ফটাঢোল

মোৰ ফটা প্ৰেম -দিপিকা দাস

প্ৰেমৰ পিৰপিৰণিৰ চটফটনি এটায়ে বাৰুকৈয়ে আমনি কৰিছিল, কিন্তু বেছি শিপাবলৈ নাপালে৷ দেউতাৰ ৰঙা চকু আৰু মাৰ আজলী মুখ খনলৈ মনত পৰি সেইভাগ অমৃত কেতিয়াও নোখোৱাৰ পণ ল’লোঁ৷ যথা সময়ত ভাল ছোৱালীৰ লেবেল এটা লগাই আই মোমাইহঁতে চাই দিয়া এজনৰ লগত জীৱনৰ বাট বাছি ল’লোঁ৷
 আমাৰ যুগ্ম জীৱন আৰম্ভ হ’ল মিশ্ৰিত ৰূপেৰে৷ তাল খোল নেগেৰা সকলো বাজি থাকে মাজে মাজে৷ যি কি নহওক মই এফালে একচিত্ৰে পতিদেৱক ভাল পাবলৈ আৰম্ভ কৰিলোঁ৷ ঠিক তেনে সময়তে বিভাগীয় নিয়ম অনুসৰি মোৰ ট্ৰেন্সপাৰ অৰ্ডাৰ আহিল গুৱাহাটীলৈ৷ মই গুৱাহাটীলৈ আহি মালিগাওঁত ভাড়া ঘৰ এটা লৈ থাকিবলৈ ল’লোঁ কিয়নো মোৰ স্কুলখন মালিগাঁৱতে৷ মানুহজনৰ ট্ৰেন্সফাৰ হোৱা নাছিল যদিও তেওঁ মাজে মাজে মোৰ লগত থাকেহি৷ মই ভাড়া থকা ঘৰটোত পানীৰ কাৰণে এটা কুঁঁৱা আছিল আৰু কুঁৱাটোৰ কাষতে বাথৰুম আৰু লেটিন৷ ঘৰটোৰ চাৰিওফালে বহুত বান্দৰ আছিল৷ মই স্কুলৰ পৰা আহি ভাত পানী খাই সদায় কুৱাৰ পাৰত বহি বাচন-বৰ্তন ধুই দিওঁ৷ প্ৰতিদিনে মই কুৱাটোৰ পাৰত প্ৰায় একঘণ্টামান থাকোঁ আৰু সেই সময়ত এটা মলুৱাই আহি বাথৰুমৰ পাৰত টিঙত বহি মোৰ ফালে চাই থাকে৷ এদিন হঠাৎ সি তললৈ নামি আহি মোৰ নিচেই কাষ পালেহি৷ মই ভয়তে চিৎকাৰ কৰি যৰে বস্তু তাতে পেলাই ভিতৰ পালোঁঁহি৷ সেই সময়ত পতিদেৱো ভিতৰতে আছিল৷ তেওঁ দৌৰি ওলাই আহি লাঠী এডালে মলুৱাটোক খেদালে আৰু মই ৰক্ষা পৰিলোঁ৷ পিছদিনা মানুহজন ৰাতিপুৱাই নিজ কমথলীলৈ গ’লগৈ৷ মই মোৰ শাৰী এখন ধুই বাহিৰৰ ডাৰত মেলি স্কুললৈ গ’লোঁ৷ উভতি আহি দেখোঁ যে শাৰীখন নাই৷ কি হ’ল কি হ’ল বুলি বিচাৰ খোচাৰ কৰোঁতে দেখা পালোঁ মলুৱাটোৱে মোৰ শাৰীখন পিন্ধি গছ এডালৰ ওপৰত বহি আছে৷ হে ভগবান কি কৰোঁ মই৷ শাৰীখন দামিও আছিল মোহ এৰিব পৰা নাই, বহুত কাকূটি মিনতি কৰিলোঁ৷ সিয়ো অলপ সন্তোষ হৈ শাৰীখন তললৈ পেলাই দিলে৷ ৰাতি কান্দি কাটি এই সমস্ত কাহিনী পতিদেৱক ক’লোঁ আৰু পতিদেৱ থৰ লাগিল৷ ৰাবনে সীতাক হৰণ কৰা কথা সকলোৱে জানে, কিন্তু এটা মলুৱাই মানৱীৰ শাৰী নিয়াটো কেনে ধৰণৰ কথা৷ দুদিনমান পিছতে মানুহজন গুৱাহাটীলৈ আহিল এওঁ আহিয়ে নতুন ভাড়াঘৰ বিচৰা আৰম্ভ কৰি দিলে৷ কেইদিন মান পিছত এটা নতুন ভাড়াঘৰৰ সন্ধান পালোঁ৷ প্ৰথমে মই নতুন ভাড়া ঘৰটোলৈ যাবলৈ অমান্তি হৈছিলোঁ যদিও তেওঁ কথাত যাব লগা হ’ল৷ তেওঁ ক’লে যে নতুন ৰূমটো এইটোতকৈ ভাল, ভিতৰতে লেটিন বাথৰুমৰ সুবিধা আছে৷ ভাড়া ঘৰটো এৰি থৈ যোৱাৰ দিনা মিহিকৈ দুখ এটা লাগিছিল বিশেষকৈ মলুৱাটোক যে দেখা নাপাম৷ নতুন ঘৰটোত থাকিবলৈ লোৱা তিনি মাহ মানৰ পিছত এদিন কথা পাতি থাকোঁতে হঠাৎ পতিদেবে ক’লে মোক….“জানা মই তোমাক নতুন ভাড়াঘৰটোলৈ কিয় লৈ আহিলোঁ, সদায় সদায় তোমাক মলুৱাটোৱে চাই থাকে মোৰ সহ্য নহয়, সেই বাবে মই তোমাক সেই ঘৰটোৰ পৰা লৈ আহিলোঁ৷ ”
 “কি?”- মোৰ চকু দুটা যেন ওলাই আহিব সেই সময়ত৷ হে ভগবান মলুৱা এটা মোৰ প্ৰেমত পৰিছিল কিন্তু শেষত সিয়ো মোক হেৰুৱাব লগা হ’ল৷ ইমানতে মোৰ ফটা প্ৰেমৰ শেষ হ’ল৷ ময়ো সকলো জাৰি জোকাৰি সংসাৰৰ কামত মনোনিবেশ কৰিলোঁ৷
 কৃষ্ণ হে দেই……!
☆ ★ ☆ ★ ☆

5 Comments

  • Anonymous

    Superb oti hundor

    Reply
    • Prodip Borah .

      সাংঘাতিক প্ৰেম কৰিলে মলুৱাটোৱে ৷

      Reply
  • মলুৱাই প্ৰেমত পৰিছে?, ভাল লাগিল দেই।

    Reply
  • অভিজিত কলিতা

    হা হা। মলুৱাৰ প্ৰতিও ইৰ্ষা। বৰ ভাগ্যবান দেই

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    এইটো ব্যতিক্ৰমী, বঢ়িয়া৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *