মঞ্চগাঁথা-পাৰ্থপ্ৰতিম শৰ্মা
এয়া মোৰ প্ৰথম প্ৰেমৰ কথা। মানে নাটকৰ কথা। মানুহ এৰি কিবা ভাল পাওঁ বুলিলে প্ৰথম নাটকৰ কথাই মনলৈ আহে। সেয়ে নাটকক প্ৰেম বুলিয়েই ধৰি থওঁ। মঞ্চত প্ৰায়েই কিছুমান নঘটিবলগীয়া ঘটনা ঘটে। কিছুমান ঘটনা দৰ্শকে ধৰিব পাৰে, কিছুমান ঘটনা অভিনেতাসকলে খুব নিপুণতাৰে দৰ্শকৰ চকুৰ আঁৰ কৰে।
আৰু কেতিয়াবা কিছুমান এনেকুৱা ঘটনা ঘটে যে সেয়া অভিনেতাগৰাকীৰ ফুটাকপাল বুলি কোৱাৰ বাহিৰে আন একো বাট নৰয়।
সেই বিশেষ নাটকখনত মোৰ ভাওঁ আছিল এজন পগলা ধৰণৰ মানুহৰ। সমাজৰ শোষণৰ বলি হৈ হিতাহিত জ্ঞান হেৰুৱাই সকলো দুৰ্নীতিপৰায়ণ মানুহক হত্যা কৰি ফুৰা এজন পগলা। যাৰ জীৱন বুলি একো নাই, যাৰ নিজৰ বুলি একো নাই, যাৰ আপোন বুলি কোনো নাই তেনে এক পগলা।
পিছে জীৱনৰ মায়া কোনেনো বুজি পায়! তেনে পগলাৰ সততাৰ প্ৰেমত পৰে এগৰাকী সুন্দৰী যুৱতী….. যাৰ পিতৃ আছিল মোৰ মানে পগলাজনৰ পৰৱৰ্তী চিকাৰ।
প্ৰেমে মোৰ মনটোক দুৰ্বল কৰিব খোজে, মই হাৰি যাব ধৰোঁ নিজৰ মনৰ আগত, প্ৰেমৰ আগত। কিন্তু মনটোক ডাঠ কৰি মাতি পঠিয়াওঁ সেই ছোৱালীজনীক। তেওঁৰ পিতৃৰ কুকৰ্মৰ খতিয়ান দিবলৈ। তেওঁক জনাবলৈ যে তেওঁ যাক প্ৰেমাস্পদ সাজিব খুজিছে তেওঁ এজন হত্যাকাৰী আৰু পৰৱৰ্তী চিকাৰ আন কোনো নহয় বৰং স্বয়ং যুৱতীগৰাকীৰ দেউতাক।
খুব উত্তেজনাৰ মুহূৰ্ত। মঞ্চৰ নিয়ম অনুযায়ী কেন্দ্ৰৰ পৰা প্ৰায় ৪৫ ডিগ্ৰী কোণ কৰি মঞ্চৰ সন্মুখলৈ আহি যুৱতী গৰাকী আৰু মই ইজনে সিজনক প্ৰত্যুত্তৰ দি আছোঁ।
সেই দৃশ্যৰ শেষত মই মোৰ কঁকালৰ পৰা চুৰি এখন উলিয়াই দলিয়াই দি ৬ ফুট মান দূৰৰ কাৰ্টুনৰ গছ এজোপাত হান(খোঁচ) খুৱাই দিব লাগে। এইটো মোৰ বাবে অসম্ভৱ কথা। সেয়ে আমি পৰিকল্পনা কৰিলোঁ যে চুৰিখন মৰাৰ আগে আগে গছডালত পোহৰ নেপেলাই মোৰ চেহেৰাত অকল ফ’কাছ কৰা হ’ব। আন্ধাৰৰ সুযোগ লৈ আন এজনে এখন চুৰি গছডালত গুজি যাব। গতিকে মই চুৰি দলিওৱাৰ পিছৰ গছডালত পোহৰ পৰাৰ লগে লগে দৰ্শকে চুৰিখন বিন্ধি থকা দেখিব।
যথাসময়ত মোক ফ’কাছ কৰা হ’ল।
মই বচন(ডায়লগ) মাতিলোঁ-
– “আৰে তুমি নুবুজা কিয়! মই এজন হত্যাকাৰী।”
চুৰিখন গছজোপালৈ বুলি দলিয়াই দিলোঁ।
এতিয়া গছজোপাত পোহৰ পৰিল।
কৃষ্ণ……
কোনে জানে মোৰ নিচান ইমান ভাল হ’ব!
গছজোপাত দুখন চুৰি লাগি আছে…….
☆ ★ ☆ ★ ☆
11:03 am
হা হা মজ্জা
11:41 am
ধন্যবাদ বা।
10:11 pm
হাঃ হাঃ ..আৰে ভালহে তুমি দক্ষিণৰ হিৰ’ হৈ গ’লা
5:59 am
হা হা হা বহুত ধুনীয়া।মানে ইমান জমনী ??