ফটাঢোল

মৎস্যস্পৰ্শ-নিংকু নিশা নেওগ

কালি মানুহজনৰ আদ্যশ্ৰাদ্ধ সম্পন্ন হৈ গৈছে৷ মানুহজনৰ হাঁহি থকা ফটোখনৰ সন্মুখত ঢিমিক-ঢিমিক কৈ মিঠাতেলৰ চাকিগছি আৰু ধূপদানিত ধূপ দুডালমান এতিয়াও জ্বলি আছে৷ সেয়া মানুহজনীয়েই ৰাতিপুৱা জ্বলাই থৈ যোৱা৷ বগা কাপোৰ এযোৰ পিন্ধি আলহী আৰু মিতিৰ-কুটুমৰ মানুহবোৰৰ আঁৰ লৈ লৈ মিনতি বৰমাই হুমুনিয়াহ কাঢ়ি ফুৰিছে৷ মাজে মাজে চকুৰ কোণত আহি থমকি ৰোৱা মানুহজনৰ স্মৃতিবোৰে মিনতি বৰমাৰ ডিঙিটোত সোপা মাৰি ধৰোঁ যেন কৰি পেলাইছে৷ বুকুখন যেন অসম্ভৱ ধৰণে উদাসীন হৈ পৰিছে৷ হোমৰ জুইত সাক্ষী কৰি যাৰ হাতত ধৰি তেওঁৰ জীৱনে সুঁতি সলাইছিল সেইজনেই যে আজি বতাহৰ লগত মিলি গৈছে৷ কিদৰে জীৱনে মৰণে একেলগে থাকিম বুলি কথা দিয়া মানুহজনৰ অনুপস্থিতি তেওঁ মানি ল’ব পাৰে! সৌ সিদিনালৈকেতো প্ৰতিটো কামতেই মিনতি মিনতি কৰি আব্দাৰ কৰি থকা মানুহজনৰ ফটোৰ হাঁহিটোৱে যেন মিনতি বৰমাৰ বুকুৰ জুইকুৰা অলপো কমাব পৰা নাই৷
 আদ্যশ্ৰাদ্ধৰ পিছদিনাই মৎস্যস্পৰ্শৰ আয়োজন কৰা হৈছে৷ পৰিয়াল পৰিজনে আজি লগে ভাগে এমুঠি অন্ন ৰাইজৰ লগতে গ্ৰহণ কৰা নিয়ম৷ মিনতি বৰমাৰ একমাত্ৰ কন্যা আৰু জোৱায়েকে মিলিয়েই আদ্যশ্ৰাদ্ধৰ পৰ‍া মৎস্যস্পৰ্শলৈ সকলো যোগাৰ কৰিছে৷ মিহিকৈ মচি থোৱা আগচোতালৰ ৰভাতলীতে সকলোৰে খোৱাৰ যা-যোগাৰ কৰা হৈছে৷ ঘৰৰ আইজং চাউলৰ ভাত, দুখন দাইল, চাপৰিৰ পৰা অনা ৰঙালাউ, জিকা দিয়া এখন মিহলি পাছলিৰ ভাজি, সৰু আলুৰ গোটা ভজা, বেঙেনাৰ গোটা ভজা, মাছৰ টেঙা আঞ্জা তৰকাৰীৰে ভোজভাতৰ আয়োজন কৰা হৈছে৷
 মৎস্যস্পৰ্শৰ দিনা মৃতকৰ পৰিয়ালে ৰাইজৰ লগতে বহি ভাত খোৱা নিয়ম৷ মিনতি বৰমাকো আইজনীয়ে জোৰকৈ আনি গাঁৱৰ মহিলাসকলৰ শাৰীটোতে নিজৰ কাষত বহুৱাই দিলে৷ মাছৰ তৰকাৰীৰ গোন্ধটো পায়ে তেওঁৰ ওকালি আহোঁ আহোঁ কৰিছে৷ মানুহজনে যে মাছৰ টেঙাকণ দিলে কাঁহীৰ ভাতকেইটা বৰ সুন্দৰকৈ চুঁচি মাজি খাইছিল৷ মানুহজনেও জানিছিল মিনতি বৰমাৰ মাছৰ প্ৰতি থকা দুৰ্বলতা৷ জীয়ৰী কালত স্কুলৰ পৰা বাহিৰে বাহিৰে গৈ জকাই বাই মাছৰ খালৈ লৈ ঘৰ সোমোৱা ছোৱালী আছিল মিনতি বৰমা৷ বিয়াৰ পিছতো বৰদেউতাই মিনতি বৰমালৈ বুলিয়ে বিধে বিধে মাছ কিনি আনিছিল৷ দেওবাৰে বাৰীৰ পিছফালে থকা পুখুৰীত নামি জাল বাই মাছ ধৰিছিল৷ বৰদেউতাই অনা মাছেৰে মিনতি বৰমাই খোলাত দিয়াৰ পৰা টেঙাজোলকণলৈকে ৰান্ধি সকলোকে যাচিছিল৷ ঘৰলৈ ডাঙৰ গোটা মাছ অনাৰ দিনা বৰদেউতাৰ ভায়েকৰ পৰিয়াল দুটাকো মিনতি বৰমাই ভাত খাবলৈ মাতিছিল৷ তেওঁৰ মতে ভগাই খালেহে সুখবোৰ বাঢ়ে৷ অকলে খোৱাতকৈ পৰিয়ালৰ সকলোৱে মিলি তৃপ্তিৰে এসাঁজ খোৱাৰ মাদকতাই বেলেগ৷
 বিলনীয়াই সকলোৰে পাতত মাছৰ জোল বিলাইছে৷ বিলনীয়া মানে গাঁৱৰে হৰেণ দেউৰীৰ শৰণ লোৱা ল’ৰাটো৷ মিনতি বৰমাৰ পাতখনৰ ওচৰ পায় বিলনীয়া ৰৈ গ’ল৷ দিবনে মাছ এডোখৰ মিনতি বৰমাৰ পাতখনত? এইজনী মানুহে হৰেণকো কিমানবাৰ মাছৰ তৰকাৰীৰে ভাত খুৱাই থৈছে তাৰ হিচাপ নাই৷ সি মিনতি বৰমাৰ উদাস মুখখনলৈ এবাৰ চাই হাতখন কোঁচাই আনে৷ ব্ৰাহ্মণ বিধৱাই মাছ খোৱাৰ নিয়ম নাই৷ সি মিনতি বৰমাৰ কাষতে বহা আইজনীৰ পাতত মাছৰ জোল ঢালিবলৈ হেতাখন দাঙিছিলহে, আইজনীয়ে চকুৰ থাৰেৰে বৰমাৰ পাততো মাছৰ জোল দিবলৈ ইংগিত কৰিলে৷ বিলনীয়াৰ হাতখন আকৌ ৰৈ গ’ল৷ ইমানখন ৰাইজৰ সন্মুখত সি কোন সতে মিনতি বৰমাৰ পাতত মাছ এডোখৰ দিয়ে৷
 কিন্তু আইজনীয়ে নামানিলে৷ আগৰ পৰাই মাক দেউতাকে কিমান তৃপ্তিৰে মাছৰ জোলকণেৰে ভাত খাই তাই জানে৷ আয়ুসৰ চাউল ভোগ কৰি দেউতাকতো গ’লেই, এতিয়া দেউতাকৰ অবৰ্তমানত মাকক তাই কিদৰে কষ্ট ভুগিবলৈ দিয়ে৷ দেউতাকৰ আত্মাই মনৰ মানুহজনীৰ কষ্ট দেখি শান্তি পাব জানো? তদুপৰি মাকৰ মনটোতো মাছ অকণ খাবলৈ অকমান হ’লেও লোভ থাকিব পাৰে৷ হয়তো আজি স্মৃতিকাতৰ হৈ থকা মানুহজনীৰ খাদ্যৰ প্ৰতি অলপো আকৰ্ষণ নাই কিন্তু ছমাহ বছৰেকৰ পিছততো তেওঁৰো মাছ অকণ বা মঙহ অকণেৰে ভাত এসাঁজ খাবলৈ মন যাব৷ তেতিয়া কি এইখন সমাজৰ পৰা লুকুৱাই আইজনীয়ে মাকক মাছ খুৱাব নেকি? তাতকৈ সকলোৰে সন্মুখত দেখুৱাই খাওক৷ এনেও অন্ধবিশ্বাসৰ তুলাচনীত জুখি জীৱিত মানুহজনীক মাৰি পেলোৱাৰ দৰে যুক্তি তাই মানি ল’ব নোৱাৰে৷ বিষয় বাসনাৰ নিয়ন্ত্ৰণৰ বাবে অতীতত যিদৰে বিধৱা নাৰীক মাছ-মঙহ, পিয়াঁজ, নহৰু খাবলৈ দিয়াৰ পৰা বাৰণ কৰা হৈছিল, সেই যুক্তিও মিনতি বৰমাৰ দৰে পঞ্চাশোৰ্ধ এগৰাকী নাৰীৰ ওচৰত বৰ হাস্যকৰ দেখুৱায়৷
 আইজনীয়ে মাকক জোৰকৈ মাছ ডোখৰ খুৱাই দিলে৷ সমাজখন জাঙুৰ খাই উঠিল৷ দুই চাৰিজনীয়ে ভুনভুনালে৷ কিন্তু আইজনীৰ সন্মুখত কোনেও একো নামাতিলে৷ মিনতি বৰমাৰ ননদজনীয়েহে সকলোৰে আগত বৌৱেকক বৰকৈ গঞ্জনা কৰিলে৷ ককায়েকৰ চিতাৰ জুই ঠাণ্ডা নপৰোঁতেই বৌৱেকে মাছ-মঙহেৰে বৰভোজ খালে বুলি গাঁৱৰ মাইকী মানুহমখাৰ আগত বকি বকি চকুপানী টুকি দেখুৱালে৷ মিনতি বৰমাৰ ডিঙিৰে আৰু মাছৰ টুকুৰা নসৰকিল৷ মাছৰ কাঁইট বেছি বুলি সুদা দাইলেৰেই কোনোমতে ভাত দুগৰাহমান খাই উঠি আহিল৷ ব্ৰাহ্মণ বিধবাৰ মাছৰ প্ৰতি লোভ দেখি ৰাইজে তৌবা তৌবা মানিলে৷ আইজনীয়ে কিন্তু কাকো একোৱেই নক’লে৷
 বছৰ বাগৰিল৷ গাঁৱৰ পিতৃভিঠা এৰি আইজনীহঁত চহৰমুখী হ’ল৷ নিজৰ আৰু স্বামীৰ চাকৰি, সন্তানৰ পঢ়া-শুনাত সিহঁত ব্যস্ত হৈ পৰিল৷ অকলশৰীয়া মিনতি বৰমাকো আইজনীয়ে নিজৰ লগলৈকে লৈ আহিল৷ গাঁৱত অকলে থকা মিনতি বৰমাৰ হঠাতে অসুখ বিসুখ হ’লেওতো চাওঁতা নাই৷ গতিকে ওজৰ আপত্তি দেখুৱালেও বৰমাই আইজনীৰ কথাই মানি ল’লে৷ নাতি- নাতিনীৰে ভৰা ঘৰখনত বৰমাৰো মনটো পাতল হৈ থকা হ’ল৷ মাজে মাজে তেওঁ নাতিয়েকহঁতৰ লগত টিভি চায় নহ’লে বৰদেউতাৰ দিনতে কিনি আনি থোৱা কিতাপবোৰ উলিয়াই পঢ়ে৷
 সিদিনা বৰদেউতাৰ ভাগৰ মাটিখিনি বেচাৰ কথা খুৰায়েকহঁতৰ লগত আলোচনা কৰিবলৈ বুলি মিনতি বৰমা আৰু আইজনী গাঁৱলৈ আহিব লগা হ’ল৷ খুৰায়েকৰ ঘৰত ভাত খাই সৱেই কথাৰ মহলা মাৰি থাকোঁতেই চম্পা পেহীৰ কথা ওলাল৷ পেহীৰ বোলে বেমাৰ৷ অদ্ভুত খঁক এটা হৈছে মানুহজনীৰ৷ ৰাতি মানুহ শোৱাৰ পিছতো উঠি ভাতৰ চৰু খেপিয়াই ফুৰে৷ নাতিয়েকহঁতলৈ যতনাই থোৱা গাখীৰ জলপান চুৰ কৰি খায়৷ পুতেকহঁতে প্ৰথমতে টাউনলৈ নি চিকিৎসা কৰাইছিলগৈ কিন্তু পেহীয়ে ডাক্তৰৰ পৰামৰ্শ দূৰতে বিদূৰ কৰি সৱ জপতিয়াই খোৱাৰ ফলত বেমাৰ কমক চাৰি বাঢ়িলহে৷
