ফটাঢোল

লটিঘটি -কমলা দাস

কিছু বছৰ আগতে বিয়া এখন খাবলৈ গৈছিলোঁ মঙ্গলদৈত। নিজৰ মানুহৰেই বিয়া হেতুকে বৰপেটাৰপৰা কেইবাটাও পৰিয়ালৰ বহুতো মানুহ গৈছিলোঁ একেবাৰে জোৰোণৰ দিনাখনৰ পৰাই।
যথেষ্ট ৰং ৰহইচ কৰি বিয়া খালো। বিয়া হৈ কইনা ওলাই যোৱাৰ পাছত পুৱতি নিশা হ’লেই। সকলোৰে মনত দুখ লাগি আছিল! তথাপিও পাৰিলে সকলোৰে অলপ শুবলৈ মন! দুৰাতি শুবলৈ নাপাই গাও বেয়া লাগি আহিছিল। সেয়ে যেয়ে য’তে পাৰে অকণমান বাগৰিবলৈ আগৰেপৰাই শুই থকা সকলক হেঁচি ঠেলি হ’লেও ঠাই উলিয়াই ল’লে। শেষত কোনোফালে ঠাই উলিয়াব নোৱাৰাসকলে চকীত বহি বহিয়েই ঘোঁৰা বাগৰ দিলে। তেনেকৈয়ে দাদা এজনেও চকীত বহি ঘোঁৰা বাগৰ দিছিল। আন এজন দেৱৰে তেওঁৰ ওচৰতে বেঞ্চ এখনত শুইছিল! কিছু সময়ৰ পাছত চকীত বহা দাদাজনে নাকেৰে ঘোৰঘোৰাবলৈ ধৰিলে! তেওঁ ঘোৰঘোৰণিৰ একেবাৰে সুললিত ধ্বনি উলিয়াইছে –
ফেফে.. ফে..চ, ফেফে.. ফে..চ..
তেওঁৰ সুললিত ঘোৰঘোৰণিৰ ধ্বনি শুনি আমি শুবলৈ এৰি হাহিঁবলৈহে ধৰিলো।
ইফালে অলপ পাছতে আকৌ তেওঁৰ ওচৰতে শুই থকা দেৱৰেও তেওঁৰ লগত প্ৰতিযোগিতাত নামিল! তেৱোঁ উলিয়াইছে নাকেৰে শব্দ – ‘ফু..উ..চ, ফু..উ..চ..’ কৈ।
এবাৰ যদি এজনে – ‘ফেফে..ফে..চ..’
আনজনে – ‘ফু..উ..চ..’
ইজনে – ‘ফেফে.. ফে..চ..’
আনজনে – ‘ফু..উ..চ..’
দুয়োজনৰে সন্মিলিত নাকৰ সুললিত ৰাগৰ ফলত আমি কোনেও অকণো শুবলৈ নাপালো। হাঁহি হাঁহিয়েই সিহঁতক চাই চাই ৰাতিপুৱাল।
সুকলমে বিয়া পাৰ হৈ যোৱাৰ পাছত আকৌ উভতনি যাত্ৰা। সেই সময়ত মঙ্গলদৈৰপৰা বৰপেটালৈ ডাইৰেক্ট বাচ এখনেই চলিছিল। দিনৰ নিৰ্দিষ্ট সময়ত আমি আহি বাচ ধৰিলোঁ। আন আন যাত্ৰীৰ সৈতে আমিও পোন্ধৰ জন মানে আহি নিজৰ নিজৰ চিট গ্ৰহণ কৰাত বাচ চলিবলৈ ধৰিলে। সেই সময়ত মঙ্গলদৈৰপৰা বাচত আহিলে পাঁচ ঘণ্টামান সময় লাগিছিল বৰপেটা পাবলৈ।
বাচত আমাৰ লগত একেলগে অলপ বয়সস্থ, আমাৰ খুড়া শহুৰো আহিছিল বৰপেটালৈ। তেওঁৰ আকৌ পেটটো সদায়েই ঢিলা আছিল। ৰুটিনৰ বাহিৰত কিবা খালেই তেওঁৰ সহ্য নহৈছিল। মানে টয়লেট দেখিলেই সিবিধ মনত পৰা ধৰণৰ মানুহ! তাতেই আকৌ আহিছে বিয়া খায়! গাড়ী চলিবলৈ ধৰাৰ আধা ঘণ্টামানৰ পাছৰপৰাই তেওঁৰ হেনো পেটটো পকাই আহিছিল। সহ্য কৰি কৰি ৰ’ব নোৱাৰা অৱস্থা হোৱাত ভতিজাকৰ হতুৱাই দ্ৰাইভাৰক কোৱালে অলপ নিজান ঠাইত গাড়ী ৰখাবলৈ। দ্ৰাইভাৰেও হ’ব বুলি কৈ খালী ঠাইৰ লগতে পানীৰ সুবিধা থকা ঠাই বিচাৰি আগুৱাই গৈ আছিল। খুড়াৰ অৱস্থা ইতিমধ্যে লাহে লাহে বেয়াৰ ফাললৈ গৈ আছিল। আমিও অসহায় হৈ উৎকণ্ঠিত ভাবে এবাৰ খুড়াক, এবাৰ দ্ৰাইভাৰক চাই আহি আছোঁ! মাজতে একোবাৰ খুড়াৰ গাটো জিকাৰ খাই উঠে। সিফালে গাড়ী ৰখাবলৈ দ্ৰাইভাৰে সুচল ঠাইহে বিচাৰি পোৱা নাই! আহি আহি বাইহাটা চাৰিআলিও পাৰ হ’লো। গাড়ী নৰখায়! শেষত ৰ’ব নোৱাৰি খুড়াই আটাহ পাৰিলে – “ঐ দ্ৰাইভাৰ, গাড়ী ৰখাবি নে গাড়ীতেই এৰিম?” ইপিনে আমাৰ খুড়া শহুৰ! একো ক’বও নোৱাৰো! লাজো লাগিছে আন মানুহৰ আগত ! এনে সময়তে ৰাস্তাৰ কাষত কিছু জোপোহা থকা অলপ সুচল ঠাই পাই দ্ৰাইভাৰে গাড়ীখন ৰখালে। আমিও স্বস্তিৰ নিঃশ্বাস এৰিলো। অন্ততঃ খুড়াই বাহিৰত গৈ কামফেৰা কৰিব পাৰিব! পিছে আচল জমনিটো কি আছিল জানে? খুড়াৰ চিঞৰ বাখৰ শুনিও ইমান সময়ে মনে মনে আহি থকা কেইবাজনো যাত্ৰীয়ে খুড়াই নামি গৈ কামটো কৰাৰ আগতেই দৌৰি নামি গৈ জোপোহাৰ আঁৰত বহিলগৈ! খুড়াতকৈও আগতেই তেওঁলোকে কামটো কৰি, ওচৰৰ হোলাটোত ধুই পখালি চাফা হৈ আহি গাড়ীত বহি থাকিলহি! সিহঁতক দেখি আমাৰ আকৌ সিহঁতলৈ সাংঘাতিক খং উঠিছিল! বোলো কি মানুহ ঔ! ইমানেই যদি তহঁতৰ ইমাৰ্জেন্সি আছিল তেন্তে মুখেৰে এবাৰো ক’ব নোৱাৰিলিনে দ্ৰাইভাৰক
☆ ★ ☆ ★ ☆

3 Comments

  • হাঃ হাঃ ।ভাল জমনি ।?

    Reply
  • ৰাজশ্ৰী শৰ্মা

    হা হা হা। বিয়াঘৰৰ এনেকুৱা লটিঘটিবোৰ বৰ ভাল পিছত হাঁহিবলৈ।

    Reply
  • Chandana Das

    বেচেৰা খুৰাজনৰ যে কি অৱস্থা হৈছিল।নাকৰ শব্দ কিন্তু বেল্লেগ উলিয়াইছিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *