সৰলতাৰ চানেকি- চিন্ময় শইকীয়া
পি চি অ’ বোৰেই সকলো আৰু তেতিয়া। মোবাইলতো বহু দূৰৰে কথা, পি চি অ’লৈ গৈ ৰৈ থাকিব লগা হৈছিল এষাৰ কথা পাতিবলৈ!
সেই সময়ত মোৰো আছিল পি চি অ’। কণফাৰেঞ্চ লিংক কৰি দিবৰ বাবে আন এটা লেণ্ড ফোনো ৰাখিছিলোঁ। সেই নম্বৰটোতে ফোন আহিছিল বিভিন্নজনৰ।
ফোন কৰিব ককায়েকে, বাপেকে, লগৰ কোনোৱে, কোনোবা আপোনজনে ৰৈ থাকেহি সেইসকলৰ লগত কথা পাতিবলৈ আৰু ফোনেকলটো পোৱাৰ পাছত, মাতষাৰ শুনাৰ পাছত, সেই প্ৰতিজনৰ মুখত দেখিছিলোঁ সুখ, মন মুকলিৰ এমোকোৰা হাঁহি!
আমাৰ গাঁৱৰে এজনৰ কথা৷ তেওঁ মোৰ ৰেগুলাৰ ‘কাষ্টমাৰ৷ মানে দিনে অন্ততঃ এবাৰকৈ হ’লেও তেওঁৰ ফোন কৰিবলগীয়া থাকেই৷ কেতিয়াবা যদি লগৰ কাৰোবালৈ, কেতিয়াবা দূৰত চাকৰি কৰা ককায়েকলৈ আৰু বেছি সময়তে পত্ৰ-বান্ধৱীগৰাকীলৈ| আচলতে বেলেগবোৰ একোটা বাহানাহে, মূল লক্ষ্য-উপলক্ষ্য সেই পত্ৰ-বান্ধৱীৰ লগত কথা পতাহে৷ এনেকৈয়ে চলি আছে৷ ল’ৰাজন স্বভাৱে-চৰিত্ৰই ভাল যদিও মাজে-মাজে পানী টোপা ধৰে আৰু৷
ল’ৰাজনৰ ককায়েকজন বৰ খঙাল প্ৰকৃতিৰ আছিল৷ মনটো খুব ভাল যদিও হুতা যেন লগা কথাবোৰৰ বাবেই মানুহবোৰ তেওঁৰ পৰা প্ৰায় আঁতৰিয়ে ফুৰিছিল৷ এবাৰ বন্ধত ঘৰলৈ আহি ভায়েকৰ কৰ্ম-কাণ্ডৰ বিষয়ে গম পাই ভালকৈ এশিক্ষা দিলে৷ লগতে সি যাতে ককায়েকৰ বাদে আনৰ লগত ফোনত কথা নাপাতে সেই লৈয়ো সাৱধান কৰি দিলে৷
এদিনৰ কথা৷ ককায়েকে ফোন কৰাত মাতিছিলোঁ, ‘ৰমেন দা, দাদাই ফোন কৰিছে, কথা পাতে বোলে আপোনাৰ লগত!’
‘অ গৈছোঁ গৈছোঁ পাঁচ মিনিট পিছত কৰিবলৈ কোৱাচোন।’
পাঁচ মিনিট পাছত ককায়েকৰ ফোন আহিল। মই দেখিলোঁ ফোনটো যিমানে ৰিং কৰিছে ৰমেন দাৰ কঁপনি সিমানে বাঢ়িছে। মোক কাপোৰ এখন খুজিলে ফোনটোত দি লবলৈ!
মই বোলো আপুনি দাদাৰ লগত কথা পাতিব আৰু এইবোৰ আকৌ, কি কথা, এনেকৈ কাপোৰ দি আমাৰ ইয়াৰ পৰা কোনেও ফোন নকৰে নহয় ৰমেন দা!
কথা পাতি শেষ হ’লত ৰমেন দাই মোক কোৱা সেই বাণী মই আজিকোপতি পাহৰিব পৰা নাই।
‘আজি মানে দিনতে মাল অকণ খালোঁ। দাদাই গোন্ধ পালে নেকি বাৰু!’
মই বোলো, “অঁ পালে পালে”।
ৰমেন দাৰ উত্তৰ আছিল “ধেৎ চাল্লা, বৰ ডাঙৰ কথা হ’ল নহয়, সেইকাৰণে মই কাপোৰখন দি লওঁ ভাবিছিলোঁ! আপুনিহে…”
ভয়ত ত্ৰস্তমান হৈ তেওঁ সেইদিনা ঢলং-পলংকৈ ঘৰলৈ গৈ থকা ছবিখন মোৰ মনত এতিয়াও আছে৷ সিদিনা কিবা এটা কথাত ঘটনাটোৰ বিষয়ে ওলাইছিল| সকলোৰে হাঁহিত ল’ৰাজন লাজতে ৰঙা পৰি গৈছিল৷
ল’ৰাজনে মদ এৰাও এতিয়া বহুদিন হ’ল!
☆ ★ ☆ ★ ☆
7:28 am
হা হা হা
8:23 am
হিঃহিঃ
10:09 pm
হাঃ হাঃ
11:19 pm
হাঃ হাঃ৷