বগৰীৰ তলৰ একফেইলা প্ৰেম-ৰেখা ডেকা
মৰমৰ
……..
মৰমগিলা লবা । ইতাও যি তুমাক মৰম দিবা পাৰা হৈ আছু ভাবলিয়ে ভাল লাগে । মৰমৰ বুলি কৈ নামটু কিন্তু আগৰদৰে আজিও লবা নল্লু, লাজতে কুচি মুচি যাউং । ভালে আছ বুলি গম পাউং ৰবা সিন্না মালোথেৰ বাটোৰ সিটু পাৰে থাকা বগৰীৰ তলত দেইখচু । কি বা ভাবি মিহি মিহিকে হাঁহি আছলা, বৰ থৌগা হাঁহি দি আছলা । মই ভাবাতু হৈনা নহয় বা, মই আৰ সেটু বুলিয়ে ভাবি লৈছু । ইমান মৰম না মোক লগি ভাবলিয়ে জাইপে দিবাৰ মন যায়, হ’লিও মনৰ ভিতৰত ৰাখি থলি কি হবো সময় উইলে কবা চুন, তিত্তেহে মোৰ মনৰ ভিতৰে জিলাপীৰ পাকৰ দৰে পাইকে থাকা কথাগিলা খুলা কৰি কবা পাৰিম ।
ইগলা বাদ দা, য’ বছৰোৰ কথা মনোত আছে না তুমাৰ ? বুঢ়া পাতগিলা গাছৰ পে এৰা দি মাটি পৰা, ৰাস্তাৰ ধূলা মুখত লাগি চূনক লাগাৰ দৰে দিনৰ কথা । মালোথেৰ কাষোৰ বগৰী ডালৰ পে বগৰী পাৰবাৰ কাৰণে চাপৰা দুইলে আছলা, পিছত মোক মাতি বগৰী পাৰি দিবা কৈছলা । আৰু মই বগৰী পাৰি থাকাতে যি পিপৰা এটা আহি চকুত পইচ্চিল আৰু তুমি ৰুমালত মুখৰ গৰমৰ হাৱা দি মোৰ ৰাঙা পৰা খচখচে থাকা চকুত লুগে দিচলা । তিত্তেই তুমাৰ চকুত চাইয়ে প্ৰেমত পৈচ্চিলু কঠল পৰা দি । ইগলা কথা মনোত পৈল্লি গা টু জিকাৰ খাই উঠে, কবা মন যায় কবা হ’লি নৰু, কিবা ভয় লাগে হা । এটা কথাই ভাবু কুনদিনা যি শুনবা পাবা ” হেৰি শুইনছি না ” । তুমাক লগ পাবাৰ এক বছৰ হ’ল আজি সেইকুন্তি চিঠি খেন লেখলু, পাইল্লি তুমিও দিবা ।
ইতি
তোমাৰ আশা পালি থাকা আপীটু
☆ ★ ☆ ★ ☆
3:21 pm
ভাল লাগিল।ভo
4:03 pm
বাপ্পাঐ এনাই পেৰেম আপীৰ! ভাল লাগছি দে
4:46 pm
থৌগা হৈছি৷
6:28 am
বাপ্পাঐ কঠল পৰা দি প্ৰেমত পইচ্চিল হা ।