ভাইৰাছ- পঞ্চি প্ৰিয়া দাস
মাত্ৰ পঞ্চাশ টকা কেজি ব্ৰইলাৰৰ দাম শুনি ভোলাই তাতেই অলপ সময় ৰৈ দিলে। ঘৰখনত ল’ৰা-ছোৱালীকেইটাই মাংস অকণৰ মুখ নেদেখা প্ৰায় এমাহেই হ’ল। পেন্দুকণা ল’ৰাটোৱে ওচৰৰ দেবেন মিস্ত্ৰীৰ ঘৰত মাছ-মাংস ৰন্ধাৰ গোন্ধ পালে মাক মালতিক কমখন আমনি কৰেনে? দেবেন মিস্ত্ৰীয়ে সদায় পাঁচশ টকা হাজিৰা পাই। সিহঁতৰ কাৰণে আধাকেজি মাংস কিনাটো বহুত ডাঙৰ কথা নহয়। সি দুশ/তিনিশ হাজিৰা পাই হে, ক’ৰপৰা জোৰা মাৰিব? কিন্তু এই কিবা কৰুণা(Corona)নে কি বেমাৰ এবিধ চালানি মাছ-মাংস সৱতে বিয়পিছে বুলিও শুনিবলৈ পাইছে। এনেও সিহঁতৰনো ক’ত মাংস খোৱাৰ ভাগ্য? কিন্তু হাজিৰা কৰি পাই অহা তিনিশ টকাৰে আজি চাউল দালিকেইটা কিনিও ডেৰশ টকা তাৰ হাতত ৰৈছে। গতিকে সি এক কিলো কিনিম বুলি ধীৰে ধীৰে তিনিআলিটোৰ বেপাৰীটোৰ কাষলৈ গৈ লাহেকৈ সুধিলে -“ঐ ককাই সঁচাই পঞ্চাশ টকা নেকি অ’ কিলোত?”
বেপাৰীটোৱে ক’লে-“অ ভাই, সস্তা হৈ গৈছে, লৈ যা, অলপ বেছিকৈয়ে দি দিম। তোৰ ল’ৰা-ছোৱালী ছটা নহয় জানো? মজাকৈ খাগৈ।”
এইবাৰ ভোলাই ক’লে “কিন্তু কিবা যে এইবোৰ বেমাৰ লাগিছে বুলি শুনিছোঁ, খাই লৈ একো নহয়তো?” আমি দুখীয়া মানুহ কিবা হ’লেও ক’ৰপৰা বেমাৰ ভাল কৰিব পাৰিম নো?”
কিন্তু এইবাৰ বেপাৰীটোৱে যিটো কথা ক’লে ভোলাই কিনিবলৈ বুলি ভাবিব বাধ্য হ’ল। কাৰণ কথাটো নোহোৱাও নহয়। হাজিৰা কৰি যিকেইটা টকা পাই, তাৰ চাউল-দাইলৰ জোৰা মাৰোতেই শেষ হয়। তেতিয়া দুশ টকা কিলোৰ মাংস কিনা তাৰ মনতেই নপৰে। কেতিয়াবা বাছি থাকি যোৱা কুকুৰাৰ কলিজা, পেটু বিলাক হে সি পঞ্চাশ টকাত লৈ যায়। ঘৈণীয়েকে তাকেই পিয়াজ অকণ দি শুকানকৈ ভাজি দিয়ে। ল’ৰা-ছোৱালীকেইটাই তাকেই টনা-আজোৰা কৰি খাই শুই থাকে। কিন্তু আজি তাৰ ব্যতিক্ৰম কথা। সকলোৱে তিনি- চাৰি পিছকৈ খাইয়ো ৰাতিপুৱালৈ খাব পাৰিব। গতিকে সি যি হয় হ’ব বুলি ভাবি, বেপাৰীটোক কৈ লৈয়েই ল’লে এক কিলো ব্ৰইলাৰ। ঘৰলৈ খোজ কাঢ়ি গৈ থাকোঁতে তাৰ কাণত বাজি থাকিলে বেপাৰীটোৰ কথাখিনি।
“তোৰ মোৰ নিচিনা মানুহে এই সময়তে ভালকৈ মাংস খাব লাগিব ভাই। কাৰণ আকৌ দাম বাঢ়িবলৈ বেছি দিন নেলাগে। আৰু আমাৰনো ক’ত ইমান ঔকাদ যে দুশ টকা কিলোৰ মাংস কিনি খাম? যা লৈ যা, খাই ল গৈ আজি ভালকৈ” বেমাৰ চেমাৰ বাদ দে। আমাৰ নিচিনা দুখীয়া মানুহ একেলগে গোটেইকেইটা মৰিলেও ভালহে। এই এবেলা খাই এবেলা নোখোৱাকৈ থাকিব লগা হোৱাতকৈ একেলগে গুচি যোৱাই ভাল ঔ।”
দৰিদ্ৰতাই জুৰুলা কৰা ঘৰখনত যদি এনেকুৱা বেমাৰী মাংস খাই ভাইৰাছত গোটেইকেইটা প্ৰাণী মৰিও যায় কোনেনো সুধিব? এনেকুৱা ভাইৰাছ মাজে মাজে হৈয়েই থাকে। এনেকুৱা দিনবোৰতে সিহঁতৰ নিচিনা মানুহে এদিনলৈ হ’লেও মাংস অকণ খাবলৈ পাই।
☆ ★ ☆ ★ ☆
3:57 pm
বঢ়িয়া পাঞ্চি…. লিখি থাকিবা
9:44 pm
Very nice.. Vaal lagil