 পেহাক ঢুকোৱাৰ পিছৰ পৰাই চম্পা পেহীৰ ঘৰলৈ মানুহৰ আহ- যাহ কমি অহিছিল৷ ল’ৰাহঁতো খেতি খোলাতে ব্যস্ত থাকে৷ পেহীয়ে ঘৰৰ কুটা এগছ দুগছ নকৰে৷ বোৱাৰীহঁতক চৈধ্য পুৰুষ উদ্ধাৰি গালি দি দি কাজিয়া কৰে৷ তেওঁ গাঁৱৰ ঘৰে ঘৰে মেল মাৰি বুঢ়া তামোল পকতিয়াই ফুৰোঁতেই বেলি লহিয়াবৰ হয়৷ দিনত এসাঁজহে খোৱা মানুহজনীৰ কথাৰ ভমকত বোৱাৰীয়েকহঁতেও শান্তিৰে দিনৰ ভাত সাঁজ খাব নোৱাৰে৷ বাপেকৰ ঘৰত কেইটা ভড়ালৰ ধান খাই আহিছিলি বুলি বোৱাৰীকেইজনীক উধাই-মুধাই ভাত খাবৰ সময়তে গুৱালগালি পাৰে৷ আনহে নালাগে বিধবা মানুহজনীয়ে খাব নোৱাৰে কাৰণে ঘৰখনত মাছ পুঠিও আনিবলৈ নিদিয়ে৷ পেহীৰ মুখৰ লগত বলে নোৱাৰি কোনেও এখুন্দা লাগি নলয় কিন্তু পো-বোৱাৰীৰ মনতো মাছ-মঙহ অকমানেৰে ভাতমুঠি খোৱাৰ হাবিয়াহ মাজে মাজে নজগাও নহয়৷
সেইজনী চম্পা পেহীৰে বেমাৰ৷ কেইবাদিনো ভায়েকৰ ঘৰৰ চৰুৰ পৰা ভজা মাছ মনে মনে চুৰ কৰি নি খাইছে৷ বিছনা ল’বৰ পৰা মিনতি বৰমাৰ হাতেৰে মাছ ভাত এসাঁজ খাওঁ বুলি মাজে মাজে ভুল বকি আছে৷ যমেও কিজানি মিনতি বৰমা অহালৈকেই তাইক ৰাখি থৈছে৷ খবৰটো পায়েই মিনতি বৰমা আৰু আইজনী চম্পা পেহীৰ খবৰ এটা কৰি আহিবলৈ ওলাল৷ খবৰ কৰিবলৈ এতিয়াতো আৰু সুদা হাতে যাব নোৱাৰি৷ গতিকে মিনতি বৰমাই দেওৰেকৰ হতুৱাই বজাৰৰ পৰা ৰৌমাছ অনাই কণবিলাহী দি সুন্দৰকৈ টেঙা জোল অকণ ৰান্ধিলে৷ হটকেচ এটাত মাছৰ জোলকণ লৈ চম্পাৰ ওচৰলৈ গ’ল৷ তায়ো বৌৱেকৰ হাতৰ তৰকাৰীৰে ভাতকেইটামান গোগ্ৰাসে গিলিলে৷ ব্ৰাহ্মণ বিধবাই মাছ চুব নাপায়৷ ব্ৰাহ্মণ বিধবাই মাছ মঙহৰ গোন্ধ লোৱাও পাপ৷ এই কথাবোৰ যেন আজিকালি গাঁওখনত তল পৰিছে৷ লোকচক্ষুৰ আঁৰত জিভাৰ লোভ দমন কৰিলে কি হ’ব যদিহে মনৰ লোভ সামৰিব নোৱাৰি৷ এই সৰু কথাবোৰ নুবুজাৰ দোষতেই যে মানুহৰ মনত পাপে পোশা মেলিবলৈ আৰম্ভ কৰে৷
আইজনীয়ে পেহীয়েকৰ বেমাৰৰ খবৰ লৈ উভতি আহোঁতে মাকৰ হাতখন এনেই চুই চালে৷ হাতখনত মাছৰ আঞ্জাৰ গোন্ধটোৰ অৱশিষ্ট এতিয়াও অলপ বাকী আছে৷ ঠিকেই কিছুমান পৰম্পৰা মাছৰ গোন্ধটোৰ দৰেই বৰ অকটা৷
      ☆ ★ ☆ ★ ☆

2 Comments

  • Ronjon Baruoh

    সুন্দৰ লেখনিৰে আলোচনী উজলাই তোলাৰ বাবে ফটাঢোল ই-আলোচনীৰ হৈ আন্তৰিক কৃতজ্ঞতা জনাইছো

    Reply
  • জাহ্নৱী

    সুন্দৰ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *