নবোৱাৰীৰ তামোলৰ বটা-পল্লৱী কলিতা৷
বিয়া হৈ আহি শহুৰৰ ঘৰত পিছদিনা৷ অসংখ্য মানুহ৷ ৰাতিপুৱাই উঠি কামটোতো নহ’লেই, ইপিনে ওৰণি লৈ সেৱা ভাগি দি সকলোকে আঁঠুকাঢ়ি কাঢ়ি চাহ দি দি গৈ আছোঁ৷ কাক কাক সেৱা কৰিছোঁ নাৰ্ভাচৰ কোবত ওপৰলৈ চোৱা নাই অলপো৷ তেনেতে সৰুকে মাত এটা আহিল বোলে,
“খুৰী, মোক সেৱা কৰিব নেলাগে, মই আপোনাৰ ভতিজাহে৷”
উফ ৰাম! তেতিয়া পুৰা নাৰ্ভাচ ব্ৰেক ডাউন আৰু৷ গোপনে গোপনে হৈ গ’ল বাৰু সেই কাণ্ড৷ ওচৰ চুবুৰীয়া মানুহ আহি আছে গৈ আছে৷ চাহ তামোল দি দি ঘৰৰ সব মানুহ মোৰ সৈতে ভাগৰি গৈছে৷ এনেতে আহিল যেনিবা শাহু আইৰ স্কুলৰ অধ্যাপক/ অধ্যাপিকা সকল৷ মই আৰু নমস্কাৰ দি বেছি কথা নকৈ ভিতৰলৈ গুচি আহিলোঁ৷ চাহ মিঠাই বাহিৰলৈ লৈ গলোঁ, মোৰ ননন্দেও বেচেৰি দৌৰা-দৌৰি বন কৰা মানুহগৰাকীৰ লগত লাগি দিছে৷ কাৰণ বৌৱেকে চাহ বনাব নেজানেই৷ ইতিমধ্যে আলহীৰ চাহ খোৱা হৈ গ’ল৷ এতিয়া তামোল-পাণ দিবগৈ লাগে৷ মই তৎক্ষণাত ননন্দলৈ নৰৈ বটাটোত সকলো লৈ বাহিৰ পালোঁগৈ৷ তামোলৰ বটাটো এজন এজনকৈ ওচৰলে নিওঁতে বৰ অদ্ভুত ধৰণে বটাটোলৈ চাই মোক মিচিকিয়া হাঁহি মাৰি তামোলখন লয়৷ বাৰু! তেওঁলোকক বিদায় দি মই ভিতৰলৈ আহিলোঁ৷ ননন্দে চিঞৰি উঠিল বোলে,
“নবৌ! তুমি তামোল-পাণ কিহত দিলাগৈ?”
মই লাহেকৈ ক’লোঁ, “বটাত৷”
তাই আকৌ সুধিলে, “কোনটো বটাত?”
মই বোলো, “এইটোত! ”
তাই মূৰে কপালে হাত দি আকৌ সুধিলে, “আলহীয়ে কিবা ক’লে নেকি?”
মই বোলো, “একো কোৱা নাই! কিয় কি হ’ল?”
তাই হাঁহি হাঁহি মোক চাই ক’লে, “ অঁ মোৰ আজলী নবৌজনী! তুমি যিটো বটা বুলি লৈ গৈছিলা সেইটো আচলতে বটাৰ পিছফালখনহে, মই আগ কণ লৰালৰিকৈ ধুই আহি দেখোঁ পুৰণা কটা তামোল-পাণসোপাতো নায়েই, লগতে বটাৰ পিছ টুকুৰাও নাই!”
☆ ★ ☆ ★ ☆
2:02 pm
তা পা ভিতৰলৈ কেনেকৈ দৌৰ দিলে বাৰু ????
9:09 pm
তা পা বটা বোলা বস্তুটোৰ পৰা ভিৰাই লৰ মৰা হলোঁ