ফটাঢোল

 সংগদোষ বনাম সংগসুখ-ধনজিত বৰুৱা

পৰিৱেশৰ প্ৰভাৱ পৰিৱেশনত পৰিলেই আহুকাল৷ দশক পাৰ কৰি একাদশ পোৱাৰ লগে লগে আমিবোৰ কলেজ পালোঁ৷ নিজকে বহু ডাঙৰ হোৱা যেন লাগিল৷ নতুন শিক্ষা, শিক্ষক আৰু সহপাঠীৰ সমান্তৰালভাৱে আৰম্ভ হৈ অলপ আগবাঢ়ি গ’ল আড্ডা, প্ৰেম আৰু ভিটামিন সেৱন৷
তেনেকুৱাতে আমি আড্ডা দিয়া জ্ঞানৰ বটবৃক্ষৰ তললৈ বহু লোক আহিল৷ এতিয়া মনত পেলালে বহু ৰঙীন চিলাৰ দৰে টুকুৰা আহে সোঁৱৰণিৰ সময়ত৷
তেতিয়া ধুম বাইকৰ ছিজন৷ বহুতে জন আব্ৰাহামৰ দৰে বডী বনোৱা টান বুলিয়ে চুলি বনোৱাত লাগিল৷ সেয়ে আমাৰ সি বডীৰ বাহিৰে সকলো সজাই আমাৰ লগতে আছিল৷ _“জন আব্ৰাহাম” _৷ আৰ্টচৰ ল’ৰাই তাক চায়েন্সৰ বুলি আৰু চায়েন্সৰ ল’ৰাই তাক আৰ্টচৰ বুলি ভাবে৷ সিয়ো সকলো ফালে জমাই ৰাখে৷
 সেইসময়ত আমাৰ পাছৰ বেটচৰ ভাইটি পবিত্ৰই পবিত্ৰ প্ৰেমত পৰিলে, সৎ সাহসেৰে (যাক আজিও বহুতে “বেপৰোৱা” শব্দৰে প্ৰকাশ কৰে )৷ এদিন প্ৰেমিকাৰ ঘৰলৈ জন আব্ৰাহামৰ লগত পবিত্ৰ আৰু অম্লান গ’ল৷ কলেজত থকা ল’ৰাই যে ফৰ্থ চাটাৰডেৰ হিচাপ ৰাখিব লাগে সেই কথা সিহঁতে দৰ্জা খুলিবলৈ অহা ( সেই সময়ৰ বাবে so sure চচুৰ)দেউতাকৰ মুখ দেখি শিকিলে৷
 কোন টলকত ফুটিব নজনা এটা বৌমৰ লগত তিনিটা ল’ৰাই কথা আৰম্ভ কৰিলে৷ মাজতে দেউতাকৰ মাজনী পবিত্ৰৰ প্ৰেমিকাই আৰু লগৰ এগৰাকীয়ে চাহ ( সেই সময়ৰ অমৃত) দিলেহি৷ পাছে আমাৰজন আব্ৰাহাম বেফিকৰ৷  ঠেঙৰ ওপৰত ঠেং তুলি চৰাঘৰৰ সকলো হিচাপ লৈছে৷ পবিত্ৰ আৰু লগৰ অম্লানৰ চিনাকিৰ এনকাউণ্টাৰৰ পাছত তেনেকুৱাতে বন্দুকৰ নলীটো জন আব্ৰাহামৰ ফালে ঘূৰিল “তুমি কোন ইয়েৰ! ”
“খুড়া মই ফাৰ্ষ্ট ইয়াৰ” কথাৰ সুৰটো মিথুন দাই চিনাকি পান দোকানীক মিঠাপটি নে বাংলাপটি খাব সেইটো কোৱাৰ নিচিনা৷
“চায়েন্সৰ নে আৰ্টচৰ!”
 আৰ্টচৰ ফালে এপোৱা ওজন কম আছে যেন লাগি জন আব্ৰাহামে নিজে ঘপকৰে বেছি ওজনৰ শব্দটোকে ক’লে “ চায়েন্সৰ”
নেক্সট ৰাউণ্ড “কম্বিনেশ্বন! ”
জন আব্ৰাহামে এইটো কি বুলি সোধাৰ আগতেই দেউতাকৰ ইজি পাচ “চাবজেক্ট কি কি লৈছা! ”
জন আব্ৰাহামৰ মিথুন ভংগীমাৰ উত্তৰ- “ ফিজিক্স, কেমেষ্ট্ৰি, পলিটিক্যাল চায়েন্স, ইক’নমিক্স ”
জেঠীৰ টিকটিকটো মাইকত শুনাৰ দৰে নীৰৱতা৷
ইহঁত পবিত্ৰ আৰু অম্লানৰ মুখত নোচোবোৱা ভূজীয়া, হাতত চাহৰ কাপ৷ আমাৰ জন আব্ৰাহামৰ চিৰ পৰিচিত মিথুন ভংগীমা৷ পবিত্ৰৰ প্ৰেমিকাৰ দেউতাকে নিজৰ কাণক বিশ্বাস নকৰি আকৌ উত্তৰ এবাৰ ল’লে__“ ফিজিক্স, কেমেষ্ট্ৰি, পলিটিক্যাল চায়েন্স, ইক’নমিক্স”
“বৰ ডেডলি কম্বিনেশনহে৷ চাইন্স আৰ্টচ দুয়োটা ভাল চম্ভালিছা৷ পাৰে জানো তেনেকুৱাকৈ চাবজেক্ট ল’ব৷ ”
জন আব্ৰাহামৰ মিথুন ভংগীমাৰ উত্তৰ “পাৰে আংকল, পাৰে আজিকালি৷ ”
পবিত্ৰ, অম্লানে চাহৰ কাপ থৈ গম ল’লে সম্ভাব্য ধুমুহাৰ৷
 মাজনীৰ বহু কাম, তোমালোকৰো টিউচন আছে চাগৈ৷ মাজনী এওঁলোক যায়৷ জন আব্ৰাহামৰ এইবাৰো মিথুন ভংগীমাৰ উত্তৰৰ বাবে প্ৰস্তুত হোৱা দেখি পবিত্ৰ অম্লানে দুইখন হাত খুকুৰীৰ দৰে দেখাই চুপ হ’বলৈ কাঢ়া নিৰ্দেশ দিলে৷
 ওলাই আহোঁতে পবিত্ৰই তাইক যাওঁ বুলি ক’বলৈ লওঁতে পাকঘৰৰ বাচন ধোৱাৰ বৰ ডাঙৰ শব্দ কিছুমান আহিল৷ ছে:!বুলি কৈ থ’লে৷
এতিয়াও সিহঁতক একেলগে পালে ৰখাই লৈ কথা পাতে৷ মই প্ৰেমিকাৰ কথা সুধিছিলোঁ৷ দেউতাকৰ বহু ককৰ্থনা শুনি তাইৰ মন বেয়া, সি বুজাইছিল৷ যদিও পাছত জন আব্ৰাহামৰ লগত সিহঁতৰ সকলো সদস্যবৃন্দ ঘনাই আন কৰ্ম কৰি পবিত্ৰ প্ৰেমক সময় নিদিয়াৰ বাবে এদিন হেনো সকলো নাইকিয়া ( লকেট ভাষাত আমি ধপাত বুলি কওঁ) হৈ পৰিল৷
আড্ডাত তেতিয়া চিন্তাৰ কথা জন আব্ৰাহামৰ বিষয় কি কি, ইয়েৰ কোনটো! পাছত গম পাইছিলোঁ নিজৰ ঘৰৰ খা- খৰচ গোটাবলৈ সি সৰুৰে পৰা মেকানিক কৰিছিল৷ কোনোবা মটৰ চাইকেলৰ লগত কলেজ সোমাই আমাৰ সম বয়সীয়া ল’ৰাবোৰৰ লগত থাকি অজান সুখ পাইছিল৷ হাঁহি হ’লেও নিজক ঢাকি থৈছিল মিথুন ভংগীমাৰ মাজত৷  বৃদ্ধ লোকে ডেকা কালত নিজে নভবা কথা কিছুমান কয় “সংগদোষ৷” সি চায়েন্সৰ ল’ৰাৰ পৰা শুনিছিল বিষয় কেইটামান
ফিজিক্স কেমেষ্ট্ৰি আদি আৰু আৰ্টচৰ ল’ৰাৰ পৰা শুনিছিল পলিটিক্যাল চায়েন্স, ইক’নমিক্স আদি৷ সেইবোৰে তাৰ সংগ সুখ যিবোৰ সংগদোষ হৈ পৰিছিল সেইদিনা৷
আড্ডাৰ শ্বায়েৰ: :
 সংগত এচি বনাউ ডিজে
কি চেহেৰ কি চৌৰ ভী সংগীত চুনায়ি দে
বৰনা লবজৌ কি ক্যা ভৰৌচা
জজবাত মে ডুবি হৌতি হে৷
 – মনত পৰিলে ভাল লাগে৷ মিচ ইউ জন৷
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *