবে ধাৰলৈ দিলেই আপুনি মানুহজনক দুখৰ পৰা মুক্ত কৰি দিয়া হ’ব। অৱশ্যে মানুহজনৰ প্ৰতিশ্ৰুতি যে কম সময়ৰ ভিতৰতেই বা তাৰো আগতেই তেওঁৰ হাতলৈ তাতকৈ দহগুণমান টকা আহি আছে। আহি আছে মানে হাজাৰ বতাহ-বৰষুণ ধুমুহাইয়ো তেওঁলৈ আহিবলগা টকাকেইটাৰ গতি ৰুদ্ধ কৰিব নোৱাৰে। আপুনিও আনৰ দুখত দুঃখিত হোৱা মানুহ। আপুনি দুই নম্বৰী কৰি টকা নঘটিলেও ইমান পৰিমৰা বিধৰো নহয়। যথেষ্ট পৰিশ্ৰমী বাবে ভগৱানৰ কৃপাত আপোনাৰ হাত খালী নহয়। গতিকে আপুনি মানুহজনক টকাকেইটা ধাৰলৈ দি উদ্ধাৰ কৰিলে। ‘বচ’, সেইদিনাৰপৰা লুকা-ভাকু আৰম্ভ। নিৰ্দিষ্ট দিন পাৰ হৈ যোৱাৰ পিছত দুই এদিনলৈ আপুনি চিন্তা নকৰে। কিন্তু তাৰ পিছত এদিন হয়তো অাপুনি তেওঁক বিচাৰি যাব লাগিব। কিন্তু নিৰ্দিষ্ট দিনা নিৰ্দিষ্ট সময়ৰ আগতে তেওঁ আপোনাৰ ঘৰলৈ টকা দিবলৈ অহাৰ কথা আছিল। মানে আপোনাৰ টকা আপুনি আনক সহায় কৰোঁ বুলি দি  আপোনাৰ সময় নষ্ট কৰি লগতে কষ্ট কৰি আপোনাৰ স্কুটী বা বাইকৰ তেল পুৰি তেওঁৰ পিছত দৌৰা সেইদিনাৰ পৰা আৰম্ভ হৈ গ’ল। প্ৰথম দিনা অৱশ্যে কোনো নুলুকায়। সেইদিনা তেওঁ আপোনাক নিজৰ অলপ সমস্যাৰ কথা ক’ব লগতে অলপ সময় বিচাৰিব। আপুনি সময় দিব। কিন্তু বপুৰাই সেইবাৰো আপোনাৰ ওচৰলৈ নাহে। আপুনি সেইদিনা ফোন কৰিব। ফোন নুঠায়। ৰিং হৈ হৈ কাট খায় যাব। আপোনাৰ মূৰটো গৰম তেলত মাছৰ মূৰ ফ্ৰাই হোৱাৰ নিচিনা ফ্ৰাই হৈ যাব। লুকা-ভাকু আকৰ্ষণীয় হৈ উঠিব। আপুনি তেওঁৰ ঘৰলৈ মাকো মাৰিব আৰু তেওঁ ভিন্ন ভিন্ন কৌশল কৰি লুকাব। ফোন কৰিলে চুইছ অফ, নট ৰিচ্চেবুল, বা ৰিং কৰিলেও নুঠাব। এতিয়া আপুনি দৌৰি থাকক। বিচাৰক তেখেত ক’ত লুকাল। তেখেতক কিন্তু বিচাৰি নাপায়। নিজে প্ৰতাৰিত হোৱাৰ কাহিনী দুই-এজনক যেতিয়া ক’ব, তেতিয়াহে ওৰহী গছৰ ওৰ ওলাই পৰিব। তেতিয়া গম পাব যে তেওঁ লুকা-ভাকু খেলৰ এজন পুৰণি পাকৈত খেলুৱৈ। এইদৰে আপুনি এদিন খেলত হাৰিব। হাৰিব বুলি এইবাবেই ক’লো যে আপোনাৰ বাইক বা স্কুটীৰ তেল কোনো মূল্যৰে কিনিব নোৱাৰা সময়, মনৰ শান্তি সকলো নষ্ট কৰি পাকৈত খেলুৱৈয়ে আপোনাৰ মূলধন কেইটাও ঘূৰাই নিদিয়ে অথবা দিলেও আধা বা তাতোকৈ কমহে দিব। শেষত আপুনি আত্মসমৰ্পন কৰিব এই বুলি -“দান দিলো আৰু যাঃ।”
  “সুখ নাই সুখ নাই ক’তো ধৰুৱাৰ।”
আপোনালোকে জানেনে বাৰু যে আমাৰ অসমীয়া ল’ৰাই দোকান দি অথবা বেপাৰ কৰি কিয় উন্নতি কৰিব নোৱাৰে! কাৰণ অসমীয়া মানুহে অলপ কিবা পালেই বহুত কিবা আছে বুলি দেখুৱাই ভাল পায় আৰু আনৰ দুখত সততে ব্যথিত হয়। নিজৰ লগ-বন্ধুবোৰক নিজৰ বুকুৰ আপোন বুলি ভাবে। দোকান এখন খোলাৰ আগতেই “বাকী খাতা” এখন ঠিক কৰিব লাগিব। পিছলৈ সেই খাতাত বন্ধু-বান্ধৱ, আত্মীয় স্বজনৰ নাম ভৰি পৰিব। খাতা শেষ হৈ যাব কিন্তু আপোনাৰ দোকানত নাম লগোৱা মানুহৰ সংখ্যা নকমে। এখন বহী শেষ হৈ দুখন, তাৰ পিছত বাঢ়ি গৈ থাকিব। এফালে কেচবক্স খালী হৈ গৈ থাকিব অাৰু আনফালে দোকানো খালী হৈ গৈ থাকিব। ইয়াৰ লগে লগে অাপোনাৰ আত্মীয় স্বজনবোৰৰো দেখা-দেখি নোহোৱা হ’ব। দোকান বন্ধ হোৱাৰ পাছত অাপুনি আৰু সেইসকলক বিচাৰি নাপায়। মানে লুকাভালু আৰম্ভ হ’ব। এই লুকাভাকু খেলত আপুনি বৰকৈ ভাগ ল’ব নোৱাৰিব। কাৰণ পকেট খালী হোৱাৰ পিছত আপুনি এজনৰ পিছত দৌৰিবলৈ সেই ধনৰ অভাৱ হ’ব।
“অলপ পিছত দি আছো” – মনত ৰাখিব সেই ‘অলপ পিছত’ সময়তো আজিলৈকে কাৰো অহা নাই।
“কাইলৈ দিম” – এইটো অৰ্থহীন কথা। এই বাক্যটোৰ ‘কাইলৈ’ – কেতিয়াও ‘আজি’লৈ সলনি হোৱা নাই।
বস্তু এটা লৈ যে কয় -“আহি আছো” – তেওঁ ‘আহি আছো’ বুলিহে কৈছে, টকাকেইটা দিয়াৰ কথা কোৱা নাই কিন্তু। সেয়ে নিদিয়ে। এককালীন সাহাৰ্যৰ শাৰীত ধৰি থওক।
“মানুহ মৰি যোৱা নাইতো” – আৰে বাবা মৰি যোৱাই ভাল। তই থাকিয়েইতো গণ্ডগোল লগাই আছ। টকাকেইটা দিবলৈ শক্তি নাই কিন্তু নিলৰ্জ হৈ ওফাইদাং মাৰিয়েই আছ।
“দৰমহা হ’লে দিম” – কোন চনৰ কোন মাহৰ দৰমহা কৈছে জানো বাক্যটোত। গতিকে নাপায় সেইকেইটা টকা। নিগনীয়ে কুটিলে বুলি ধৰক।
“দিম নহয়!” – নিদিয়ে, দেখা নাই জানো! পিছত ‘নহয়’ আছে।
“আপোনাৰ মূৰত ধৰি শপত খাই কৈছো দিম” – আপোনাৰ মূৰত ধৰি শপত খালে যেতিয়া নিদিলে আপুনি মৰিব। তেওঁৰ শতবৰ্ষ পৰমায়ু।
আৰু কেইটামান কথা কওঁ, আপোনালোকেই ক’ব হয়নে নহয়।
ধৰুৱাৰ- (১) লাজ নাই – লাজ থকা মানুহে ধাৰ কৰিবলৈ ভয় কৰে।
(২)ভয় নাই – কোনোবাই মাৰপিট কৰিব বুলি ভয় নাখায়। কাৰণ তেনে কৰিবলৈ গ’লেই ধাৰ দিওঁতাই টকাকেইটা ঘূৰাই নাপাব বুলি যে ভয় কৰে, সেয়া ধৰুৱাই জানে।
(৩)শান্তি নাই – ক’ত থাকিব শান্তি। কোনোবাই খেদি ফুৰিলে শান্তি সদায় আমাৰ আগে আগে পলায়।
(৪)খং নাই – খং কাক কৰিবনো? খং কৰিলে নিজৰহে বিপদ। সেয়ে ধৰুৱা মানুহ বেচ ভদ্ৰ।
(৫)টকা নাই – লোকৰ ধন হজম কৰিব জনা মানুহে কষ্টৰ মূল্য নুবুজে। সেয়ে খৰচ কৰিবলৈও ভয় নকৰে। সেয়ে হাত নিজে নিজে খালী হৈ যায়।
(৬)সন্মান নাই – ধৰুৱা যিমান ডাঙৰ মানুহ নহওক, খাটি খোৱা বনুৱাও লঠিয়াবলৈ ভয় নকৰে।
(৭)ঘৰ নাই – ঘৰ ক’ত থাকিব হে? ধৰুৱাৰ বাবে ঘৰ নহৈ সেইটো ‘ৰেষ্ট হাউচ’। ৰাতি ৰেষ্ট লয় আৰু পুৱা উধাও হয়।
(৮)আত্মীয় নাই – কোন আত্মীয় থাকিবনো? বাহিৰত লুটপাত কৰাৰ আগতে প্ৰথম আত্মীয়ক লুটে। আত্মীয়ই লাজ পাই বেকত নকৰে।
(৯)দুখ নাই – আত্মা শুদ্ধ মানুহেহে দুখ উপলব্ধি কৰিব পাৰে। মিছাৰ আশ্ৰয়ে আত্মা অশুদ্ধ কৰে। সেয়ে ধৰুৱাই দুখৰ অভিনয় কৰিব পাৰে কিন্তু দুখ কৰিব নোৱাৰে।
সৰ্বশেষত_
প্ৰচলিত এই কথাষাৰ মনত ৰাখিব যে, ধাৰ দিয়াজন হেনো কুকুৰ আৰু লোৱাজন ঠাকুৰ।
সেয়ে ধৰুৱাৰপৰা সাৱধান দেই ৰাইজসকল, ভুল নকৰিব।।
☆ ★ ☆ ★ ☆

3 Comments

  • ডলী

    বঢ়িয়া

    Reply
  • নীলাক্ষি দেৱী ডেকা

    সঁচা কথা। বৰ বিপদ এইসকল ধৰুৱাৰ পৰা

    Reply
  • কমল তালুকদাৰ

    সুন্দৰ হৈছে , ভাল লাগিল ৷
    আছে এনেকুৱা এচাম —

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *